RBI অৰ্থাৎ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া সকলোৱে এটা পৰিচিত সংস্থা। গুৰুত্বপূৰ্ণ এয়ে যে বেংক সমূহ যেনেকৈ RBI ৰ under ত থাকে ঠিক তেনেকৈ গ্ৰাহকৰ লেন-দেন সঠিক নিৰূপণ কৰিবলৈও RBI ৰ কৰ্তৃত্বপ্ৰাত ৪টা CREDIT INFORMATION COMPANY আছে।
১/ এক্সপেৰিয়ান
২/ ট্ৰেন্সইউনিয়ন(CIBIL)
৩/ ইকুইফেক্স , আৰু
৪/ চি আৰ আই এফ হাইমাৰ্ক ।
বেংক নাইবা অনান্য ফাইনেঞ্চিয়েল প্ৰতিষ্ঠান বোৰ সূচাৰুৰূপে পৰিচালিত কৰিবলৈকে এই CREDIT INFORMATION COMPANY ৰ ব্যৱস্থা কৰিছে। অৰ্থাৎ সেইফালৰ পৰা ইটোৰ সিটো পৰিপূৰক। নহ'লে বেংকে কাক টকা ধাৰলৈ বা লোনলৈ দিব সেয়া কোনো নিৰ্দিষ্টতা নাছিল। CREDIT INFORMATION COMPANY ৰ চাৰিটা সংস্থাৰ কাম হৈছে কোনো এজন ব্যক্তিৰ লেন দেন নিৰূপণ কৰা। অৰ্থাৎ ব্যক্তি জনৰ CIBIL SCORE কিমান, CREDIT HISTORY কেনেকুৱা, ব্যক্তি জন কাৰোবাৰ কোনো লোনৰ গেৰেন্তাৰ হৈ আছে নেকি এই তথ্য বোৰ তাৎক্ষণিক ভাৱে ভাগ-বতৰা কৰে।
গুৰুত্বপূৰ্ণ এয়ে যে, RBI য়ে নতুনকৈ ঘোষণা কৰিছে এজন ব্যক্তিৰ CIBIL SCORE আৰু CREDIT HISTORY ১৫ দিনৰ অন্তৰে অন্তৰে UPDATE হ'ব। বৰ্তমানলৈকে এজন ব্যক্তিৰ CIBIL SCORE আৰু CREDIT HISTORY অফিচিয়েল নিয়ম অনুসৰি ৯০ দিনৰ অন্তত Update হয়। বেংক নাইবা অনান্য ফাইনেঞ্চিয়েল প্ৰতিষ্ঠানৰ এটা টকা ও যাতে কোনো অপৰাধী (EMI ৯০ দিনৰ পিছটো বকেয়া কৰি ৰখা ব্যক্তি) ৰ হাতত নপৰে, লেন-দেনত সুস্থ এজন ব্যক্তিৰ হাতত যেন টকা লোন বা ধাৰলৈ দিব পাৰে তাৰে ব্যৱস্থা কৰি CREDIT INFORMATION COMPANY য়ে প্ৰতি ৯০ দিনৰ অন্তত CREDIT HISTORY ত নতুনত্ব আনে। কিন্তু ৯০ দিনৰ সলনি RBI ই ঘোষণা কৰিছে ১৫ দিন। অৰ্থাৎ ১৫ দিনৰ ভিতৰতে মানে প্ৰত্যেক মাহৰ ১৫ তাৰিখ আৰু মাহৰ শেষ তাৰিখত যেতিয়া CREDIT HISTORY UPDATE হ'ব তেতিয়া কোনো ব্যক্তিয়ে লেনদেনক ফাকি দিব নোৱাৰিব। RBI ই এটো কথাও বিশেষ ভাৱে ঘোষণা কৰিছে যে, যদি কোনো প্ৰতিস্থানে এই CREDIT INFORMATION COMPANY ক উপেক্ষা কৰি যদি নিজৰ ব্যৱসায় আগবঢ়ায় নিয়ে তেতিয়া সেই প্ৰতিষ্ঠানৰ ওপৰত RBI য়ে কঠোৰভাৱে ব্যৱস্থা ল'ব।
গুৰুত্বপূৰ্ণ এয়ে যে এই নতুন নিয়ম কাৰ্যকৰী হ'ব ১ জানুৱাৰী ২০২৫ চনৰ পৰা। কিন্তু এই নিয়মে বহু ব্যক্তিক বিপদত পেলাব। যিয়ে দিব লগা বকেয়া সময় অনুযায়ী পৰিশোধ নকৰে বা কৰিব নাজানে ।
No comments:
Post a Comment