ঔ আই আচৰিত!
....৮৩০ টক , ৩০০০ টকা, এম এফ আইৰ ১২৪০০ কৌটি টকাৰ লোন মাফ, স্বয়ম (ভোট কিনা আচনি) ৰ ৫০ ০০০ টকা , ইমান বোৰ থকাৰ পিছতো ৰাজ্যৰ বিকাশ ইমান তলত কেনেকৈ হ'ল ৰে...
যদি এখন চৰকাৰে(যিকোনো দলৰ চৰকাৰ) অন্ন, বস্ত্ৰ, বাসস্থান ৰ নামটো ৰাজনীতি কৰে তাতকৈ দুখ লগা কথা থাকিল কি..
৩০ লাখতকৈও অধিক নিবনুৱা থকা ৰাজ্যত যদি সংস্থাপন ৰ ৰাজনীতি এৰি ফ্ৰী কৈ দিয়া চাউল আদিত দেশৰ উন্নতিৰ জয় গান গায় বিকাশৰ সপোন দেখে..অসমত বিকাশ সন্ধান হীন নহৈ হ'ব কি...
য'ত চৰকাৰী কৰ্মচাৰী ৰ দৰমহা কৰ্তন কৰি ৰাজ্যৰ সংকট কালৰ সময় খিনি মোকাবিলা কৰিছে, য'ত এমাহ সম্পূৰ্ণ নোহোৱা চৰকাৰে জনসাধাৰণৰ পৰা সাহাৰ্য বিচাৰি সংকটৰ সময়ত যুজঁ দিছে সেই চৰকাৰে আকৌ যেনিয়ে যায় সেই ফালেই কেৱল টকা দিয়া আচনি ঘোষণা কৰি আহে....কিন্তু এইটো নকয় যে , এইখিনি টকা আপুনি নিজেই উপাৰ্জন কৰিব পৰাকৈ মই সুবিধা কৰি দিম...
No comments:
Post a Comment