Ph/email:-
mm8471906755@gmail.com
বাৰিষা মানেই অসমীয়াৰ শত-সহস্ৰৰ সৰল নয়ন অশ্ৰুৰে ভৰি পৰা। বাৰিষা আহিল মানেই অসমৰ মানুহে যমৰ যাতনা ভুগিবলৈ সাজু হোৱা।
বহাগ জেঠ মাহ সোমোৱাৰ লগে লগে ধাৰষাৰ বৰষুণ দিয়া আৰম্ভ হয়। তাৰ সমান্তৰাল ভাবে আৰম্ভ কৰে মথাউৰি নিৰ্মানৰ কাম। কিন্তু আজি পৰ্যন্ত এটা উন্নত মানদণ্ডৰ মথাউৰিহে নিৰ্মাণ নহ’ল। হ’ব ক’ৰ পৰা ? বহাগ, জেঠ, আহাৰ মাহ জানো মথাউৰি নিৰ্মাণ বা মেৰামতি কৰাৰ সময়? প্ৰকৃতিয়ে এফালে বৰষুণ দিয়া আৰম্ভ কৰিব আৰু আনফালে ঠিকাদাৰ বোৰে JCB ট্ৰেক্টৰ দুই এখন লৈ অ’ৰ পৰা এঘোক ত’ৰ পৰা এঘোক খান্দি বালি মাটিৰে এটা মথাউৰি বনাই গুছি যাব। ফলত সপ্তাহ দহ দিনৰ পিছত বানে খহোৱাতো পিছৰ কথা সাধাৰণ দুই এজাক বৰষুণতেই মাটি খিনি খহি গৈ চিন চাপ নোহোৱা হৈ পৰে। তাৰ পিছতো প্ৰতিবছৰে মথাউৰি নিৰ্মানৰ নামত চৰকাৰে টকা অনুমোদন কৰিয়ে থাকে। কিন্তু টকা অনুমোদন কৰাতেই জানো চৰকাৰৰ দায়িত্ব শেষ? টকা খিনি অনুমোদন কৰাৰ পিছত বা আগত চৰকাৰৰ ঘৰৰ মানুহে ইয়াৰ হিচাব নলয় যে, কিমান টকা ব্যয়েৰে কিমান উন্নত ভাৱে যোৱাবাৰ ঠিকাদাৰ জনে মথাউৰিটো নিৰ্মান কৰিছিল।
অসমত এনেকুৱা কিছুমান সমস্যা আছে যিবোৰৰ কোনো স্থায়ী সমাধান নাই। তথাপিও তাক প্ৰতিৰোধ কৰিব পৰাকৈ আজি বিজ্ঞানৰ যুগত তেনে কোনো সমাধান নথকা নহয়। এই সমস্যা বোৰৰ ভিতৰত বানপানীৰ সমস্যা উল্লেখযোগ্য। এতিয়া অসমৰ নৈ-উপনৈয়ে অসমক সুজলা-সুফলা, শস্য-শ্যামলা নকৰে। কৰে কেৱল
ধ্বংস। অসমৰ ইতিহাসত প্ৰথম বাৰৰ বাবে এই ধ্বংসৰ পাতনি মেলিছিল ১৯৩৪ চনত কপিলীৰ প্ৰলয়ংকাৰী বলিয়া বানৰ নিষ্ঠুৰ উপদ্ৰপে নগাওঁ জিলাত। তেতিয়াৰে পৰা প্ৰতি বছৰেই অসমৰ ভালে সংখ্যক অঞ্চল যেনে লক্ষীমপুৰ, ধেমাজি, মাজুলি, গহপুৰ আদি বিভিন্ন ঠাইত উগ্ৰচণ্ডা দুৰ্বাসাৰ সৰ্বগ্ৰাসী ৰূপত বানে কেৱল বুৱাই পেলোৱাই নহয়, ঘোলোকি পেলাই, এফালৰ পৰা ধুই থৈ যায়। শ-শ বিঘা মাটি, কত ভৰা বাৰী, ৰাস্তা , ঘৰ বানৰ বুকুত জাহ যায় ঠিক নাই। কত পশু ধন, খেতি, ঘৰৰ লামলাকটি বানত উটি যায় তাৰ কোনো হিচাব নাই। আনকি মানুহ পৰ্যন্ত বানত মৃত্যু হয়। তদুপৰি বেমাৰ আজাৰ বোৰতো আছেই। একে সময়তেই প্ৰাকৃতিক ভাবে দুৰ্দশা হোৱাৰ উপৰিও ভূতৰ ওপৰত দানব পৰে নিপকু বা অন্য চুইচ গেটবোৰ। যাৰ বাবে গৃহহাৰা বানপীৰিত জনসাধাৰণে আশ্ৰয়ৰ বাবে, এসাজ আহাৰৰ বাবে, এযোৰ পোছাকৰ বাবে হাহাকাৰ কৰিব লগা হয়। শেষত আশ্ৰয় বিছাৰি তেওলোকে ওখ ঠাই বা চৰকাৰী ভূমি বেদখল কৰিব লগা হয়। পিছত আকৌ উচ্ছেদৰ নামত সেই গৃহহাৰা অসমীয়া মানুহখিনিকে পুনৰ নগুৰ শাস্তি দিয়া হয়। শিক্ষা মৌলিক অধিকৰ যদিও উচ্ছমাধ্যমিকৰ শেষান্তৰ পৰীক্ষা সমূহ হৈ থকাৰ মাজতেই উচ্ছেদৰ নামত সেই গৃহহাৰা ছাত্ৰ-ছাত্ৰী খিনিক চৰকাৰী পক্ষৰ দ্বাৰা পুনৰ গৃহহাৰা কৰাৰ লগতে স্কুল বোৰো ভাঙি পেলোৱাৰ উদাহৰণ নথকা নহয়। উচ্ছেদ আমিও বিছাৰো। উচ্ছেদ নকৰাৰ বাবে আগতে চৰকাৰ সমালোচনাৰ সন্মূখীনো নোহোৱা নহয়। কিন্তু প্ৰকৃত অসমীয়া মানুহ খিনিৰ এনেকুৱা নিকৃষ্ট উচ্ছেদ কোনেও নিবিচাৰে। পত্তাহীন, গৃহহীন, ভূমিহীন মানুহখিনিক সংস্থাপিত কৰি যিবোৰ মানুহ বিদেশী বা অবৈধ ভাবে দখল কৰি বসবাস কৰি আছে, তেওঁলোকক উচ্ছেদ কৰাত কাৰো একো কব লগা নাই।
অসমত বানপানী হয়। কিন্তু অসমত হয়নে ভাৰতত হয়? অসম কি সতিনীয়েকৰ জীয়ৰী নেকি? অতি দুৰ্ভাগ্যজনক এয়ে যে, অসম ভাৰতৰ অংগৰাজ্য হোৱাৰ পিছতো অসমত যি সমস্যা আছে যি অভাব আছে সেয়া কেৱল অসমৰেই। সেইখিনি অভাব বা সেইখিনি সমস্যা সমাধান কৰাৰ দায়িত্ব কেৱল অসম চৰকাৰৰহে নেকি? অসমৰ কোনোটো স্থায়ি সমস্যাক ভাৰত ৰাষ্ট্ৰই আজি পৰ্যন্ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বীকৃতি নিদিলে। নিৰ্বাচনী প্ৰচাৰৰ ভাষণৰ বাহিৰে কোনোটো সমস্যা সমাধানৰ বাবে ভাৰত ৰাষ্ট্ৰ আগবাঢ়ি অহা নাই। আমাৰ অসমৰ জনসাধাৰণ ইমানেই সচেতন যে কোনো দলৰ চৰকাৰৰ ৰাষ্ট্ৰৰ নেতাৰ মুখত অসমৰ নাম শুনিলেই আৱেগ বিহ্বল হৈ পাগলৰ দৰে ক’ব নোৱোৰা হৈ যায়। সেয়ে চতুৰ স্বাৰ্থপৰ নেতাবোৰেও জানে যে অসমৰ মানুহক কেনেকৈ ভেড়া ৰখীয়া পাতি নিজৰ স্বাৰ্থ আদায় কৰিব লাগে। অসমক বৃটিছে লুটিলে, মানে লুটিলে আৰু এতিয়া অসমৰ কেচা সোণ লোটাত ব্যস্ত ভাৰত ৰাষ্ট্ৰ। ৰাষ্ট্ৰৰ নেতাৰ মুখত নাম শুনিয়েই হাতচাপৰি মাৰি ফুৰ্তিত কব নোৱাৰা হোৱা সকলৰ লগতে বাকী ৰাইজেও ৰাষ্ট্ৰক এইটো সকীয়াই দিয়া উচিত যে, তেওঁলোকে অসমৰ নাম মুখত তেতিয়াহে ল’ব, যেতিয়া অসমৰ সমস্যাক অসমৰ অভাৱক ভাৰতীয় সমস্যা বা অভাৱ বুলি গণ্য কৰি এই সমূহ সমাধানৰ বাবে আগবাঢ়ি আহিব। অৱশ্যে শেহতীয়া ভাবে দুই এটা অভাব পূৰণ কৰিছে যদিও তাহানিৰ পৰা যিমন খিনি অসমৰ পৰা লুটিলে বা লুটিয়ে আছে লগতে অসমৰ পৰা ভাৰত ৰাষ্ট্ৰৰ যিমান খিনি লাভ হয় তাৰ তুলনাত সেয়া এতিয়াও শূন্য শতাংশ মাত্ৰ।
অসমত বান পানী হৈয়ে থাকে। গতিকে প্ৰতিবছৰেই বগা পাইজামা পিন্ধি এ.চিৰ তলত দিছপুৰ দিল্লীৰ হুইল চেয়াৰত বহি অসমত বানপানীত ককবকাই থকা সকলৰ বাবে এমুঠি চাউল আলু দালি ঘৰৰ পোহনীয়া পুখুৰীটোলৈ এমুঠি দানা চেতিয়াই দিয়াৰ দৰে দি হেলিকপ্তাৰত আহি বানাক্ৰান্ত অঞ্চল সমূহৰ ওপৰে ওপৰে এক চক্ৰ মাৰি বানাক্ৰান্ত ৰাইজে সেই চাউল দালি মুঠিৰ কাৰণে কেনেকৈ হেঁতাওপৰা লগাই তাক উপভোগ কৰি গুচি যায়। যেনেদৰে আপোনাৰ পোহনীয়া পুখুৰীটোত এমুঠি দানা চেতিয়াই পানীত ঢ়ৌ উঠাই দানা খাবলৈ অহা মাছবোৰ ছাই আপুনি আনন্দ উপভোগ কৰে। কিন্তু এইটো ভাবি নাচাই যে, সেই মাছ খিনিয়ে কিমান ভোকত আতোৰ হৈ দানা মুঠি খাবলৈ আহোতে আপুনি উপভোগ কৰা সেই পৰিবেশটোৰ সৃষ্টি হৈছে। গৃহস্থই যেনেকৈ উপযুক্ত সময়ত পোহনীয়া মাছ বিক্ৰী কৰি লাভ উঠাই তেনেকৈ ভাৰত ৰাষ্ট্ৰয়ো অসমৰ বানপানীৰ ক্ষেত্ৰত বৰ দুৰ্ভাগ্য জনক বুলি চচিয়েল মিডিয়াত এটা টুইট কৰি মাত্ৰ কেইবস্তা মান খাদ্য আৰু হাতৰ মুঠিতে কেইটামান টকা দলিয়াই দি তাকে কৰিয়ে অসমৰ দুখীয়া ৰাইজক বহুত কিবা-কিবি কৰিলো বুলি ভাবি নিজৰ দায়িত্ব সামৰে আৰু সেইকন কৰিয়েই তাৰ লাভ উঠাই প্ৰতি পাঁচবছৰৰ অন্তৰে অন্তৰে হোৱা নিৰ্বাচন বোৰত।
নেহেৰুৰ দিনৰ পৰায়ে অসমৰ ক্ষেত্ৰত কেৱল ঘঁৰিয়ালৰ চকু পানী টোকা দেখা যায়। ৬২ ৰ চীনা যুদ্ধৰ সময়ত অসমৰ বিপৰ্যয় দেখি তেওঁ যেনেদৰে “বিদায় অসম” বুলি চকু পানী টুকিছিল তেনেদৰেই আজি পৰ্যন্ত ৰাষ্ট্ৰৰ বৰ বৰ নেতাবোৰেও বানপানীৰ ক্ষেত্ৰত হেলিকপ্তাৰৰ ওপৰত বহিয়ে “আই ঐ দেহি বেয়াই লাগে পাই” বুলি ঘঁৰিয়ালৰ চকুপানীৰে পুতৌ কৰি গুছি যায়। বছৰি একেবোৰ নাটককে অসমে আৰু কিমান সহ্য কৰিব? মাত্ৰ দাবী এটাই, অসমৰ বানপানী সমস্যাক ভাৰত ৰাষ্ট্ৰই সৰ্বভাৰতীয় সমস্যা হিচাবে স্বীকৃতি দিয়ক।
কিছুমান স্থায়ী সমস্যাক কেন্দ্ৰ কৰিয়ে অনান্য সমস্যা বোৰে গা কৰি উঠিছে। শেষত গৈ সেই সমস্যাবোৰো সমাধানহীন অতি ভয়াবহ সমস্যালৈ ৰূপান্তৰিত হৈছে। উদাহণ স্বৰূপে, বান সমস্যাৰ বাবেই বাৰিষা খেতি কৰাটো দূৰৰে কথা খৰালি মাহতো হোৱা খহনীয়াৰ উত্পাতৰ বাবে বাম খেতি কৰিবলৈও নৈ পৰীয়া বা বানাক্ৰান্ত সকল অপাৰগ।যাৰ ফলত খাদ্য সমস্যাই দেখা দিয়ে।বানত সৰ্বশ্ৰান্ত হোৱা আনকি কৃত্ৰিম বানৰ বাবে খৰালি কালতো ভয় বুকুত লৈ ফুৰা কোন জন নিবনুৱাই বা যুৱকে কি সাহসত চৰকাৰী ভাবে লোন লৈ হলেও কাৰ পিঠিত পুখুৰী খান্দি বা কাৰ পিঠিত গৰু, ম’হ, গাহৰী পালন কৰি স্বাৱলম্বী হ’ব? চৰকাৰী চাকৰিতো দূৰৰে কথা। যাৰ বাবে নিবনুৱা সমস্যা অসমৰ বাবে এতিয়া সমাধানহীন সমস্যা হিচাবে থিয় দিছে। এইটো সত্য যে বান সমস্যাৰ বাবেই যথেষ্ট শিক্ষিত মানুহ থকাৰ পিছতো বানে জুৰুলা কৰা দৰিদ্ৰতাৰ ভাতিত গঢ়া উজনি অসমৰ লগতে মাজুলি আজিও উন্নতিৰ ক্ষেত্ৰত যথেষ্ট পিছ পৰি আছে।
যিয়ে নহওঁক, অসমত বাৰিষা হবই। বাৰিষা অহা মানেই ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো বান আহিবৈ। গতিকে ভাৰত ৰাষ্ট্ৰই অসম চৰকাৰৰ সহযোগত তাৰ প্ৰাবল্য আৰু ভয়াবহতাখিনি ৰোধ কৰিলেই হ’ল। যেতিয়ালৈকে বানপানী বিষয়টো কেৱল ৰাজনৈতিক নিৰ্বাচনী প্ৰচাৰৰ মূল ইচ্যু হৈ থাকিব, যেতিয়ালৈকে নদী সমূহক পৰিকল্পিত আৰু বৈজ্ঞানিক দৃষ্টি ভংগীৰে নিয়ন্ত্ৰিত কৰা নহ’ব তেতিয়ালৈকে আমাৰ মানুহে বানপানীৰ নামত দুৰ্ভোগ ভোগিয়ে থাকিব লাগিব।।
No comments:
Post a Comment