Monday, October 14, 2019

Karl Marx // বিগ বয় কাৰ্ল মাৰ্ক্স // চৰ্ত লাইফ স্কেটচ্ // 📝 মনোজ মহন্ত


              সৰ্বহাৰাৰ ত্ৰাতা বিগ বয় কাৰ্ল মাৰ্ক্স
             মানুহ জন ইমানেই দৰিদ্ৰ হৈ পৰিছিল যে, সন্তানৰ শেষকৃত্য কৰিবলৈ এটা কফিন কিনাৰ জোখাৰেও হাতত ধন নাছিল। গতিকে এজন মানুহে 'পৃথিৱীত' নিজৰ নামটো ৰাখি থৈ যাবলৈ কিমান টকাৰ প্ৰয়োজন? এয়া জানিবলৈ বিশ্ব বিখ্যাত ব্যক্তি সকলৰ জীৱনী সমূহত চকু ফুৰালেই গম পোৱা যায়। এইটো সত্য যে, বিশ্বপ্ৰতিষ্ঠিত ব্যক্তি সকলৰ সৰহ সংখ্যকেই হয় দৰিদ্ৰ নহয় শাৰীৰিক ভাৱে অক্ষম। এই ব্যক্তি সকলৰ ভিতৰত তেনে এজন মানুহেই হ'ল সৰ্বহাৰাৰ প্ৰভু স্বৰূপ বিশ্বখ্যাত বৈজ্ঞানিক সমাজবাদৰ জন্মদাতা বিগ বয় কাৰ্ল মাৰ্ক্স।
            ১৮১৮ চনৰ মে মাহৰ ৫ তাৰিখ। প্ৰুছিয়াৰ অন্তৰ্গত ৰাইন প্ৰদেশৰ এখন ঠাই ত্ৰিয়েৰ। য'ত কাৰ্ল মাৰ্ক্সৰ জন্ম হৈছিল । পিতৃ আছিল এজন পেচাত আইনজিবী আৰু  উদাৰবাদী চিন্তাৰ লোক হেনৰিখ মাৰ্ক্স। কাৰ্লে আইনৰ ছাত্ৰ হিচাপে ১৮৩৬ চনত বন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল। পিচত বাৰ্লিন বিশ্ববিদ্যালয়তো অধ্যয়ন কৰিবলৈ যায়। কিন্তু আইন বিষয়ক বাদ দি ইতিহাস আৰু দৰ্শন বিষয়তহে অধ্যয়ন কৰে। শেষত ১৮৪১ চনত জেনা বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট উপাধি লাভ কৰে।
           সৰ্ব কালৰ সৰ্ব শ্ৰেষ্ঠ মানুহজনৰ বিশ্ববিদ্যালয়ত চাকৰি কৰাটো জীৱনৰ এটা লক্ষ্য আছিল। সেয়ে তেওঁ বিশ্ববিদ্যালয়ত চাকৰিও বিচাৰিছিল। কিন্তু দুৰ্ভাগ্য যে, যাৰ দেহত শোষনৰ বিৰুদ্ধে যুদ্ধৰ তেজ আছে তেওঁক চাকৰি দিয়ে কোনে? যুদ্ধক সমৰ্থন কৰাৰ বাবেই তেওঁ বিশ্ববিদ্যালয়ৰ চাকৰিৰ পৰা বঞ্চিত হ'ব লগা হয়। তথাপিও তেওঁ চাকৰি আৰু নিজৰ ভোগ বিলাশৰ জীৱনক আওকান কৰি যুদ্ধৰ পৰা কেতিয়াও বিচলিত হোৱা নাছিল। সৰ্বহাৰাৰ পৰিত্ৰানৰ বাবে যুদ্ধকে তেওঁ বুকুত গুজি লৈ গোটেই জীৱন দৰিদ্ৰতাৰে পাৰ কৰিছিল। তাৰ বাবে তেওঁ মাজে সময়ে ভাগি পৰিছিল যদিও কৃষ্ণৰ দৰে সকলো সময়তে ফেড্ৰিক এংগেলছে তেওঁক বন্ধুত্বৰ হাত আগবঢ়াইছিল। বিপ্লৱৰ তেজে পিৰ-পিৰাই থকা মাৰ্ক্সে পৰিয়াল পোহ-পালৰ বাবে শেষত সাংবাদিকতাকে বৃত্তি হিচাপে গ্ৰহণ কৰিছিল। তেওঁ Rhenish Times নামৰ কাকত খনত প্ৰবন্ধ লিখিছিল। শেষত কাকত খনৰ প্ৰধান সম্পাদকো হৈছিল যদিও নিজৰ জীৱনটোত সত্যক প্ৰতিষ্ঠা কৰা মাৰ্ক্সৰ কাকত খনৰ মালিকৰ লগত মনোমালিন্য হোৱাৰ বাবে সেই কাকতৰ লগত সম্পৰ্ক ছেদ কৰে।
            ১৭ বছৰ বয়সত তেওঁ যেতিয়া বন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আছিল তেতিয়াই তেওঁৰ বুকুত তেজ ৰঙা গোলাপে পাহি মেলিছিল আৰু দীঘল দীঘল প্ৰেমৰ কবিতা লিখা আৰম্ভ কৰিছিল। সমগ্ৰ চহৰখনতেই নাম থকা এজনী সুন্দৰীৰ প্ৰেমত ল'ৰাজন ব্যাকুল হৈ পৰিছিল।  নাম আছিল জেনিভন ওৱেষ্ট ফালেন। তেওঁতকৈ চাৰিবছৰ ডাঙৰ এই সুন্দৰীৰ প্ৰেমেই মানুহজনৰ জীৱনক কিছু সলনি কৰি দিলে। বন্ধুৰ লগত মদ ভাং কাজিয়াত মত্ত থকা আনকি কাজিয়া কৰি জেলতো দিন পাৰ কৰা এই ল'ৰা জনে এইবোৰ এৰি এজন ভদ্ৰ যুৱকলৈ পৰিৱৰ্তন হ'ল। শেষত এই সুন্দৰীৰ লগতেই ১৮৪৩ চনত তেওঁৰ সংসাৰিক জীৱন আৰম্ভ কৰিছিল। তেওঁক তেওঁৰ সন্তানে মৰমতে Moor বুলি মাতিছিল আৰু জেনীয়ে সম্বোধন ধৰিছিল My big body বুলি। ইফালে বন্ধু মহলৰ মাজত মাৰ্ক্স big boy বুলি জনজাত আছিল আৰু বন্ধু মহলে তেঁওক big boy বুলিয়েই মাতিছিল।
            ১৮৪৩ চনৰ শেষ ভাগ। মাৰ্ক্সে তেওঁৰ পৰিয়ালটিক লগত লৈ সমাজবাদ অধ্যয়নৰ বাবে ফ্ৰান্সলৈ আহে। তাতে তেওঁ বিশেষ বিশেষ ব্যক্তি সকলৰ লগত পৰিচয় হয়। ইয়াৰ ভিতৰত বিশেষ ভাৱে উল্লেখযোগ্য ব্যক্তি জন হ'ল ফেড্ৰিক এংগেলছ। তেওঁলোক দুজন ইমানেই ঘনিষ্ঠ হৈ পৰিল যে, ইজনৰ অনুপস্থিতি সিজনৰ বাবে আমনিদায়ক হৈ পৰিল আৰু এই বন্ধুত্ব জীৱনৰ শেষ সময়ৰলৈকে অক্ষুণ্ণ আছিল। অৱশ্যে এই ঘনিষ্ঠতাৰ মূল কাৰণ হ'ল দুয়োজনৰ দৰ্শণ একেই আছিল। অৰ্থাৎ ইজনৰ লগত সিজনৰ চিন্তাধাৰাৰ মিল আছিল। দুয়োজন বন্ধু মিলি ১৮৪৪ চনৰ পৰা বৈজ্ঞানিক সমাজবাদৰ প্ৰচাৰত লাগি গৈছিল।
              মাৰ্ক্সে পেৰিচত থকা সময়তে কিছুমান প্ৰবন্ধ প্ৰকাশ কৰিছিল। যিবোৰে প্ৰুছিয়াৰ চৰকাৰক ক্ষুণ্ণ কৰি তুলিছিল। সেয়ে প্ৰুছিয়াৰ চৰকাৰে মাৰ্ক্সক ফ্ৰান্সৰ পৰা খেদি দিবলৈ অনুৰোধ কৰিছিল। যাৰ বাবে মাৰ্ক্সে ফ্ৰান্স ত্যাগ কৰিবলৈ বাধ্য হৈছিল। জীৱনৰ শেষৰ সময়খিনি মাৰ্ক্সে ইংলেণ্ডত পাৰ কৰিছিল। ইয়াতেই তেওঁ এংগেলছৰ লগত লগ লাগি নামজাদা গ্ৰন্থ 'Communist Manifesto' ৰচনা কৰি ১৮৪৮ চনত প্ৰকাশ কৰিছিল। ইয়াৰ উপৰিও ইংলেণ্ডত থকাৰ সময়তে মাৰ্ক্স বৃটিছ মিউজিয়ামলৈ অধ্যয়নৰ বাবে ঘনাই ঘনাই অহা যোৱা কৰি বিভিন্ন তথ্য পাতি সংগ্ৰহ কৰি তেওঁৰ বিখ্যাত গ্ৰন্থ 'Das Capital' ৰচনা কৰিছিল। যিখন গ্ৰন্থ কমিউনিষ্ট সকলৰ বাইবেল আখ্যা দিয়া হয়। ১৮৪৮ চনত তেওঁ পুনৰ জাৰ্মানীলৈ বিপ্লৱত যোগদান কৰিবলৈ গুচি আহে। কিন্তু তেওঁক জাৰ্মানীৰ পৰাও বহিষ্কাৰ কৰি দিলে। আনফালে ফ্ৰান্সৰ পৰাও তেওঁ বহিস্কৃত। সেয়ে ইংলেণ্ডলৈ উভতি আহি জীৱনৰ বাকী সময়খিনি তাতে পাৰ কৰে।
              অতি দুৰ্ভাগ্যজনক কথা এয়ে যে, যি জনে সৰ্বহাৰাৰ মুক্তিৰ কাৰণে সংগ্ৰাম কৰিছিল সেইজন মহান ব্যক্তিয়েই ইংলেণ্ডত অতি দৰিদ্ৰতাৰ জীৱন কটাব লগা হয়। দৰিদ্ৰতাই মাৰ্ক্সক কোঙা কৰি পেলোৱাই নহয় গিলি পেলালে।  ১৮৫০-৫৬ ৰ ভিতৰত মাৰ্ক্সৰ তিনিওটা সন্তান দৰিদ্ৰতাৰ বাবেই মৃত্যু হ'ব লগা হয়। আটাইতকৈ সৰু সন্তান এডগাৰৰ যক্ষমা ৰোগত আক্ৰান্ত হোৱাৰ পিছত যেতিয়া দৰিদ্ৰতাই হত্যা কৰি পেলাইছিল তেতিয়া মাৰ্ক্স শোকত ভাগি পৰি বন্ধুলৈ বুলি এনেদৰে লিখিছিল-
---- "মহান মহান লোকসকলে হেনো হেৰুৱাৰ
      বেদনা বৰকৈ অনুভৱ নকৰে। কিয়নো এই
      বিশ্বব্ৰহ্মাণ্ড আৰু প্ৰকৃতিৰ সৈতে অজস্ৰ
      সম্পৰ্ক‌ই তেওঁলোকক সদা ব্যস্ত কৰি ৰাখে।
      কিন্তু মই? ম‌ইতো কোনো মহান লোক নহয়।
      মোৰ ল'ৰাটোৰ মৃত্যুৱে যে মোক ভিতৰলৈকে
      মাৰি দিছে। এতিয়াও এনে লাগে, এয়া যেন
      আজিৰহে ঘটনা। মোৰ দুৰ্ভগীয়া মানুহ  
      জনীও বেজাৰত একেবাৰে ভাগি পৰিছে। "
             এই ঘটনাৰ কিছু দিন আগত এখন কাকতে তেওঁক সাংবাদিক হিচাপে বিচাৰিছিল। কিন্তু তেওঁ লগ দিব নোৱাৰিলে। কাৰণ তেওঁৰ কোট চোলা আৰু জোতাযোৰ পৰ্যন্ত বন্ধকত দি ঘৰ চলাব লগাত পৰিছিল।
            সংসাৰৰ প্ৰতি তেওঁৰ যেন কোনো সময়ত আমনিদায়ক ভাৱ এটাই দেখা দিছিল। কিয়নো ঠিক ১৮৫৮ চন মানতেই এংগেলছক উদ্দেশ্যি চিঠি এখনত লিখিছিল-
----"        সাধাৰণ আকাংখ্যাৰ মানুহে বিয়া বাৰু
              পাতি ঘৰুৱা সমস্যাত ব্যতিব্যস্ত হৈ
              পৰাৰ নিচিনা মূৰ্খামিৰ কাম সংসাৰত
               একো নাই"।
           ইয়াৰ ঠিক কেইবছৰ মানৰ পিছতেই পৰিস্থিতি আৰু ভয়ংকৰ হৈ পৰিল‌। উপায়হীন হৈ ৰেলৱে কেৰাণীৰ চাকৰি এটাৰ বাবে আৱেদন কৰিছিল যদিও হাতৰ আখৰ বেয়া হোৱাৰ বাবেই তেওঁক চাকৰিটো দিয়া নহ'ল। ১৮৬২ চনৰ কিছু সময়ৰ পিছত এখন চিঠিত মাৰ্ক্সে লিখিছিল-
-----  "মোৰ মানুহজনীয়ে প্ৰতিদিনে কয়, তেওঁ
         এতিয়া মৰিবলৈহে বাঞ্চা কৰে। মই
         নিৰুত্তৰ হৈ থাকোঁ। সচাকৈ ক'বলৈ গ'লে
         তেওঁক বুজাবলৈ মোৰ ভাষা নাই। এনে
         পৰিস্থিতিত নিতৌ কিমান অপমান, যান্ত্ৰনা
         আৰু শংকাৰ মাজেৰে দিন কটাব লগা
         হয় সেয়া যে ভাষাৰে বুজাব নোৱাৰি। ল'ৰা
        ছোৱালী কেইটাৰ মুখলৈ মই চাব নোৱাৰোঁ।
        উৎসৱৰ সময়ত সিহঁতৰ বয়সৰ ল'ৰা
        ছোৱালী বোৰে ৰং ৰহ‌ই কৰি ফুৰিছে
        আৰু সিহঁতে? সিহঁতৰ ভয়। জানোচা
        কোনোবাই সিহঁতক লগ কৰিবলৈ আহে
       আৰু এই পূতিগন্ধময় পৰিৱেশত সিহঁতক
       আৱিষ্কাৰ কৰে।
           বন্ধু এংগেলছ আছিল মাৰ্ক্সৰ জীৱন জীয়াৰ ইন্ধন স্বৰূপ। কিয়নো এংগেলছৰ পৰা আৰ্থিক সাহায্য নোপোৱা হ'লে তেওঁ নিৰ্দিষ্ট বয়সৰলৈকে জীয়াই নাথাকিল হেতঁন। নিজৰ লগতে পত্নীয়েও মৃত্যুক স্ব- ইচ্ছাৰে কিজানি আকোৱালি ল'ব লগাও হ'লহেতেঁন। বন্ধু এংগেলছে তেওঁৰ নিজৰ সম্পত্তি বিক্ৰী কৰি বছৰি ৩৫০ পাউণ্ড আয়ৰ ব্যৱস্থা কৰি মাৰ্ক্সক সহায়ৰ হাত আগবঢ়াইছিল। কিয়নো এংগেলছে ভয় কৰিছিল, কিজানি দৰিদ্ৰতাই মাৰ্ক্স নামৰ সত্বাটোক হত্যা কৰি পেলাই। মাৰ্ক্সে লণ্ডনত এটা সৰু ঘৰত বাস কৰিছিল। তেওঁলোকৰ এখন ভাল চকীও নাছিল। আলহী আহিলে এখন ভগা চকী কোনোমতে আগবঢ়াই দিছিল। মাৰ্ক্সৰ ঘৰৰ অৱস্থা দেখি আলহীয়ে প্ৰথমে সংকুচ কৰিছিল। কিন্তু মাৰ্ক্সৰ পৰিয়ালে আলহীক ঈশ্বৰ জ্ঞানেৰে আদৰ অভ্যৰ্থনা আৰু ব্যৱহাৰে আলহীৰ মন জয় কৰিব পাৰিছিল।
             মাৰ্ক্সে হয়তো ইমান পুতৌ জনক জীৱন নিৰ্বাহ কৰিব নালাগিল হেতেঁন। যদি বিপ্লৱ ত্যাগ কৰি কোনো বিশ্ববিদ্যালয়ত চাকৰি কৰি ভোগ বিলাশৰ জীৱন অতিবাহিত কৰিলেহেতেঁন। কিন্তু ব্যক্তিগত সুখভোগৰ মানসিকতা ত্যাগ কৰি সৰ্বহাৰাৰ মুক্তিৰ কাৰণে নিজৰ জীৱন উচৰ্গা কৰা মাৰ্ক্স ধনৰ দুখীয়া আছিল সচা, কিন্তু তেওঁ মনৰ দুখীয়া কেতিয়াও নাছিল। তেওঁৰ লিখনিয়ে তেওঁক পৃথিৱী থকালৈকে যে অমৰ কৰি ৰাখিব তাত কোনো সন্দেহ নাই। তেওঁ লিখা মহৎ গ্ৰন্থ সমূহ হ'ল - The poyerty of philosophy, The Communist Manifesto, The critique of political Economy, Value, Price and Profit, Das capital আৰু Civil war in France.
