Saturday, June 12, 2021

Govt. of Assam.. Agriculture Minister Atul Bora

        অসম কৃষি প্ৰধান ৰাজ্য।  কৃষি মন্ত্ৰী হিচাপে  যথেষ্ট দিন হোৱাৰ পিছতো আগৰ চৰকাৰৰ দৰেই এইজনেও এটা দপ্তৰ লৈ খালী ঠাই পূৰণ কৰাৰ বাহিৰে একো উন্নতি কৰা নাই।  ইয়াত মন্ত্ৰীয়ে এইবোৰ নাটক কৰিয়ে সকলো শেষ কৰে..কৃষি মন্ত্ৰী বুলিও যে এজন আছে পাহৰি থকা যায়...





বেয়া নাপাব । আপুনি এজন ব্যৰ্থ মন্ত্ৰী ।‌। 

#  নিবনুৱা সকলক কৃষিৰ প্ৰতি আগ্ৰহী কৰি তুলিব পৰা নাই। কাৰণ ৰাজ্যত বা দেশত দেখি আহিছে প্ৰাপ্যৰ বাবে কৃষকৰ কি অৱস্থা হয়।
# কৃষকক বীজৰ উচিত মূল্য দিয়াব পৰা নাই। কৃষকক এখন উন্নত মানৰ বজাৰ দিয়াত ব্যৰ্থ।
# কৃষিৰ লগত জড়িত বিভাগ বোৰ সক্ৰিয় কৰি তুলিব পৰা নাই। 
# কৃষকক চৰকাৰী সুবিধা দিব পৰা নাই।
# কৃষিৰ জড়িয়তে অসমৰ অৰ্থনৈতিক দিশটো টনকিয়াল কৰিব পৰা যায়। এই ক্ষেত্ৰত আপোনাৰ একো অৰিহনা নাই। 
#  কৃষি নষ্ট হোৱাৰ সময়ত কৃষকে তেনেকুৱা একো সমাধান নাপায়। 
# যথেষ্ট চৰকাৰী ভূমি এনেই থকাৰ পিছতো প্ৰজন্মক কৃষিৰ সৈতে স্বাৱলম্বী কৰি তুলিব পৰাকৈ একোৱেই কৰিব নাজানে।
# কৃষি প্ৰধান ৰাজ্য হোৱাৰ লগতে অসম বানত ককবকাই থকা ৰাজ্য । তেনে স্থলত আপুনি খৰালিও খেতিয়কে খেতি কৰিব পৰাকৈ বিশেষ একো কৰিব পৰা নাই।

বেয়া নাপাব। কেৱল এটা দলৰ পৰা প্ৰতিনিধিত্ব কৰি কৃষি মন্ত্ৰী হিচাপে দপ্তৰ লৈ দৰমহা খোৱাৰ বাহিৰে আপোনাৰ একো ক্ৰেডিট নাই।

No comments: