সমকামিতা বনাম
বিকৃত মানসিকতা (??) কিছু আলোচনা ।
📝 মনোজ মহন্ত
📝 মনোজ মহন্ত
"তিনি সাত সাতৰ ফিলিঙ্গসটোৰ বাহিৰেনো জীৱনটোত আৰু পালো কি? মোক বুজিব পৰাকৈ পাগলৰ দৰে না এটা বন্ধু পালো না এজন জীৱন সংগী পালো। জীৱনটোক বুজি পোৱা দিনৰে পৰা মনৰ ভিতৰত গুজৰি গুমৰি থকা কথা বোৰ ক'ব পৰাকৈ আজিলৈকে এটা বন্ধুৱে নাপালো। বেহুদগী লাইফ। জীৱন মুৰ্দাবাদ।"
এইটো এটা Whatsapp status. মই প্ৰথমে তাৰ status টো দেখি অবাক হৈছিলো। লগে লগে তাক এটা ফোন কৰি সুধিছিলো, status ত দিয়া কথাবোৰ সচা? সি প্ৰথমে থত-মত খাইছিল আৰু বিষয়টোৰ পৰা আতৰিবলৈ শ্ৰেষ্টা কৰিছিল। (কিয়নো তাক আঘাত দিয়া দুজনমান বন্ধুকহে এই status টো দি সি মনৰ দুখ প্ৰকাশ কৰিছিল। কিন্তু কেনেবাকৈ মোক hide কৰিবলৈ পাহৰি গৈছিল বা থাকি গৈছিল। যাৰ বাবে তাৰ এই বিশেষ status টো মোৰ চকুত পৰিছিল।) মই তাক পুনৰ জোৰ কৰি সুধাত সি লাজ, ভয়, সংকুচ আৰু ৰক্ষনশীল সমাজ খনৰ প্ৰতি থকা ভয় মিশ্ৰিত সুৰত কৈছিল "সচা"। মই তাক কি বুলি ক'ম ভাবি পোৱা নাছিলো যদিও কৈছিলো, ইয়াক এটা সমস্যা বুলি ভাবি অহৰহ এইবোৰৰ মাজত নিজকে বন্দী কৰি নাৰাখিবি। তই Gay । তাতে কি হ'ল? এইটো একো ডাঙৰ কথা নহয়। কিন্তু তই যে Gay এই কথাটোকে আনৰ পৰা লুকোৱাই নিজৰ মাজতে কুচি-মুচি সোমোৱাই ৰাখি নিজকে মানসিক হাৰাশাস্তি দিয়াটোহে পিছলৈ ডাঙৰ সমস্যা হৈ পৰিব। মই তাক বিশ্বাস দি কৈছিলো, তই তোৰ মতে এজন আপোন বন্ধু বিছাৰি নোপোৱালৈকে মোক যদি বিশ্বাস কৰ তই তোৰ যিকোনো কথা মোৰ আগত পাতিব পাৰিবি। মই তোক কেতিয়াও মানা নকৰো। তেতিয়া সি মোক সুধিছিল, তই Gay লাইক কৰনে? মই তাক কৈছিলো, তই কিয় মোক এনেকৈ সুধিছ নাজানো। কিন্তু LGBT ক মই সন্মান কৰোঁ আৰু তাৰ ভিতৰত Gay ও পৰে। তাৰ পিছত কান্দিছিল সি, হেপুচি হেপুচি কান্দিছিল। সেই সময়ত মই তাক একো ক'ব পৰা নাছিলো। মাত্ৰ অনুভৱ কৰিছিলো তাৰ বুকুৰ পৰা কলিজা কপি ওলায় অহা কান্দোনত মিশ্ৰিত আবেগবোৰ। তাৰ পিছতো সি মোৰ লগত বহুত সময় কথা পাতিছিল। আপোন মানুহৰ পৰা প্ৰতাৰিত হোৱাৰ কথাও সি মোক কৈছিল।
এতিয়া
কথা হ'ল, সমকামিতা সচাকেই এক
ৰোগ নেকি?
নে হেমকোষত উল্লেখ কৰাৰ ধৰণে সমলিংগৰ ব্যক্তিৰ মাজত ঘটা বিকৃত মানসিকতা? নে ই এক সামাজিক অপৰাধ? যদি ই এক ৰোগেই হয়, তেনেহলে ইয়াৰ ঔষধ কি? যদি ই বিকৃত মানসিকতাই হয়, তেনেহলে এই মানসিকতাৰ
বাবে পিতৃ-মাতৃও সমানে জগৰীয়া নহয় কিয়? ই টো জন্মগত বৈশিষ্ট। যদি ই
এক সামাজিক অপৰাধেই হয়, তেনেহলে সমাজবোৰ আজিও অধিক ৰক্ষনশীলেই হৈ আছে নেকি?
বহুতেই
কয়, ভাৰতীয়
ইতিহাসত LGBT
ৰ কোনো কাহিনী নাই। কিন্তু কিয়?
ৰামায়ন,
মহাভাৰততেই দোখোন LGBT
ৰ চৰিত্ৰ স্পষ্ট হৈ আছে। ভাগৱতত উল্লেখ থকা ৰজা দিলীপৰ মৃত্যুৰ পিছত দুয়োগৰাকী
ৰাণীৰ মৈথুনত(Lesbian sex) জন্মহোৱা ভগীৰথৰ চৰিত্ৰটো জানো সমকামিতাৰ ফল নহয়? ৰাম বনবাসলৈ গৈ বাৰ বছৰ অন্তত
আকৌ বনবাসৰ পৰা ঘূৰি আহি প্ৰভুৱে আজ্ঞা দিয়ালৈ অপেক্ষা কৰি থকা সেই মানুহ খিনিয়ে
জানো নিজকে তেওঁলোক পুৰুষো নহয় মহিলাও নহয় বুলি চিনাকি দিয়া নাছিল? কুৰুক্ষেত্ৰ যুদ্ধৰ সেই
শিখণ্ডী চৰিত্ৰটো জানো LGBT
ত নপৰে?
তাৰপিছতো ভাৰতীয় ৰক্ষনশীল সমাজ ব্যৱস্থাই কয়,
ভাৰাতীয় ইতিহাসতেই LGBT/ সমকামিতাৰ কোনো কাহিনী নাই।
ইংৰাজী
Homosexuality
শব্দৰ অসমীয়া ৰূপ সমকামিতা। বাংলাত সমকামিতা শব্দটোৰ গঠন সংস্কৃত সঞ্জাত। সাধাৰণতে
সমকামিতা বুলিলে একে লিংগৰ ব্যক্তিৰ প্ৰতি প্ৰেম, আবেগ বা যৌন প্ৰবনতাক বুজায়। Gay বুলি কলে পুৰুষে পুৰুষৰ লগত
আৰু Lesbian বুলি
কলে মহিলাই মহিলাৰ লগত মাংসিক অভিলাস পুৰণ কৰা বুজায়। Gay সকলৰো ভাগ আছে। সকলো Gay ব্যক্তিয়ে সকলো যৌন সুখ ভাল
নাপাই। যেনে, এজন Top Gay এ
অন্য এজন Top Gay
ৰ লগত শাৰীৰিক সম্পৰ্ক কৰাৰ বিপৰীতে এজন Top এ Bottom Gay ৰ লগতহে শাৰীৰিক সম্পৰ্ক কৰে।
ঠিক তেনেদৰে কিছুমানে Top & Bottom দুয়োটা ভাল পাই।
দেখা
গৈছে যে, বিভিন্ন
দেশৰ লগতে ভাৰত বৰ্ষতো সমকামীৰ সংখ্যা দিনক দিনে বাঢ়ি আহিছে। সেই হিচাবে অসমো
কোনো পিছপৰি থকা নাই। Face Book টো অন কৰিলেই অসমীয়া উপাধিৰে যথেষ্ট ফেক Gay Face Book Account
চকুত পৰে। কিয়নো Face
Book ত কিছুমান
ভুৱা Account
খুলি Gay
সকলে ৰক্ষনশীল সমাজ খনৰ পৰা নিজক লুকোৱাই ৰাখি
সমকামিতাৰ জগত খনত নিজৰ মানসিক তৃপ্তি পূৰণ কৰিব বিছাৰিছে বা জীৱন সংগী
বিছৰাত ব্যস্ত হৈ পৰিছে। কিন্তু অতি গুৰুত্বপূৰ্ণ আৰু বিশেষ ভাল খবৰ এয়ে যে, পৃথিবীৰ
ভালে সংখ্যক দেশ (প্ৰায় ১৫ খনৰো অধিক) যেনে আমেৰিকা, ফিনলেণ্ড,
ব্ৰাজিল, চুইদেন, ইংলেণ্ড, বেলজিয়াম, মেক্সিকো, কানাডা আদিত সমকামিতাক বা সমকামী
বিবাহক কেৱল আইনী প্ৰক্ৰিয়াৰেই নহয় সেই দেশবোৰৰ সমাজ ব্যৱস্থায়ো স্বীকৃতি দিছে। শেহতীয়াকৈ
ভাৰতীয় সমকামী সকলৰ বাবেও ভাল খবৰ এয়ে যে ভাৰতীয় আইনেও সমকামিতাক স্বীকৃতি দিলে।
কিন্তু ভাৰতীয় সমাজ ব্যৱস্থাইহে ইয়াক বাস্তবত কিমান সহজভাবে লয় লক্ষনীয় হ’ব। স্বীকাৰ কৰিব লাগিব যে শেহতীয়াকৈ বিভিন্ন সাহিত্যৰ লগতে বলিউদৰ ছবিটো
সমকামিতাক ঠাই দি বা সমকামিতাক প্ৰতিষ্ঠা কৰি মানুহৰ মাজলৈ এটা সুন্দৰ বাতাবৰণ
আগবঢ়াবলৈ শ্ৰেষ্টা কৰিছে। ইয়াৰ উপৰিও উত্তৰ পূৱ- ভাৰতৰ LGBT
সকলক উত্তৰ পূৱ ভাৰতৰ গুৱাহাটীত প্ৰতিস্থিত প্ৰথমটো সংস্থা “সুকীয়া” ই বিভিন্ন
সময়ত সহায়ৰ হাত আগবঢ়াই আহিছে।
বৰ্তমান
উন্নত সমাজ ব্যৱস্থাবোৰে বুজি উঠিছে যে সমকামিতা কোনো ৰোগ নহয়। বিভিন্ন সময়ত
বিশ্বৰ খ্যাতনামা মনোবিজ্ঞানী আৰু কিছু সংখ্যক শৰীৰবিদে সমকামিতাক প্ৰাকৃতিক আৰু জীৱ বৈচিত্ৰৰ বুনিয়াদীৰ
উত্স বুলি ঘোষণা কৰিছে। অৰ্থাত এয়া কোনো মানসিক বিকাৰগ্ৰস্ত ৰোগো
নহয় বা সামাজিক ব্যাধিও নহয়। সমকামী হোৱাৰ মূল কাৰণ বিছাৰি বিজ্ঞানী সকলে বিভিন্ন
পৰীক্ষা কৰি থকাৰ মাজতেই বহুতেই কব খুজে শিশুৰ সৰু কালৰ পৰিবেশেও এনে মানসিকতাৰ
গঢ় দিয়াত বিশেষ ভুমিকা লয়। কিন্তু এই কথাষাৰ সকলোৰে ক্ষেত্ৰত ইমান গ্ৰহণ যোগ্য
নহয় যেন লাগে। কিন্তু বিজ্ঞানী সকলে এই সম্পৰ্কত কয় যে, ই জিনগত আৰু হৰমনৰ এক জটিল
আন্ত:ক্ৰিয়াৰ ফল। সমকামী লেচবিয়ান সকলে পিতৃৰ পৰা বংশগতি
লাভ কৰে আৰু গে পুৰুষ সকলে মাতৃৰ পৰা বংশগতি লাভ কৰে (sukhdukh.com)। প্ৰসিদ্ধ বিজ্ঞানী ৱিলিয়াম ৰাইচৰ মতে-
মাতৃৰ গৰ্ভত সন্তান থকা সময়ত ডি এন এত পৰিবৰ্তন নঘটাকৈ টেষ্ট’ষ্টেৰন
হৰমোনৰ প্ৰভাৱত সন্তানৰ যৌনস্বভাৱ নিৰুপণ হয়। পিতৃৰ টেষ্ট’ষ্টেৰন
লেভেল কম হ’লে নাইবা মাতৃৰ টেষ্ট’ষ্টেৰন
লেভেল অধিক হ’লে গৰ্ভস্থ সন্তান সমকামী হৈ জন্ম হয়।
সমকামী
সকল অন্য ব্যক্তিতকৈ অত্যাধিক মানসিক কষ্ট ভোগ কৰিব লগা হয়। সমাজ ব্যৱস্থা অধিক
ৰক্ষনশীল হোৱাৰ বাবেই এজন Gay/Lesbian বা LGBT এ
আত্মসন্মানৰ স্বাৰ্থত, আত্মীয় স্বজন তথা সমাজৰ পৰা লাঞ্চিত হোৱাৰ ভয়ত নিজৰ বহু
কথাই বুকুৰ মাজতে ঢাকি-ঢুকি পুতি ৰাখিব লগা হয়। যাৰ ফলত সমকামী সকল মানসিক ভাবে
অতি দুৰ্বল হৈ পৰে। বয়স বাঢি অহাৰ লগে লগে বিয়া পাতিবলৈ দিয়া ঘৰৰ হেচাত প্ৰতিবাদ
জনাই খুলি ক’ব নোৱাৰে যে মই Gay বা
Lesbian. যাৰ ফলত সংসাৰ কৰি কোনোজন কোনো মুহূৰ্ততে গোটেই জীৱনৰ
কাৰণে সুখী হ’ব নোৱাৰে। তদুপৰি সাধাৰণ ভাবে এজন ল’ৰা বা
ছোৱালী আপোন জনৰ পৰা প্ৰতাৰিত হ’লে যিকোনো মানুহৰ আগত তেওঁৰ বুকুৰ দুখ প্ৰকাশ কৰি অলপ
হলেও সান্তনা ল’ব পাৰে। কিন্তু এজন সমকামীয়ে তেওঁৰ আপোন জনৰ পৰা
প্ৰতাৰিত হ’লে ৰক্ষনশীল সমাজ ব্যৱস্থাটোৰ বাবে কাৰো আগত তেওঁৰ দুখ
প্ৰকাশ কৰিব নোৱাৰে। যাৰ ফলত স্বাস্থ্যৰ লগতে মানসিক ভাবেও জহি খহি ধ্বংস হৈ যাব
লগা হয়। কিয়নো এজন ল’ৰা বা ছোৱালী সমকামী বুলি তেওঁৰ বাহিৰে বেলেগে জনাৰ পিছত
তেওঁৰ ওচৰৰ পৰা আত্মীয়ৰ লগতে বন্ধু- বান্ধবী সকলো আতৰি থাকিব। কথাই প্ৰতি তেওঁলোকে
Gay বা Lesbian বা হিজৰা বুলি ইতিকিং কৰিবলৈ কোনো কুণ্ঠাবোধ নকৰিব।
পৰিয়ালৰ লোকে ভাই ভনী ককাই বাই সকলোৱে ঘিণ কৰিবলৈ আৰম্ভ কৰিব। ক্ৰমান্বয়ে অৱহেলা
কৰিবলৈ লব বা অন্য কাৰোবাৰ বাবে পুতৌৰ পাত্ৰ হৈ পৰিব এই বোৰৰ ভয়তেই এজন সমকামীয়ে
অত্যাধিক মানসিক কষ্ট ভুগিব লগা হয়।
কিন্তু দুৰ্ভাগ্যজনক এয়ে যে, সৰহ সংখ্যক সমকামীয়ে
বহুগামী। তেওঁলোকে এজন বা দুজনৰ লগতে মৰম ভালপোৱা বা শাৰীৰিক সম্পৰ্কতে সীমাবদ্ধ
নাথাকি অতি কম সময়ৰ মূৰে মূৰে অত্যাধিক লোকৰ লগত শাৰীৰিক সম্পৰ্কত লিপ্ত হয়। যাৰ
ফলত অতি মাৰাত্মক ৰোগবোৰ এজনৰ পৰা আন এজনৰ দেহলৈ খুব সহজেই বিয়পি পৰে। সেয়ে
বিশ্বস্বাস্থ্য সংস্থাই ঘোষণা কৰিবলৈ বাধ্য হৈ পৰিছে Gay বা
সমকামী সকলৰ বহুগামীতাৰ বাবেই HIV ৰ সংখ্যা দিনক দিনে বাঢ়িব ধৰিছে। গতিকে যি সকল
সমকামীয়ে সমকামী মানেই নিৰ্বিচাৰে ইজনৰ পিছত সিজনৰ লগত শাৰীৰিক সম্পৰ্ক কৰাৰ যি
নিকৃষ্ট ক্ষুধা পুহি ৰাখিছে, সেয়া ত্যাগ কৰি সমকামী সকলেও এখন সুস্থ সমাজ ব্যৱস্থা
গঢ় দিয়াত দায়িত্ব লোৱা উচিত। মন কৰিব লগা এয়ে যে সমকামী সমাজ খনত যিকোনো সময়তে
যিকোনো এজন সমকামীৰ লগত আন এজন সমকামীয়ে ইজনৰ অনিশ্চা স্বত্বেও অনবৰতে শাৰীৰিক
সম্পৰ্কৰ লগত জড়িত কথা বা শাৰীৰিক সম্পৰ্ক কৰিবলৈ জোৰ কৰা বা হেচা দিব পাৰে,
যিহেতু সমকামী। যিটো কাম সাধাৰণ ভাবে এজন লৰাই এজনী ছোৱালীক কৰাটো আইনী অপৰাধ বা
সামাজিক সংস্কাৰ। গতিকে সমকামী সকলৰ বাবেও এনে এখন সুকীয়া আইন তৈয়াৰ কৰাটো
গুৰুত্বপূৰ্ণ। তাকে নকৰিলে বহুগামীতা বা যি সকলে সমকামী মানেই নিকৃষ্ট ভাবে কেৱল
শাৰীৰিক সম্পৰ্কৰ কথা বুজে তেওঁলোকৰ বাবেই এদিন সমগ্ৰ সমকামী জগত খন আইনৰ লগতে
সমাজৰ ওচৰতো অসভ্য বা নিষিদ্ধ জগত হিচাবে পৰিচয় লাভ কৰিব।
সমকামিতা প্ৰাকৃতিক। ইয়াত ক’ব লগা একো নাই।
গতিকে আমি সকলোৱে সমকামী সকলক এনেকুৱা এটা পৰিবেশ দিব লাগে যাতে, তেওঁ লোকে ফেচ
বুকৰ ফেক আইডি পৰিহাৰ কৰি মুক্ত মনে ওলায় আহিব পাৰে। লগতে সমকামী হোৱাৰ বাবেই যাতে
অত্যাধিক মানসিক কষ্ট ভোগ কৰিব লগা নহয় বা ধৰ্মীয় দৃষ্টি ভংগীৰে বাইবেলত কোৱাৰ দৰে
সমকামীতা এক পাপ বুলি নাভাবি সমাজত যাতে সম ভাবে সম অধিকাৰে কোনো আত্মসন্মান হানী
নোহোৱাকৈ সকলোৰে লগত হাতত হাত থৈ আগবাঢ়ি যাব পৰাকৈ, মুক্ত মনে জীৱন উদযাপন কৰিব
পৰাকৈ এটা পৰিবেশ সৃষ্টি কৰি দিয়াটো আমাৰ সকলোৰে কেৱল দায়িত্বই নহয়, ই আমাৰ
কৰ্তব্যও।
ফোন/মেইল আইডি :- mm8471906755@gmail.com
No comments:
Post a Comment