Saturday, June 25, 2022

এটা ৰাতিৰ বাবে ভাল পাওঁ আহা (অকবিতা)

এটা ৰাতিৰ বাবে ভাল পাওঁ আহা
...........

       মৰম আৰু হেপাঁহেৰে ৰং বোৰ আকোঁৱালি ল‌ও আহা..
আকোলতাৰ স্পৰ্শৰ তীব্ৰ কোলাহলত এজাক ধুমুহা বলিব..
            ধুমুহা প্ৰচণ্ডৰ পৰা ক্ৰমান্বয়ে প্ৰচণ্ড হৈ আহি থাকিব.. 

এনেকৈয়ে ধুমুহাৰ তীব্ৰ গতিত 
ডাৱৰৰ খুন্দাত স্বৰ্গ সুখৰ শান্তিৰ বৰষুণে দুয়োকে যেতিয়া তিয়াই পেলাব
তেতিয়াই কামনাৰ পোকবোৰৰো মৃত্যু ঘটিব।।

                              শেষত...
নষ্ট ৰাতিৰ এটা হুমুনিয়াহ লৈ 
            আকৌ এবাৰ সুধিম..

ভাল পোৱাবোৰ এতিয়াও জীৱিত নে..?

2 comments:

Anonymous said...

ভাল লাগিছে🥰🤣

Anonymous said...

ধুনীয়া লাগিল🥰🥰🥰🙏🙏