একাকীত্বৰ নিৰ্জন দ্বীপত আৰু কিমান হ'ম নিজে নিজৰ সংগী
ফাগুনে ৰং সানিহে ভাল পায়, কেৱল ৰঙা।
উতনুৱা ফাগুনৰ সেউজীয়া সহ্য নহয়।
এইবাৰ একাকীত্বক সাৱতি ফাগুন যাওঁক গৈ দিয়া...
ব'লা অহা জনমলৈ আমি ব'হাগ হওঁ ..
ব'হাগে নিজকে ন কৈ সাজে...
তুমি প্ৰতিশ্ৰুতি দিয়া ডাৱৰ হোৱাৰ
কথা দিছো মই বৰষুণ হ'ম।
তুমি শিল হ'লে মই নৈ হ'ম।
তুমি ফুল হ'লে মই ফল হ'ম।।
কিন্তু ফাগুনতে যদি তুমি ৰঙা হোৱা
মই জানো সেউজীয়া হ'ব পাৰিম?
কেতিয়াবা নিজৰ কথাবোৰ কাৰোবাক কবলৈ মন যায়..
সেয়ে কৈছোঁ অহা জনমলৈ তুমি শিল হ'লে মই নৈ হ'ম..কথা পাতিম, বহুত কথা।।
No comments:
Post a Comment