Friday, June 25, 2021

অলপ নাকান্দিলে গোটেই ৰাতি বিচনাত চতফতাই থাকিব লাগে। Life Partner ৰ পৰা কেতিয়া কেনেকৈ তেওঁ একপক্ষীয় heart partner হৈ পৰিল একো ধৰিবই নোৱাৰিলে

          বুদ্ধ জন্মৰ ঠিক দুটা বছৰৰ পিছতেই তেওঁৰ জন্ম।কিন্তু চিনাকি হোৱালৈ যেন এটা যুগ পাৰ হৈছিল।আৰ্যসকল ভ্ৰমণকাৰী জাতি ৰ পৰা স্থায়ী বসতি কৰা লোক হোৱালৈ লগা সময় খিনি মানেই লাগিছিল সিহঁতক চিনাকিৰ  পৰা life partner হৈ সম্পৰ্কটো  অতি বেছি নিকপকপিয়া কৰি পেলাবলৈ। আৰু তেতিয়াৰ পৰাই দিন ৰাতি বুলিবলৈ একো পাৰ্থক্য নথকাকৈ মাত্ৰ হাঁহি ধেমালি অভিমান গান কবিতা আৰু দুষ্টামী ধেমালিৰে ৰাতিকো দিন কৰি তুলিলে। দুয়োৰে সময়বোৰ বিলিফাং আকাশ খনৰ দৰেই ৰঙীন হৈ পৰিল। 



              এতিয়া চকুপানী তাৰ নিচুকনি। কেলিফৰ্নীয়াৰ পৰা ডেনিছলৈ বেছি  দূৰ নহয়। মাজত মাত্ৰ এটা ট্ৰেফিক জাম। দিনটোত সি এই দুখন বিলাতী সুৰাৰ দোকানলৈ নগলে জীয়াই থাকিবলৈ কষ্ট পায়। ৰাতি আন্ধাৰত এটা ৰঙীন বটলৰ লগত ধোঁৱাত নিজক উৰুৱাই নিদিলে ৰাতি টোপনি নহা হ'ল। অলপ নাকান্দিলে গোটেই ৰাতি বিচনাত চতফতাই থাকিব লাগে। Life Partner ৰ পৰা কেতিয়া কেনেকৈ তেওঁ একপক্ষীয়  heart partner হৈ পৰিল একো ধৰিবই নোৱাৰিলে। এতিয়া আৰু আগৰদৰে একো নাই। মাত্ৰ heart partner ক কলিজাট খামুচি এপিয়লা দুখৰ মদিৰাৰ ৰাগিত তেওঁৰ নামতেই দিনটো শেষ কৰি টোপনিক আকোৱালি পুনৰ দিনটো তেওঁৰ নামৰ এটি সত্বাতেই উদযাপন কৰিবলৈ ল'লে। 

          মাজে মাজে এতিয়া এটা দীঘল হুুুমুনিয়াহ কাঢ়ে আৰু বেলকনীত ৰৈ চকুুুৰ পতা চেচা কৰা এচাতি বতাহত ধোঁৱা উৰুৱাই কৈ পেলায়  -- যোৱা তুমি যোৱাগৈ .. তোমালোক হৈ যোৱাগৈ। ময়ো যাওঁ..জীৱনটোক নতুনকৈ আকৌ গঢ়ি তুলিম বৌদ্ধৰ দেশত গৈ ত্ৰিশৰণত বিলিন হৈ....

No comments: