এই যে পৃষ্ঠা ভৰাই বিজ্ঞাপনবোৰ দিয়ে...কাক দেখুৱাই দিয়ে? অসম কৃষি প্ৰধান ৰাজ্য হোৱাৰ পিছতো আমাৰ কৃষি মন্ত্ৰীজনৰ কোনো কাণ্ডজ্ঞান নাই। অসমৰ কাৰণে এই দপ্তৰটো কিমান গুৰুত্বপূৰ্ণ এই কথা কিজানি মন্ত্ৰী গৰাকীয়ে নাজানেই। আজি লৈকে এজনো সক্ৰিয় আৰু কৃষি উৎসাহী মানুহ মন্ত্ৰী হিচাবে নাপালোঁ।
য'ত
#কৃষকৰ নিৰাপত্তা নাই।
#উন্নতমানৰ বীজ যোগান ধৰিব পৰা নাই।
#নিবনুৱা সমস্যাৰে ভৰা ৰাজ্যত নিবনুৱা সকলক কৃষিৰ প্ৰতি আগ্ৰহী কৰিব পৰা নাই
#বীজৰ উচিত মূল্য নাই।
#কৃষকক এখন বজাৰ দিব পৰা নাই।
#হাজাৰ হাজাৰ বিঘা মাটিৰ কৃষি পোক বা অন্য বেমাৰত নষ্ট হোৱাৰ পিছতো ইয়াৰ কোনো দায়িত্ব নাই।
#বানাক্ৰান্ত অঞ্চলত বামখেতি কৰিবলৈ কোনো সুবিধা নাই।
তেনেস্থলত এই বিজ্ঞাপন বোৰৰ কি মূল্য আছে??
No comments:
Post a Comment