Covid-19 ( CORONAVIRUS)
📝 মনোজ মহন্ত
(স্পেইনৰ পুলিচে পাৰে কিন্তু আমাৰ পুলিচে তেনেকুৱা কৰিব নোৱাৰে কিয়??)
কৰ'নাৰ উপদ্ৰপৰ বাবে সমগ্ৰ বিশ্ব এতিয়া তলা বন্ধ (Lock down) । এই ক্ষেত্ৰত অন্য দেশৰ তুলনাত ভাৰতৰ জনসংখ্যাৰ ঘনত্ব বেছি হোৱাৰ বাবেই আমাৰ চৰকাৰে আগতীয়া সতৰ্কতা অৱলম্বন কৰি তলা বন্ধ কাৰ্য্যসূচী অধিক কটকটীয়া কৰি তুলিবলৈ ৰাইজক কাতৰেৰে আহ্বান জনাইছে। কিন্তু আমি কিমান সচেতন ? চীন ইটালীৰ ভয়াবহ বাতৰিবোৰ ইটোৰ পিছত সিটো ঘৰতে বহি পাই থকাৰ পিছতো আমাৰ যেন গাত একো লগাই নাই। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কলে ঘৰতে থাকি জৰুৰী সেৱাত ব্ৰতী হৈ থকা সকলক সন্মান জনাই হাততালি থালি আদি বজাবলৈ। কিন্তু আমাৰ এচামে কৰ'নাৰ উৎসৱ পাতি ৰাস্তাত সমদল কৰিলে। কোনোৱে বিহুকে মাৰিলে। কৰ'না গো বেক নৰেন্দ্ৰ মুডি জিন্দাবাদ শ্লোগান দিলে। গতিকে আমি নমৰি মৰিব কোন?
![]() |
সংগ্ৰহ:-ইণ্টাৰনেট |
স্পেইনৰ বাসিন্দা সকলেও তেওঁলোকক ঘৰৰ ভিতৰৰ পৰাই সহাৰি জনাইছে। কিন্তু ভাৰতত একা? ভাৰতৰ কথা বাদেই দিলো আমাৰ অসমত কি হৈছে? মুখত সংগীত আৰু হাতত গীতাৰৰ বিপৰীতে আমাৰ পুলিচে লাঠি লৈ ৰাজপথটো বাদেই অলিয়ে গলিয়ে তহল দি ফুৰিব লগা হৈছে। তাৰ পিছতো কিছু সংখ্যকে কোনো কেৰেপ নকৰি পেহী মহা মাহীৰ ঘৰত চৰু জুতি লবলৈ বা Lock Down ৰ বাবে মানুহ বাহিৰত ওলাইছেনে নাই তাকে ছাবলৈকে পথৰ মাজত পিটপিটাই ফুৰিছে। যদি স্পেইনৰ পুলিচৰ দৰে আমাৰ পুলিচে হাতৰ লাঠি এৰি তেনে কৰা হ'লে ঘৰৰ দুৱাৰ ভাঙি ওলাই আহি গোটেই মোখা জুম বান্ধি চিঞঁৰ বাখৰ কৰি ভিন্ন ৰকমৰ নৃত্যৰে জপিয়াই ক'ব নোৱাৰা হ'ল হেতেঁন। ঘৰৰ পৰা বাহিৰত থাকি হাতত লাঠি লৈ ময়া মমতা ত্যাগ কৰি আমাৰ পুলিচ সকলে ৰাজপথত, অলিয়ে-গলিয়ে চাইৰেন বজাই আমাৰ সুৰক্ষাৰ বাবে তহল দি ফুৰিব লগা হৈছে। তাৰ পিছতো এচাম মানুহে 21 টা দিনৰ মাত্ৰ দুদিন যাওঁতেই মাছ- মাংস নাখালে পুষ্টিহীনতাত ভোগাৰ ভয়ত বজাৰ নাইবা দোকানৰ সন্মুখত কোনো নিয়ম নীতি নমনাকৈ খকা খোন্দা লগাইছেহি। অৱশ্যে কোনো সোধ পোছ নকৰাকৈ মাৰপিট কৰাটো একপ্ৰকাৰে ভুল। কিন্তু ইমানেই যদি জৰুৰী কাম আছিল আমাৰ মানুহ বোৰে টলা বন্ধ হোৱা আগদিনাই কৰি আজৰি হৈ নললে কিয়? আগদিনাই সপ্তাহটোৰ বাবে দোকান বজাৰ কৰি নললে কিয়? কিয় আমি অলপো সচেতন হ'বলৈ আজিও নিশিকিলো। অতি দুখ জনক এয়ে যে আমাৰ সূৰক্ষাৰ বাবেই মহামাৰীত আক্ৰান্ত হোৱাৰ ভয় বুকুত লৈ নিজৰ কৰ্তব্য কৰি থকা পুলিচকো মৰিয়াই হত্যা কৰিবলৈ নেৰিলো। ইয়াতকৈ আৰ দুখজনক খবৰ কি হ'ব পাৰে। |
আনফালে কিছু দুৰ্ভগীয়াই ভয়াবহ ৰোগত আক্ৰান্ত হৈ মৃত্যুৰে যুজিছে আৰু আমাৰসোপাই social Media ত বিকৃত মানসিকতাৰে বিতৰ্কিত post দি মুখ চুপতি কৰিছে। জাতীয়তাবাদী দলবোৰক আজুৰি আনি আঁহ ফলা মন্তব্যৰে নিজৰ নিকৃষ্ট মানসিকতাক উদঙাই দি মিচা হৈ-চৈ লগাইছে। তাৰ উপৰি এচামে মহামাৰী কৰ'নাৰ নামত ভিন্ন ৰকমে পাগলামীৰ সীমা চেৰাই ধেমালিত নামিছে। হে ৰাইজ আপুনি ভবাৰ দৰে কৰ'না ইমান সহজ নহয়। আপুনি সচেতন নহ'লে আপোনাৰ লগতে হাজাৰ হাজাৰ লোকৰ প্ৰাণ অতি নিমিষতে কাঢ়িব নিব পৰা শক্তি আছে কৰ'নাৰ।। অলপ সচেতন হওঁক। আপোনাৰ ভুলৰ বাবে আপোনজনক যাতে হেৰুৱাব লগা নহয়। সন্মুখত পৰি থকা আপোন জনৰ মৃত দেহটোক শেষ বাৰৰ বাবে সাবটি ধৰি হিয়া উজাৰি কান্দি কান্দি '' এই এবাৰ মাত না মোক, মাত্ৰ এবাৰ মাতচোন। এই চকু নেমেল কিয় হা.? " বুলিও ক'বলৈ নাপাব। আপোন জনৰ মৃত দেহটো সৎকাৰ কৰাৰ অধিকাৰ কনো আপোনাৰ হাতত নাথাকিব। গতিকে সচেতন হওক ৰাইজ। |
No comments:
Post a Comment