Wednesday, June 16, 2021

government microfinance schemes

            সচতেন নাৰী মঞ্চ ৰ কথা যদি ক‌ও তেতিয়া প্ৰশ্ন হয়, তেওঁ লোক কোন খিনিত সচেতন? কোনোবাখিনিত তেওঁলোক সুবিধাবাদী হৈ পৰিছে নেকি? নে ক্ষমতাৰ খকুৱা মানুহ বোৰে তেওঁ লোকক সুবিধাবাদী কৰাই তুলিছে।



#যেতিয়া বিপদ হৈছিল তেতিয়া ইটোৰ পিছত সিটো কেৱাইচি দি এটা ফাইনেন্সক ফাকি দি ইটো ফাইনেন্সৰ পৰা লোন লৈছিল। লোন লোৱাৰ সময়ত ব্যৱসায়ৰ কথা কৈছিল। যদি স্থায়ী ব্যৱসায় নাছিল নতুনকৈ ব্যৱসায় আৰম্ভ কৰাৰ কথা কৈছিল। গেৰেণ্টাৰ জনে স্ব- ইচ্ছাৰে আহি স্বাক্ষৰ দিছিল। যেতিয়া ব্যৱসায়ৰ কথা কৈ ঘৰৰ ইটোৰ পিছত সিটো সম্পত্তি লয় তেতিয়া গ্ৰুপৰ বাকী সদস্য সকলৰ লগতে বেংক বা এম এফ আইৰ কৰ্মী জনে কিবা এটা কোৱাটো স্বাভাৱিক। যিহেতু ফাকি দি লোন লৈছিল। ৮০ শতাংশ মহিলাৰ দুটা ভোটাৰ আইডি। এটা যদি জন্ম হোৱা ঘৰখনৰ নামত আনটো বিয়া হৈ অহা ঘৰখনৰ নামত। তদুপৰি আধাৰ কাৰ্ড আছেই। এইটো ঠিক যে ল‌ওতা জনৰ যদি ইচ্ছা নাথাকে কোনেও কাকো লোনৰ বোজা এটা জাপি দিব নোৱাৰে।

#মই জনাত কাষ্টমাৰে যদি ৫০ হাজাৰ টকা লোন বিচাৰে আৰু প্ৰতিষ্ঠানে যদি ৪০ (40) হাজাৰ টকাহে লোন দিম বুলি কয় তেতিয়া বহু কাষ্টমাৰে কৰ্মী জনক অশ্ৰাব্য গালি দিয়াৰ লগতে বহুত তৰ্ক বিতৰ্ক ত লিপ্ত হয়। শুনা মতে এনেকৈও কয় "ভাল মাইকী দেখিলে ৫০ হাজাৰ বিচাৰিলে ৫০ হাজাৰেই দিলিহেঁতেন" । "যদি ৫০ হাজাৰ নিদিয় নেক্স টাইম ইয়াত কেনেকৈ আহ তাকো চাই ল'ম" আদি বিভিন্ন ধৰনৰ ।

#মই নিজেই দেখিছোঁ যে বন্ধন বেংকৰ এজন কৰ্মীক লোন নিদিয়াৰ বাবেই এজন যুৱকে এখন চাকু আনি গ্ৰুপতে কৰ্মী জনক অতি লেতেৰা গালি দিয়াৰ লগতে হত্যা পৰ্যন্ত কৰিবলৈ লৈছিল। বাকী সদস্য সকলে যুৱক জনক আতৰাই নিনিয়া হ'লে এটা হত্যা কাণ্ড সংঘটিত হ'ল হেতঁন। পিছত জানিব পাৰিলোঁ যে সেই যুৱক জনৰ ঘৰ খন লোনৰ বাবে উপযোগী নাছিল আৰু লোন নিদিয়াৰ বাবেই  কৰ্মী জনক হত্যা কৰিব খুজিছিল।

#কাষ্টমাৰ সকলে NPA কি বস্তু বুজি নাপাওঁ বুলি কৈছে।  কিন্তু মই জনাজাত প্ৰত্যেক জন MFI বা Bank ৰ কৰ্মীয়ে  কাষ্টমাৰসকলক CIBI সম্পৰ্কে কয়। CIBIL গুৰুত্ব কি এই সম্পৰ্কে কয়। CIBIL নষ্ট হ'লে হ'ব লগীয়া অসুবিধা সম্পৰ্কে কয়। প্ৰত্যেক জন কৰ্মীয়েই লোনৰ Interest সম্পৰ্কে কয়। তাৰপিছটো কিন্তু কাষ্টমাৰ সকলে সুবিধা আদায় কৰিবলৈ কিছুমান মিছাৰ আশ্ৰয় লোৱা দেখা গৈছে।

#লোন নিদিলে কৰ্মী সকলৰ লগতে ব্ৰান্সৰ নাম লিখি আত্মহনন কৰিম বুলিও ভাবুকি দিয়ে কিছু সংখ্যক কাষ্টমাৰে। মই জনাত লোন বিচাৰি ৰাতি ১১ বজাটো কিছুমান কাষ্টমাৰে ফোন কৰে। আজি তেওঁলোকে যদি কয় লোন আমাক জাপি দিছে, এয়া আক' কেনেধৰণৰ কথা।

#তেওঁলোক যদি সচেতন আছিল , তেনেস্থলত জানি বুজি ইমানবোৰ লোনৰ বুজা কিয় মূৰত জাপি লৈছিল? 

#অসমীয়া মানুহ সাধাৰণতেই সুবিধাবাদী। কষ্ট কৰি উপাৰ্জন কৰাতকৈ ওপৰতে পোৱা টকাৰ ওপৰত বেছি গুৰুত্ব দিওঁ। যাৰ বাবে স্বাৱলম্বী হোৱাত কৈ ওপৰতে পোৱা টকা বিচাৰি হাহাকাৰ কৰোঁ। যাৰ বাবে উন্নতিত কৈ ধ্বংস বেছি।

#সচেতন মহিলা হিচাপে চৰকাৰক দাবী জনাব লাগিছিল যে, লোন মাফ কৰাতকৈ আমাৰ গ্ৰুপ বোৰত চৰকাৰে এনেকুৱা কিছুমান সুবিধা দিয়ক যাৰ দ্বাৰা আমি এখন বজাৰ দখল কৰিব পাৰোঁ আৰু লোন পৰিশোধ কৰি ঋণ মুক্ত হ'ব পাৰোঁ। 

#এই আন্দোলনক বহুতে কৈছে পুৰুষ তান্ত্ৰিক সমাজ খনক ফালি চিৰি মহিলা আগবাঢ়ি আহিছে। কিন্তু এই আন্দোলন তেনে একো নহয়। এই আন্দোলনে নাৰীক আগবঢ়াই নিয়াত তেনেকৈ একো সহায় কৰিব বুলি ক'ব নোৱাৰি। যিহেতু পুৰুষ তান্ত্ৰিক সমাজৰ বিৰুদ্ধে এই আন্দোলন হোৱাৰ বিপৰীতে সুবিধা আদায়ৰ বাবে কৰা আন্দোলন।

#অৱশ্যে এটা কথা ঠিক। ধুৰন্ধৰ নেতা বোৰে আৰু হয়তো বকৱাছ প্ৰতিশ্ৰুতিৰে ক্ষমতাৰ ভোক গুচাবলৈ চেষ্টা নকৰিব।

#সহজ সৰল মানুহ খিনিৰ লগত অতি নিকৃষ্ট  অতি নৰম ৰাজনীতি কৰি  ভুৱা প্ৰতিশ্ৰুতি দি সেই মানুহ খিনি মানুহকে শোষণ কৰিবলৈ হয়তো আৰু সাহস নকৰিব।

#এই আন্দোলনে ক্ষমতাৰ খকুৱা নেতা বোৰৰ লগতে এম এফ আইবোৰকো এটা ভাল শিক্ষা দিছে। সেই ফালৰ পৰা মহিলা সকলক ধন্যবাদ জনাব পাৰি। 

#লোন মাফৰ অসম্ভৱ  প্ৰতিশ্ৰুতিৰে কাষ্টমাৰসকলৰ CIBIL নষ্ট কৰাৰ অধিকাৰ কাৰো নাছিল। যাৰ ফলত এই প্ৰতিশ্ৰুতিত বন্দী হোৱাৰ বাবেই বহুত লোকৰ CIBIL নষ্ট হ'ল আৰু বহু কাষ্টমাৰ NPA হোৱাৰ বাবেই এতিয়া লোন মাফৰ পৰা বঞ্চিত হ'ল।

#এই সম্পৰ্কত কিন্তু নিউজ চেনেল বোৰৰো ভূমিকা তেনেই শূন্য। এনেকুৱা অসম্ভৱ প্ৰতিশ্ৰুতিৰে যেতিয়া খক পূৰণৰ চেষ্টা চলাইছিল সেই সময়ত অৰ্থনৈতিকবীদৰ জড়িয়তে সহজ সৰল মানুহ খিনিক এই সম্পৰ্কে সচেতন নাইবা এই বিষয়টোৰ ওপৰত গুৰুত্বপূৰ্ণ আলোচনা কৰাটো জৰুৰী আছিল।

#এজন বিত্ত মন্ত্ৰী হৈ ৰাজকোষ ত কিমান টকা জমা আছে জনাৰ পিছতো এনেকুৱা অসম্ভৱ প্ৰতিশ্ৰুতি দিয়া নেতাবোৰে জনা উচিত যে, এনেকৈ লেতেৰা ৰাজনীতি কৰি থগ প্ৰবঞ্ছনা কৰাৰ দিন উকলিল।

#লোন মাফৰ বাবে যোগ্য কাষ্টমাৰ নথকা নহয়। গতিকে তেওঁলোকৰ লোন চৰকাৰে মাফ কৰি দিয়ক। তাত আপত্তি কৰিব লগা কাৰো নাই। কিন্তু প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ গৈ বহু সুবিধাবাদী মানুহক এইখিনি সুবিধা দি বজাৰ , তেল ডিপু, টোল গেট আদিত জুই নলগাই যেন।


No comments: