লিংগৰ ধাৰণা, লিংগ বৈষম্য আৰু নাৰী
নাৰীৰ অন্য এটি ৰূপেই হৈছে মমতাময়ী। নাৰীৰ অন্য এতি ৰূপেই হৈছে সন্তানৰ হৃদয়ত ঝংকাৰ সৃষ্টি কৰা এটি পবিত্ৰ সম্পৰ্ক মা। গতিকে এই নাৰীৰ বিষয়ে ক'বলৈ যোৱাৰ আগতেই লিংগৰ ওপৰত আমাৰ ধাৰণা কি এই সম্পৰ্কত কিছু আলোচনা কৰিব লাগিব। এতিয়া প্ৰশ্ন হ'ল, লিংগ কি? ই হৈছে পৰম্পৰাগত ভাৱে প্ৰাকৃতিক। কিন্তু বাস্তৱ ক্ষেত্ৰত ই হৈছে এক অপ্ৰাকৃতিক সৃষ্টি। যি কেৱল শ্ৰম বিভাজনৰ বাবেহে সমাজৰ এক মনস্তাত্বিক ধাৰণা মাত্ৰ।
অসমীয়াত লিংগ শব্দটো ইংৰাজীত চেক্স আৰু জেণ্ডাৰ। গতিকে দুয়োটা শব্দৰ মাজত থকা পাৰ্থক্যক একাকাৰ নকৰিব। কিয়নো ইংৰাজীত চেক্স আৰু জেণ্ডাৰৰ মাজত থকা পাৰ্থক্যক সহজে বুজাবৰ বাবেই কোনো কোনোৱে অসমীয়াত জৈবিক লিংগ আৰু কৃত্ৰিম লিংগ এই শব্দ দুটা ব্যৱহাৰ কৰিছে। অসমীয়াত চেক্স অৰ্থাৎ জৈবিক যি সদায়ে প্ৰাকৃতিক লিংগ আৰু জেণ্ডাৰ অৰ্থাৎ কৃত্ৰিম যি সদায় অপ্ৰাকৃতিক বা পিতৃতান্ত্ৰিক সমাজ ব্যৱস্থাৰ দ্বাৰা সৃষ্টি হোৱা লিংগক বুজায়। ইফালে লিংগৰ সম্পৰ্কত Kamla Bhasin এ কৈছে," Gender refers to the sociocultural definition on of man and woman, the way societies distinguish man and woman assign them social roles.
আছলতে নাৰীৰ প্ৰতি যি বৈষম্য সৃষ্টি ই এক পুৰণি ইতিহাস। এই সম্পৰ্কত ফ্ৰেইডৰিক এংগেলছে তেওঁৰ বিখ্যাত গ্ৰন্থ " The origin of the family private property and the state" ত কৈছে, " পৰিয়াল আৰু ব্যক্তিগত সম্পত্তিৰ ধাৰণাই হৈছে লিংগ পৃথকীকৰণৰ মূল কাৰণ"। তেওঁ এনেদৰে এই বাবেই কৈছে, কিয়নো আদিম যুগত এনে লিংগ বৈষম্য বৰ্তমানৰ দৰে উদ্ধৰ্ত নাছিল। মানুহে যেতিয়াই পৰিয়াল পাতি সমাজ ব্যৱস্থাৰে নিগাজিকৈ থাকিবলৈ ল'লে তেতিয়াৰ পৰাই ব্যক্তিগত সম্পত্তিৰ প্ৰতি মোহ উপজিল আৰু মহিলা সকলক কামৰ বিভাজনেৰে আভ্যন্তৰীণ কাম-কাজত যেনে ভাত ৰন্ধা, কাপোৰ ধোৱা, বাচন ধোৱা, ছাহ ৰুটি বনোৱা, ঘৰ-দুৱাৰ চফা কৰা, সন্তান জন্ম দি প্ৰতিপাল কৰা ইত্যাদি বিভিন্ন ভিতৰৰ কামত নিয়োগ কৰি দিলে। যাৰ বাবে এই ব্যৱস্থাই মহিলা সকলক ইমানেই ভিতৰলৈ সোমোৱাই দিলে যে, নাৰী নিজৰ ঘৰখনৰ আগফালৰ চোতাললৈ ওলোৱাটোও এক সামাজিক অপৰাধ হৈ পৰিল। আনকি অলপ ডাঙৰকৈ হাঁহিলেও সেই নাৰীৰ স্বভাৱ বেয়া, মুখলৈকে ঢ়াকি উৰণি নললে সেই নাৰীৰ চৰিত্ৰ বেয়া বুলি নাৰীক পুৰুষ তান্ত্ৰিক সমাজে স্বীকৃতি দিব পৰা হ'ল। এটা কথা ঠিক, যে কিছুমান সামাজিক সাজে সমাজ খনক সুস্থ কৰি ৰাখে। কিন্তু কেৱল নাৰীয়ে কিয়? নাৰীৰ মুখ মণ্ডল দেখিলেই যদি পুৰুষৰ উত্তেজনা সৃষ্টি হয় তাৰ বাবে জানো দোষ সেই নাৰী গৰাকীৰ। যাৰ বাবে তেওঁ পুৰুষৰ ভয়ত গৰম কি ঠাণ্ডা, বাহিৰ কি ভিতৰ সকলোতে মুখ মণ্ডল দীঘল কাপোৰেৰে ঢ়াকি ৰাখিব লাগে। নে পুৰুষ সকল চিফিলিছৰ ৰোগী? পুৰুষ সকলেনো কিয় নিজক নিয়ন্ত্ৰণ কৰিব নোৱাৰে? ইফালে আৰু কিছুমান মানুহ আছে যি সকলে ধৰ্মক দোহাইদি নাৰীক কেৱল চকু দুটাৰ বাহিৰে সম্পূৰ্ণ দেহ অপ্ৰয়োজনীয় ভাবে ক'লা কাপোৰেৰে ঢ়াকি ৰখাই। এয়া নাৰীক কৰা চূড়ান্ত অপমান। নাৰীৰ সাধাৰণ অংগ এটা দেখিলেও যদি পুৰুষ সকল কুকুৰ গৰু মেকুৰীৰ দৰে থাকিব নোৱাৰা হয়, তেতিয়া সেই পুৰুষ সকলেহে নিজৰ চকু দুটা কাপোৰেৰে বান্ধি থওক। যদি আপুনি চিফিলিছৰ ৰোগী হয় চিকিৎসা কৰক। যদি সুফল নাপায় পৃথিৱীৰ পৰা সোনকালেই নাইকীয়া হোৱাৰ কিবা পথ বাছি উলিয়াই লওক। অন্তত: আপোনাৰ নিচিনা পুৰুষৰ বাবে এই নাৰী সকলক কিছুমান সামাজিক নিয়মক দোহাই দি হাৰাশাস্তি নকৰিব। যদি খাদ্য ইয়াৰ বাবে জগৰীয়া হয়, তেতিয়া খাদ্য সংস্কাৰ কৰক।
লিংগ বৈষম্যক উদগনি যোগোৱা আৰু কিছুমান কাৰণ আছে। উদাহৰণ স্বৰূপে নিৰক্ষৰতা, স্বাধীন হৈও নিজেই পৰাধীন হৈ থাকিব খোজা ইত্যাদি। কিন্তু এই আটাইবোৰ বিষয়ক সামৰি বিশেষকৈ লিংগ পৃথকীকৰণৰ মূল কাৰণ কেইটাৰ ভিতৰত প্ৰথম হ'ল- পৰিয়াল। কিয়নো শিশুটি জন্ম হওঁতেই পৰিয়ালৰ ফালৰ পৰা এই লিংগ পৃথকীকৰণ প্ৰক্ৰিয়াটোৱে গজালি মেলে। তদুপৰি পৰিয়াল পাতি বসবাস কৰাৰ পিছতো, আনকি অৰ্ধাংগিনী(পতিৰ আধা) হোৱাৰ পিছতো পৰিয়ালৰ যিকোনো সিদ্ধান্ত লোৱাতো পিছৰে কথা নাৰী গৰাকীয়ে নিজে নিজৰ কোনো কামৰ সিদ্ধান্ত ল'ব পৰা ক্ষমতা কনো হেৰুৱাই পেলাই। ইফালে ভ্ৰূণ হত্যা আছেই। যদি শিশুটো ছোৱালী বুলি গম পায় তেতিয়া গৰ্ভতে তাক নষ্ট কৰি পেলাই। যদি নজনাকৈ জন্মও হয় তেতিয়া সেই শিশুটি পৰিয়ালৰ পৰা , মৰম আদৰৰ পৰা, শিক্ষা আদি সকলো অধিকাৰৰ পৰা অৱহেলিত তথা বঞ্চিত হয়। বৰ্তমানো মাজে মাজে বাল্য বিবাহ দেখা যায়। অৱশ্যে এতিয়া এটা নতুন জাগৰণৰ সৃষ্টি হৈছে। শিক্ষিত নহয়, এমুঠিতকৈ অলপ বেচি জ্ঞানী পৰিয়ালে বা সংসাৰ এখনে ল'ৰা আৰু ছোৱালীৰ মাজত কোনো পাৰ্থক্য ৰাখিব নিবিচাৰে। তেওঁলোকক যদি দুটা সন্তান লাগে তাৰে এটা কিন্তু ছোৱালী হোৱাটো বুকুৰ পৰা কমনা কৰে। এই সকলৰে আকৌ এচামে কিন্তু বৰ্তমান কিছুমান ল'ৰাই সমাজত কৰা অসভ্যালী বোৰৰ বাবেহে ছোৱালীক ভাল পায় আৰু এটা ছোৱালী সন্তান কামনা কৰে। সেইখিনি মানুহে কিন্তু আপোনা আপুনি ছোৱালী সন্তানৰ প্ৰতি নিজা মন বিবেকেৰে আকৃষ্ট হোৱা নাই। পৰিয়ালৰ উপৰিও আন তিনিটা কাৰণ হৈছে সমাজ, ৰাজনীতি আৰু অৰ্থনীতি। মুঠৰ ওপৰত এইটো স্পষ্ট যে, পৰিয়াল, সমাজ, ৰাজনীতি, অৰ্থনীতি যিয়ে নহওক কিয় এই ব্যৱস্থাবোৰৰ মূল মানুহ পুৰুষ সকলে তেওঁলোক নিজেই বুলি ভাবে। গতিকে এক কথাত কবলৈ গ'লে পিতৃতান্ত্ৰিক সমাজ ব্যৱস্থাই হৈছে নাৰী জাতিৰ প্ৰধান শত্ৰু। ছিলভিয়া ওৱালবি নামৰ বিখ্যাত চিন্তাবিদ গৰাকীয়ে তেওঁৰ বিখ্যাত গ্ৰন্থ Theorizing patriarcy ত উল্লেখ কৰিছে , "পিতৃ তন্ত্ৰ হৈছে সামাজিক গাঁথনিৰ এক পদ্ধতি, য'ত পুৰুষে নাৰীক দমন, উতপীড়ন আৰু শোষণ কৰে"।
নাৰীবাদ সম্পৰ্কে যদি ছোৱা হয়, ই কিন্তু ইমান নতুন বিষয় নহয়। কেইবাটাও শতিকাৰ আগৰ পৰায়ে নাৰী মুক্তি বা নাৰী স্বাধীনতাৰ বাবে কেৱল নাৰীয়ে নহয় কেইবাগৰাকী নাৰীবাদী পুৰুষেও বিখ্যাত বিখ্যাত গ্ৰন্থ ৰচনা কৰি এক প্ৰকাৰৰ বৌদ্ধিক আন্দোলন কৰি গৈছে। যাতে নাৰীয়ে পূৰ্ণ স্বাধীনতাৰে পুৰুষৰ দৰেই মুক্ত আকাশৰ তলত স্ব-বিবেকেৰে নিজৰ শক্তিৰে আগবাঢ়ি যাব পাৰে। এমুঠি মাত্ৰ নাৰী স্বাধীন হোৱা মানেই সমগ্ৰ নাৰী জাতিৰ মুক্তিক যে বুজায় এনে নহয়। দুৰ্ভাগ্যজনক এয়ে যে, এতিয়াও বহু সংখ্যক নাৰীয়ে নিজেই পৰাধীন হৈ থাকিব বিচাৰে। নাৰী জাতিয়ে তেতিয়াহে মুক্তি লাভ কৰিব, যেতিয়া পুৰুষৰ দমন আৰু শোষণ মূলক মগজুত উঠা বহা কৰা সেই পৰাধীন নাৰী সকলেও এটা স্বাধীন মগজুৰে চলাফুৰা কৰিব পৰা হ'ব। কিন্তু ইয়াত সেই স্বাধীনতা ৰ কথা কোৱা হোৱা নাই, যি স্বাধীনতা ৰ গইলা লৈ ৯৯ শতাংশ পুৰুষে পুৰুষত্ববাদৰ সংজ্ঞাক বিকৃত কৰি নাৰীক দমন আৰু শোষণ কৰি আছে। মই নিবিচাৰো পুৰুষৰ দৰে নাৰীও এই অসভ্যালী স্বাধীনতাৰ গৰাকী হওঁক। কিন্তু পুৰুষৰ এই শোষণমূলক মানসিকতা যাক পুৰুষে সেয়া পুৰুষৰ স্বাধীনতা বুলি কয় তাক দমন কৰিব পৰাকৈ বা পুৰুষৰ দৰে নাৰীও যে স্বাধীন ইয়াক প্ৰতিষ্ঠা কৰিব পৰাকৈ কিন্তু নাৰী শক্তিশালী হ'বই লাগিব। শোষণকাৰী পুৰুষ সকলেও এটা কথা বুজা উচিত যে, নাৰী আছে বাবেহে আমি নিজকে পুৰুষ বুলি ক'ব পাৰিছো।
নাৰীয়ে প্ৰতিবাদ কৰিব পাৰিব লাগিব। নিজৰ লগতে পুৰুষৰো কামাতুৰ, কাঁৱৰা দুবাহুৰ নিমৰমিয়াল বন্ধনৰ পৰা ওলাই আহিব পাৰিব লাগিব। পত্নীয়ে যেনেকৈ পতিক ভগৱান জ্ঞান কৰে বা সমাজে পত্নীৰ ওচৰত পতিক দেৱতা বা ঈশ্বৰ হিচাবে প্ৰতিষ্ঠা কৰিলে তেনেকৈ পত্নীক পতিৰ ওচৰত কিয় দেবী হিচাপে প্ৰতিষ্ঠা নকৰিলে। পত্নীৰ কাৰনে যদি পতি দেৱতা হ'ব পাৰে পতিৰ কাৰনে পত্নী কিয় অৰ্ধাংগিনী হোৱাৰ পিছতো দেবী হ'ব নোৱাৰে?
নাৰীয়ে নিজেই নাৰীক মুক্ত কৰিবলৈ প্ৰতিজ্ঞা বদ্ধ হ'ব লাগিব। নহলে এই পুৰুষে নাৰীক কেতিয়াও মুক্ত বুলি ঘোষণা নকৰে। গতিকে নিজে নাৰী হৈ নাৰীৰ দেহ প্ৰদৰ্শণ কৰি ছবি অকা বা নাৰীয়ে নিজা লেখা মেলাত পুৰুষৰ ওচৰত নাৰীক কামুকী হিচাপে বা পুৰুষৰ কামুক দৃষ্টিৰে আকৰ্ষণ কৰোৱা সহজ লভ্য সাহিত্য সৃষ্টি কৰা ত্যাগ কৰিব লাগিব। পুৰুষক অনুকৰণ নকৰাকৈ নিজা প্ৰতিভাৰে বা নিজা সৃষ্টিৰে নাৰীয়ে নিজকে প্ৰতিষ্ঠা কৰিব পাৰিব লাগিব। পুৰুষৰ চকুত লগাকৈ পুৰুষৰ ভোগ্য সামগ্ৰী হিচাপে নিজক তৈয়াৰ কৰাৰ কিছু সংখ্যক নাৰীৰ যি ব্যস্ততা সেয়া ত্যাগ কৰিব পাৰিব লাগিব। অৱশ্যে সৌন্দৰ্যতাত সকলো ক্ষেত্ৰতে পুৰুষক আকৰ্ষণ কৰোৱাৰ উদ্দেশ্য নাথাকিবও পাৰে। এটা কথা আপোনালোকে লক্ষ্য কৰিছেনে নাই নাজানো। আজিও কিন্তু পুৰুষ বা নাৰী চিত্ৰকৰে নাৰীৰ দেহ অকাৰ দৰে কোনো পুৰুষ চিত্ৰকৰে পুৰুষক অকা নাই। অতিজলেও যদি লক্ষ্য কৰা যায় এইটো স্পষ্ট যে, পুৰণি মঠ-মন্দিৰ, ৰাজ আট্টালিকাৰ দেৱাল বোৰত শিল কাটি নাৰীৰ ৰূপত এনেকুৱা কৈ কিছুমান পজত ছবি বা মূৰ্তি বনাই থৈছে সেয়া দেখিলে এনেকুৱা লাগে যেন দেৱালৰ ভিতৰৰ ফালে নাৰীৰ উত্তেজিত অংগ প্ৰদৰ্শণৰ মেলাহে বহিছিল। পুৰুষ আৰু প্ৰকৃতি দুয়ো দুয়োৰে পৰিপূৰক। হোলী গীতটো কোৱা হৈছে এনেদৰে-
প্ৰকৃতি পুৰুষ
দুয়োৰে নিয়ন্তা মাধব হে
হে কৃষ্ণ তযু পাৱে
পশিলো শৰণ।।
গতিকে নাৰীৰ প্ৰতি পুৰুষ আৰু পুৰুষৰ প্ৰতি নাৰী এনেও দুৰ্বল। সেয়ে কোনো নাৰীয়ে চিফিলিছত ভোগা পুৰুষ সকলৰ লগতে বাকী সকল পুৰুষকো পুৰুষৰ প্ৰতি থকা দুৰ্বলতাক ইমান সহজকৈ দেখুৱাৰ কোনো প্ৰয়োজন নাই। আনহাতে যি সকল পুৰুষ চিত্ৰ শিল্পীয়ে কেৱল নাৰীৰ খলা বমা দেহ আকি ভাল পায় তেওঁলোকেও সেই সহজ লভ্য মানসিকতা অচিৰেই ত্যাগ কৰা উচিত। সেই গৰাকী নাৰীক আকক যি গৰাকী নাৰীয়ে দহ গৰাকী নাৰীৰ বাবে, দেশৰ বাবে ভাষা সংস্কৃতিৰ বাবে কিবা এটা কৰি গৈছে।
বৰ্তমান আইনগত ভাৱে সকলোৰে বাবেই শিক্ষা হোৱাৰ বাবে ছোৱালী সকলেও ল'ৰাৰ দৰে শিক্ষাৰ অধিকাৰ লাভ কৰিছে। তথাপিও এতিয়াও কিছুমান ঠাইত ছোৱালীয়ে পঢ়িনো কি দাল ফালিব এই মানসিকতাৰে নিজৰ মগজু পুটি থোৱা অভিভাৱক নথকা নহয়। এতিয়াও ছোৱালী সন্তান জন্ম হোৱাৰ বাবেই শিশু মাতৃ দুয়োকে অত্যাচাৰ কৰি হত্যা কৰা অসুৰ নথকা নহয়। তাৰ প্ৰমাণ টি ভি টোৰ সন্মুখত বহিলেই, বাতৰি কাকত খন পঢ়িলেই পোৱা যায়। স্বামী বিবেকা নন্দই কৈছে," কোনো দেশত বা জাতিয়ে যদি নাৰীক সন্মান প্ৰদৰ্শণ নকৰে, তেন্তে তেনে দেশ বা জাতি কেতিয়াও মহান নহয় আৰু ভবিষ্যতেও হ'ব নোৱাৰে। আনহাতে সংস্কৃতত শ্লোক আছে এনেদৰে-
যাময়ো যাতি গোহানি শপ্যন্ত প্ৰতিপূজিতা:।
তাতি কৃতাহতানিব বিনশ্যন্তি সমন্তত:।।
অৰ্থাৎ- যি ঘৰত নাৰীক সন্মান কৰা নহয়, যি ঘৰত নাৰীয়ে চকুপানী টুকি থাকিব লগা হয়, সেই ঘৰক নাৰীয়ে অভিশাপ দিয়ে। ভবিষ্যতেও সেই ঘৰে উন্নতি সাধন কৰিব নোৱাৰে আৰু অৱশেষত সেই ঘৰ আৰু বংশৰ বিনাশ সাধন হয়।
নাৰীক যে কাপোৰ বা বৰজাপিৰ আঁৰতহে থোৱা হৈছিল কেৱল সেয়াই জানো? কেনেকুৱা কিছুমান যে কোনো অন্ধকূপৰ মকৰাৰ জালত উলমি থকা সংস্কাৰৰ কথা দোহাই দি নাৰীক পিতৃতান্ত্ৰিক সমাজখনে শোষণ কৰি আহিছিল সেয়া আজিৰ যি সকল নাৰীয়ে জানিও নুবুজাৰ দৰে হৈ পুৰুষৰ পিঠিৰ ফালে থাকি সকলো ক্ষেত্ৰতে পুৰুষৰ কমৰত ধৰি উঠা বহা কৰি ফুৰিছে, সেইসকল নাৰীৰ বাবেই নাৰীজাতিয়ে কোনোদিন পুৰুষৰ দমন আৰু শোষণৰ পৰা মুক্তি লাভ কৰিব নোৱাৰিব। পুৰুষক বাদ দি নাৰীৰ নিজাকৈ কি একো নাই নেকি? সকলো নাৰীয়ে আত্মমৰ্যদাৰ বাবে যুঁজ দিবলৈ কেতিয়া শিকিব? অৱশ্যে নাৰীৰ হকে মাত মাতি অহা নাৰীৰ মুক্তিৰ বাবে কাম কৰি অহা এমুঠিমান পুৰুষো নথকা নহয়। উদাহৰণ স্বৰূপে লেখাটোত ইতিমধ্যেই কেইবাগৰাকী পুৰুষৰ নাম উল্লেখ কৰা হৈছেই। এই সকলৰ উপৰিও আছিল ৰাজা ৰাম মনোহৰ লোহিয়া, ঈশ্বৰ চন্দ্ৰ বিদ্যা সাগৰৰ পৰা আৰম্ভ কৰি জ্যোতি প্ৰসাদ আগৰৱলা(" জ্যোতি প্ৰসাদ আগৰৱলা আৰু নাৰীবাদ" এই সম্পৰ্কে অন্য এটা লেখাত আলোচনা কৰা হ'ব), ইয়াৰ উপৰিও কেইবাগৰাকীও ৰাজ শাসিত ৰজাও আছিল আৰু বৰ্তমানো এনে পুৰুষৰ উদাহৰণ নথকা নহয়। তছলিমা নাছৰিন এগৰাকী নাৰীবাদী লেখিকা। দু: সাহসী, স্পষ্টবাদী তথা প্ৰতিবাদী নাছৰিনে পুৰুষ শাসিত সমাজত নাৰীৰ দুৰ্ভোগ দুৰ্দশা আৰু অৱমূল্যায়নৰ কথা কৈ সমগ্ৰ নাৰীক উত্তৰণৰ ইংগিত দিছে। নাৰীক ইন্ধন।যোগাইছে নাছৰিনে। আনহাতে নাৰীক সমালোচনাও কৰিছে। তাকো গঠনমূলক। যাতে নাৰীয়ে নিজৰ ভূল বোৰ দেখি শুনি জানি বুজি নিজক শুধৰাব পাৰে।
আজিৰ শোষিত নাৰীয়ে পুৰুষৰ কান ঘোলা হোৱাকৈ ' পুৰুষত্ববাদ' প্ৰকৃততে কি এই কথা চিঞঁৰি চিঞঁৰি সুধিব পাৰিব লাগিব। পুৰুষত্ববাদৰ সংজ্ঞাক বিকৃত কৰা পুৰুষক চিধা কৰিব পৰাকৈ নাৰীয়ে দূৰ্গাৰ ৰূপো ধাৰণ কৰিব লাগিব। বৈদিক যুগত নাৰী আছিল মুক্ত। কিন্তু মনোস্মৃতিয়েহে নাৰীক সজাত বন্দী কৰি পেলালে। অৱশ্যে মনুৱে উল্লেখ কৰিছে যে, মনুস্মৃতিত তেওঁ সেই সময়ৰ সমাজ ব্যৱস্থাটোকহে অধ্যয়ণ কৰি নিজা কৌশলেৰে তুলি ধৰিছে। এইটো সত্য, তেওঁ মনোস্মৃতি খন মানি চলিবই লাগিব বুলিও ক'তো উল্লেখ কৰা নাই। কিন্তু স্বীকাৰ কৰিবই লাগিব যে সেই সময়ৰ পৰা বৰ্তমানলৈকে এই গ্ৰন্থ খনে ভাৰতীয় সমাজত নাৰী জাতিটোক সজাত বন্দী কৰাই পেলালে।
দেখা যায় হিন্দু ধৰ্মৰ পূজ্য দেৱতা ভগৱান শ্ৰী ৰাম চন্দ্ৰয়ো নাৰীক সন্মান কৰিব জনা নাছিল। যাৰ বাবে কিছুমান নিকৃষ্ট মানসিকতাৰ প্ৰজাৰ ওচৰত নিজকে শ্ৰেষ্ঠ শুদ্ধ সত্য ৰজা হিচাবে প্ৰতিষ্ঠা কৰিবলৈ গৈ বছৰ বছৰ ধৰি সহবাস কৰি অহাৰ পিছতো, সেই দুটি সন্তানৰ পিতৃ তেওঁ নিজেই বুলি জানিও, পৰ স্ত্ৰীৰ ওপৰত চকু দিলে ৰৱনৰ কি অৱস্থা হ'ব সেই কথা জনাৰ পিছতো নিজৰ পত্নী সীতা দেৱীক বাৰে বাৰে ভয়ংকৰ অগ্নী পৰীক্ষা লৈছিল। আনকি সেই পৰীক্ষাত পাছ কৰাৰ পিছতো দেৱী সীতাক তেওঁ গ্ৰহণ নকৰাৰ বাবেই কথিতই হওক বা লৌকিক ভৌতিক যিয়ে নহওক দেৱী সীতাই আজিৰ ভাষাত আত্মহত্যা কৰিবলৈ বাধ্য হৈছিল। গতিকে ছাবলৈ গ'লে নাৰী তেতিয়াও ঠিক সুৰক্ষিত নাছিল।
দৰিদ্ৰতাৰ বাবেই হওক বা ভোগ বিলাসৰ বাবেই হওক একাংশ নাৰীয়ে কৰি অহা বেশ্যা বিত্তি এৰিব লাগিব। অৱশ্যে ই কোনো নতুন যুগৰ নতুন বিষয় নহয়। এয়াও সেই ৩৩ কোটি দেৱতাৰ দিনৰেই। কিয়নো স্বৰ্গৰ দেৱতা হিচাবে খ্যাত হোৱাৰ পিছতো বহু দেৱতাৰে ভোগ্য নাৰী দেহ আছিল দেবী হৈও মেনকা। যিয়ে নহওক বেশ্যা বিত্তিৰে দৰিদ্ৰতা বা অন্য কিবা কাৰণতেই হওঁক সস্তীয়া টকা উপাৰ্জনেৰে ভোগ বিলাস কৰাতকৈ বা দৰিদ্ৰতাৰ পৰা মুক্তি বিচৰাতকৈ সেই নাৰীয়ে টকা উপাৰ্জনৰ অন্য পথ বিচাৰি লওঁক।
বহু সময়ত দেখা যায় নাৰীৰ অধিকাৰক লৈ যথেষ্ট আলোচনা হোৱাৰ লগতে ই বিভিন্ন বিতৰ্কৰ মাজতো সোমাই পৰিছে। এই বিষয়ক লৈ বিতৰ্ক সৃষ্টি কৰা পুৰুষৰ সংখ্যাও কম নহয়। তেওঁলোকে কয় চৰকাৰী ভাৱে, সাংবিধানিক ভাৱে নাৰীকেই সকলো দিয়া হৈছে। গতিকে নাৰীক আৰু কি স্বাধীনতা লাগে? হয়, ঠিকেই। শেহতীয়াকৈ নাৰীৰ অধিকাৰৰ কথালৈ যদি ছোৱা যায় সাংবিধানিক ভাৱে নাৰীক যথেষ্ট স্বাধীনতা প্ৰদান কৰিছে। ইখনৰ পিছত সিখন চুক্তি কৰিছে, আইন বনাইছে। অৰ্থাৎ নাৰীক সম্পূৰ্ণ অধিকাৰ অৰ্পণ কৰিছে। কিন্তু এই ৰক্ষনশীল সমাজ খন এক? পিতৃতান্ত্ৰিক সমাজ খন একা? মনু স্মৃতিৰ যুক্তিৰে মগজু পুটি থোৱা সকল একা? এই সকলৰ পৰা জানো এগৰাকী নাৰীয়ে সাংবিধানিক সকলো স্বাধীনতা সকলো অধিকাৰ ভোগ কৰিব পাৰিছে? সকলো ধৰণৰ সামাজিক অধিকাৰ জানো তেওঁলোকে পাইছে?
অতি গুৰুত্বপূৰ্ণ কথা এয়ে যে, এখন দেশৰ উন্নতি সাধনত নাৰীৰ ভূমিকা কিমান সেয়া বিচাৰ কৰি ছাব লাগিব। কিয়নো বিশ্বৰ সৰ্বমুঠ জনসংখ্যাৰ প্ৰায় আধা সংখ্যকেই নাৰী। গতিকে এই আধা সংখ্যক জনসংখ্যাৰ উন্নতি সাধনৰ অবিহনে সম্পূৰ্ণ অৰ্থত মানৱ উন্নয়ন কেতিয়াও সম্ভৱ নহয়। গতিকে এখন ৰাষ্ট্ৰৰ উন্নয়ন সাধন হ'বলৈ প্ৰথমেই লিংগ উন্নয়ন কৰিবই লাগিব। কিন্তু, লিংগ উন্নয়ন মানে বা কি? এই সম্পৰ্কে বিভিন্ন জনৰ মতে- লিংগ উন্নয়ন বুলিলে লিংগৰ সমতা আৰু নাৰীৰ মৰ্যদা বৃদ্ধিৰ জড়িয়তে নাৰীৰ সৰ্বতোপ্ৰকাৰৰ উন্নয়ন সাধন কৰাক বুজায়।
শেষত ইয়াকে ক'ম যে, লিংগ অসমতা দূৰিকৰণ কৰি, সাংবিধানিক ভাৱে, সামাজিক ভাৱে, পৰিয়াল গত ভাৱে, ৰক্ষনশীল তথা পিতৃতান্ত্ৰিক সমাজ খনৰ ঠেক মানসিকতা সলনি কৰি মুক্ত ভাৱে, সম্পূৰ্ণ স্বাধীনতাৰে, পুৰুষৰ লগত সমভাৱে বা পুৰুষতকৈও এখোজ আগবাঢ়ি যাব পৰাকৈ নাৰীক সকলোৱেই সৰ্বস্ব অধিকাৰ প্ৰদান কৰক।
ফোন:- ৮৪৭১৯০৬৭৫৫
গহপুৰ।।
No comments:
Post a Comment