BJP government এ নোট বন্দী কৰাৰ পিছত দেশত প্ৰথম বাৰৰ বাবে ২০০০ টকীয়া নোটৰ প্ৰচলন কৰিছিল। লাহে লাহে নতুন ৫০০ টকীয়া নোটৰো প্ৰচলন কৰিলে। কিন্তু ভাৰতীয় ৰিজাৰ্ভ বেংকে এই নোট বিলাকৰ যথেষ্ট বৈশিষ্ট্য ৰক্ষা কৰিহে নতুন নোট চপা কৰাৰ লগে প্ৰচলন কৰিবলৈ দিছে। এই বৈশিষ্ট্য সমূহ এই কাৰণেই ৰাখে যাতে গ্ৰাহকে বা সাধাৰণ মানুহ খিনিয়ে আছল টকা আৰু নকল টকা কোনটো সহজেই বিচাৰ কৰি ল'ব পাৰে । কিন্তু এই বৈশিষ্ট্য সমূহ নো আমি কিমানে জানো? বহু সংখ্যক মানুহে নিজা বিবেচনাৰে অদ্ভূত কিছুমান কথাৰে আচল টকা আৰু নকল টকাৰ বিচাৰ কৰে। এয়া শুদ্ধ নহয়। আমি দেখোঁ বহু সংখ্যক দৃষ্টিহীন লোকে টকাটো পিটিকিয়ে কৈ দিব পাৰে এইটো কিমান টকাৰ নোট। আচলতে ভাৰতীয় ৰিজাৰ্ভ বেংকে এই সকল লকৰ বাবেও টকা চিনি পোৱাত সহজ কৰি থৈছে। সেই বাবেই টকাটো অলপ পিটিকি মোহাৰি চালেই কৈ দিব পাৰে সেইটো কিমান টকাৰ নোট।
ভাৰতীয় ৰিজাৰ্ভ বেংকে নোটত প্ৰায় ১৪ টা বৈশিষ্ট্য ৰাখিছে। তলত ২০০০ টকীয়া আৰু ৫০০ টকীয়া নোটৰ বৈশিষ্ট্য সমূহ আলোচনা কৰা হৈছে। (নোটত হালধীয়া ৰঙৰ সৈতে দিয়া ক'লা ৰঙৰ সংখ্যা বোৰ একোটা চিৰিয়েল নম্বৰ। পাঠক সকলৰ পঢ়াৰ সুবিধা কৰি বৈশিষ্ট্য সমূহৰ চিৰিয়েল নম্বৰ অনুসৰি নোটত থকা নম্বৰ বোৰ মিলাই চাব পাৰিব। )

--------------------------------------------------------------------
২০০০ টকীয়া নোট -
আকাৰ :- ৬৬×১৬৬ মি.মি.।
ৰং :-মেজেন্তা ।
বিষয় বস্তু:- মংগল যানৰ নক্সা, দেশৰ প্ৰথম অন্তৰ্গ্ৰহীয় মহাকাশ অভিযান প্ৰদৰ্শন।
৫০০ টকীয়া নোট -
আকাৰ :- ৬৬×১৫৫ মি.মি.।
-------------------------------–------------------------------------
এতিয়া বৈশিষ্ট্য সমূহ হ'ল এনেধৰণৰ:-
নোটৰ আগফালে থকা বৈশিষ্ট্য-
বিষয় বস্তু:- মংগল যানৰ নক্সা, দেশৰ প্ৰথম অন্তৰ্গ্ৰহীয় মহাকাশ অভিযান প্ৰদৰ্শন।
৫০০ টকীয়া নোট -
ৰং :- শিলৰ দৰে ধূসৰ।
বিষয় বস্তু:- ভাৰতীয় ঐতিহ্য পূৰ্ণ স্থল লাল কিল্লা।-------------------------------–------------------------------------
এতিয়া বৈশিষ্ট্য সমূহ হ'ল এনেধৰণৰ:-
নোটৰ আগফালে থকা বৈশিষ্ট্য-
নম্বৰ ১। মূল্যবৰ্গৰ অংকত ইফাল সিফাল দেখা পোৱা মুদ্ৰণ কৰা হৈছে।
২। মূল্য বৰ্গৰ অংকৰ অদৃশ্য হৈ থকা প্ৰতিকৃতি।
৩। মূল্য বৰ্গৰ অংক দেৱনাগৰীত দিয়া আছে।
৪।মহাত্মা গান্ধীৰ চিত্ৰৰ নিশমূলক স্থিতি আৰু আপেক্ষিক স্থানৰ ক্ষেত্ৰত পৰিৱৰ্তন।
৫। নোট খন হেলনীয়া কৰিলে ভিতৰত সুমুৱাই ৰখা সুৰক্ষা সূতাৰ ৰং সেউজীয়াৰ পৰা নীলা হৈ পৰা দেখা যাব।
৬। সোঁফালে গেৰাণ্টীৰ দফা , গৱৰ্ণৰৰ স্বাক্ষৰৰ সৈতে প্ৰতিশ্ৰুতি দফা আৰু আৰবি আইৰ প্ৰতীক।
৭। চিত্ৰ আৰু ইলেক্ট্ৰ' টাইপ ওৱাটাৰ মাৰ্ক।
৮। সংখ্যাৰ পেনেলত সৰুৰ পৰা ক্ৰমান্বয়ে ডাঙৰ হৈ পৰা অংকৰ ওপৰত বাওঁফালে আৰু তলত সোঁফালে আছে।
৯। সোঁফালে তলত ৰঙৰ পৰিৱৰ্তন ঘটা চিয়াহী ( সেউজীয়া ৰ পৰা নীলা)ত টকাৰ চিহ্নৰ সৈতে মূল্যবৰ্গৰ অংক।
১০। সোঁফালে অশোক স্তম্ভ ৰ প্ৰতীক।
নোটৰ পিছফালে থকা বৈশিষ্ট্য সমূহ-
১১। নোট মুদ্ৰণ কৰা বছৰ বাওঁফালে দিয়া থাকে।
১২।শ্লোগানৰ সৈতে স্বচ্ছ ভাৰত ল'গ' দিয়া থাকে
১৩।মাজভাগত ভাষাৰ পেনেল দিয়া থাকে।
১৪। সোঁফালে দেৱনাগৰীত মূল্যবৰ্গৰ অংকন।
এইখিনি হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংকে চপা কৰা নতুন ২০০০ আৰু ৫০০ টকীয়া নোটৰ প্ৰধান বৈশিষ্ট। সাধাৰণতে ৰিজাৰ্ভ বেংকে এই বৈশিষ্ট্য কেইটাৰ জড়িয়তে গ্ৰাহকক সুৰক্ষিত থাকিবলৈ আশ্বাস প্ৰদান কৰে। সেয়ে আমি এই বৈশিষ্ট্য কেইটা জানি থোৱা ভাল।
#অন্য এদিন অন্ধ লোকে সহজে টকা চিনি পোৱাৰ কিটিপ টোৰ বিষয়ে আলোচনা কৰিম।
No comments:
Post a Comment