Sunday, October 30, 2022

Hair fall treatment

             চুলি সৰাৰ কাৰণ আৰু ইয়াৰ উপসম
           
            চুলি সৰিলেই তপা নহয়। তপা আৰু চুলি সৰাৰ মাজত আকাশ পাতাল পাৰ্থক্য। বংশগত ভাৱে তপা হোৱা আৰু আকস্মিক ভাৱে চুলি সৰি তপা হোৱাৰ মাজতো পাৰ্থক্য আছে। প্ৰত্যেক দিনাই প্ৰত্যেক মানুহৰেই চুলি সৰে। কিন্তু নিৰ্দিষ্ট ভাৱে সৰাতকৈ যদি সৰা চুলিৰ সংখ্যা বাঢ়ি গৈ আছে তেতিয়া সোনকালে চিকিৎসা কৰাৰ অতি প্ৰয়োজন। 



         আপোনাৰ যদি টাইফ‌ইদ,জন্দিচ(অতি বেছি) আদি বেমাৰ হয় তেতিয়াও আপোনাৰ চুলি বোৰ সৰি যায়। কিন্তু যতন ল'লে আকৌ গজে। চিন্তাৰ প্ৰয়োজন নাই যদিও কিন্তু যতনৰ অতি প্ৰয়োজন আছে। 

           ভিটামিনৰ অভাৱৰ বাবেও চুলি সৰে। দেহৰ প্ৰতিটো অংগকেই ভিটামিন লাগে। চুলি কাটিলে দুখ নাপাওঁ বুলিয়েই যে চুলিৰ বেমাৰ নহ'ব বা চুলিক ভিটামিন নালাগিব এনে নহয়। সেয়ে ডক্টৰৰ পৰামৰ্শ অনুসৰি prescribe কৰা ঔষধ লোৱাটো অতি প্ৰয়োজন।

           দাঁত সৰাৰ যেনেকৈ নিৰ্দিষ্ট বয়স আছে ঠিক তেনেকৈ চুটি সৰাৰ কোনো বয়স নাই। চুলি সৰি থাকে আকৌ গজে। কিন্তু আমাৰ যত্নৰ প্ৰয়োজন। আইতা ককা হঁতে পাৰ্লাৰত গৈ চুলিৰ যতন লোৱা নাছিল, কিন্তু মৃত্যুৰ পিছত চিতাৰ জুই কোৰা ছাগে কেচ-কেচ কৈ ক'লা নাইবা ঢক-ঢক কৈ বগা হ'লেও মজবুত মস্ত একোচা চুলিত হে লাগিছিল। অৰ্থাৎ মৃত্যুৰ সময়ৰলৈকে চুলি কোচা দীঘল আৰু মজবুত হৈ আছিল। কিন্তু এতিয়া পাৰ্লাৰত গৈ চুলিৰ যতন ললেও বিভিন্ন সমস্যাই বেৰি ধৰে। ইয়াৰ মূলতে ব্যৱসায়ৰ প্ৰতিযোগিতা মূলক বজাৰত উপলব্ধ কেমিকেল যুক্ত প্ৰডাক্টবোৰ। 

             সেয়ে অতীত লেতেৰা বা এলান্ধুকলীয়া বুলি একেবাৰে এৰাই চলাটো ভুল। কিয়নো চুলিত যেতিয়া কেমিকেল যুক্ত প্ৰডাক্টৰ বাবে বেমাৰ লাগিব তেতিয়া আপুনি পুনৰ সেই এলান্ধুকলীয়া ঘৰুৱা ভাৱে পোৱা ঔষধীগুণ যুক্ত এই বস্তু বোৰেই ব্যৱহাৰ কৰিব লাগিব। যিবোৰ ঘৰোৱা বস্তুকে কোম্পানী সমূহে কেমিকেল মিক্স আৰু সুগন্ধি যুক্ত কৰি আটক ধুনীয়া বটল বা পাকেটত ভৰাই অত্যাধিক দামত বিক্ৰী কৰি আছে। অৱশ্যে এইটোও নহয় যে সেইবোৰ আমি ব্যৱহাৰ নকৰিম। কিন্তু সাৱধান হোৱা অতি দৰকাৰ।

       আপোনাৰ যদি আকস্মিক ভাৱে চুলি সৰা বেমাৰ হৈছে তেতিয়া হ'লে তলত উল্লেখ কৰা ঘৰুৱা প্ৰডাক্ট কেইটা ব্যৱহাৰ কৰিব পাৰে। 



# ঘৰুৱা ক'লা তিল ভালদৰে ধুই খুব ভালদৰে গুড়ি হোৱাকৈ পনীয়াকে পিচি মূৰত চুলিৰ গুৰিত লগাকৈ দিনটোত কমকৈ এবাৰ হ'লেও একঘণ্টা মান সময় লগাওক। ১-২ ঘণ্টা সময় লগাই চুলি খিনি পৰিষ্কাৰ ঠাণ্ডা পানীৰে ধুই দিয়ক। কিন্তু মনত ৰাখিব ধোৱাৰ সময়ত কোনো চেম্পু বা অন্য বস্তু ব্যৱহাৰ নকৰিব। দিনটোত দুই তিনিবাৰকৈ দুদিন বা তিনিদিন এই পনীয়া কৈ পিচা তিল খিনি লগালেই প্ৰমাণ পাব। লগে লগে চুলি সৰা বন্ধ হ'ব। আপুনি যদি একাদিক্ৰমে সাত দিন মান লগাই তেতিয়া আপুনি নিজেই ক'বলৈ বাধ্য হ'ব যে চুলি সৰা বন্ধ হৈছে আৰু নতুনকৈ চুলি গজাৰ আৰম্ভ হৈছে। থকা চুলি খিনিও কেমিকেল যুক্ত চেম্পুৰে ধোৱাতকৈও বেছি ভাল পাব। 

তিল অতি উপকাৰী। চুলিত তিল লগালে কোনো অপকাৰ নাই। পাৰিলে কেইটামান মাহ চেম্পুৰ সলনি চুলি খিনি এনেকৈ তিল বা ঘৰুৱা বস্তুৰে ধুব। বহুত বেছি উপকাৰ হ'ব।

# আমলখি পিচি ৰস লগাওক। চুলিখিনি দেখিব নিমজ হৈ পৰিছে। চুলি নপকে। চুলি সৰা বন্ধ কৰে। 

# আমলখি ৰসৰ লগত ৰঙা জবা ফুলৰ পাত ফুল আদিও পিচি চুলিত লগাব পাৰে। চুলি পকা বন্ধ হ'ব। চুলি নসৰিবলৈ এৰিব। চুলি ৰ গুৰি মজবুত হ'ব। 

## জেতুকা পিচি লগাব পাৰে। চুলিৰ বাবে অতি উপকাৰী। চুলি সৰা, চুলি পকা বন্ধ হয়। তালু খনৰ বাবেও ভাল। তালুৰ চাল এৰোৱা বেমাৰ , খজুৱাওতে নখ লাগি হোৱা সৰু ঘাঁ সকলো ভাল হয়।

মুঠৰ ওপৰত এই ঘৰুৱা সামগ্ৰী বোৰে আপোনাৰ কোনো ধৰনৰ অপকাৰ নকৰে। অথচ আপোনাৰ চুলিৰ সমস্যা দূৰ কৰিব। 

No comments: