Saturday, April 27, 2019

বড়ো কবিতা..(অসমীয়া কবিতা)

বড়ো কবিতা

(অন্তঃ সত্বাৰে আকৌ সেউজীয়া হ'ম তই আৰু মই ll )

এই ছিখলা শুনচোন..
এইবেলি বৈছাগুলৈ ময়ো যাম
ভয় নকৰিবি, মোৰ গাত ছিফিলিচ নাই l

খামত চাপৰ দিম
চিফুঙত সুৰ ঢালিম
গাম....
আগৈ বৈছাগী ফৈদো নং
দানো বথৰ জানাই খাই ৰাজাং গুণ জং....

তই ছোটবালি নাচিবি
খ' ইজামা ফ'নাইও নাচিম
লাওখনৰ নৃত্যত
চিফুঙৰ সুৰত...

এইবাৰো ধৰিত্ৰীৰ অন্তঃ সত্বাৰ হ'ব l

আৰু আৰনাইৰ মৰমেৰে
আমি দুয়ো সেউজীয়া হৈ পৰিম l
এই ছিখলা বৈছাগুলৈ মাতিবি দেই....

No comments: