https://www.facebook.com/1831814653767653/posts/1848922865390165/?app=fbl -মনোজ মহন্ত
দেশ বিদেশ পাইছেগৈ নিশ্চয় গুৰুজনাৰ নাম তেৰাৰ ৰচনাৰাজী তেৰাৰ আদৰ্শ তেৰাৰ জন্ম ঠাই কনৰ নাম,ই অতি গৌৰৱৰ কথা।
কিন্তু বাহিৰৰ পৰা অহা সকল নালাগে আপুনিও যদি গৈছে বা যায় একেষাৰেই কৈ পেলাব এয়াইনে সেই বিক্ষাৎ লেটেকু পুখুৰী ,গুৰু জনাৰ জন্মৰ ঠাইকন?
অটব্য জংঘলেৰে পৰিপূৰ্ণ সেই ঠাই টোকোৰাত জোৰ কৰিও যেন আপুনি হৃদয়লৈ আনিব নোৱাৰে কোনো আধ্যাত্মিকতাৰ মনোভাৱ ।এই ক্ষেত্ৰত চৰকাৰৰ গাফিলতি কোনো পধ্যে নুই কৰিব নোৱাৰিl এই খিনিতে উল্লেখ কৰা ভাল যে সেই থান খনৰ ঠিকাদাৰৰ দায়িত্ব পাইছিল এসময়ত কংগ্ৰেছ কংগ্ৰেছ বুলি ৰাজনীতি কৰা বৰ্তমান bjp চৰকাৰৰ বিধায়ক এজনাই l গতিকে কিনো ক'ম চৰকাৰ বা ঠিকাদাৰৰ কথা ?নান্দনীকতা বিহীন ঠাই টোকোৰাত এবাৰ ভূমুকি মাৰিলেই আপুনি বুজিব পাৰিব যে সেই মহান গুৰুজনাৰ প্ৰতি থকা আমাৰ শ্ৰদ্ধা আৰু সহানুভুতি ।
ধৰ্মও আজি ৰাজনীতিৰ মূল বিষয় হৈ পৰিল।ইয়ে হয়তো আমাৰ ধ্বংসৰ কাৰণ হৈ পৰিব।
অতি লাজ লগা কথা এইটোৱে যে এভাগ থানক লৈ কুকুৰ মেকুৰীৰ দৰে খোৱা কামোৰা লগা বিষয়টো।এয়াই আছিল নেকি গুৰু দুজনাই প্ৰচাৰ প্ৰসাৰ কৰা এক শৰণ নাম ধৰ্ম?
এইবোৰেই হ'ব আমাৰ ধৰ্ম আৰু জাতিৰ মৃত্যুৰ কাৰণ।একেজন পুৰুষ একেখনেই ঠাই,তাৰপিছতো একেই ধূটি চেলেং গামোচা লোৱা ভকট তথাপিও একে টোকোৰা ঠাইত গুৰু সেৱা কৰিব নোৱাৰে ।একে লক্ষ্য আৰু উদ্দেশ্য তথাপিও একে জেগাতে একেখন থানেই ভাগে ভাগে প্ৰতিষ্ঠা ।
গুৰু দুজনাই আমাক এয়াই আদৰ্শ দি গৈছিল নেকি?নে গুৰু জনাৰ প্ৰকৃত গুৰু গৃহ থকা থানত ভকট শিষ্য সকল বেলগ ধৰ্মৰ ?যি সকলৰ লগত নতুনকৈ প্ৰতিষ্ঠা কৰা সেই মহাপুৰুষৰ সমাজ খন একে লগে থাকিব নোৱাৰে?
বৰ্তমান কোনেও প্ৰকৃত ব্ৰাহ্মণ্যবাদক বিশ্বাস নকৰে বা নামানে।গতিকে কিছু এৰা ধৰাৰ মাজেৰে পুৰণি থান খনকে সকলো লাগিভাগি চালে চকু ৰোৱাকৈ আধ্যাত্মিকতাৰ মনোভাৱ গদ্ গদ্ কৈ হ্ৰীদয়ত ৰৈ যোৱাকৈ যদি সজাই পৰাই তুলিলেহেতেন গুৰু জনাৰ আদৰ্শৰ প্ৰতি কৃঞ্চিত মানো সন্মান জনোৱা লাগিল যেন।
আমাৰ মাজতেই বিভ্ৰান্তিৰ সৃষ্টি হৈছে তেনে স্থলত বাহিৰৰ পৰা অহা লোক সকলৰ কি হ'ব?তেওঁলোকে বা আমাক কি বুলি জানিব?
গুৰু দুজনাক ধীয়াই আমি ধৰ্মক ভূল দিশে পৰিচালনা কৰিবলৈ ক'ত সাহ পালো?কোনে দিলে আমাক এই আদেশ ??কি বিৰম্বনা???

No comments:
Post a Comment