Tuesday, July 30, 2019

জ্যোতি প্ৰসাদ আগৰৱালা আৰু নাৰীবাদ //

             নাৰীবাদী জ্যোতি প্ৰসাদ আগৰৱালা
            
             সৃষ্টিৰ অপূৰ্বখনিকৰ জ্যোতি প্ৰসাদ আগৰৱালা এগৰাকী নাৰীবাদী পুৰুষো আছিল নেকি? যদি আছিল তাৰ স্পষ্ট প্ৰমাণ ক'ত? আগৰৱালা দেৱ আছিল অসমীয়া কৃষ্টি সংস্কৃতি, শিল্প সাহিত্য তথা সংগীত জগতৰ খনিকৰ স্বৰূপ। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আছিল প্ৰযোজক, পৰিচালক, ছবি নিৰ্মাতা, নাট্যকাৰ, বিপ্লৱী কবি, । কিন্তু তেওঁনো কোনখিনিত নাৰীবাদী হিচাবে পৰিচয় দিলে? আমি যদি তেওঁৰ প্ৰোজ্জ্বল সৃষ্টিৰ মাজলৈ অলপ সোমাই যাওঁ তেতিয়া ই স্পষ্ট হৈ পৰিব যে, জ্যোতি প্ৰসাদ আগৰৱালাই নাৰীক তেওঁৰ সৃষ্টিৰে কৰ্মৰাজীৰ মাজেৰে কেনেকৈ প্ৰতিষ্ঠা কৰি থৈ গৈছে।
          
            সামাজিক সংস্কাৰমূখী আন্দোলন সমূহৰ ভিতৰত নাৰীবাদী আন্দোলন অন্যতম। এই আন্দোলনৰ অন্যতম পুৰুষ হিচাবে জ্যোতিপ্ৰসাদ আগৰৱালাও উল্লেখযোগ্য ব্যক্তি।অৰ্থাৎ এজন বাস্তৱ নাৰীবাদী পুৰুষ। গতিকে আগৰৱালা দেৱৰ নাৰীবাদ সম্পৰ্কে জানিবলৈ হ'লে তেওঁৰ অপুৰ্ব সৃষ্টিৰ অন্যতম ৰচনা নাটক আৰু তেওঁৰ অসমীয়া ছবি জগত খনলৈ সোমাই যাব‌ই লাগিব। তেওঁ জাতিক চহকী কৰি বিশেষ কাব্য ৰসেৰে সাহিত্যৰ মৌ সানি কেইবাখনো নাটক ৰচনা কৰিছিল আৰু যোগান্তৰকাৰী এই নাটক তথা অসমীয়া ছবি জগতৰ কৰ্মৰ মাজেৰে নাৰীবাদী আন্দোলনৰ সবল ভূমিকা লৈছিল। ১৪ বছৰ বয়সতে তেওঁ ৰচনা কৰিছিল শোণিতকুঁৱৰী নাটক খন। তাৰ পিছত ক্ৰমে লভিতা,কাৰেঙৰ লিগিৰী, ৰূপালীম আদি নাটক ৰচনা কৰে। এতিয়া যদি মন কৰা যায়,  দেখিব যে নাটক কেইখনৰ নামাকৰনতেই নাৰীয়ে প্ৰাধান্য লাভ কৰাৰ লগতে নাটক কেইখনত কেকেন্দ্ৰীয় চৰিত্ৰ হিচাবে নাৰী চৰিত্ৰ‌ই প্ৰাধান্য লাভ কৰিছে। ই কিন্তু ইমান সহজ কথাও নাছিল। যি সময়ত নাৰীয়ে ঘৰৰ ভিতৰৰ পৰা বাহিৰলৈ ওলোৱাটো পিতৃ তান্ত্ৰিক সমাজ খনৰ বাবে এক অপৰাধ আছিল, সেই সময়তেই তেওঁ নাৰী চৰিত্ৰক মূল চৰিত্ৰ হিচাপে লৈ নাটক ৰচনা কৰি নাৰীৰ নামেৰেই নাটক কেইখন নামাকৰণ কৰিছিল। বিশেষ এয়ে যে, তেওঁ নাটক কেইখনৰ চৰিত্ৰ সমূহত নাৰী আৰু পুৰুষৰ মাজত কোনো ধৰণৰ পাৰ্থক্য নোহোৱাকৈ সুন্দৰকৈ তুলি ধৰিছে। তেওঁৰ নাটকৰ চৰিত্ৰ সমূহৰ মাজত কোনো লিংগবৈষম্যৰ স্থান নাই। নাটক কেইখনৰ নাৰী চৰিত্ৰ কেইটাত নাৰীৰ অপাৰ শক্তি আৰু দৃঢ়তা প্ৰকাশত তেওঁ সফল হৈছে। কিন্তু আগৰৱালা দেৱৰ কেৱল নাটকতেই নাৰীবাদ স্পষ্ট নে? "ভাবিকালৰ সংস্কৃতি", "আইদেউৰ জোনাকী বাট" প্ৰবন্ধ আদিতো তেওঁ নাৰীমুক্তিৰ বাবে যথেষ্ট কাম কৰি গৈছে। তেওঁ কৈছে " শিল্পীয়ে, সাহিত্যিকে, অধ্যাপকে সংস্কৃতি বুলি চিঞঁৰি দেশ তল ওপৰ কৰিছে। কিন্তু দুৰ্নীতিৰ ৰাজত্ব শেষ নাই। শেষ ৰৈছেগৈ মাতৃ সকল। আজি যদি মাতৃ সকলে এই মহিষাসুৰক বিনাশ কৰিব নোৱাৰে, তেন্তে ভাৰতত নতুন সংস্কৃতি ৰচনা কৰিবলৈ ওলোৱাটো মাত্ৰ বলিয়ালিহে হ'ব"।


       প্ৰথমে আমি যদি শোণিতকুঁৱৰী নাটক খনকে চাওঁ, দেখিম যে নাটক খনত ঊষা অনিৰুদ্ধৰ কাহিনীয়ে মূল যদিও কিন্তু চিত্ৰলেখা চৰিত্ৰটো নাট্যকাৰে নাটকখনৰ আৰম্ভনিৰ পৰায়ে জীৱন্ত কৰি ৰাখিছে আৰু চৰিত্ৰটিৰ ভূমিকা অপৰিহাৰ্য হিচাপে নাটক খনত প্ৰতিষ্ঠা কৰিছে। এই নাৰী চৰিত্ৰটিক নাটকখনৰ সূত্ৰধাৰ হিচাপে তেওঁ জিলিকাই তুলি নাৰীৰ আসন খন এখোজ আগুৱাই দিছে। এই চৰিত্ৰটিৰ দ্বাৰা নাট্যকাৰে বুজাব বিচাৰিছে যে, হে নিষ্পেষিত নাৰী! তোমালোক পুৰুষৰ অভৱ্য বন্দীশালৰ দুৱাৰ ভাঙি ওলাই আহি সমাজ সংস্কাৰত তোমালোকে আগভাগ লোৱা, নিজক প্ৰতিষ্ঠা কৰা, সমাজৰ পৰিয়ালৰ পৰিচালনাত তোমালোকে নিজকে নিয়োগ কৰা। নাট্যকাৰে চৰিত্ৰটিৰ দ্বাৰা নাৰীক আহ্বান জনাইছে যে, কঠোৰ সংস্কাৰ বিমুখ সংস্কৃতিৰ মাজৰ পৰা আপোনালোক ওলাই আহি নিজকে নতুন জীৱনেৰে ৰং তুলিকাৰে চিত্ৰশিল্পী, নৃত্যপটিয়সী, দায়িত্বশীল নাৰী হিচাবে প্ৰতিষ্ঠা কৰক।

            ইয়াৰ পিছতেই লভিতা নাটক খনত চকুফুৰালে গম পোৱা যায় যে, নায়ক বিহীন যদিও সমাজ খনকে নায়ক সজায় নাট্যকাৰে মূল চৰিত্ৰ লভিতাৰ ওপৰত বেচি গুৰুত্ব দিছে। এই চৰিত্ৰটিক নাট্যকাৰে নতুন যুগৰ নতুন চেতনাৰ বাৰ্তাবাহক নাৰী চৰিত্ৰ হিচাবে তুলি ধৰিছে। অতি গুৰুত্বপূৰ্ণ এয়ে যে, এই চৰিত্ৰটিৰ জড়িয়তে গোড়া পিতৃতান্ত্ৰিক সমাজ ব্যৱস্থাক মষিমূৰ কৰি নাৰীক উত্তৰণৰ ইংগিত দিছে। এগৰাকী নাৰী হৈয়ো ৰক্ষনশীল অসমীয়া সমাজৰ বেষ্টনী ভাঙি লভিতাই সৈন্য শিবিৰৰ নাৰ্চৰূপে নিজক প্ৰতিষ্ঠা কৰিছে। আনকি নাৰী যে দুৰ্বল নহয়, নাৰীয়েও পুৰুষৰ দৰে সমানে আগবাঢ়ি যাব পাৰে, নাৰীও সাহসী আৰু স্পষ্টবাদীৰ ৰূপত প্ৰতিষ্ঠা কৰিব পাৰে নাট্যকাৰে এই চৰিত্ৰটিৰ দ্বাৰা তাকে স্পষ্ট কৰি তুলিছে। এই চৰিত্ৰটিৰ দ্বাৰা আগৰৱালা দেৱে এইটোও দেখাব বিচাৰিছে যে, নাৰীয়ে নাৰীৰ জীৱনটোক কেনেকৈ ক্ষুদ্ৰৰ পৰা বিৰাটলৈ, সীমাবদ্ধতাৰ পৰা বিশালতালৈ নিব লাগে বা নিব পাৰি । আছলতে নাট্যকাৰে লভিতা চৰিত্ৰটিৰ দ্বাৰা নাৰীক ঐতিহ্য আৰু আধুনিকতাৰ প্ৰতি থকা বৈজ্ঞানিক দৃষ্টি ভংগীৰে সমগ্ৰ নাৰী জাতিক এখোজ ওলাই আহিবলৈ আহ্বান জনাইছে। "আজি কালিৰ ডেকা ল'ৰা। আজি কালি উপজিছা, সেই বুলিয়েনে? তোমাৰ মনটো আজিৰ দিনতো দুকুৰি বছৰ আগৰ দৰে। যি কথাটো সত্য বুলি ভাবা তাক সমাজৰ ভয়ত ক'বলৈ সাহ নাই। কৰিবলৈ সাহ নাই। তুমি নক'বা আজি দিনৰ ডেকা বুলি"। প্ৰগতিশীল লভিতাৰ সংলাপতে স্পষ্ট যে, এই চৰিত্ৰটি নাৰী হৈও সামাজিক দায়িত্ববোধ, ৰাজনৈতিক চেতনা, আধুনিকতাৰ আৰ্থসামাজিক, ৰাজনৈতিক চিন্তা ৰহিত আনকি সমাজৰ বিচ্ছিন্ন অভিজাত সুলভ স্বাৰ্থণ্বেষী স্থিতিৰ বাবে কিমান সচেতন।।
            জ্যোতি প্ৰসাদৰ অন্য এখন নাটক হৈছে ৰাপালীম। এই খন নাটকতো মূল চৰিত্ৰ নাৰীয়ে। ইয়াত নাট্যকাৰে ৰূপালীম চৰিত্ৰটিৰ দ্বাৰা সমগ্ৰ নাৰীৰ মমতা সুলভ ত্যাগী হৃদয়ৰ ভিন্ন দৃষ্টি ভংগীক যেন তুলি ধৰিবলৈ যতপৰোনাস্তি চেষ্টা কৰিছে। একেটা চৰিত্ৰৰ দ্বাৰাই নাৰী কেনেকৈ সমাজ ব্যৱস্থাত লাঞ্চিত হ'ব লগা হয় তাৰ স্পষ্ট ছবি তুলি ধৰিছে। এই নাটকখনত দুইটা নাৰী চৰিত্ৰ ৰূপালীম আৰু ইতিভেনক নিখুত ভাৱে প্ৰবেশ কৰাইছে আৰু দুয়োটা চৰিত্ৰ‌ই যেন নাটক খনৰ মূল চৰিত্ৰ।