Friday, November 4, 2022

what is a good cibil score in india

বিত্তীয় লেন-দেনৰ ক্ষেত্ৰত তেনেই সহজে শুনা এটা কথা হৈছে- "বেয়া নাপাব আপোনাৰ CIBIL একেবাৰেই বেয়া আছে"। নাইবা এনেদৰেও কোৱা শুনিছে নিশ্চয়-" আপোনাৰ CIBIL ভাল আছে গতিকে আপোনাৰ লগত আমি লেন-দেন কৰিব পাৰিম"। 



আছলতে এই CIBIL নো হয় কি? (প্ৰশ্ন-১)

তেনেই সহজ ভাষাত যদি কও তেতিয়া আপোনালোকে বুজিব যে ধৰিলওক আপোনাৰ কাৰোবাৰ লগত কাজিয়া লাগিল আৰু ইজনে আপোনাৰ নামত থানাত গৈ এজাহাৰ দিলে আৰু আপোনাৰ নামত কেচ চলি আছে। তেনেকুৱাতে কোনো দৰকাৰী কামত আপোনাক পুলিচ ভেৰিফিকেচন দৰকাৰ হ'ল। আপোনাক জানো পুলিচে আপুনি ক্লিয়াৰ আছে বুলি ভেৰিফাই কৰি দিব? ঠিক তেনেকুৱাই তিনি অংকৰ যুক্ত এখন চাৰ্টিফিকেট‌ হৈছে আপোনাৰ CIBIL score.  যি কেৱল আপোনাৰ লেন-দনৰ ওপৰত নিৰ্ভৰ কৰে। লেন-দেনত আপোনাৰ ব্যৱহাৰ কেনেকুৱা সেয়া ডিজিটেল মাধ্যমেৰে জানিবলৈ সুবিধা কৰি দিয়া এক আহিলা। যেতিয়া এজন মানুহৰ CIBI চোৱা হয় তেতিয়া মানুহ জনে কাৰ লগত কিমান টকাৰ লেন-দেন কেনেকুৱা পদ্ধতিৰে কিমান দিনৰ বাবে কিমান তাৰিখৰ পৰা কিমান তাৰিখৰলৈকে কৰিছে, কিমান টকাকৈ দি আছে কিমান দিবলৈ বাকী আছে অনাদায় টকা কিমান আছে, কোনো প্ৰতিষ্ঠানে আপোনাৰ ঋণৰ টকা এৰি দিবলৈ বাধ্য হ'ব লগা হৈছে নেকি, কোনো প্ৰতিষ্ঠানৰ পৰা লোন লৈ আকৌ ৰিজেক্ট কৰিছে নেকি, আপুনি কাৰোবাৰ লোনৰ গেৰেণ্টাৰ হৈছে নেকি, লেন দেন কৰি  থকাৰ বাবদ আপুনি তিনি অংকৰ পৰা কিমান নম্বৰ লাভ কৰিছে এই সকলো তথ্য পোৱা যায়। 

Cibil Score কি? (প্ৰশ্ন-২)

আপুনি কৰা লেন-দেনৰ ইতিহাসৰ সহায় লৈ cibil পৰীক্ষা কৰা মুহূৰ্তলৈকে CREDIT BUREAU এ আপোনাৰ লেন দেনৰ ওপৰত গণনা কৰি তিনি অংকৰ যুক্ত এটা নম্বৰ প্ৰদান কৰে আৰু সেইটোৱেই আপোনাৰ CIBIL SCORE হয়। Cibil score ৰ তিনি অংক যুক্ত সংখ্যাটো আৰম্ভ হয় ৩০০ ৰ পৰা ৯০০ লৈকে।

ভাৰতত চাৰিটা RBI কৰ্তৃত্বপ্ৰাপ্ত CREDIT INFORMATION COMPANY (সাধাৰণতে ক্ৰেডিট ব্যুৰো  বুলি কোৱা হয়) আছে – #এক্সপেৰিয়ান (Experian)
#ট্ৰেন্সইউনিয়ন (Transunion) CIBIL
#ইকুইফেক্স (Equifax) আৰু 
#চি আৰ আই এফ হাইমাৰ্ক (CRIF HAGHIMARK))
    
        বেংক আৰু অনা বেংকিং বিত্তীয় প্ৰতিষ্ঠান সমূহে তেওঁলোকৰ গ্ৰাহক সকলৰ ঋণৰ ইতিহাস এই চাৰিওটা credit bureau ৰ লগত নিয়মীয়াকৈ ভাগ-বতৰা কৰে। জানিবলগীয়া যে ব্যক্তি এজনৰ ক্ৰেডিট ইতিহাসত  সকলো ক্ৰেডিট একাউণ্ট, ঋণ দাতাৰ নাম, ঋণ আৰু ক্ৰেডিট একাউণ্টৰ সীমা, ঋণৰ EMI,  ক্ৰেডিট কাৰ্ডৰ বিল পৰিশোধৰ তথ্য, ডিফল্ট বিৱৰণ আদি পোৱা যায়। 

Credit Report কি? (প্ৰশ্ন -৩)

Credit Report হৈছে আপুনি লেন-দেন কৰা Bank নাইবা NBFC ৰ দ্বাৰা Digitel মাধ্যমেৰে CREDIT এজেন্সিক জনোৱা আপোনাৰ ঋণ আৰু Credit কাৰ্ডৰ সকলো সাৰাংশ। credit report হৈছে আপোনাৰ credit পৰিস্থিতি যেনে ঋণ আৰু ক্ৰেডিট কাৰ্ডৰ পৰিশোধ ইতিহাস। য'ত আপোনাৰ ক্ৰেডিট স্থিতিৰ বিষয়ে বিতং তথ্য থাকে। 

Cibil চাবলৈ কি প্ৰয়োজন হয়? (প্ৰশ্ন-৪)

এটা শুদ্ধ cibil চাবলৈ হ'লে KYC প্ৰয়োজন হয়। আপোনাৰ ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড পান কাৰ্ড ড্ৰাভি‌ং লাচেন্স, ফোন নম্বৰ আদি প্ৰয়োজন হয়। 

Cibil score কিমান হ'লে ভাল?( প্ৰশ্ন -৫)

চিবিল স্কৰ আৰম্ভ হয় ৩০০ ৰ পৰা। কমেও ৭০০ পৰা ৯০০ ৰ ভিতৰত হ'লে আপোনাৰ স্কৰ ভাল বুলি গণ্য কৰা হয়। 

CIBIL SCORE কেনেকৈ বৃদ্ধি কৰি ৰাখিব পাৰি ? (প্ৰশ্ন-৬)

# প্ৰথমে আপুনি আপোনাৰ credit ইতিহাস দায়িত্বশীল ভাৱে গঢ়ি তুলিবলৈ প্ৰতিশ্ৰুতি বদ্ধ হ'ব লাগিব। 
# ২য়তে আপুনি কোনো প্ৰতিষ্ঠানৰ পৰা ঋণ নাইবা Credit কাৰ্ড গ্ৰহণ কৰক।
# ৩য়তে নিৰ্দিষ্ট সময় অনুসৰি আপুনি লাভ কৰা ঋণৰ টকা পৰিশোধ কৰক নাইবা credit card সঠিক ব্যৱহাৰ কৰক।
#৪থৰ্তে কোনো ব্যক্তিৰ ঋণ গেৰেণ্টাৰ হ‌ওতে হাজাৰ বাৰ ভাবাক। কাৰণ ইয়াতো আপোনাৰ cibil score ৰ উন্নতি জড়িত হৈ আছে।

CREDIT Score কেনেদৰে গণনা কৰে? (প্ৰশ্ন ৭)
Credit score গণনা কৰিবলৈ প্ৰত্যেক credit bureau ৰ নিজা স্বত্বাধিকাৰী আৰু গোপনীয় Algorithm আছে। সেয়ে আপুনি যদি তলত উল্লেখ কৰা বিষয় কেইটা মনত ৰাখে তেতিয়া আপুনিও নিজৰ CREDIT SCORE ভাল দৰে পৰিচালনা কৰিবলৈ সক্ষম হ'ব। 
# credit card ৰ বিল আৰু EMI সময় মতে পৰিশোধ কৰা।
# credit card ব্যৱহাৰৰ সীমা স্তৰ।
# credit card আৰু ঋণৰ বয়স। 
# credit card আৰু ঋণৰ অনাদায় টকা।
# credit card বা ঋণ সমাপ্তিৰ স্থিতি। 
এনে কিছুমান বিষয়ৰ ওপৰতে Credit score গণনা হয়।

সেয়ে ক‌ও বৰ্তমান সময়খিনিত উন্নতিৰ জখলাত যদি বগাব বিচাৰে তেতিয়া আপোনাৰ লক্ষ্য আৰু উদ্দেশ্যৰ আটাইতকৈ প্ৰয়োজনীয় অংগ বিধেই হ'ল আপোনাৰ CIBIL REPORT আৰু SCORE. গতিকে নিজা মন বিবেকেৰে প্ৰতিশ্ৰুতি বদ্ধ হ‌ওক যাতে এই CREDIT SCORE সদায় ৭০০-৯০০ ৰ ভিতৰত থাকে। 








No comments: