1 গামোচা,
জাতীয় সত্বা আৰু বিতৰ্ক । গামোচা ৰাজনীতি আৰু GST ।
প্ৰথমেই ক’ব বিচাৰিছো, এই লেখাত
গোমোচা খনক সাহিত্যৰ মাজত ডুবাই কাব্যিক ভাষাৰে মৈথুন কৰিব খোজা নাই। আছলতে গামোচা
খন কি? জাতীয় সত্বা হোৱাৰ বাবেই ই বিতৰ্কৰ আবৰ্তত নেকি? গামোচাক লৈ ৰাজনীতি কেনেকৈ? গামোচাত আকৌ GST? আদি বিষয় কেইটাক গুৰুত্ব দিহে এই লেখাটোত আলোচনা কৰা হৈছে।
গোমোচা নামৰ সম্পৰ্কত হেমকোষ-
গা
ধুই পানী টোকা কাপোৰ, এতেকে তামোল বন্ধা বা মূৰত মৰা সৰু কাপোৰ।
গতিকে,
অসমীয়া সমাজত (গা-মচ্) গা- মচা বস্ত্ৰ খনেই গামোচা। আমি বহুতেই গামোচা বুলি ক’লে বগা আৰু ৰঙা সূতাৰে বৈ কাটি উলিওৱা কোপোৰ
খনকে বুজো। উজনি অসম বা মধ্য অসমত এই গামোচাৰ প্ৰচলন অধিক। কিন্তু নামনি অসমৰ কিছু
ঠাইত যেনে গোৰেশ্বৰ, শুৱালকুছি আদিত সেউজীয়া আৰু বগা সূতাৰ গামোচাৰ প্ৰচলন দেখা
যায়। অৱশ্যে তেওঁলোকে এই কাপোৰ খনক “মোকচা” বুলি কয়। বাৰেৰহনীয়া অসমত গামোচা ভিন্ন ৰঙেৰে ভিন্ন নামৰ আছে।বড়ো,
মিচিং, কাৰ্বি, ৰাভা,
দেউৰী আদি প্ৰত্যেক জনজাতিৰ নিজস্ব বৈশিষ্টৰে গামোচাৰ নিজা নিজা নাম
আছে। মূলতে সমগ্ৰ অসমীয়া জাতিক প্ৰতিনিধিত্ব কৰা গামোচা খনক বিভিন্ন ভাগেৰে
নামাকৰণ কৰিছে। কিছু সংখ্যকে-
১। বিহুৱান
৩। তিয়নী গামোচা
৫। আনকাটা গামোচা
|
২। উকা গামোচা (ফুল নথকা)
৪। গোসাঁই থাপনাৰ গামোচা
৬। দৰা বৰণৰ গামোচা।
|
||
কিছু সংখ্যকে
|
১। পানী গামোচা (দেহৰ পানী টোকা সৰু কাপোৰ, হে.কো.
|
||
|
২। তামোল গামোচা (তামোল পাণ
বান্ধিবৰ বাবে ঠেক দীঘল কাপোৰ,
হে.কো.
|
||
|
![]() |
||
কিছু সংখ্যকে
|
১। ফুলাম গামোচা ২। শুচি গামোচা
|
||
৩। সাধাৰণ ঘৰত পিন্ধা গামোচা ৪। আনকাটা গোমোচা
|
|||
কিছু সংখ্যকে
|
১। কৰাই সূতাৰে বোৱা গামোচা ২। ধলাই সূতাৰে বোৱা গামোচা
|
||
৩। আনকাটা গামোচা( তিনি হাত দীঘল, দুহাত বহল আৰু দুই
মূৰৰ সূতাবোৰ দীঘল কৈ ৰাখি গুঠি দিয়ে।
|
|||
দেখা
গ’ল যে গামোচাৰ কেইবাটাও
ভাগ আছে। কিন্তু লক্ষ্য কৰিলে গম পোৱা যায়, ভিন্ন ভাগ কৰিলেও
কিন্তু ইটোৰ লগত সিটোৰ অৰ্থ একে।
যিয়ে নহওঁক, গামোচাৰ অবিহনে অসমীয়া
জাতি, অসমীয়া সমাজ জীৱন পূৰ্ণ নহয়। গামোচা বাহিৰৰ আমদানিকিত
কাপোৰ নহয়।(কিন্তু চৰকাৰৰ অৱহেলাৰ বাবেই কলিকটাৰ গামোচাই অসমীয়াৰ বজাৰত বিয়োগাত্মক
প্ৰভাৱ পেলাইছ)।গামোচাৰ ইতিহাস বিশেষ তেনেকৈ লিপিবদ্ধ ৰূপত নাই। গামোচাৰ ইতিহাস
বহুতে পুৰণি নহয় বুলি কয় যদিও অসম বুৰঞ্জীত ড. লীলা গগৈৰ মতে আহোম সাম্ৰাজ্যৰ
পৰায়ে গামোচাৰ প্ৰচলন হৈছে। অসমীয়া জাতিৰ আয়ুস ৰেখা এই গামোচা খন প্ৰথম, ৰজা ভগদত্তৰ
দিনৰ পৰায়ে আজি পৰ্যন্ত ব্যৱহিত হৈ আছে।বিহু, বিবাহ, সবাহ,
সভা-সমিতি আদি বিভিন্ন মৰ্যদা পূৰ্ণ সামাজিক কামত ব্যৱহৃত এই গামোচা
খন আমাৰ অস্তিত্ব। অসমীয়া মানুহৰ চেতনাত গামোচাৰ গুৰুত্ব অপৰিসীম।বিহু অসমীয়াৰ
আয়ুস ৰেখা। কিন্তু এই গামোচাৰ অবিহনে বিহুৰ অস্তিত্ব তেনেই ক্ষীণ। অসমীয়াৰ আৱেগ
বিহ্বল গামোচা খন যদিও বিহুৱান বা অন্য কামত ব্যৱহাৰ হৈ আহিছিল, কিন্তু সন্মান
সূচক বিচাবে যচাৰ নিয়ম অসম আন্দোলনৰ সময়ত দুলাল শৰ্মাই বুকুৰ তেজেৰে “তেজ দিলেও তেল নিদিও” বুলি ৰাজ পথত লিখাৰ সময়ৰ
বুলিহে কিছুমান লেখা-মেলাত পঢ়িবলৈ পাওঁ।
যেতিয়া কোনো এজনে গামোচা খন ডিঙিত আঁৰি বহি
ৰাজ্য বা বহি দেশত অসমক প্ৰতিনিধিত্ব কৰে, তেতিয়া অসমীয়াৰ আৱেগ উঠলি
উঠে। শেহতীয়াকৈ হিমা দাস, সৌ সিদিনাৰ পৰাগ ৰিয়ান ইয়াৰ গৰম
উদাহৰণ।
অসমীয়াৰ গামোচা কেন্দ্ৰিক আৱেগ অতি প্ৰখৰ। বহি
ৰাজ্য বা বিদেশী মানুহে ডিঙিত গামোচা খন আঁৰি লোৱা দেখিলে অসমীয়াৰ জাতীয় সত্বাৰ
গৌৰৱ উত্ফুল্লিত হৈ পৰে। কিন্তু সিমানেই আকৌ এই জাতীয় সত্বাৰ ওপৰত কোনোৱে অনৰ্থক
আক্ৰমন বা অসন্মান কৰিলে অসমীয়াৰ তেজ দুগুণ উত্তেজিত হৈ পৰে।
2
শেহতীয়াকৈ ৰাষ্ট্ৰ খনৰ প্ৰধান মন্ত্ৰী জনে
ডিঙিত গামোচা খন প্ৰায় সময়তে লৈ ফুৰে বুলি গৌৰৱ কৰি থকাৰ সময়তেই সিদিনা তেওঁ অক্ষয়
কুমাৰৰ লগত হোৱা সাক্ষাত্কাৰত গামোচা খন অসমৰ গৌৰব বুলি কৈ যোগৰ সময়ত ভৰি
মোহাৰিবলৈহে গোমোচা খন লৈ ফুৰা বুলি কোৱা কথাটোৱে যেন বুকুৰ কোনোবা খিনিত বহুতৰে
খুচি গৈছে।যিহেতু এজন প্ৰধান মন্ত্ৰী হৈ সেই দেশৰে এখন ৰাজ্যৰ জাতীয় সত্বাৰ
প্ৰতীকক কৰা এনেকুৱা ব্যৱহাৰ আকৌ তাকে এই দৰে ৰাজহোৱাকৈ প্ৰকাশ কৰাতো যেন বহুতেই
সহ্য কৰিবলৈ টান পাইছে।কিন্তু বহুতেই এইটো কোনো ডাঙৰ কথা নহয় বুলিও কৈছে। কিয়নো
তেওঁ লোকেও গামোচা খনক এই ব্যৱহাৰ কৰে।কিন্তু যি সকলে আধ্যাত্মিক ভাবেই হওঁক বা
জাতীয় সত্বাৰ প্ৰতি সন্মান জনাই হওঁক গামোচা খনক ভৰি মচা, পিন্ধা কামত ব্যৱহাৰ নকৰে
বা দেহ মচে যদিও কেৱল ককালৰ পৰা ওপৰৰ অংশহে মোহাৰে তেওঁ লোকৰ কিন্তু গাত লাগিছে।এই
ক্ষেত্ৰত বেলেগৰ কথা কবলৈ নাযাও, সৰুৰ পৰা ডাঙৰ হোৱা পৰিবেশটোৰ কথাকে যদি কওঁ, তেতিয়া
আধ্যাত্মিকতাৰ ভাবেৰে গামোচা খনক সত্ৰীয়া পৰিবেশত গা-মচা কাপোৰ কাৰণেই গামোচা যদিও
এনে ব্যৱহাৰ সাধাৰণতে নকৰে।য’ত ইয়াৰ মাজেৰেই জাতীয় সত্বাৰো সন্মান জড়িত
হৈ থাকে।
মই তেতিয়া অলপ সৰু আছিলো। কোনোবা এখন আলোচনীত
গামোচাৰ ওপৰত এটা লেখা পঢ়া মোৰ মনত আছে।কিন্তু লেখাটোৰ দুটামান শাৰী হে মোৰ মনত
আছে।লেখাটো এটা বিতৰ্কত সোমাই পৰিছিল। কিয়নো এজন বড়ো মানুহে (নামটো
পাহৰিলো) “আৰনাই”
খনত কৈ গামোচা খনৰ মান তলত বুলি কৈছে। কিয়নো যাৰ নামেই গা-মোচা। সেই খনকে পিন্ধেও,
গা-ও মোচে, আৰু আনক সন্মানো জনাই। কিন্তু আৰনাই খন আনক
সন্মান বা মৰমেৰে যচাৰ বাহিৰে অন্য কামত ব্যৱহাৰ নকৰে বুলি কৈছিল। তেওঁ গামোচা খনক
সন্মান কৰে, কিন্তু এই বিতৰ্ক হৈছিল গামোচাৰ নাম আৰু কামৰ ওপৰত। তেওঁ মুঠেই
সন্তুষ্ট নহয় এই কথাটোৰ ওপৰত।
ইয়াৰ উপৰি কিছুমান ধৰ্মীয় অনুষ্ঠান যেনে ভাগৱত
ভ্ৰমন বা তেনে কোনো অনুষ্ঠানত গামোচা খন মজিয়াত পাৰি তাৰ উপৰেদি ভকত-বৈষ্ণব সকলক
পাৰ হৈ যাবলৈ দিয়া কাৰ্যক লৈও Social media ত উগ্ৰ জাতীয়তা বাদ বা উগ্ৰ ধৰ্মীয় মন্তব্যৰে বিভিন্ন সময়ত সাংঘাতিক ধৰণৰ
লেতেৰা বিতৰ্ক হোৱা দেখা গৈছে।
ইয়াৰ উপৰি আন এটা
বিষয় হৈছে মুছলমান সকলৰ বহুতে গামোচাখন মজিয়াত পাৰি তাৰ ওপৰত উঠি নামাজ পঢ়ে। Social media ত এনেবোৰ
ফটোও বহু সময়ত প্ৰচাৰ হোৱা দেখা যায়। যাৰ ফলত এই বিষয়টোও অতি নিকৃষ্ট
সাম্প্ৰদায়িকতাৰ মন্তব্যৰে বিতৰ্ক হোৱা পৰিলক্ষিত হৈছে।
অৱশ্যে এই বিষয় দুটাৰ
ওপৰত বহুতে মন্তব্য কৰে যে- দুয়োখন সমাজতে গামোচা খনক পবিত্ৰ জ্ঞান কৰা হয়।সেই
বাবেই দবা,শংখ,কাঁহ,খোল,তাল,আয়তীৰ উৰুলিৰে মোখৰিত হৰিনামৰ ধ্বনীত আধ্যাত্মিকতাৰে
শিহৰিত হোৱা আত্মাত ভক্তি ভাব গদ্-গদ্ হৈ কোনো লোককে যদু, মধু, ৰহিম আদি জ্ঞান
নকৰি হৰি বিশ্বাসী মানুহে স্বয়ং ঈশ্বৰৰ দৰ্শণ বুলি সেই ভকত-বৈষ্ণব সকলৰ পদৰ ধূলা
শিৰত লবলৈকে আধ্যাত্মিক শ্ৰদ্ধা ভক্তিৰে এনে কাম কৰে। লোকবিশ্বাস যে-সেই পদ ধূলা
ঘৰৰ কোনো পবিত্ৰ স্থানত আনি ৰাখিলে ঘৰখনৰ কোশল-মংগল হয়। ঠিক সেই দৰে ইখন সমাজতো
গামোচা খনক পবিত্ৰ জ্ঞান কৰিয়ে স্বয়ং আল্লা দৰ্শনৰ বাবে নামাজো পবিত্ৰ কাৰণেই পঢ়িবৰ
বাবে ভক্তিৰে গামোচাখনক এইদৰে ব্যৱহাৰ কৰে। কিন্তু এটা কথা লক্ষ্য কৰিব লাগিব যে, যি
খন বস্ত্ৰ সেই একেটা অনুস্থানতে মণিকূটৰ সিংহাসনত দিয়া আছে, মহান ধৰ্মীয় শাস্ত্ৰ
সমূহ যি খন বস্ত্ৰৰে মেৰিয়াই ৰাখিছে, যি খন তিনি বস্ত্ৰৰে এখন পবিত্ৰ বস্ত্ৰ বুলি
জ্ঞান কৰি ডিঙিত লৈ সেই একে খন বস্ত্ৰকে গচকা বা গচকিবলৈ পাৰি দিয়াটো যেন আচাৰ আছে
বিচাৰ নোহোৱাৰ দৰে কথা। ইফালে ইখন সমাজতো এখন পবিত্ৰ কাপোৰ বুলি জ্ঞান কৰাৰ পিছতো
বা জাতীয় সত্বা হোৱাৰ পিছতো গচকিবলৈ কুণ্ঠাবোধ নকৰাতো জ্ঞানহীন মানুহৰ দৰে।
এতিয়া কথা হ’ল, গামোচা খনক
যিমানেই ভাগ নকৰক কিয়,যাৰ নামেই গা-মোচা। বিহুৱান খনৰ বাহিৰে গামোচাৰ প্ৰতিটো
ভাগতে (ওপৰত উল্লেখ কৰা ভাগ
সমূহ) এই গা-মোচা বা দেহ
মোচা শব্দটো “গামোচা” হৈ বহিছে। এখন সভাত
যেতিয়া কোনো ব্যক্তিক সন্মান জনোৱা হয়, তেতিয়া গামোচাৰেই এটা ভাগ ‘এখন ফুলাম গামোচা’ বুলিয়ে কোৱা হয়। অৰ্থাত তেখতক এখন দেহ মোচা ফুলাম কাপোৰকেই দিয়া হৈছে।
থাপনাত দিয়া কাপোৰ খনকো শুচি ‘গামোচা’ বা গোসাঁই থাপনাত দিয়া ‘গামোচা’ বুলিয়ে কয়। যদিও সেই কাপোৰ খনত ৰাম নাম বা হৰিৰ নাম লিখা থাকে তথাপিও
কিন্তু নামৰ ফালৰ পৰা দেহ মোচা কাপোৰেই। সেই ফালৰ পৰা ছাবলৈ গ’লে গামোচাৰ ওপৰত আজিলৈকে যিমানবোৰ বিতৰ্ক হৈছে সেয়া অনৰ্থক। কিয়নো গামোচা
খনক ইতিমধ্যেই বিভিন্ন দিশত মৰ্যাদা পূৰ্ণ কামৰ পৰা একেবাৰে ভৰি মোচা কামলৈকে ব্যৱহাৰ
কৰা হৈ গৈছে। ইয়াৰ পৰা এটা কথা ষ্পষ্ট যে পানীয়ে যেনেকৈ যিকিনো পাত্ৰৰে আকাৰ লয়
সেই দৰেই গামোচা খনকো যিকোনো কামতে ব্যৱহাৰ কৰিব পাৰি। সেয়ে বড়ো মানুহ জনে
গামোচাক সন্মান কৰে কাৰণেই ইয়াৰ নাম আৰু ব্যৱহাৰৰ ওপৰত তেওঁৰ যথেষ্ট আপত্তি আছিল।
তত্সত্বেও কিন্তু
গামোচা খন কেৱল দেহ মোচা কাপোৰেই হৈ থকা নাই। এই কাপোৰ খন অসমীয়া জাতিৰ গৌৰৱ
উজ্জ্বল আৱেগ হৈ তেজলৈ ৰূপান্তৰ হ’ল। সেই বাবেই আজি কোনোবাই গামোচাক আঘাত কৰিলে কোনো অসমীয়াৰ তেজ শান্ত হৈ
নাথাকে।
3
গামোচাক লৈ কৰা ৰাজনীতিও লক্ষনীয়। কংগ্ৰেছ দলৰ
নেতা ৰাহুল গান্ধী আৰু তৰুণ গগৈ বৰপেতা সত্ৰলৈ যাওঁতে বিৰোধী পক্ষৰ লোকে ভালে খিনি
হৈ-চৈ কৰিছিল। কিয়নো নেতা দুজনে সত্ৰলৈ ডিঙিত সেউজীয়া আৰু বগা সূতাৰে ঘৰ ঘৰকৈ
বোৱা এখন কাপোৰ লৈ প্ৰবেশ কৰিছিল। সেয়ে তেওঁলোকে মিঞাৰ লুঙী ডিঙিত লৈ সত্ৰত প্ৰবেশ
কৰাক লৈ অতি সাম্প্ৰদায়িক বিতৰ্কত লিপ্ত হৈছিল। কিন্তু সেই বিষয়টোক লৈ ৰাজনীতি
কৰিবলৈ গৈ তেওঁলোকে নিজৰ ঠেক মানসিকতাৰ পৰিচয় হে দিলে। কিয়নো সেই কাপোৰ খন আছিল ওপৰত উল্লেখ কৰা “মোকচা” অৰ্থাত গামোচাই। এটা কথা লক্ষ্য কৰিব লগা যে, ৰাজনৈতিক নেতা বোৰে এখন
ৰাজ্যৰ জাতীয় অস্তিত্ব বোৰক লৈ ৰাজনীতি কৰা সততে দেখা যায়। কিয়নো, এটা জাতিৰ আৱেগ শিহৰিত এই সত্বা বোৰক
লৈ ৰাজনীতি কৰিলে প্ৰত্যেকটো ৰাজনৈতিক দলৰ বদমাচ নেতা বোৰ অতি সহজেই সফল হয়।
পৰিতাপৰ বিষয় এয়ে যে, জাতীয়তা বাদক কেন্দ্ৰ কৰি তাকেই মূল বিষয় হিচাবে লৈ সংকীৰ্ণ মানসিকতাৰ
নেতা বোৰে নিকৃষ্ট ৰাজনীতি কৰিয়ে আজি বৃহত্তৰ অসমীয়া ধাৰণাটোকে থান-বান কৰি
পেলাইছে।
কিন্তু কেৱল ক্ষমতাৰ স্বাৰ্থত পাগল হৈ নেতা
বোৰে ডিঙিত গামোচা লৈ বা হাতেৰে গামোচা জোকাৰি অসমীয়া মানুহক আৱেগিক কৰি ৰাজনীতি
কৰাৰ বাহিৰে বা চৰকাৰী ব্যৱস্থাতোৱে আজিলৈকে অসমতেই গামোচাৰ এখন সুস্থ বজাৰ দিব
নোৱাৰিলে।যাৰ ফলত থলুৱা শিপিনী সকল আজি বঞ্চিত।যাৰ ফলত কষ্টৰ ধনেৰে নিজা ববীয়াকৈ
গামোচা বৈ কাটি বজাৰত উলিয়াই যদিও গ্ৰাহকৰ চকু কলিকটাৰ কম মূল্যৰ গামোচা বোৰৰ
ওপৰত।যদিহে এই শিপিনী সকলক বা যি বোৰ গোটে গামোচা প্ৰস্তুত কৰে তেওঁ লোকক চৰকাৰী
সা-সুবিধা বা ৰেহাই মূল্যত উন্নত মানৰ কাপোৰ বোৱা যন্ত্ৰৰ যোগান ধৰে তেতিয়া এই
গামোচা বোৰো বজাৰত কম মূল্যত পোৱা যাব । অৱশেষত চৰকাৰৰ হাতত শিপিনী সকলক সকাহ আৰু
অসমত এখন গামোচাৰ বজাৰ দিয়াৰ সুবিধা সেইটোহে আছে গৈ।কিয়নো, দেশত
এতিয়া বলবত্ হল GST. GST অহা মানে ৰাজ্য
চৰকাৰে এতিয়া কলিকটাৰ গামোচাৰ ওপৰত অধিক কৰ আৰোপ কৰি সেই গামোচা সমুহ অসমৰ বজাৰলৈ
অনাত কোনো বাধা দিব নোৱাৰিব। অথবা সেই গামোচা সমূহ অসমৰ বজাৰত বিক্ৰী কৰাত বাধা
দিয়াৰ কোনো আইনগত ব্যৱস্থাও এতিয়া ৰাজ্য চৰকাৰৰ ওচৰত নাই। গতিকে লাভ লোকচানৰ অংকৰে
থলুৱা গামোচাৰ বিপৰীতে সেই গামোচাখিনিৰ ওচৰতহে গ্ৰাহকৰ ভিৰ বাঢ়িব। গতিকে কোনো
চৰকাৰৰ নেতাৰ ডিঙিত হাতত গামোচা দেখি আৱেগ বিহ্বল হোৱাতকৈ থলুৱা সামগ্ৰী বোৰ জীয়াই
ৰাখিবলৈ বা ভবিষ্যত ধ্বংস নকৰিবলৈহে আমি দাবী কৰাহে উচিত ।
Ph/Email:- mm8471906755@gmail.com
No comments:
Post a Comment