এই নাটকখনতো নাৰী কেনেকৈ পুৰুষৰ কামাতুৰৰ বলী হয়  আৰু পুৰুষে নিজৰ বিকৃত মানসিকতা ঢাকিবলৈ কিমান তললৈ নামি যাব পাৰে তাক তুলি ধৰিবলৈ বিশেষ চেষ্টা কৰি সফল হৈছে। অৱশ্যে প্ৰথমে ভুল কৰিছিল যদিও পিছত মণিমুগ্ধৰ চৰিত্ৰটিত সততাৰ পৰিচয় পোৱা যায়‌। লগে লগে ইয়াকো পুনৰ প্ৰমাণ কৰিছে যে নাৰী কিমান ত্যাগী আৰু মমতাময়ী। কিয়নো ৰূপালীমে বাপেক আৰু মায়াবৰ মুক্তিৰ বাবে মনিমুগ্ধৰ ওচৰত অনিচ্ছাস্বত্বেও আত্ম সমৰ্পণ হ'ব লগা হৈছিল। ইফালে ইতিভেনৰ চৰিত্ৰৰ জৰিয়তে নাট্যকাৰে নাৰীৰ সতীত্ব ৰক্ষাৰ স্বাৰ্থত , নিজ ৰাজ্যৰ জাতিৰ বৃহত্তৰ স্বাৰ্থত মনিমুগ্ধ ভাবি স্বামী হোৱাৰ পিছতো তেওঁৰ বিৰুদ্ধে যি বিদ্ৰুহী মনোভাৱৰ ছবি দাঙি ধৰিলে তাৰ পৰা স্পষ্ট কৰিছে যে, নাৰীয়ে ভ্ৰষ্টাচাৰ অনীতিৰ বিৰুদ্ধে মাত মাতিবলৈ তাক দমন কৰিবলৈ বিপক্ষ দল যিমানেই আত্মীয় বা শক্তিশালী নহ‌ওক কিয় কেতিয়াও পিছুৱাই নাহে।  ইয়াত আগৰৱালা দেৱে নাৰীক শক্তিশালী ৰূপত তুলি ধৰাৰ লগতে সততাৰ পৰিচয় দিছে। "যুগে যুগে যেতিয়াই পুৰুষে কৰ্তব্যক পাহৰি দুৰ্বলতাক আশ্ৰয় কৰি কৰ্তব্য বিমুখ হৈছে তেতিয়াই তিৰোতাই কৰ্তব্য সোঁৱৰাই দিবলৈ ওলাই আহিছে। আজি ময়ো তাকে কৰিবলৈ ওলাই আহিছো। তোমালোকৰ ৰজা যদি অসমৰ্থ তেন্তে মই তোমালোকক বাট দেখুৱাই দিম"। স্বাৰ্থপৰ, দমন, শোষণ, ভ্ৰষ্টাচাৰী, কামুক সমাজ তথা পুৰুষৰ বিৰুদ্ধে নাৰীক শক্তিশালী ৰূপত থিয় কৰাই নাটক খনত নাট্যকাৰে সফলতা লাভ কৰিছে। যদিও ইতিভেনৰ চৰিত্ৰটো শেষলৈ ঈৰ্ষাৰ জুই হিচাপে ফুতি উলাইছে তাৰ বাবে কিন্তু মণিমুগ্ধ‌ই জগৰীয়া। কিয়নো বাকদত্তা ইতিভেনৰ ওচৰত মণিমুগ্ধ‌ই নিজৰ নষ্টচৰিত্ৰৰ দোষ ঢাকি ৰূপালীমেহে তেওঁৰ ওচৰত দেহ দান দিবলৈ ওলোৱাটো একপ্ৰকাৰে মিচা প্ৰমাণ কৰিছিল। আনহাতে নাট্যকাৰে নাৰী কেনেকৈ ৰাজকাৰেঙৰ ভিতৰতো  ধৰ্ষণৰ বলী হ'ব লগা হয়, ৰাজ আট্টালিকাৰ বগা পাইজামাৰ আঁৰত  নিষ্ঠুৰ সংগমত নাৰীৰ সতীত্ব কেনেকৈ হৰণ হয় ইয়াৰ এখন জ্বলন্ত ছবি অংকন কৰি সফলতা লাভ কৰিছে।

          আগৰৱলা দেৱৰ অন্য এখন নাটক কাৰেঙৰ লিগিৰী। এই নাটকৰ নামাকৰনো এগৰাকী নাৰী আৰু কেন্দ্ৰীয় চৰিত্ৰটিও সেই নাৰীয়ে। নাটক খনৰ দ্বাৰা নাট্যকাৰে স্বৰ্গীয় প্ৰেমৰ ত্যাগৰ কথা স্পষ্টকৈ তুলি ধৰিছে। নাটকখনৰ মূল চৰিত্ৰ হৈছে শেৱালী। শেৱালী এজনী সাধাৰণ লিগিৰী যদিও শাৰদীয় নিয়ৰত তিতা এপাহি যেন শেৱালী ফুল। তথাপিও তাই লিগিৰী হোৱাৰ বাবেই সুন্দৰ কোঁৱৰৰ পৰা বঞ্চিত হ'ব লগা হ'ল।তায়ো সেয়া অতি সহজ ভাৱে স্বীকাৰ কৰি লৈছে। কিয়নো সেয়া আছিল তাইৰ নিস্বাৰ্থ প্ৰেম। নাৰীয়ে যে নিজৰ সৰ্বস্ব ত্যাগ কৰি হ'লেও অন্য জনৰ সুখ দুখ শান্তি এইবোৰক সন্মান জনায় এই চৰিত্ৰটিৰ দ্বাৰা নাট্যকাৰে তাকে যেন প্ৰকাশ কৰিব বিচাৰিছে। এই নাটক খনৰ যোগেদি আগৰৱালা দেৱে সামন্তযুগীয় সমাজত শেৱালী অনংগ নিস্পেষিত জনৰ প্ৰতিনিধি হিচাপে তেনে নাৰীৰে এখন স্পষ্ট ছবি তুলি ধৰিছে।
গতিকে দেখা যায় যে, আগৰৱালা দেৱে তেওঁৰ প্ৰত্যেক খন নাটকতেই নাৰীক প্ৰাধান্য দিছে। নাৰীৰ প্ৰতিটো কেন্দ্ৰীয় চৰিত্ৰক নাৰীৰ প্ৰতিনিধি হিচাপে থিয় কৰাইছে। নাৰীৰ চৰিত্ৰ সমূহ কোনো কৃপনালী নকৰাকৈ নাৰীৰ প্ৰাকৃতিক বৈশিষ্টৰে প্ৰতিষ্ঠা কৰিবলৈ পূৰ্ণ প্ৰয়াস কৰি সফল হৈছে। নাৰী চৰিত্ৰ সমূহে তেওঁৰ নাটকত ৰূপান্তৰৰ ভূমিকা হিচাবে দেখা দিছে। প্ৰতি খন নাটকতেই নাৰীৰ উত্তৰণৰ ইংগিত দিছে। তেওঁৰ নাটকত সমাজ ,সংস্কৃতি ,ৰাজনীতি আদি সকলোতে নাৰীক সমান অধিকাৰ দি সকলোতে যে নাৰী আগবঢ়া নাৰী যে শক্তিশালী তাৰ প্ৰমাণ দিব বিচাৰিছে। কেৱল নাটকতেই তেওঁৰ এই নাৰীবাদী মনোভাৱ স্পষ্ট নে? তেওঁৰ কথা ছবি জগত খনলৈও যদি ভুমুকি মৰা হয়, দেখিম যে তাতো আগৰৱালাদেৱে নাৰীক কেনেকৈ সমাজৰ আগশাৰীলৈ উলিয়াই আনিলে তাৰ প্ৰমাণ আজি পৰ্যন্ত‌ই নহয় জাতি থকালৈকে ইতিহাস যদিও ই বৰ্তমান হৈ থাকিব।
         ৰাষ্ট্ৰ বৃটিছৰ অধীন হ'ল। ৰাজ্যৰ পৰিবেশো অন্ধকাৰাচ্ছন্ন হ'ল। লগে লগে সমাজ ব্যৱস্থাত নাশ্ৰুত নাভুত সংস্কাৰে বেৰি ধৰিলে। সমান্তৰাল ভাৱে নাৰীৰ মৰ্যাদাও হানী হ'ল। ৰাষ্ট্ৰ তথা ৰাজ্যৰ এই অন্ধকাৰচ্ছন্ন পৰিৱেশতেই কলংপুৰ তথা গহপুৰৰ ভোলাগুৰী চাহবাগিচাত আগৰৱালা দেৱে জাতিক ইতিহাস সমৃদ্ধ কৰি পোহৰাই তুলিলে। যি সময়ত মহিলা পাছৰে কথা   কিছু সংখ্যক পুৰুষেও বায়'স্কোপ কি বস্তু নাজানিছিল। মহিলা সকলেতো পাকঘৰৰ পৰা নিজৰ ঘৰৰ আগফালৰ চোতাল খনলৈ ওলাবলৈকে শিকা নাছিল বা ওলোৱাটো অপৰাধ হিচাপে গণ্য কৰা হৈছিল। তেনে এক পৰিবেশতেই প্ৰথম বাৰৰ বাবে অসমীয়া  কথাছবি 'জয়মতী' ক গৰ্ভস্থ কৰিবৰ বাবেই জ্যোতি প্ৰসাদ আগৰৱালাই  ভোলাগুৰী চাহ বাগিচাৰ অস্থায়ী প্ৰশুতি গৃহ চিত্ৰবনত কথোৰ পৰিশ্ৰমেৰে মৈথুন প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। ১৯৩৪ চনত এই মৈথুনৰ ফলতেই জয়মতীয়ে প্ৰসৱবেদনাত চতফতাই আৰু অসমীয়া জাতিৰ বাবে অসমীয়া কথাছবিৰ বাবে এক গৌৰৱ‌ উজ্জ্বল ইতিহাস ৰচনা কৰিলে। কিন্তু উল্লেখযোগ্য কথা এয়ে যে, ৰাষ্ট্ৰৰ প্ৰথম খন নিৰ্বাক কথাছবি দাদা চাহেব ফাল্কেৰ দ্বাৰা নিৰ্মিত 'ৰাজা হৰিশ্চন্দ্ৰ' তো নাৰী ছৰিত্ৰসমূহ পুৰুষেহে অভিনয় কৰিছিল। তাত নাৰীৰ কোনো স্থান নাছিল। কিন্তু আগৰৱালাদেৱ আছিল নাচুৰবান্দা। তেওঁ জয়মতীৰ নাৰী চৰিত্ৰ কেইটা নাৰীৰ দ্বাৰাহে কৰিব। সেয়ে তেওঁ বাতৰি কাকতত নাৰী চৰিত্ৰৰ বাবে ছোৱালী বিচাৰি বিজ্ঞাপন দিলে। কিন্তু দুৰ্ভাগ্যজনক এয়ে যে, পুৰুষৰ কথোৰ শোষণ আৰু দমনমূলক সমাজ খনৰ পৰা কোনো ছোৱালী আগবাঢ়ি নাহিল। উপায় নাপায় তেওঁ নিজেই নানা দুৰ্ভোগ ভুগিও ছোৱালী বিচাৰি গোটেই অসম চলাথ কৰিলে যদিও কাকো নাপায় গোলাঘাটৰ জীয়ৰী আইদেউ সন্দিকৈক বায়'স্কোপ দেখুৱাম বুলি ফুচুলাই আনি বায়'স্কোপৰ সন্মুখত জয়মতী চৰিত্ৰৰ অভিনয় কৰোৱাই প্ৰথমবাৰৰ বাবে নাৰীক কেৱল কথাছবি জগত খনতেই নহয় বা কেৱল আইদেউ সন্দিকৈকে নহয় সমগ্ৰ নাৰী জাতিক পুৰুষৰ কথোৰ শোষণকাৰী সমাজৰ বেহু ভাঙি উলিয়াই আনি সাংস্কৃতিক জগত খনৰ লগতে সমগ্ৰ অসমীয়া সমাজ ব্যৱস্থাতে নাৰীক প্ৰথম বাৰৰ বাবে প্ৰতিষ্ঠা কৰিলে। কেৱল আইদেউ সন্দিকৈকে নহয়, মোহিনী ৰাজকুমাৰী, জ্যোতি বৰুৱা আদিৰ নামো উল্লেখযোগ্য। ইয়াৰ  ভিতৰত জ্যোতি প্ৰসাদ আগৰৱালাৰ লগতে মোহিনী ৰাজকুমাৰীক জাতি জীয়াই থকালৈকে বিশেষ ভাৱে কৃতজ্ঞতা জনাব‌ই লাগিব। কিয়নো আগৰৱালা দেৱে সেই সময়তে তেনে এগৰাকী নাৰীক প্ৰতিষ্ঠা কৰি সমগ্ৰ নাৰীক সন্মান জনাই থৈ গৈছে, যিটো সেই সময়ৰ কামৰ ভিতৰত অতি আশ্চৰ্য জনক হোৱাৰ লগতে অতি সন্মানীয়। কিয়োনো, জয়মতীৰ ৰাজমাওৰ চৰিত্ৰটিত সেই গৰাকী মোহিনী ৰাজকুমাৰীয়ে অভিনয় কৰিছিল যি এগৰাকী বিধবা মহিলা আছিল। আনহাতে ডালিমী চৰিত্ৰটোত অভিনয় কৰিছিল জ্যোতি প্ৰসাদৰ চাঞ্চল্যকৰ আবিষ্কাৰ জ্যোতি বৰুৱা নামৰ ছোৱালী এজনীয়ে।  কিন্তু এই আদৰ্শবান মহান মহিলা কেইগৰাকীৰ অৱস্থা কথা ছবিত অভিনয় কৰাৰ বাবেই পিছত ইমানেই দুখলগা হ'ল যে, ঘৰৰ ভিতৰত তেওলোকৰ বাবে কোনো স্থান নাছিল। সমাজৰ এঘৰীয়া মানুহ হিচাবে গোহালি ঘৰৰ চুক এটাত থাকিব লগা হ'ল। সমাজৰ লগত জুই পানী নিষেধ কৰি দিয়াৰ লগতে আজীৱন লাঞ্চনা-গঞ্জনাৰে অবিবাহিতা হৈয়ে থাকিব লগা হ'ল। কিন্তু অসমীয়া কথাছবিৰ জন্মলগ্নত এই তিনি গৰাকী নাৰীৰ অৱদান তথা ত্যাগ অসমৰ সাংস্কৃতিক ইতিহাসত চিৰস্মৰণীয় হৈৰোৱাৰ লগতে অসমীয়া সাংস্কৃতিক ইতিহাসত এক বোবা বেদনাৰ সাক্ষী হৈ ৰ'ল। আনহাতে কথাছবি নিৰ্মাণৰ বাবে দৃঢ় প্ৰতিজ্ঞ মন বিবেকক পিছুৱাই যাবলৈ নিদি মহিলা শিল্পীক বিচৰাৰ নামত দুৰ্ভোগ ভুগিও ছবি নিৰ্মাণ কৰি জাতিক উজ্জ্বল কৰি তোলাৰ লগতে নাৰীক নিজৰ সৃষ্টি কৰ্মৰ মাজেৰে সাংস্কৃতিক জগত খনত প্ৰতিষ্ঠা কৰাই ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক, আদি সকলো দিশতে চৰিত্ৰ সমূহক সমগ্ৰ নাৰী জাতিৰ এক আদৰ্শ চৰিত্ৰ হিচাপে প্ৰানৱন্ত কৰি নাৰীৰ হৈ যিখিনি কাম কৰিথৈ গ'ল তাৰ মাজেৰেই স্পষ্টকৈ ক'ব পাৰি জ্যোতি প্ৰসাদ আগৰৱালা এগৰাকী বাস্তৱ নাৰীবাদী পুৰুষ আছিল। 

মনোজ মহন্ত
৮৪৭১৯০৬৭৫৫

No comments: