ভৱিষ্যতে বিপদ অনিবাৰ্য্য।
হঠাৎ মৃগাংকৰ জেপত থকা ফোনটো গৰ্জী(vaibration) উঠিল। লাহেকৈ চাই দেখিলে তাক কোনোবাই মেছেজ কৰিছে, "oi 2r vl ne? Xm knekua hl? Moi cn2". লগে লগে এই মূৰৰ পৰা উত্তৰ গ'ল, " mr valei. xm br 3k hua nai. 2r khbor ko" । ৰ'ব, সকলোৱে এই কথাবোৰ নুবুজিব। কিয়নো বৰ্তমান সময়ত যুৱ প্ৰজন্মই ভ্ৰাম্যভাষত আবিষ্কাৰ কৰা নতুন লিপিৰে ই এবিধ নতুন ভাষা ।(এটা হুমুনিয়াহ)।
এটা অভিজ্ঞতা। সিদিনা লক্ষীমপুৰৰ সম্পৰ্কীয় বা এজনীৰ ঘৰলৈ যাওঁতে গুৱাহাটীত থকা ভিনদেউৰ পৰিয়াল এটাকো সিহঁতৰ ঘৰতে লগ পালো। পৰিয়ালটোৰ ৫-৭ বছৰৰ ভিতৰত দুটা ল'ৰা। গুৱাহাটীৰ কোনোবা এখন ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়ে। ল'ৰা দুটাক ইংৰাজী মাধ্যমত পঢ়োৱাইছে, সেয়ে ঘৰৰ মানুহ বোৰে ঘৰুৱা কথাবোৰ যিমান পাৰে ইংৰাজীতে পাতে। যাতে ল'ৰা দুটাৰ ভবিষ্যত ধ্বংস নহয়। মই কোনোবা সময়ত কথা পাতি থাকোতে কথাৰ প্ৰসংগতে ১৪ সংখ্যাটো কৈছিলো। লগে লগে সিহঁত দুটাৰ এটাই অসমীয়া ইংৰাজী মিহলি ভাষাতে মোক সুধিছিল " চৈধ্য মানে Twenty Eight নেকি"? সিহঁতে অসমীয়া যিহেতু নাজানেই সেয়ে ইংৰাজীতে মই ল'ৰা হালৰ লগতে সিহঁতৰ মাক দেউতাককো উদ্দশ্যি কলো, Don't learn English at the cost of your mother tongu. One who knows only English and isn't conversent with his mother tongue is a half learnd, is a half bliend. Proficiency in one's mother tounge facilitates one to write good English. ইংৰাজী শিকিছা বুলি মাতৃভাষাক অৱহেলা নকৰিবা। যিয়ে কেৱল ইংৰাজী জানে মাতৃভাষা নাজানে তেওঁ অৰ্ধ শিক্ষিত, তেওঁ আধা অন্ধ। মাতৃভাষাৰ ওপৰত দখল থাকিলেহে ভাল ইংৰাজি লিখাত সুবিধা হ'ব। ( ভবিষ্যত ধ্বংস)।
চচিয়েল মিডিয়াত ফেচবুকৰ এটা গ্ৰুপ, নাম আমাৰ ঘৰ। এজন সৰু ল'ৰা, বৰ্তমান দেলহী ৰ নিবাসী আৰু দেলহী বিশ্ববিদ্যালয়ৰে মেধা ছাত্ৰ প্ৰিন্স মহন্ত এজন আদৰ্শ যুৱক। যি সেই গ্ৰুপৰ এড্মিন। তেওঁ সকলোকে গ্ৰুপত অসমীয়া লিপি ব্যৱহাৰ কৰি কথা বতৰা পাটিবলৈ কয়। সকলো বয়সৰ মানুহে ভৰি থকা গ্ৰুপটোত এতিয়া জুপি জুপি হ'লেও, এটা শব্দ লিখিবলৈ মিনিটৰ পিছত মিনিট লাগিলেও সকলোৱে অসমীয়া লিপি ব্যৱহাৰ কৰাৰ লগতে সকলো কথাবতৰা কেৱল অসমীয়া ভাষাতে কৰে। গুৰুত্বপূৰ্ণ এয়ে য, প্ৰিন্স মহন্তই অসমীয়া ভাষাৰ 'অ' টো লিখিব জনা পিছৰে কথা কবও নজনা নিপু বৰ্মা নামৰ হিন্দী ভাষীৰ কমৰেড জনক এনেকুৱাকৈ অসমীয়া শিকালে যে তেওঁ এতিয়া কেৱল ক'ব পৰাই নহয় শুদ্ধ অসমীয়া লিখিবও পৰা হ'ল। ( সম্ভাৱনা)।
( প্ৰশ্ন: মাতৃভাষাক অৱজ্ঞা কৰিলে জাতিৰ বিপদ অনিৰ্বায। কিন্তু আইৰ বুকুত যি অঘৈয়া হুল সোমাইছে জাতিয়ে পাৰিবনে উলিয়াব? )
এতিয়া আহিছো মূল কথালৈ, মাতৃভাষাৰ সৈতে মানুহৰ প্ৰানৰ সম্বন্ধ। মাতৃভাষা হৈছে সন্তানৰ নিজস্ব ভাষা, ই হৈছে বুকুৰ ভাষা। সাধাৰণতে মাতৃৰ মুখৰ পৰা শিকা ভাষাটোকে মাতৃ ভাষা বুলি কোৱা হয়। মাতৃভাষাক কেন্দ্ৰ কৰি শিশুৰ জীৱন গঢ়ি উঠে। ভাব নহ'লে ভাষা নোলায় আৰু ভাষা নহ'লে ভাব প্ৰকাশ কৰিব নোৱাৰি। মাতৃভাষাৰ শিক্ষা যিমানেই গাঢ় হ'ব সিমানেই সন্তানৰ চিন্তাৰাজি স্পষ্ট আৰু যুক্তিযুক্ত হ'ব।
সত্যেন্দ্ৰ নাথ শৰ্মাৰ মতে" ভাষা বৃক্ষৰ সাহিত্য সৌৰভময় পুষ্প স্বৰূপ"। এই বিশ্ব ব্ৰহ্মাণ্ড খনত অজস্ৰ ভাষা আছে। কিন্তু এই ভাষাবোৰৰ ভিতৰত মাতৃভাষাৰ স্থান সদায় উচ্ছ। যদিহে নিজৰ ভাষা সংস্কৃতি আমি আমাৰ মাজত গদ্ গদ্ কৈ প্ৰতিষ্ঠা কৰি আনৰ এটা শিকোঁ বা পৃথিৱীৰ যিমান ভাষা সংস্কৃতি আছে সেই সকলোবোৰ শিকোঁ তেতিয়া তাত কাৰো একো ক'ব লগা নাথাকিব। কিন্তু নিজৰ ভাষা সংস্কৃতিৰ বিষয়ে নজনাকৈয়ে বা নিজৰ খিনিক তুচ্ছ জ্ঞান কৰি আনৰ খিনি গ্ৰহণ কৰি নিজৰ ফালে পিঠি দিওঁ তেতিয়া নিজৰ লগতে জাতি তথা দেশ আৰু মাটিৰ অস্তীত্বক জীয়াই ৰখাটো যথেষ্ট কঠিন হৈ পৰিব।
বৰ্তমান দেখা গৈছে, সমগ্ৰ বিশ্বকে ইংৰাজী ভাষা সাহিত্যই চানি ধৰিছে। ই কোনো বেয়া কথা নহয়। ভাল খবৰ এয়ে যে, আমাৰ ৰাষ্ট্ৰত "ইণ্ডিয়ান ইংলিছ" বুলি স্বতন্ত্ৰ ইংৰাজীৰ ভাষা শৈলী এটা গঢ়ি উঠিছে। গতিকে আমিও ইংৰাজী জানিবই লাগিব। কেৱল বিশ্ব ঘুৰিবলৈকে নহয়, বিশ্বক জানিবলৈও এটা নিৰ্দিষ্ট ভাষাৰ প্ৰয়োজন। বৰ্তমান সেই ভাষাৰ ঠাই দখল কৰিছে ইংৰাজীয়ে। সেয়ে আমি যেনেকৈ মাতৃভাষাক জানো তেনেকৈয়ে ৰাষ্ট্ৰ ভাষাৰ লগতে ইংৰাজী ভাষা জনাটো কেৱল কৰ্তব্যই নহয় ই দায়িত্বও। কিন্তু সেইবুলিয়ে মোৰ জাতিৰ অস্তীত্বৰ ধাৰক আৰু বাহক চিৰ আপোন ভাষাটোক তুচ্ছ জ্ঞান কৰিব নালাগে। আন দেশৰ ভাষা সংস্কৃতিত কৈ মোৰ ভাষা সংস্কৃতিহে সবতকৈ ওপৰত বুলি ভাবি আন দেশেহে যাতে আমাক তেওঁলোকৰ লগত তুলনা কৰিব বিচাৰে, তেওঁলোকেহে যেন আমাৰ নিচিনা হ'বলৈ চেষ্টা কৰে আমি সেইখিনিৰ ওচৰ পাবলৈহে যত্ন কৰা উচিত। আমি মাতৃভাষাতে এনেকুৱা কিছুমান মহত্ আৰু অমূল্য সম্পদৰ সৃষ্টি কৰিব লাগে যিবোৰ অন্য ৰাজ্য বা বৰ্হি দেশে তেওঁলোকৰ ভাষাত অনুবাদ কৰি আমাৰ জ্ঞানৰ মৌ ৰ পান কৰিবলৈ তত্ হেৰুৱাই পেলাই। মাতৃভাষাৰ মূল্য কোনো কালেই সুজিব নোৱাৰি। ইয়াৰ মূল্য কিমান ক'বলৈ হ'লে সংখ্যাৰ অভাৱ হ'ব। তেনেস্থলত মোৰ মাৰ ভাষাক আউকান কৰি কেৱল আনৰবোৰ শিকি অনুকৰন কৰি নিজক উচ্ছ খাপৰ ব্যক্তি হিচাপে যদি গঢ়িবলৈ যাওঁ তেতিয়া নিজেইটো উচ্ছখাপলৈ যোৱাৰ কোনো পথ বিচাৰি নাপামেই আনকি জাতিটোকো ধ্বংস কৰি থৈহে যাম।
জাতিৰ অস্তীত্বৰ স্বাৰ্থত সাম্প্ৰতিক অনাঅসমীয়া কথাটো অতি ভয়ংকৰ। কিন্তু তাতোতকৈও ভয়ংকৰ হৈছে আমি জাতিৰ খাতি ভবিষ্যত হৈও জানি শুনিও নিজেই নিজৰ আচাৰ-আচৰন, ব্যৱহাৰ, ভাষা-সংস্কৃতি, কথা বতৰা আদিৰ মাজেৰে বিভিন্ন সময়ত ভাষা তথা জাতি ধ্বংসৰ যি বিপদ চপায় আনিছো সেইফালৰ পৰা "ইয়াত এটা অসমীয়া জাতি আছিল" বুলি সৌ শৰাইঘাট দলঙৰ সন্মুখত এখন ডাঙৰ ফলকত কোনো বিদেশী ভাষাৰ দ্বাৰা লিখা ফলক আঁৰিবলৈব বেচি সময় নাই।
মাতৃভাষা আছলতে কি ? ইয়াক পুনৰ দোহাৰিব বিচাৰিছো। নৃতত্ত্ববিদ সকলৰ একাংশই সংস্কৃতিক দুটা ভাগত ভাগ কৰিছে। প্ৰথমে বস্তু সংস্কৃতি আৰু দ্বিতীয়তে মানসিক সংস্কৃতি। এই মানসিক সংস্কৃতিৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ সংস্কৃতি হৈছে 'ভাষা'। কিয়নো কোনো এটা জাতিৰ মাতৃভাষাই হৈছে সেই জাতিটোৰ সভ্যতা-সংস্কৃতিৰ প্ৰতীক তথা দাপোন স্বৰূপ। যি সাহিত্যৰ দ্বাৰা এটা জাতিৰ আশা আকাংক্ষা, আনন্দ বেদনা, ভাৱ কল্পনা প্ৰকাশৰ সুবিধা পায়, যি সাহিত্যৰ যোগেদি জাতিৰ মানসিক বিকাশ, সৌন্দৰ্যবোধৰ ধাৰা লক্ষ্য কৰিব পাৰি আৰু অতীত বৰ্তমানৰ পৰিচয় আৰু ভবিষ্যত জীৱনৰ সম্ভাৱনাৰ ইংগিত পোৱা যায়, তদুপৰি যিয়ে জাতিৰ শিক্ষা দীক্ষা, কলা সংস্কৃতি আৰু সমাজৰ প্ৰকৃত পৰিচয় লাভ কৰিবলৈ সুবিধা কৰি দিয়ে, যাৰ যোগেদি শিশুৰ মানসিক আৰু বৌদ্ধিক বিকাশ সাধন কৰিব পাৰি সেয়ে হ'ল মাতৃভাষা। সমগ্ৰ মানৱ জীৱনতে মাতৃভাষাই এক সুকীয়া স্থান দখল কৰি আছে। মাতৃ ভাষা হ'ল এটা জাতিৰ জাতীয়বোধৰ পৰিচায়ক। মাতৃভাষাৰ গুৰুত্ব কি সেই সম্পৰ্কে নিৰ্দিষ্টকৈ কৈ শেষ কৰিব নোৱাৰি। তেনেস্থলত আজি আমাৰ মাতৃভাষাই দুদুল্যমান অৱস্থাত হাবোদাবো খাব লগা হৈছে কিয়? ইয়াৰ বাবে জগৰীয়া কোন?
বিংশ শতিকা অতিক্ৰম কৰি একবিংশ শতিকাত পদাৰ্পন কৰা অসমীয়া জাতিৰ বৰ্তমান আৰু ভৱিষ্যত সাম্প্ৰতিক বিপদাপন্ন। ড. ভূপেন হাজৰিকাই কোৱাৰ দৰেই আজিৰ অসমীয়া জাতিয়ে বীৰ জাতি আছিলো বুলি অতীতৰ গৌৰৱ বুকুত বান্ধি ভাগ্যক ধিয়াই বহি থাকিলে সময়ে ধিক্কাৰ দিবই। জীৱ শ্ৰেষ্ঠ মানব জীৱনৰ অধিকাৰী হৈয়ো আজি অসমীয়া জাতিটোৱে নিজস্ব সকলোখিনি হেৰুৱাই কিছুমান অপ্ৰয়োজনীয় অত্যাধুনিক মানসিকতাক আকোৱালি লৈ জীয়াই থাকিব লগা হৈছে এক চৰম সংকট পূৰ্ণ অৱস্থাত। কিন্তু কিয়?
মাতৃভাষাক অৱজ্ঞা কৰা মানেই জাতিটোকে অপমান কৰা নহয় জানো? অৱশ্যে ইয়াৰ বাবে আমি সকলোৱে জগৰীয়া। কিয়নো যি ভাষাৰ কাৰণে বৰ অসমক ভাঙি থান-বান কৰিলোঁ, সাত বাই ভনীক ত্যাগ কৰিলোঁ, কত জনে ভাষা আন্দোলনৰ বাবে জীৱন দান দিলে, কতজন চিৰ দিনৰ বাবে ঘুণীয়া হ'ল সেই ভাষাকো আমি আজি নিজ মাতৃয়ে নৈৰ কোবাল সোঁতত পুত্ৰ কৰ্ণক এৰি দিয়াৰ দৰেই আমিও আজি মাতৃভাষাক শ্মসান যাত্ৰাত সপি দিব খুজিছোঁ। সম্প্ৰতি আমাৰ জাতীয় চৰিত্ৰত ঘূণে ধৰিছে। আমাৰ মাজত সমন্বয় ক্ৰমাত হেৰাই গৈছে। কোনো অন্ধকূপৰ মকৰাৰ জালত ওলমি থকা কিছুমান সমাজ ব্যৱস্থাক গোড়ামীৰে আকোৱালি ধৰি থকাৰ ফলত এটা মহা জাতিক থান বান কৰি বিভিন্ন শ্ৰেণী গোষ্ঠী, অজনজাতি জনজাতি আদিৰ মাজত পাৰস্পৰিক বিশ্বাস, সন্মান, বুজা বুজি ভ্ৰাতৃত্ব বোধ আদিৰ অভাৱ হোৱাত তেওঁলোক হীনমান্যতাত ভোগি 'নিজস্বতা' বিচাৰি অঘোষিত আক্ৰমনেৰে বিলুপ্ত কৰিব বিচাৰিছে জাতিটোৰ অন্তৰ্নিহিত মূল চালিকা শক্তি মাতৃভাষাক। য'ত মাতৃভাষাৰ অৱস্থাই থৰক বৰক তাত জাতিৰ অস্তীত্ব ক'ত?
তদুপৰি অসমত যে ভাল কিতাপ প্ৰকাশ পোৱা নাই এনে নহয়। অসমত যে ভাল কিতাপৰ সংখ্যা কম সেয়াও নহয়। কিয়নো যিমান খিনি ভাল কিতাপ আছে সেইখিনি পঢ়িব জোখাৰেও পাঠকৰ সংখ্যাহে তেনেই তাকৰ। আচলতে পাঠক সেইখিনিহে, যি জনে কিবা এটা লেখাৰ চেষ্টা কৰিছে বা কোনোবা মঞ্চত এটা ভাষণ দিবলৈ আখৰা কৰি আছে। আজিৰ দিনত ৫০ শতাংশও যদি পাঠক থাকা হ'লে তেতিয়াও মাতৃভাষাৰ এই অৱস্থা নহ'ল হেঁতেন।
দেশ তথা জনসাধাৰণ ইমানেই উন্নতিৰ জখলাৰে আগুৱাই গৈছে যে, ভাবিলে দোষ লগাটো পিছৰ কথা আৰু দুদিন মানৰ পিছত আমাৰ ভবিষ্যত কি হ'ব সেয়া ভাবিলেহে সাংঘাটিক ধৰনৰ ভয় লাগে। দেশ স্বাধীন হোৱাৰ পিছত বিভিন্ন আন্দোলনৰ মাজেৰে সৌ সিদিনা অৰ্থাৎ ১৯৬০ চনত চৰকাৰে ৰাজ্যিক ভাষা হিচাপে ঘোষণা কৰা অসমীয়া ভাষাই আজি ২০১৯ ত ভৰি দিওঁতেই মাত্ৰ এই কেইটা বছৰতে মাতৃভাষাৰ অস্তীত্ব মানুহৰ তুলনাত ১০০ বছৰৰ ভিতৰত ৭০ ৰোদ্ধৰ বৃদ্ধ জনৰ দৰে হৈ পৰিল। এনেকৈ হ'লে আৰু ঠিক কেইবছৰ মানৰ পিছত অসমীয়া ভাষা মাত্ৰ কেইজনমানৰ ভিতৰতে কেলঢোপ কেলঢোপ কৈ দিন নিয়াব লাগিব এটা জাতিৰ মৃত্যুৰ ক্ষণ গনি। হায়! এটা জাতি নি:শেষ!(?)
দেখা যায় যে চৰকাৰী ভাষা হিচাপে ঘোষণা হোৱাৰ পিছতো অসমীয়া ভাষা ৰাজ্যিক পৰ্যায়ৰ যিকোনো চৰকাৰী বেচৰকাৰী অফিচ কাছাৰীত ব্যৱহাৰ নহয়। এটা জাতিক প্ৰতিনিধিত্ব কৰা ভাষাটো চৰকাৰী হোৱাৰ পিছতো এই ৰাজ্যখনত প্ৰশাসনিক ক্ষেত্ৰত এই ভাষাৰ কোনো মৰ্যাদা নাই। অসমীয়া ভাষা যেন এতিয়া কেৱল ভাত শাকৰ কথা পাতি মনৰ সাধাৰণ ভৱ প্ৰকাশ কৰাৰহে আহিলা মাত্ৰ। তদুপৰি ভাষাটোৰ সংকট নমাই আনিছে ভূতৰ ওপৰত দানব পৰাদি পৰা অবৈধ কিন্তু চৰকাৰী পক্ষই বৈধ সজায় গোড়ামীৰে ধৰ্মক প্ৰাধান্য দি জাতিক অন্যায় কৰি ভোট বেংক বনাব খোজা বিদেশী তথা অনাঅসমীয়া সকলে।
ক্ৰমান্বয়ে নিজ মন মগজুৰে চিতাৰ কাষলৈ চপাই দিয়া মোৰ ভাষাটোক পুনৰ সোণ জিলিকাদি জিলিকাবলৈ মোৰ পৰাই আৰম্ভ কৰিব লাগিব। ঠেক মানসিকতাৰ পিতৃ মাতৃ সকলে সন্তানৰ মূৰত এটা চূড়ান্ত ভূল ধাৰণা সুমুৱাই দিব নালাগিব যে মাতৃভাষাৰ কোনো গুৰুত্ব নাই। ই সত্য যে, জাতিৰ প্ৰেম থাকিলেহে, মাতৃভাষাক ভাল পালেহে এটা সন্তান এজন মানুহ হ'ব পাৰে। এখন আলোচনীত পঢ়িবলৈ পাইছিলো যে, ভাষা তথা সাহিত্যক জীয়াই ৰখাৰ দায়িত্ব কেৱল সাহিত্যিকৰ। ই সম্পূৰ্ণ ৰূপে এটা পগলামী ধাৰণা। কিয়নো এটা ভাষাই এটা জাতিক প্ৰতিনিধিত্ব কৰে। গতিকে এটা জাতিক কেৱল সাহিত্যিকেই জীয়াই ৰাখিব নোৱাৰে।মানুহে নিজৰ ভাষাটোক ভাল পাই কাৰণে সেই ভাষাত মনৰ ভাৱ যুক্তিৰে প্ৰকাশ কৰি ৰস ৰচনাই হওক বা মূল্যবান কথাই হওক লিখে। এদিন সেই লেখা মেলাৰ বাবেই এজন মানুহ সাহিত্যিকলৈ ৰূপান্তৰ হয় আৰু সেই সাহিত্যই এটা জাতিক সেই জাতিৰ ভাষাটোক আৰু এখোপ উন্নতিৰ জখলালৈ উঠাই দিয়ে। কোনো মানুহ জন্মতেই ভাষা বা জাতি ৰক্ষাৰ কাৰণে সাহিত্যিক হিচাপে জন্ম হৈ নাহে। গতিকে পাগলৰ দৰে কেৱল সাহিত্যিক সকললৈকে সকলো থেলি দি নিজেই যি গা এৰা দিয়া মনোভাৱ সেয়া ত্যাগ কৰক। নিজে একো কৰিব নোৱাৰিলেও অন্তত: সেই সাহিত্যিক সকলক সংগ দিয়ক। কিয়নো মোৰ ভাষাক মোৰ সাহিত্যক মোৰ জাতিক জীয়াই ৰখাৰ দায়িত্ব আৰু কৰ্তব্য আমাৰ সকলোৰে।
শেষত ইয়াকে ক'ম, হে অসমীয়া! নিজ জাতি আৰু ভাষা ৰক্ষাৰ কবচ বাহুত বান্ধি আগবাঢ়ি আহক আৰু আকাশ বতাহ মুখৰিত কৰি কওঁক "আমি হাড়ে হিমজুৱে অসমীয়া। আমাৰ দেহত আছে বীৰ শ্বহীদৰ সঞ্জীৱনী। নিজ জাতি আৰু ভাষাৰ প্ৰতি অশেষ ভাল পোৱা। আমি অসমীয়া চিৰযুগমীয়া, এই খন অসম আমাৰ দেশ"।
মনোজ মহন্ত
৮৪৭১৯০৬৭৫৫
No comments:
Post a Comment