                মাৰ্ক্সক সাধাৰণতে কোনো নতুন ধাৰণাৰ আৱিষ্কাৰক বুলি বহুতে ক'ব নিবিচাৰে। কিন্তু এইটো স্বীকাৰ কৰে যে, দক্ষ কাৰিকৰে বিভিন্ন ঠাইৰ পৰা বিভিন্ন সামগ্ৰী যোগাৰ কৰি আনি তাত নিজৰ কাৰিকৰী দক্ষতা খটুৱাই ধুনীয়া সামগ্ৰী তৈয়াৰ কৰাৰ নিচিনা মাৰ্ক্সেও বিভিন্ন লেখকৰ ধাৰণাৰ আলমত তেওঁৰ সিদ্ধান্ত সমূহ প্ৰকাশ কৰিছিল। মাৰ্ক্স আছিল এজন দক্ষ মালিৰ নিচিনা। মাৰ্ক্সে সৰ্বহাৰাৰ গলত বৈজ্ঞানিক সমাজবাদৰ মালা খুৱ ধুনীয়াকৈ পিন্ধাই দিব জানিছিল। তেওঁ জাৰ্মান, ইংলেণ্ড আৰু ফ্ৰান্সৰ লেখক সকলৰ পৰা তেওঁৰ সৃষ্টিৰাজীৰ তথ্য সমূহ নিখুত ভাৱে সংগ্ৰহ কৰিছিল। মাৰ্ক্সে দ্বন্দ্বাত্মক বস্তুবাদ আৰু ইতিহাসৰ অৰ্থনৈতিক ব্যাখ্যাৰ সমল পাইছিল জাৰ্মান দাৰ্শনিক হেগেলৰ পৰা। মূল্য আৰু উদ্ধৃত্তমূল্য সম্পৰ্কীয় তত্বৰ সমল লৈছিল বৃটিছ অৰ্থনৈতিকবিদ সকলৰ পৰা আৰু ৰাষ্ট্ৰ সম্পৰ্কীয় তত্বৰ ধাৰণা লৈছিল ফৰাছী লেখক সকলৰ পৰা। উল্লেখযোগ্য যে সৰ্বহাৰাৰ একনায়কত্ববাদ মাৰ্ক্সীয় দৰ্শনৰ এটা অন্যতম বৈশিষ্ট। লেনিন, ষ্টেলিন আদি নেতায়ো ইয়াক সমৰ্থন কৰিছিল।
            ১৮৮১ চন।  মাৰ্ক্স আৰু জেনী পেৰিছলৈ গুচি গৈছিল। ইফালে জীয়েক কেইজনীৰ অবিহনে মাৰ্ক্সে ভীষণ অকলশৰীয়া অনুভৱ কৰিছিল। তেনেকুৱাতে এটা বেয়া খবৰ আহিল। পত্নী জেনী মাৰ্ক্সৰ পৃত্ত কেঞ্চাৰৰ ৰোগত আক্ৰান্ত। ইফালে মাৰ্ক্সৰো ব্ৰংকাইটিছত যোৱা থোৱা অৱস্থা হ'ল। মাৰ্ক্সৰ জীয়ৰী এলেনৰ ভাষাত সেই সময়খিনি-
    ------ সেইছোৱা বৰ দুৰ্বিষহ সময় আছিল। সমুখৰ কোঠাটোত মা শুই থাকে, ভিতৰত আন এটা কোঠাত মূৰ (বাপেকক জীয়েকে মতা নাম)। সমগ্ৰ জীৱনটো তেওঁলোকে সদায়েই একেলগে কটালে, ইজনে সিজনক এৰি এখন্তেকো থাকিব নোৱাৰে, কিন্তু আজি দুয়োকে বেলেগে বেলেগে ৰাখিব লগা হৈছে। ...মই সেই ৰাতিপুৱাটোৰ কথা কেতিয়াও নেপাহৰোঁ। দেউতাই গাটো অকণমান ভাল পাইছিল। তেওঁ মাৰ ৰূমলৈ আহিল আৰু ইজনে সিজনক পাই দুয়ো যেন পুণৰ তৰুণ হৈ পৰিল। যেন মৰমত মগন এহাল ধুনীয়া ডেকা লৰা ছোৱালী। কোনেও কব নোৱাৰে তেওঁলোক ৰোগে কাবু কৰি পেলোৱা, চিৰবিদায় জনাবলৈ অগ্ৰসৰ এজন বুঢ়া-বুঢ়ী বুলি। বৰঞ্চ এই যেন তেওঁলোকে যৌবনত ভৰিহে দিছে।..."
           নিয়তিৰ পৰিহাস। ১৮৮১ চনৰ ২ ডিচেম্বৰত পত্নী জেনীৰ মৃত্যু হ'ল। সেই সময়তে  এংগেলছে এলেনলৈ লিখিছিল –‘Moor is dead too’। পত্নীৰ বিয়োগত ভাগি পৰাৰ বাবে অসুখী মাৰ্ক্সক পৰিবেশ সলনি কৰিবৰ বাবে  ফুৰাবলৈ এলজিয়াৰত আৰু পেৰিছলৈ নিয়া হৈছিল। ফুৰি-চাকি পুনৰ ইংলেণ্ডলৈ যেতিয়া ঘূৰি অহিছিল তেতিয়া বাটতে মাৰ্ক্সে সামান্য পানী-লগা জ্বৰ অনুভৱ কৰিছিল। ইফালে ঘৰ পায়েই পুণৰ এটা দুঃসংবাদ তেওঁৰ কানত পৰিছিল, মাৰ্ক্সৰ মৰমৰ জীয়ৰীও ঢুকাল।
      আনহাতে তেতিয়া সময় আছিল ১৮৮৩ চনৰ ১৪ নবেম্বৰ। মাৰ্ক্সৰ খবৰ লবলৈ এংগেলছ বন্ধুৰ ঘৰলৈ বুলি আহিছিল । আহিপায়ে তেওঁ আচৰিত হৈ পৰিছিল। কিয়নো সমগ্ৰ ঘৰখনতে কান্দোনৰ ৰোল। এংগেলছে ওপৰ মহলাৰ কোঠালৈ গৈয়ে দেখিলে - বিশ্বৰ সৰ্বত্ৰ শোষিত আৰু নিষ্পেষিত জনগনৰ কল্যানাৰ্থে আজীৱন আন্দোলন কৰা মানুহজন আৰু কেতিয়াও সাৰ নোপোৱাকৈ শান্তিৰে টোপনি গৈছে। এংগেলছৰ যেন কলিজা উচুপি এটা আৱেগ মিহলি দীঘল হুমুনিয়া: ওলায় আহিল। লগে লগে তেওঁৰ চকুদুটা পানীৰে উপচি পৰিল। দুহাতেৰে চকুপানী মছি এংগেলছে সেইদিনাই লিখিলে: ‘Mankind is shorter by a head, and that was the greatest head of our time.’
      ১৮৮৩ চনৰ ১৪ নবেম্বৰত মাৰ্ক্সৰ মৃত্যু হ'ল সচা। কিন্তু এই মহান ব্যক্তি জনৰ সৃষ্টি তেওঁ নামৰ যি সত্বা সেয়া কিন্তু পৃথিৱী থকালৈকে জীয়াই থাকিব। এনেএজন ব্যক্তিৰ জীৱন গাথা ইমান কম শব্দত লিখিব পৰা সম্ভৱ নহয়। তথাপিও তেনেই চমুকৈ মাৰ্ক্সৰ জীৱনটোক এইলেখাত তুলি ধৰিবলৈ মাথোঁ চেষ্টাহে কৰিলোঁ।

মনোজ মহন্ত
৮৪৭১৯০৬৭৫৫

No comments: