Tuesday, March 31, 2020

নৱযুগৰ আলোকলৈ সন্তানতকৈ অভিভাৱকৰ গুৰুত্ব অধিক।

নৱযুগৰ আলোকলৈ সন্তানতকৈ অভিভাৱকৰ গুৰুত্ব অধিক।


          এটি ভৱিষ্যতক বোকোচাত বান্ধি হাজাৰ আন্ধাৰৰ দুৱাৰ ভাঙি পোহৰৰ বাটলৈ লৈ অনাৰ এক গধূৰ দায়িত্ব অভিভাৱকৰ। ই সমাজৰ প্ৰতিজন সচেতন ব্যক্তিৰে কেৱল দায়িত্ব‌ই নহয় কৰ্তব্য‌ও।অৱশ্যে এটা কথা ঠিক, বৰ্তমান নিজৰ সন্তানকে শাসন কৰিব নোৱাৰে‌। তেনেস্থলত আনৰ সন্তানক পাঠ দিবলৈ যোৱাটো কিমান ভংয়কৰ  সেয়া ভাবিব‌ই নোৱাৰি। অৱশ্যে ইয়াৰ বাবে জগৰীয়া কোন স্পষ্টকৈ ক'ব নোৱাৰি। কিয়নো আজিৰ শিশু কেৱল ঘৰুৱা আৰু স্কুলৰ পৰিৱেশতে আৱদ্ধ নাথাকে। বৰ্তমান সিহঁত এনেকুৱা এখন জগতত বাস কৰে য'ত ইচ্ছা গ'লেই যি মন যায় তাকে পাব পাৰে বা যি উপভোগ কৰিব বিচাৰে তাকে কৰিব পাৰে। দেখা যায় মুখৰ মাত স্পষ্ট নহ‌ওতেই কান্দি থকা শিশুটোৰ হাতত মোবাইলটো তুলি দিলে লগে লগে কন্দা বন্ধ হয় আৰু তাৰ লগতে ওমলা আৰম্ভ কৰে। গতিকে বুজি নোপোৱা দিনৰে পৰা মোবাইল বা ইণ্টাৰনেটৰ জগত খনত ওমলি ডাঙৰ হোৱা শিশুটোৱে সুবিধা পালেই ইণ্টাৰনেত জগতৰ বৈধ অবৈধ সকলো পৃষ্ঠা লুটিয়াই পেলাব পাৰে। বয়স: সন্ধিৰ কালত ভৰি দিয়াৰ আগতেই নেটৰ জগত খনত পৰিপক্ক হৈ পৰা শিশুটোৱে নিষিদ্ধ পৃথিৱী খনত ভুমুকি মাৰি সমস্ত লেটেৰা খিনি মগজুত ভৰাই ল'ব। তদুপৰি মাৰাত্মক ধৰনৰ অনলাইন গেম খেলি মগজুটো নষ্ট কৰি পেলোৱা   সন্তানৰ উদাহৰণ মোবাইল বা টিভিটোৰ সন্মুখত বহিলেই পোৱা যায়। এই ক্ষেত্ৰত সন্তানক লৈ অভিভাৱকৰ দায়িত্ব কি সেয়া নিজেই জনাৰ প্ৰয়োজন। কেৱল সম্ভোগৰ সুখ ভোগ কৰি কূল ৰক্ষাৰ স্বাৰ্থত সন্তান জন্ম দিলেই নহয়। সন্তানৰ উপযুক্ত যতন, সন্তানৰ অভাৱ আদি বুজাৰ লগতে উপযুক্ত শাসনো কৰিব পাৰিব লাগিব। সন্তানটো কেৱল আপোনাৰে নহয়। সি এটা অঞ্চলৰ, এখন সমাজৰ, এটা জাতিৰ, সি সমগ্ৰ বিশ্বৰ। গতিকে তাক মানৱ সম্পদ হিচাপে গঢ়ি তোলাত আপোনাৰ মোৰ দায়িত্ব অধিক।
সংস্কৃতত এটা শ্লোক আছে--
লালয়েৎ পঞ্চবৰ্ষাণি দশবৰ্ষাণি তাড়য়েৎ।
প্ৰাপ্তেতু ষোড়শবৰ্ষে পুত্ৰং মিত্ৰবাদচৰেৎ।
          অৰ্থাৎ- জন্মৰ পাঁচ বছৰ বয়সৰলৈকে সন্তানক আদৰ-সাদৰ লালন-পালন কৰিব লাগে। দহ বছৰৰ পৰা শাসন কৰিব লাগে আৰু সন্তানটোৱে ষোল্ল বছৰত ভৰি দিয়াৰ পিছত তাক মিত্ৰৰ দৰে আচৰণ কৰিব লাগে। গতিকে এই সূত্ৰ প্ৰয়োগ কৰিলেই এটি সন্তানক আপুনি বিচৰা ধৰনেই পাবলৈ সক্ষম হ'ব। সন্তানটোৱে জীৱন সম্পৰ্কত একো বুজি নোপোৱালৈকে আপোনাৰ অজস্ৰ আছে বুলিয়েই অতিৰিক্ত বিলাসীতাত তাক উটি ভাহি যাবলৈ নিদিব। ফুটপথ বা অন্য ঠাইত হ'লেও সৰু সৰু কিছু মানৱীয়তাবোধৰ কাম তাৰ হতোৱাই কৰাব। অভাৱ-অনাটন, সুখ-দুখ আৰু জীৱন সম্পৰ্কত অলপ হ'লেও সন্তানটোক সত্য আৰু শুদ্ধ পাঠ দিয়াব।
           এখন সুস্থ সমাজত, এটা সুস্থ পৰিৱেশত মানুহে বাস কৰি ভাল পায়। গতিকে আপোনাৰ শিশুটোকো এখন সুস্থ আৰু মানৱতাবোধৰ সমাজ গঢ়িবলৈ সৰুৰে পৰাই শিকাওক। কাৰণ আজিৰ বাদে কাইলৈ আপুনি বাস কৰি থকা সমাজখনৰ গুৰি সি ধৰিব।  সন্তানৰ এটা নিৰ্দিষ্ট বয়স পাৰ হৈ যোৱাৰ পিছত সৰুৰে পৰা গঢ় লোৱা সহজভাৱে ল'ব নোৱাৰা অসংস্কাৰী  আচৰণবোৰ আপুনি সহজে সলনি কৰিব নোৱাৰিব। তেতিয়া কিন্তু নক'ব বৰ্তমান যুৱ সমাজ অধ:পতনে গ'ল। কাৰণ ফাউণ্ডেশ্বনটো নিৰ্মাণ কৰাৰ দিয়িত্ব আপোনাৰ হাততেই আছিল। এটি শিশু হৈছে কেচামাল। তাক গঢ়ি পিটি সজাই পৰাই সম্পদলৈ নিৰ্মাণ কৰাৰ দায়িত্ব আপোনাৰ। এই ক্ষেত্ৰত আপোনাৰ ঘৰটো নিৰ্মাণ কৰিবলৈ যিমান অভিজ্ঞ আৰু দক্ষ মিস্ত্ৰী লগাব সিমানেই সুন্দৰ আৰু মজবুত হ'ব। গতিকে শিশুটোক ঘৰটোৰ দৰেই মানুহ হিচাবে নিৰ্মাণ কৰাৰ মিস্ত্ৰীৰ দৰে গধূৰ দায়িত্ব  আপুনিও নিখুত ভাৱে পালন কৰিব পাৰিব লাগিব।।          মনোজ মহন্ত।। ৮৪৭১৯০৬৭৫৫

No comments: