Sunday, October 20, 2019

Pratidin today assamese news paper প্ৰতিদিন সম্ভাৰ

সাহিত্যপীঠ কলংপুৰ পঞ্চতাৰকা    //   মনোজ মহন্ত
    
            পঞ্চৰত্ন সাহিত্যপীঠ কলংপুৰ বৰ্তমান গহপুৰলৈ আপোনাক স্বাগতম। এই লেখাত অৱশ্যে কলংপুৰৰ আটাইবোৰ গৌৰৱ‌ উজ্জ্বল ঐতিহাসিক অতীত আলোচনা কৰা নহয়। কেৱল অসমীয়া ভাষা সাহিত্যৰ পূণ্যভূমি কলংপুৰৰ পঞ্চতাৰকাৰ কথাহে আলোচনা কৰিম। আপোনাক স্বাগতম জনাইছো সেই কলংপুৰলৈ, য'ত অসমীয়া ভাষা সাহিত্যৰ উদ্ধাৰৰ বাবে একপ্ৰকাৰে অৱতাৰ হৈছিল পাঁচ গৰাকী মহান মণিষীৰ।

ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালা দেৱৰ ভাষাৰে ক'বলৈ হ'লে-
"তেজপুৰৰ কলংপুৰ ঠাইৰ নাম শুৱনি নাই
ভাষা সাহিত্যৰ পূণ্য পিতামহ হৰিবিলাসৰ
এয়ে ওপজা ঠাই
ইয়াতে জনমা নিধিৰাম,
চন্দ্ৰকুমাৰ, আনন্দচন্দ্ৰ আৰু লম্বোদৰ বৰাই
সাহিত্যৰ অক্ষয় কীৰিতি ৰাখি 
বুৰঞ্জীত নাম থ'লে জ্বলাই।"



           দেশৰ বুৰঞ্জীত সোণালী আখৰেৰে নিজকে খুদিত কৰিবলৈ সক্ষম হোৱা সাহিত্যপীঠ কলংপুৰ পঞ্চতাৰকাৰ কেৱল জন্মভূমীয়ে নাছিল। আছিল কৰ্মভূমিও। পঞ্চতাৰকাৰ উপৰিও জ্যোতিপ্ৰসাদ, হেম বৰুৱা ৰ লগতে অনান্য জনেও এই পূণ্যভূমিত নিজস্ব প্ৰতিভাজনিত কৰ্মৰে ইতিহাস ৰচি জাতিক জিলিকাই থৈ গৈছে।
              অতীতৰ কলংপুৰ বৰ্তমান গহপুৰ অৰ্থাৎ ছয়দুৱাৰ(পাহাৰৰ পৰা দফলা সকল ছয়খন দুৱাৰেদি ভৈয়ামলৈ নামি আহিছিল বাবেই ছয়দুৱাৰ)ৰ এটি গাওঁ পঞ্চায়তৰ নাম। কলংপুৰ নামেই কালক্ৰমত কৈল্যাণপুৰ আৰু তাৰ পৰাই শেষত কল্যাণী দেৱালয় হয়।
            দেশ বা ৰাজ্যৰ লগতে কলংপুৰো আছিল  বিপ্লৱৰ অন্যতম ৰাজধানী। স্বহীদৰ ৰণদঙ্কাৰে স্বাধীনতাৰ বিপ্লৱ, অৰ্থনীতিৰ বিপ্লৱৰ লগতে অসমীয়া ভাষা সাহিত্যৰ উত্থানৰ বাবেও বিপ্লৱ হৈছিল। কলংপুৰৰ উৰ্বৰা ভূমিত অসমীয়া ভাষা সাহিত্যৰ ৰথ খনক দ্ৰুত গতী দিবলৈ পাঁচ গৰাকী মহাৰথীৰ জন্ম হৈছিল। এই মহাৰথী কেইগৰাকীয়ে অসমীয়া জাতিৰ বিকাশৰ চাকি গছত টেল দি যি শলিতা জ্জ্বলালে সেই পোহৰৰ বাবেও অসমীয়া ভাষা সাহিত্যই ৰাষ্ট্ৰৰ ভাষাৰ লগত ফেৰ মাৰিব পৰা হ'ল।
             অসমীয়া সাহিত্য জগতৰ এই পঞ্চ তাৰকা কেইজন হ'ল ক্ৰমে- নি: হ: চ: আ: ল: । অৰ্থাৎ নিধিৰাম কেওত ওৰফে নিধি লিবাই ফাৰৱেল, পূণ্য পিতামহ হৰিবিলাস আগৰৱালা, জোনাকী যুগৰ ত্ৰিমুৰ্তিৰ অন্যতম চন্দ্ৰ কুমাৰ আগৰৱালা, ভাঙনি কোঁৱৰ আনন্দ চন্দ্ৰ আগৰৱালা, ব্যংগ সাহিত্যিক লম্বুদৰ বৰা।
            কলংপুৰক এটা জাতিৰ বাবে সাহিত্য জগতৰ এখন বৃহৎ পৃথিৱী বুলিয়েই ক'ব পাৰি। যি খন পৃথিৱীত পঞ্চ তাৰকাই উমলি ডাঙৰ হৈছিল। য'ত মোৰ ভাষাই, মোৰ সাহিত্য‌ই কলকলনি ধৰিছিল। যি খন ঠাইত জনমা পুৰুধা ব্যক্তিৰ মন বিবেকত মোৰ ভাষাৰ সাহিত্য‌ই বিকাশৰ কুঁহি পাত মেলিছিল। য'ত জ্যোতি প্ৰসাদৰ অন্যতম জ্যোতিয়ে সমগ্ৰ জাতিক ঐতিহাসিক ভাৱে পোহৰাই তুলিছিল। য'ত নিৰ্মাণ হৈছিল মোৰ অসম দেশৰ প্ৰথমটো ছবি নিৰ্মাণৰ প্ৰসূতি গৃহ জ্যোতি চিত্ৰবন । যি খন ঠাই হেম বৰুৱা দেৱৰ সৃষ্টিৰ কঠিয়াতলি আছিল।
              ১৯ শতিকাৰ চল্লিশ দশকতে কলংপুৰত তথা বৰ্তমান গহপুৰত সাহিত্যৰ মহীৰূহ পুলি ৰূপণ কৰা নিধিলিবাই ফাৰৱেলে নিজেই তেওঁৰ জন্ম ঠাই খনৰ কথা ১৮৫২ চনৰ ফ্ৰেব্ৰুৱাৰী মাহৰ অৰুনোদয় সংবাদ পত্ৰত লিখি থৈ গৈছে এনেদৰে-
"১৫ তাৰিখে সূতাৰ নামে এখন গাঁৱলৈ তিনি ভাই গৈ দুই তিনি ঠাইত সোমাই কিছু কিছু মানুহ পাই তাতে সিবিলাকৰ আগত অলপ বেলি প্ৰভুৰ দুখ ভোগৰ কথা প্ৰচাৰ কৰিলোঁ। এনেকৈ আমি কলংপুৰ ফুৰি ১৯ তাৰিখে তাৰে পৰা এবেলাৰ উজনি হোৱা গহপুৰ নামে মোৰ জনম ঠাইলৈ গলো।"
কলপুৰৰ ট‌ঙনা গাঁৱত (জন্ম প্ৰায় ১৮২৩- মৃত্যু প্ৰায় ১৮৭৩) জন্ম হোৱা অসমীয়া জাতিক চহকী কৰা, অসমীয়া ভাষা সাহিত্যৰ ভঁৰাল মজবুত কৰা অন্যতম অসমীয়া  ফাৰৱেল দেৱৰ ৰচনা সমূহ হ'ল- বিজ্ঞান, দৰ্শন, ৰাজনীতি, আদি বিভিন্ন বিষয়ৰ প্ৰবন্ধ সমূহ অৰুনোদয় সংবাদ পত্ৰত প্ৰকাশ কৰিছিল। তেওঁৰ নিস্তাৰৰ উপায়, বিষয় বচন, কানি বেজবৰুৱাৰ সাধু, সত্য গুৰুৰ প্ৰচাৰ আদি অসমীয়া ভাষাৰ উল্লেখযোগ্য গ্ৰন্থ। তদুপৰি হিন্দু স্থানৰ বুৰঞ্জী,পদাৰ্থ সাৰ, সৰগৰ বিবৰণ, নৰকৰ বিবৰণ বিনয় বচন আদি উল্লেখযোগ্য গ্ৰন্থ‌ও ৰচনা কৰিছিল। ইয়াৰ উপৰিও তেওঁ ন:ল:ফ: ছদ্ম নামেৰে হিতোপদেশ, এলেহুৱা লোকৰ কথা, বিশ্বাসী মাতৃৰ কথা আদি লিখনি সমূহো প্ৰকাশ কৰিছিল। তেখেতে পুৰণি বৈষ্ণৱ সাহিত্যৰ ঠাঁচত খৃষ্টান ধৰ্মৰ মত অনুৱাদ কৰিছিল। তিনি জন ভাই মিছনেৰী যাত্ৰা নামৰ প্ৰবন্ধটোৱেই অসমীয়া সাহিত্যৰ প্ৰথম ভ্ৰমন কাহিনী বুলিও কোনো কোনোৱে ক'ব বিচাৰে।


             ৰাজস্থানৰ পৰা আহি কলংপুৰত বাস কৰা নবৰংগদেৱৰ বংশধৰ ভাষা সাহিত্যৰ পূণ্য পিতামহ হৰিবিলাস আগৰৱালাদেৱৰ জন্ম এই কলংপুৰৰ গমিৰিত (১৮৪২-১৯১৬)। আধ্যাত্মিকতা বাদৰ পৃষ্ঠপোষক স্বনামধন্য আগৰৱালা দেৱে জাতীয় গুৰু দুজনাৰ প্ৰতি আকৃষ্ট হৈ সাঁচি পাতৰ পুথি সমূহ উদ্ধাৰ কৰি, কীৰ্তন দশম আদি সংৰক্ষণ কৰি কলিকতাৰ ছপা শালত পুথিৰ ৰূপ দি অসমীয়া জাতীয় সত্বাৰ লগতে বৈষ্ণৱ ধৰ্মক এটি নতুন মাত্ৰা প্ৰদান কৰি জাতিক শক্তিশালী হিচাপে প্ৰতিষ্ঠা কৰাত  এখেতৰ ভূমিকা অপৰিসীম। সংস্কৃতি আৰু অসমীয়া ভাষাত বুতপত্তি থকা এই ব্যক্তি গৰাকীয়ে অসমীয়া অনুৱাদ সাহিত্যৰ ভঁৰালো চহকী কৰি থৈ গৈছে।
                তেতিয়াৰ তেজপুৰ মহকুমাৰ কলংপুৰ মৌজাৰ ব্ৰহ্মজানত জন্ম হৈ (১৮৬৭-১৯৩৮) অন্য এটি শিশুৱে মোৰ মাতৃভাষা শিকাৰ প্ৰথম আখৰাৰে কলকলাবলৈ আৰম্ভ কৰিছিল। যাৰ নাম আছিল চন্দ্ৰকুমাৰ আগৰৱালা। 'প্ৰতিমা' কবিতা পুথিৰ বাবে প্ৰতিমা খনিকৰ, অসমীয়া কাব্য জগত খনত ৰোমাণ্টিক যুগৰ ধাৰা বোৱাই অনা জোনাকী কাকতৰ সম্পাদক, দৰ্শনৰ গুৰু গাম্ভীৰ্য আৰু প্ৰকাশ ভংগীত লয়লাসৰ লগতে কৃত্ৰিম বেলাদ শ্ৰেণীৰ কবিতাত অলৌকিকতা প্ৰকাশ আদিত তেওঁ এগৰাকী সাৰ্থক কবি। আগৰৱালা দেৱৰ অসমীয়া ভাষা সাহিত্যৰ প্ৰতি অনবদ্য অৱদান। ৰোমাণ্টিজিমৰ প্ৰধান হোতা বনকুঁৱৰী, বীণবৰাগী, আৰু প্ৰতিমা তেওঁৰ অনুপম সৃষ্টি। জোনাকী, সাপ্তাহিক অসমীয়া, তিনিদিনিয়া অসমীয়া কাকতৰ প্ৰকাশক আৰু সম্পাদক আছিল।
               
              প্ৰথম অসমীয়া আৰক্ষী অধিক্ষক অনুবাদ সাহিত্য কৰ্মৰে অসমীয়া কবিতাৰ ক্ষেত্ৰখন চহকী কৰি ভাঙনি কোঁৱৰ বুলি পৰিচয় লাভ কৰা, অ ভা উ সা স ৰ অন্যতম গুৰি ধৰোতা, আমাৰ গাঁও, সুখ, কোঁৱৰ আদি অসংখ্য কবিতা ৰচনা কৰা, ইংৰাজী কবিতাৰ মধুৰ ৰূপান্তৰ ঘটাই নিজকে ভাঙনি কোঁৱৰ ৰূপে প্ৰতিষ্ঠা কৰা জিলিঙনি, পদুমনি, অসমীয়া আদি পাঠ, শিশু পাঠ, পানেশৈ আদি গ্ৰন্থ সম্ভাৰে, বাঁহী, আৱাহন, আলোচনী আদিত গধুৰ প্ৰবন্ধ প্ৰকাশেৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰা এই মহামণিষী আনন্দ চন্দ্ৰ আগৰৱালা দেৱৰো জন্ম হৈছিল এই কলংপুৰতেই (১৮৮৪-১৯৪০)।

          ব্যংগ সাহিত্যিক, সুকোমল গদ্যশৈলীৰ স্ৰষ্টা কথা শিল্পী, বিজুলী, জোনাকী, আৱাহন, অৰুনোদয়, আসাম বিলাসিনী, আসাম বন্ধু আলোচনীৰ নিয়মীয়া লেখক লম্বুদৰ বৰা দেবৰো জন্ম কলংপুৰৰ গমিৰি গাঁৱত (১৮৬০-১৮৯২)। সেই সময়ৰ দৰং জিলাৰ প্ৰথম স্নাতক আৰু প্ৰথম বি.এল. আছিল। কৰ্ম জীৱনৰ কালছোৱাতেই তেওঁ কালি দাসৰ অভিজ্ঞানম শকুন্তলম নাটক খন অসমীয়া লৈ অনুৱাদ কৰিছিল। তৰোপৰি কেইবাখনো উপযোগী গ্ৰন্থ তেখেতে ৰচনা কৰি গৈছে। 
               দুৰ্ভাগ্যজনক এয়ে যে এই পঞ্চৰত্নৰ নামত গহপুৰত কোনো স্মৃতিসৌধ মোৰ চকুত পৰা নাই। চৰকাৰ তথা গহপুৰৰ বিধায়ক আৰু দল সংগঠনৰ লগতে সমূহ ৰাইজলৈ এটাই অনুৰোধ যে গহপুৰ নগৰৰ মাজ মজিয়াত সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাবে এই পঞ্চ তাৰকাক সন্মান জনায় তেওঁ লোকৰ স্মৃতিত পঞ্চৰত্ন সাহিত্যপীঠ হিচাবে একেঠাইতে পঞ্চমুখেৰে স্মৃতিনিদৰ্শন নিৰ্মাণ কৰে যেন।
               অন্যহাতে, এই পঞ্চতাৰকা কেইজনে কেৱল কলংপুৰ(ছয়দুৱাৰ তথা গহপুৰ) কেই নহয় সমগ্ৰ অসম দেশ খনকে ভাষা সাহিত্যৰ যোগেদি চিৰকাললৈ নিকপকপীয়াকৈ প্ৰতিষ্ঠা কৰি গৈছে। এই পঞ্চ ৰত্ন‌ই চিৰ যুগমীয়াকৈ কলংপুৰক সাহিত্যৰ তীৰ্থলৈ ৰূপান্তৰ কৰি অতীতৰ কলংপুৰ বৰ্তমানৰ গহপুৰ তথা ছয়দুৱাৰক গৌৰৱ উজ্জ্বল কৰি গৈছে। কলংপুৰ যে কেৱল এই পঞ্চ তাৰকাৰহে জন্ম আৰু  কৰ্মভূমি আছিল এনে নহয়। ৰাষ্ট্ৰৰ প্ৰথম মহিলা শ্বহীদ ৰ এই পবিত্ৰ ভূমি হেম বৰুৱা জ্যোতি প্ৰসাদ আগৰৱালা দেৱৰো জাতিৰ বাবে ঐতিহাসিক কৰ্মভূমি আছিল। পঞ্চৰত্নৰ পলসেৰে সাৰুৱা কৰা এই ভূমিতেই হেম বৰুৱা দেৱেও সাহিত্য সৃষ্টি লগতে ৰাজনীতিৰ পথাৰ খনো অধিক স‌উজীয়া কৰিতোলে। ইয়াৰ উপৰিও অৰুণাচলৰ পাহাৰ ভাঙি বৈ অহা পলস মিহলি পানীত এই পবিত্ৰ ভূমিতে থন ধৰি উঠে দুই মহীৰূহ ক্ৰমে ঔপন্যাসিক, নাট্য ভাস্কৰ সাহিত্য অকাডেমী (১৯৮৯) বঁটা প্ৰাপ্ত পদ্মশ্ৰী অৰুণ শৰ্মা দেৱ আৰু কথা শিল্পী শ্ৰী অপূৰ্ব শৰ্মা ডাঙৰীয়া। শেহতীয়াকৈ এই উৰ্বৰা ভূমিৰ ফচল হিচাপে শ্ৰদ্ধাৰ জ্ঞান পূজাৰী দেৱে কাব্য জগত খনত বিশেষ অৰিহণা আগবঢ়াই সাহিত্য অকাডেমী বটা লাভ কৰি অধিকৰ পৰা আৰু অধিক এই কলংপুৰক মহিমামণ্ডিত কৰি তোলে।
                অতি গৌৰৱ এয়ে যে, কলংপুৰৰ এই উৰ্বৰা ভূমিতেই জ্যোতি প্ৰসাদ আগৰৱালা দেৱেৰ আপ্ৰাণ মৈথুনত প্ৰথম অসমীয়া কথা ছবিৰ প্ৰসব হৈছিল। জাতিৰ প্ৰথমটো ছবি জগতৰ প্ৰসূতী গৃহ এই পবিত্ৰ ভূমিতে জ্যোতি চিত্ৰ বন নামেৰে প্ৰতিষ্ঠিত হৈছিল। য'ত প্ৰথম অসমীয়া কথা ছবি জয়মতী (১৯৩৫) য়ে প্ৰসৱ বেদনাত চতফতাই ভূমিস্থ হৈছিল। আগৰৱালা দেৱৰ অক্লান্ত শ্ৰম আৰু ফলশ্ৰুতিতেই ভোলাগুৰি চাহ বাগিচাৰ শ্যামলী বক্ষৰ পৰাই আৰম্ভ হোৱা অসমীয়া চলচিত্ৰৰ জয়যাত্ৰাই ভাৰতীয় চলচিত্ৰ জগতকো অবাক কৰি ঐতিহাসিক ভাৱে ধন্য কৰিলে এই কলংপুৰক। কিন্তু পৰিতাপৰ কথা এয়ে যে জাতিৰ গৌৰৱ ঐতিহাসিক ভোলাগুৰি চাহ বাগিছা আজি আলৈআথানি। সংৰক্ষণৰো যেন অভাৱ। গহপুৰৰ কোনো এজন বিধায়কে ৰাষ্ট্ৰীয় ঘাই পথৰ দাতিতে লাগি থকা এই বাগিচাখনক পৰ্যতকক আকৰ্ষণ কৰিব পৰাকৈ গঢ়ি নুতুলিলে। ই সত্য যে, বৰ্তমান এই বাগিচাখন চৰনীয়া পথাৰ হিচাপেহে ব্যৱহৃত। 
             



 পঞ্চতাৰকাৰ পলসেৰে সাৰুৱা কৰা এই সাহিত্যপীঠ আজিও সাহিত্য সংস্কৃতিৰে উৰ্বৰা। এই সাৰুৱা ভূমিতেই সজাল ধৰি কলংপুৰৰ লগতে সমগ্ৰ অসমক ভাষা সাহিত্য সংস্কৃতিৰ দিশত আৰু এখোজ আগুৱাই নিছে শ্ৰদ্ধাৰ নগেন কোঁৱৰ, জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বংশী বৰা ,দুবৰি বনৰ কবি কোষেশ্বৰ বৰা, অনুবাদ সাহিত্যৰ বাবে সাহিত্য অকাডেমী বঁটা প্ৰাপ্ত ড. হেমেশ্বৰ দিহিঙীয়া, প্ৰাক্তন অধ্যক্ষ অচ্যুতানন্দ দেৱগোস্বামী, সাংবাদিক কবি বিপুল কুমাৰ দিহিঙীয়া, নাট্যকাৰ কৃষ্ণ গগৈ , নিকুঞ্জ কোঁৱৰ মহন্ত আদি ভালে কেইজন সন্মানীয় ব্যক্তিয়ে।


-মনোজ মহন্ত
৮৪৭১৯০৬৭৫৫

Monday, October 14, 2019

Karl Marx // বিগ বয় কাৰ্ল মাৰ্ক্স // চৰ্ত লাইফ স্কেটচ্ // 📝 মনোজ মহন্ত


              সৰ্বহাৰাৰ ত্ৰাতা বিগ বয় কাৰ্ল মাৰ্ক্স
             মানুহ জন ইমানেই দৰিদ্ৰ হৈ পৰিছিল যে, সন্তানৰ শেষকৃত্য কৰিবলৈ এটা কফিন কিনাৰ জোখাৰেও হাতত ধন নাছিল। গতিকে এজন মানুহে 'পৃথিৱীত' নিজৰ নামটো ৰাখি থৈ যাবলৈ কিমান টকাৰ প্ৰয়োজন? এয়া জানিবলৈ বিশ্ব বিখ্যাত ব্যক্তি সকলৰ জীৱনী সমূহত চকু ফুৰালেই গম পোৱা যায়। এইটো সত্য যে, বিশ্বপ্ৰতিষ্ঠিত ব্যক্তি সকলৰ সৰহ সংখ্যকেই হয় দৰিদ্ৰ নহয় শাৰীৰিক ভাৱে অক্ষম। এই ব্যক্তি সকলৰ ভিতৰত তেনে এজন মানুহেই হ'ল সৰ্বহাৰাৰ প্ৰভু স্বৰূপ বিশ্বখ্যাত বৈজ্ঞানিক সমাজবাদৰ জন্মদাতা বিগ বয় কাৰ্ল মাৰ্ক্স।
            ১৮১৮ চনৰ মে মাহৰ ৫ তাৰিখ। প্ৰুছিয়াৰ অন্তৰ্গত ৰাইন প্ৰদেশৰ এখন ঠাই ত্ৰিয়েৰ। য'ত কাৰ্ল মাৰ্ক্সৰ জন্ম হৈছিল । পিতৃ আছিল এজন পেচাত আইনজিবী আৰু  উদাৰবাদী চিন্তাৰ লোক হেনৰিখ মাৰ্ক্স। কাৰ্লে আইনৰ ছাত্ৰ হিচাপে ১৮৩৬ চনত বন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল। পিচত বাৰ্লিন বিশ্ববিদ্যালয়তো অধ্যয়ন কৰিবলৈ যায়। কিন্তু আইন বিষয়ক বাদ দি ইতিহাস আৰু দৰ্শন বিষয়তহে অধ্যয়ন কৰে। শেষত ১৮৪১ চনত জেনা বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট উপাধি লাভ কৰে।
           সৰ্ব কালৰ সৰ্ব শ্ৰেষ্ঠ মানুহজনৰ বিশ্ববিদ্যালয়ত চাকৰি কৰাটো জীৱনৰ এটা লক্ষ্য আছিল। সেয়ে তেওঁ বিশ্ববিদ্যালয়ত চাকৰিও বিচাৰিছিল। কিন্তু দুৰ্ভাগ্য যে, যাৰ দেহত শোষনৰ বিৰুদ্ধে যুদ্ধৰ তেজ আছে তেওঁক চাকৰি দিয়ে কোনে? যুদ্ধক সমৰ্থন কৰাৰ বাবেই তেওঁ বিশ্ববিদ্যালয়ৰ চাকৰিৰ পৰা বঞ্চিত হ'ব লগা হয়। তথাপিও তেওঁ চাকৰি আৰু নিজৰ ভোগ বিলাশৰ জীৱনক আওকান কৰি যুদ্ধৰ পৰা কেতিয়াও বিচলিত হোৱা নাছিল। সৰ্বহাৰাৰ পৰিত্ৰানৰ বাবে যুদ্ধকে তেওঁ বুকুত গুজি লৈ গোটেই জীৱন দৰিদ্ৰতাৰে পাৰ কৰিছিল। তাৰ বাবে তেওঁ মাজে সময়ে ভাগি পৰিছিল যদিও কৃষ্ণৰ দৰে সকলো সময়তে ফেড্ৰিক এংগেলছে তেওঁক বন্ধুত্বৰ হাত আগবঢ়াইছিল। বিপ্লৱৰ তেজে পিৰ-পিৰাই থকা মাৰ্ক্সে পৰিয়াল পোহ-পালৰ বাবে শেষত সাংবাদিকতাকে বৃত্তি হিচাপে গ্ৰহণ কৰিছিল। তেওঁ Rhenish Times নামৰ কাকত খনত প্ৰবন্ধ লিখিছিল। শেষত কাকত খনৰ প্ৰধান সম্পাদকো হৈছিল যদিও নিজৰ জীৱনটোত সত্যক প্ৰতিষ্ঠা কৰা মাৰ্ক্সৰ কাকত খনৰ মালিকৰ লগত মনোমালিন্য হোৱাৰ বাবে সেই কাকতৰ লগত সম্পৰ্ক ছেদ কৰে।
            ১৭ বছৰ বয়সত তেওঁ যেতিয়া বন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আছিল তেতিয়াই তেওঁৰ বুকুত তেজ ৰঙা গোলাপে পাহি মেলিছিল আৰু দীঘল দীঘল প্ৰেমৰ কবিতা লিখা আৰম্ভ কৰিছিল। সমগ্ৰ চহৰখনতেই নাম থকা এজনী সুন্দৰীৰ প্ৰেমত ল'ৰাজন ব্যাকুল হৈ পৰিছিল।  নাম আছিল জেনিভন ওৱেষ্ট ফালেন। তেওঁতকৈ চাৰিবছৰ ডাঙৰ এই সুন্দৰীৰ প্ৰেমেই মানুহজনৰ জীৱনক কিছু সলনি কৰি দিলে। বন্ধুৰ লগত মদ ভাং কাজিয়াত মত্ত থকা আনকি কাজিয়া কৰি জেলতো দিন পাৰ কৰা এই ল'ৰা জনে এইবোৰ এৰি এজন ভদ্ৰ যুৱকলৈ পৰিৱৰ্তন হ'ল। শেষত এই সুন্দৰীৰ লগতেই ১৮৪৩ চনত তেওঁৰ সংসাৰিক জীৱন আৰম্ভ কৰিছিল। তেওঁক তেওঁৰ সন্তানে মৰমতে Moor বুলি মাতিছিল আৰু জেনীয়ে সম্বোধন ধৰিছিল My big body বুলি। ইফালে বন্ধু মহলৰ মাজত মাৰ্ক্স big boy বুলি জনজাত আছিল আৰু বন্ধু মহলে তেঁওক big boy বুলিয়েই মাতিছিল।
            ১৮৪৩ চনৰ শেষ ভাগ। মাৰ্ক্সে তেওঁৰ পৰিয়ালটিক লগত লৈ সমাজবাদ অধ্যয়নৰ বাবে ফ্ৰান্সলৈ আহে। তাতে তেওঁ বিশেষ বিশেষ ব্যক্তি সকলৰ লগত পৰিচয় হয়। ইয়াৰ ভিতৰত বিশেষ ভাৱে উল্লেখযোগ্য ব্যক্তি জন হ'ল ফেড্ৰিক এংগেলছ। তেওঁলোক দুজন ইমানেই ঘনিষ্ঠ হৈ পৰিল যে, ইজনৰ অনুপস্থিতি সিজনৰ বাবে আমনিদায়ক হৈ পৰিল আৰু এই বন্ধুত্ব জীৱনৰ শেষ সময়ৰলৈকে অক্ষুণ্ণ আছিল। অৱশ্যে এই ঘনিষ্ঠতাৰ মূল কাৰণ হ'ল দুয়োজনৰ দৰ্শণ একেই আছিল। অৰ্থাৎ ইজনৰ লগত সিজনৰ চিন্তাধাৰাৰ মিল আছিল। দুয়োজন বন্ধু মিলি ১৮৪৪ চনৰ পৰা বৈজ্ঞানিক সমাজবাদৰ প্ৰচাৰত লাগি গৈছিল।
              মাৰ্ক্সে পেৰিচত থকা সময়তে কিছুমান প্ৰবন্ধ প্ৰকাশ কৰিছিল। যিবোৰে প্ৰুছিয়াৰ চৰকাৰক ক্ষুণ্ণ কৰি তুলিছিল। সেয়ে প্ৰুছিয়াৰ চৰকাৰে মাৰ্ক্সক ফ্ৰান্সৰ পৰা খেদি দিবলৈ অনুৰোধ কৰিছিল। যাৰ বাবে মাৰ্ক্সে ফ্ৰান্স ত্যাগ কৰিবলৈ বাধ্য হৈছিল। জীৱনৰ শেষৰ সময়খিনি মাৰ্ক্সে ইংলেণ্ডত পাৰ কৰিছিল। ইয়াতেই তেওঁ এংগেলছৰ লগত লগ লাগি নামজাদা গ্ৰন্থ 'Communist Manifesto' ৰচনা কৰি ১৮৪৮ চনত প্ৰকাশ কৰিছিল। ইয়াৰ উপৰিও ইংলেণ্ডত থকাৰ সময়তে মাৰ্ক্স বৃটিছ মিউজিয়ামলৈ অধ্যয়নৰ বাবে ঘনাই ঘনাই অহা যোৱা কৰি বিভিন্ন তথ্য পাতি সংগ্ৰহ কৰি তেওঁৰ বিখ্যাত গ্ৰন্থ 'Das Capital' ৰচনা কৰিছিল। যিখন গ্ৰন্থ কমিউনিষ্ট সকলৰ বাইবেল আখ্যা দিয়া হয়। ১৮৪৮ চনত তেওঁ পুনৰ জাৰ্মানীলৈ বিপ্লৱত যোগদান কৰিবলৈ গুচি আহে। কিন্তু তেওঁক জাৰ্মানীৰ পৰাও বহিষ্কাৰ কৰি দিলে। আনফালে ফ্ৰান্সৰ পৰাও তেওঁ বহিস্কৃত। সেয়ে ইংলেণ্ডলৈ উভতি আহি জীৱনৰ বাকী সময়খিনি তাতে পাৰ কৰে।
              অতি দুৰ্ভাগ্যজনক কথা এয়ে যে, যি জনে সৰ্বহাৰাৰ মুক্তিৰ কাৰণে সংগ্ৰাম কৰিছিল সেইজন মহান ব্যক্তিয়েই ইংলেণ্ডত অতি দৰিদ্ৰতাৰ জীৱন কটাব লগা হয়। দৰিদ্ৰতাই মাৰ্ক্সক কোঙা কৰি পেলোৱাই নহয় গিলি পেলালে।  ১৮৫০-৫৬ ৰ ভিতৰত মাৰ্ক্সৰ তিনিওটা সন্তান দৰিদ্ৰতাৰ বাবেই মৃত্যু হ'ব লগা হয়। আটাইতকৈ সৰু সন্তান এডগাৰৰ যক্ষমা ৰোগত আক্ৰান্ত হোৱাৰ পিছত যেতিয়া দৰিদ্ৰতাই হত্যা কৰি পেলাইছিল তেতিয়া মাৰ্ক্স শোকত ভাগি পৰি বন্ধুলৈ বুলি এনেদৰে লিখিছিল-
---- "মহান মহান লোকসকলে হেনো হেৰুৱাৰ
      বেদনা বৰকৈ অনুভৱ নকৰে। কিয়নো এই
      বিশ্বব্ৰহ্মাণ্ড আৰু প্ৰকৃতিৰ সৈতে অজস্ৰ
      সম্পৰ্ক‌ই তেওঁলোকক সদা ব্যস্ত কৰি ৰাখে।
      কিন্তু মই? ম‌ইতো কোনো মহান লোক নহয়।
      মোৰ ল'ৰাটোৰ মৃত্যুৱে যে মোক ভিতৰলৈকে
      মাৰি দিছে। এতিয়াও এনে লাগে, এয়া যেন
      আজিৰহে ঘটনা। মোৰ দুৰ্ভগীয়া মানুহ  
      জনীও বেজাৰত একেবাৰে ভাগি পৰিছে। "
             এই ঘটনাৰ কিছু দিন আগত এখন কাকতে তেওঁক সাংবাদিক হিচাপে বিচাৰিছিল। কিন্তু তেওঁ লগ দিব নোৱাৰিলে। কাৰণ তেওঁৰ কোট চোলা আৰু জোতাযোৰ পৰ্যন্ত বন্ধকত দি ঘৰ চলাব লগাত পৰিছিল।
            সংসাৰৰ প্ৰতি তেওঁৰ যেন কোনো সময়ত আমনিদায়ক ভাৱ এটাই দেখা দিছিল। কিয়নো ঠিক ১৮৫৮ চন মানতেই এংগেলছক উদ্দেশ্যি চিঠি এখনত লিখিছিল-
----"        সাধাৰণ আকাংখ্যাৰ মানুহে বিয়া বাৰু
              পাতি ঘৰুৱা সমস্যাত ব্যতিব্যস্ত হৈ
              পৰাৰ নিচিনা মূৰ্খামিৰ কাম সংসাৰত
               একো নাই"।
           ইয়াৰ ঠিক কেইবছৰ মানৰ পিছতেই পৰিস্থিতি আৰু ভয়ংকৰ হৈ পৰিল‌। উপায়হীন হৈ ৰেলৱে কেৰাণীৰ চাকৰি এটাৰ বাবে আৱেদন কৰিছিল যদিও হাতৰ আখৰ বেয়া হোৱাৰ বাবেই তেওঁক চাকৰিটো দিয়া নহ'ল। ১৮৬২ চনৰ কিছু সময়ৰ পিছত এখন চিঠিত মাৰ্ক্সে লিখিছিল-
-----  "মোৰ মানুহজনীয়ে প্ৰতিদিনে কয়, তেওঁ
         এতিয়া মৰিবলৈহে বাঞ্চা কৰে। মই
         নিৰুত্তৰ হৈ থাকোঁ। সচাকৈ ক'বলৈ গ'লে
         তেওঁক বুজাবলৈ মোৰ ভাষা নাই। এনে
         পৰিস্থিতিত নিতৌ কিমান অপমান, যান্ত্ৰনা
         আৰু শংকাৰ মাজেৰে দিন কটাব লগা
         হয় সেয়া যে ভাষাৰে বুজাব নোৱাৰি। ল'ৰা
        ছোৱালী কেইটাৰ মুখলৈ মই চাব নোৱাৰোঁ।
        উৎসৱৰ সময়ত সিহঁতৰ বয়সৰ ল'ৰা
        ছোৱালী বোৰে ৰং ৰহ‌ই কৰি ফুৰিছে
        আৰু সিহঁতে? সিহঁতৰ ভয়। জানোচা
        কোনোবাই সিহঁতক লগ কৰিবলৈ আহে
       আৰু এই পূতিগন্ধময় পৰিৱেশত সিহঁতক
       আৱিষ্কাৰ কৰে।
           বন্ধু এংগেলছ আছিল মাৰ্ক্সৰ জীৱন জীয়াৰ ইন্ধন স্বৰূপ। কিয়নো এংগেলছৰ পৰা আৰ্থিক সাহায্য নোপোৱা হ'লে তেওঁ নিৰ্দিষ্ট বয়সৰলৈকে জীয়াই নাথাকিল হেতঁন। নিজৰ লগতে পত্নীয়েও মৃত্যুক স্ব- ইচ্ছাৰে কিজানি আকোৱালি ল'ব লগাও হ'লহেতেঁন। বন্ধু এংগেলছে তেওঁৰ নিজৰ সম্পত্তি বিক্ৰী কৰি বছৰি ৩৫০ পাউণ্ড আয়ৰ ব্যৱস্থা কৰি মাৰ্ক্সক সহায়ৰ হাত আগবঢ়াইছিল। কিয়নো এংগেলছে ভয় কৰিছিল, কিজানি দৰিদ্ৰতাই মাৰ্ক্স নামৰ সত্বাটোক হত্যা কৰি পেলাই। মাৰ্ক্সে লণ্ডনত এটা সৰু ঘৰত বাস কৰিছিল। তেওঁলোকৰ এখন ভাল চকীও নাছিল। আলহী আহিলে এখন ভগা চকী কোনোমতে আগবঢ়াই দিছিল। মাৰ্ক্সৰ ঘৰৰ অৱস্থা দেখি আলহীয়ে প্ৰথমে সংকুচ কৰিছিল। কিন্তু মাৰ্ক্সৰ পৰিয়ালে আলহীক ঈশ্বৰ জ্ঞানেৰে আদৰ অভ্যৰ্থনা আৰু ব্যৱহাৰে আলহীৰ মন জয় কৰিব পাৰিছিল।
             মাৰ্ক্সে হয়তো ইমান পুতৌ জনক জীৱন নিৰ্বাহ কৰিব নালাগিল হেতেঁন। যদি বিপ্লৱ ত্যাগ কৰি কোনো বিশ্ববিদ্যালয়ত চাকৰি কৰি ভোগ বিলাশৰ জীৱন অতিবাহিত কৰিলেহেতেঁন। কিন্তু ব্যক্তিগত সুখভোগৰ মানসিকতা ত্যাগ কৰি সৰ্বহাৰাৰ মুক্তিৰ কাৰণে নিজৰ জীৱন উচৰ্গা কৰা মাৰ্ক্স ধনৰ দুখীয়া আছিল সচা, কিন্তু তেওঁ মনৰ দুখীয়া কেতিয়াও নাছিল। তেওঁৰ লিখনিয়ে তেওঁক পৃথিৱী থকালৈকে যে অমৰ কৰি ৰাখিব তাত কোনো সন্দেহ নাই। তেওঁ লিখা মহৎ গ্ৰন্থ সমূহ হ'ল - The poyerty of philosophy, The Communist Manifesto, The critique of political Economy, Value, Price and Profit, Das capital আৰু Civil war in France.
                মাৰ্ক্সক সাধাৰণতে কোনো নতুন ধাৰণাৰ আৱিষ্কাৰক বুলি বহুতে ক'ব নিবিচাৰে। কিন্তু এইটো স্বীকাৰ কৰে যে, দক্ষ কাৰিকৰে বিভিন্ন ঠাইৰ পৰা বিভিন্ন সামগ্ৰী যোগাৰ কৰি আনি তাত নিজৰ কাৰিকৰী দক্ষতা খটুৱাই ধুনীয়া সামগ্ৰী তৈয়াৰ কৰাৰ নিচিনা মাৰ্ক্সেও বিভিন্ন লেখকৰ ধাৰণাৰ আলমত তেওঁৰ সিদ্ধান্ত সমূহ প্ৰকাশ কৰিছিল। মাৰ্ক্স আছিল এজন দক্ষ মালিৰ নিচিনা। মাৰ্ক্সে সৰ্বহাৰাৰ গলত বৈজ্ঞানিক সমাজবাদৰ মালা খুৱ ধুনীয়াকৈ পিন্ধাই দিব জানিছিল। তেওঁ জাৰ্মান, ইংলেণ্ড আৰু ফ্ৰান্সৰ লেখক সকলৰ পৰা তেওঁৰ সৃষ্টিৰাজীৰ তথ্য সমূহ নিখুত ভাৱে সংগ্ৰহ কৰিছিল। মাৰ্ক্সে দ্বন্দ্বাত্মক বস্তুবাদ আৰু ইতিহাসৰ অৰ্থনৈতিক ব্যাখ্যাৰ সমল পাইছিল জাৰ্মান দাৰ্শনিক হেগেলৰ পৰা। মূল্য আৰু উদ্ধৃত্তমূল্য সম্পৰ্কীয় তত্বৰ সমল লৈছিল বৃটিছ অৰ্থনৈতিকবিদ সকলৰ পৰা আৰু ৰাষ্ট্ৰ সম্পৰ্কীয় তত্বৰ ধাৰণা লৈছিল ফৰাছী লেখক সকলৰ পৰা। উল্লেখযোগ্য যে সৰ্বহাৰাৰ একনায়কত্ববাদ মাৰ্ক্সীয় দৰ্শনৰ এটা অন্যতম বৈশিষ্ট। লেনিন, ষ্টেলিন আদি নেতায়ো ইয়াক সমৰ্থন কৰিছিল।
            ১৮৮১ চন।  মাৰ্ক্স আৰু জেনী পেৰিছলৈ গুচি গৈছিল। ইফালে জীয়েক কেইজনীৰ অবিহনে মাৰ্ক্সে ভীষণ অকলশৰীয়া অনুভৱ কৰিছিল। তেনেকুৱাতে এটা বেয়া খবৰ আহিল। পত্নী জেনী মাৰ্ক্সৰ পৃত্ত কেঞ্চাৰৰ ৰোগত আক্ৰান্ত। ইফালে মাৰ্ক্সৰো ব্ৰংকাইটিছত যোৱা থোৱা অৱস্থা হ'ল। মাৰ্ক্সৰ জীয়ৰী এলেনৰ ভাষাত সেই সময়খিনি-
    ------ সেইছোৱা বৰ দুৰ্বিষহ সময় আছিল। সমুখৰ কোঠাটোত মা শুই থাকে, ভিতৰত আন এটা কোঠাত মূৰ (বাপেকক জীয়েকে মতা নাম)। সমগ্ৰ জীৱনটো তেওঁলোকে সদায়েই একেলগে কটালে, ইজনে সিজনক এৰি এখন্তেকো থাকিব নোৱাৰে, কিন্তু আজি দুয়োকে বেলেগে বেলেগে ৰাখিব লগা হৈছে। ...মই সেই ৰাতিপুৱাটোৰ কথা কেতিয়াও নেপাহৰোঁ। দেউতাই গাটো অকণমান ভাল পাইছিল। তেওঁ মাৰ ৰূমলৈ আহিল আৰু ইজনে সিজনক পাই দুয়ো যেন পুণৰ তৰুণ হৈ পৰিল। যেন মৰমত মগন এহাল ধুনীয়া ডেকা লৰা ছোৱালী। কোনেও কব নোৱাৰে তেওঁলোক ৰোগে কাবু কৰি পেলোৱা, চিৰবিদায় জনাবলৈ অগ্ৰসৰ এজন বুঢ়া-বুঢ়ী বুলি। বৰঞ্চ এই যেন তেওঁলোকে যৌবনত ভৰিহে দিছে।..."
           নিয়তিৰ পৰিহাস। ১৮৮১ চনৰ ২ ডিচেম্বৰত পত্নী জেনীৰ মৃত্যু হ'ল। সেই সময়তে  এংগেলছে এলেনলৈ লিখিছিল –‘Moor is dead too’। পত্নীৰ বিয়োগত ভাগি পৰাৰ বাবে অসুখী মাৰ্ক্সক পৰিবেশ সলনি কৰিবৰ বাবে  ফুৰাবলৈ এলজিয়াৰত আৰু পেৰিছলৈ নিয়া হৈছিল। ফুৰি-চাকি পুনৰ ইংলেণ্ডলৈ যেতিয়া ঘূৰি অহিছিল তেতিয়া বাটতে মাৰ্ক্সে সামান্য পানী-লগা জ্বৰ অনুভৱ কৰিছিল। ইফালে ঘৰ পায়েই পুণৰ এটা দুঃসংবাদ তেওঁৰ কানত পৰিছিল, মাৰ্ক্সৰ মৰমৰ জীয়ৰীও ঢুকাল।
      আনহাতে তেতিয়া সময় আছিল ১৮৮৩ চনৰ ১৪ নবেম্বৰ। মাৰ্ক্সৰ খবৰ লবলৈ এংগেলছ বন্ধুৰ ঘৰলৈ বুলি আহিছিল । আহিপায়ে তেওঁ আচৰিত হৈ পৰিছিল। কিয়নো সমগ্ৰ ঘৰখনতে কান্দোনৰ ৰোল। এংগেলছে ওপৰ মহলাৰ কোঠালৈ গৈয়ে দেখিলে - বিশ্বৰ সৰ্বত্ৰ শোষিত আৰু নিষ্পেষিত জনগনৰ কল্যানাৰ্থে আজীৱন আন্দোলন কৰা মানুহজন আৰু কেতিয়াও সাৰ নোপোৱাকৈ শান্তিৰে টোপনি গৈছে। এংগেলছৰ যেন কলিজা উচুপি এটা আৱেগ মিহলি দীঘল হুমুনিয়া: ওলায় আহিল। লগে লগে তেওঁৰ চকুদুটা পানীৰে উপচি পৰিল। দুহাতেৰে চকুপানী মছি এংগেলছে সেইদিনাই লিখিলে: ‘Mankind is shorter by a head, and that was the greatest head of our time.’
      ১৮৮৩ চনৰ ১৪ নবেম্বৰত মাৰ্ক্সৰ মৃত্যু হ'ল সচা। কিন্তু এই মহান ব্যক্তি জনৰ সৃষ্টি তেওঁ নামৰ যি সত্বা সেয়া কিন্তু পৃথিৱী থকালৈকে জীয়াই থাকিব। এনেএজন ব্যক্তিৰ জীৱন গাথা ইমান কম শব্দত লিখিব পৰা সম্ভৱ নহয়। তথাপিও তেনেই চমুকৈ মাৰ্ক্সৰ জীৱনটোক এইলেখাত তুলি ধৰিবলৈ মাথোঁ চেষ্টাহে কৰিলোঁ।

মনোজ মহন্ত
৮৪৭১৯০৬৭৫৫

Sunday, August 11, 2019

মাতৃভাষাক অৱজ্ঞা কৰিলে বিপদ অনিবাৰ্য //

              ভৱিষ্যতে  বিপদ অনিবাৰ্য্য।

        হঠাৎ মৃগাংকৰ জেপত থকা ফোনটো গৰ্জী(vaibration) উঠিল। লাহেকৈ চাই দেখিলে তাক কোনোবাই মেছেজ কৰিছে, "oi 2r vl ne? Xm knekua hl? Moi cn2". লগে লগে এই মূৰৰ পৰা উত্তৰ গ'ল, " mr valei. xm br 3k hua nai. 2r khbor ko" । ৰ'ব, সকলোৱে এই কথাবোৰ নুবুজিব। কিয়নো বৰ্তমান সময়ত যুৱ প্ৰজন্ম‌ই ভ্ৰাম্যভাষত আবিষ্কাৰ কৰা নতুন লিপিৰে ই এবিধ নতুন ভাষা ।(এটা হুমুনিয়াহ)।

        এটা অভিজ্ঞতা। সিদিনা লক্ষীমপুৰৰ সম্পৰ্কীয় বা এজনীৰ ঘৰলৈ যাওঁতে গুৱাহাটীত থকা ভিনদেউৰ পৰিয়াল এটাকো সিহঁতৰ ঘৰতে লগ পালো। পৰিয়ালটোৰ ৫-৭ বছৰৰ ভিতৰত দুটা ল'ৰা। গুৱাহাটীৰ কোনোবা এখন ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়ে। ল'ৰা দুটাক ইংৰাজী মাধ্যমত পঢ়োৱাইছে, সেয়ে ঘৰৰ মানুহ বোৰে ঘৰুৱা কথাবোৰ যিমান পাৰে  ইংৰাজীতে পাতে। যাতে ল'ৰা দুটাৰ ভবিষ্যত ধ্বংস নহয়। মই কোনোবা সময়ত কথা পাতি থাকোতে কথাৰ প্ৰসংগতে ১৪ সংখ্যাটো কৈছিলো। লগে লগে সিহঁত দুটাৰ এটাই অসমীয়া ইংৰাজী মিহলি ভাষাতে মোক সুধিছিল " চৈধ্য মানে Twenty Eight নেকি"? সিহঁতে অসমীয়া যিহেতু নাজানেই সেয়ে ইংৰাজীতে মই ল'ৰা হালৰ লগতে সিহঁতৰ মাক দেউতাককো উদ্দশ্যি কলো, Don't learn English at the cost of your mother tongu. One who knows only English and isn't conversent with his mother tongue is a half learnd, is a half bliend. Proficiency in one's mother tounge facilitates one to write good English. ইংৰাজী শিকিছা বুলি মাতৃভাষাক অৱহেলা নকৰিবা। যিয়ে কেৱল ইংৰাজী জানে মাতৃভাষা নাজানে তেওঁ অৰ্ধ শিক্ষিত, তেওঁ আধা অন্ধ। মাতৃভাষাৰ ওপৰত দখল থাকিলেহে ভাল ইংৰাজি লিখাত সুবিধা হ'ব। ( ভবিষ্যত ধ্বংস)।
      চচিয়েল মিডিয়াত ফেচবুকৰ এটা গ্ৰুপ, নাম আমাৰ ঘৰ। এজন সৰু ল'ৰা, বৰ্তমান দেলহী ৰ নিবাসী আৰু দেলহী বিশ্ববিদ্যালয়ৰে মেধা ছাত্ৰ প্ৰিন্স মহন্ত এজন আদৰ্শ যুৱক। যি সেই গ্ৰুপৰ এড্মিন। তেওঁ সকলোকে গ্ৰুপত অসমীয়া লিপি ব্যৱহাৰ কৰি কথা বতৰা পাটিবলৈ কয়। সকলো বয়সৰ মানুহে ভৰি থকা গ্ৰুপটোত এতিয়া জুপি জুপি হ'লেও, এটা শব্দ লিখিবলৈ মিনিটৰ পিছত মিনিট লাগিলেও সকলোৱে অসমীয়া লিপি ব্যৱহাৰ কৰাৰ লগতে সকলো কথাবতৰা কেৱল অসমীয়া ভাষাতে কৰে। গুৰুত্বপূৰ্ণ এয়ে য, প্ৰিন্স মহন্ত‌ই অসমীয়া ভাষাৰ 'অ' টো লিখিব জনা পিছৰে কথা কব‌ও নজনা নিপু বৰ্মা নামৰ হিন্দী ভাষীৰ কমৰেড জনক এনেকুৱাকৈ অসমীয়া শিকালে যে তেওঁ এতিয়া কেৱল ক'ব পৰাই নহয় শুদ্ধ অসমীয়া লিখিব‌ও পৰা হ'ল। ( সম্ভাৱনা)।

         ( প্ৰশ্ন: মাতৃভাষাক অৱজ্ঞা কৰিলে জাতিৰ বিপদ অনিৰ্বায। কিন্তু আইৰ বুকুত যি অঘৈয়া হুল সোমাইছে জাতিয়ে পাৰিবনে উলিয়াব? )
         এতিয়া আহিছো মূল কথালৈ, মাতৃভাষাৰ সৈতে মানুহৰ প্ৰানৰ সম্বন্ধ। মাতৃভাষা  হৈছে সন্তানৰ নিজস্ব ভাষা, ই হৈছে বুকুৰ ভাষা। সাধাৰণতে মাতৃৰ মুখৰ পৰা শিকা ভাষাটোকে মাতৃ ভাষা বুলি কোৱা হয়। মাতৃভাষাক কেন্দ্ৰ কৰি শিশুৰ জীৱন গঢ়ি উঠে। ভাব নহ'লে ভাষা নোলায় আৰু ভাষা নহ'লে ভাব প্ৰকাশ কৰিব নোৱাৰি। মাতৃভাষাৰ শিক্ষা যিমানেই গাঢ় হ'ব সিমানেই সন্তানৰ চিন্তাৰাজি স্পষ্ট আৰু যুক্তিযুক্ত হ'ব।
       সত্যেন্দ্ৰ নাথ শৰ্মাৰ মতে" ভাষা বৃক্ষৰ সাহিত্য সৌৰভময় পুষ্প স্বৰূপ"। এই বিশ্ব ব্ৰহ্মাণ্ড খনত অজস্ৰ ভাষা আছে। কিন্তু এই ভাষাবোৰৰ ভিতৰত মাতৃভাষাৰ স্থান সদায় উচ্ছ।  যদিহে নিজৰ ভাষা সংস্কৃতি আমি আমাৰ মাজত গদ্ গদ্ কৈ প্ৰতিষ্ঠা কৰি আনৰ এটা শিকোঁ বা পৃথিৱীৰ যিমান ভাষা সংস্কৃতি আছে সেই সকলোবোৰ শিকোঁ তেতিয়া তাত কাৰো একো ক'ব লগা নাথাকিব। কিন্তু নিজৰ ভাষা সংস্কৃতিৰ বিষয়ে নজনাকৈয়ে বা নিজৰ খিনিক তুচ্ছ জ্ঞান কৰি আনৰ খিনি গ্ৰহণ কৰি নিজৰ ফালে পিঠি দিওঁ তেতিয়া নিজৰ লগতে জাতি তথা দেশ আৰু মাটিৰ অস্তীত্বক জীয়াই ৰখাটো যথেষ্ট কঠিন হৈ পৰিব।
       বৰ্তমান দেখা গৈছে, সমগ্ৰ বিশ্বকে ইংৰাজী ভাষা সাহিত্য‌ই চানি ধৰিছে। ই কোনো বেয়া কথা নহয়। ভাল খবৰ এয়ে যে, আমাৰ ৰাষ্ট্ৰত "ইণ্ডিয়ান ইংলিছ" বুলি স্বতন্ত্ৰ ইংৰাজীৰ ভাষা শৈলী এটা গঢ়ি উঠিছে। গতিকে আমিও ইংৰাজী জানিব‌ই লাগিব। কেৱল বিশ্ব ঘুৰিবলৈকে নহয়, বিশ্বক জানিবলৈও এটা নিৰ্দিষ্ট ভাষাৰ প্ৰয়োজন। বৰ্তমান সেই ভাষাৰ ঠাই দখল কৰিছে ইংৰাজীয়ে। সেয়ে আমি যেনেকৈ মাতৃভাষাক জানো তেনেকৈয়ে ৰাষ্ট্ৰ ভাষাৰ লগতে ইংৰাজী ভাষা জনাটো কেৱল কৰ্তব্য‌ই নহয় ই দায়িত্ব‌ও। কিন্তু সেইবুলিয়ে মোৰ জাতিৰ অস্তীত্বৰ ধাৰক আৰু বাহক চিৰ আপোন ভাষাটোক তুচ্ছ জ্ঞান কৰিব নালাগে। আন দেশৰ ভাষা সংস্কৃতিত কৈ মোৰ ভাষা সংস্কৃতিহে সবতকৈ ওপৰত বুলি ভাবি আন দেশেহে যাতে আমাক তেওঁলোকৰ লগত তুলনা কৰিব বিচাৰে, তেওঁলোকেহে যেন আমাৰ নিচিনা হ'বলৈ চেষ্টা কৰে আমি সেইখিনিৰ ওচৰ পাবলৈহে যত্ন কৰা উচিত। আমি মাতৃভাষাতে এনেকুৱা কিছুমান মহত্ আৰু অমূল্য সম্পদৰ সৃষ্টি কৰিব লাগে যিবোৰ অন্য ৰাজ্য বা বৰ্হি দেশে তেওঁলোকৰ ভাষাত অনুবাদ কৰি আমাৰ জ্ঞানৰ মৌ ৰ পান কৰিবলৈ তত্ হেৰুৱাই পেলাই। মাতৃভাষাৰ মূল্য কোনো কালেই সুজিব নোৱাৰি। ইয়াৰ মূল্য কিমান ক'বলৈ হ'লে সংখ্যাৰ অভাৱ হ'ব। তেনেস্থলত মোৰ মাৰ ভাষাক আউকান কৰি কেৱল আনৰবোৰ শিকি অনুকৰন কৰি নিজক উচ্ছ খাপৰ ব্যক্তি হিচাপে যদি গঢ়িবলৈ যাওঁ তেতিয়া নিজেইটো উচ্ছখাপলৈ যোৱাৰ কোনো পথ বিচাৰি নাপামেই আনকি জাতিটোকো ধ্বংস কৰি থৈহে যাম।
       জাতিৰ অস্তীত্বৰ স্বাৰ্থত সাম্প্ৰতিক অনাঅসমীয়া কথাটো অতি ভয়ংকৰ। কিন্তু তাতোতকৈও ভয়ংকৰ হৈছে আমি জাতিৰ খাতি ভবিষ্যত হৈও জানি শুনিও নিজেই নিজৰ আচাৰ-আচৰন, ব্যৱহাৰ, ভাষা-সংস্কৃতি, কথা বতৰা আদিৰ  মাজেৰে বিভিন্ন  সময়ত ভাষা তথা জাতি ধ্বংসৰ যি বিপদ চপায় আনিছো সেইফালৰ পৰা "ইয়াত এটা অসমীয়া জাতি আছিল" বুলি সৌ শৰাইঘাট দলঙৰ সন্মুখত এখন ডাঙৰ ফলকত কোনো বিদেশী ভাষাৰ দ্বাৰা লিখা ফলক আঁৰিবলৈব বেচি সময় নাই।
       মাতৃভাষা আছলতে কি ? ইয়াক পুনৰ দোহাৰিব বিচাৰিছো। নৃতত্ত্ববিদ সকলৰ একাংশ‌ই সংস্কৃতিক দুটা ভাগত ভাগ কৰিছে। প্ৰথমে বস্তু সংস্কৃতি আৰু দ্বিতীয়তে মানসিক সংস্কৃতি। এই মানসিক সংস্কৃতিৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ সংস্কৃতি হৈছে 'ভাষা'। কিয়নো কোনো এটা জাতিৰ মাতৃভাষাই হৈছে সেই জাতিটোৰ সভ্যতা-সংস্কৃতিৰ প্ৰতীক তথা দাপোন স্বৰূপ। যি সাহিত্যৰ দ্বাৰা এটা জাতিৰ আশা আকাংক্ষা, আনন্দ বেদনা, ভাৱ কল্পনা প্ৰকাশৰ সুবিধা পায়, যি সাহিত্যৰ যোগেদি জাতিৰ মানসিক বিকাশ, সৌন্দৰ্যবোধৰ ধাৰা লক্ষ্য কৰিব পাৰি আৰু অতীত বৰ্তমানৰ পৰিচয় আৰু ভবিষ্যত জীৱনৰ সম্ভাৱনাৰ ইংগিত পোৱা যায়, তদুপৰি যিয়ে জাতিৰ শিক্ষা দীক্ষা, কলা সংস্কৃতি আৰু সমাজৰ প্ৰকৃত পৰিচয় লাভ কৰিবলৈ সুবিধা কৰি দিয়ে, যাৰ যোগেদি শিশুৰ মানসিক আৰু বৌদ্ধিক বিকাশ সাধন কৰিব পাৰি সেয়ে হ'ল মাতৃভাষা। সমগ্ৰ মানৱ জীৱনতে মাতৃভাষাই এক সুকীয়া স্থান দখল কৰি আছে‌। মাতৃ ভাষা হ'ল এটা জাতিৰ জাতীয়বোধৰ পৰিচায়ক। মাতৃভাষাৰ গুৰুত্ব কি সেই সম্পৰ্কে নিৰ্দিষ্টকৈ কৈ শেষ কৰিব নোৱাৰি। তেনেস্থলত আজি আমাৰ মাতৃভাষাই দুদুল্যমান অৱস্থাত হাবোদাবো খাব লগা হৈছে কিয়? ইয়াৰ বাবে জগৰীয়া কোন?
        বিংশ শতিকা অতিক্ৰম কৰি একবিংশ শতিকাত পদাৰ্পন কৰা অসমীয়া জাতিৰ বৰ্তমান আৰু ভৱিষ্যত সাম্প্ৰতিক বিপদাপন্ন। ড. ভূপেন হাজৰিকাই কোৱাৰ দৰেই আজিৰ অসমীয়া জাতিয়ে বীৰ জাতি আছিলো বুলি অতীতৰ গৌৰৱ বুকুত বান্ধি ভাগ্যক ধিয়াই বহি থাকিলে সময়ে ধিক্কাৰ দিব‌ই। জীৱ শ্ৰেষ্ঠ মানব জীৱনৰ অধিকাৰী হৈয়ো আজি অসমীয়া জাতিটোৱে নিজস্ব সকলোখিনি হেৰুৱাই কিছুমান অপ্ৰয়োজনীয়  অত্যাধুনিক মানসিকতাক আকোৱালি লৈ জীয়াই থাকিব লগা হৈছে এক চৰম সংকট পূৰ্ণ অৱস্থাত। কিন্তু কিয়?
        মাতৃভাষাক অৱজ্ঞা কৰা মানেই জাতিটোকে অপমান কৰা নহয় জানো? অৱশ্যে ইয়াৰ বাবে আমি সকলোৱে জগৰীয়া। কিয়নো যি ভাষাৰ কাৰণে বৰ অসমক ভাঙি থান-বান কৰিলোঁ, সাত বাই ভনীক ত্যাগ কৰিলোঁ, কত জনে ভাষা আন্দোলনৰ বাবে জীৱন দান দিলে, কতজন চিৰ দিনৰ বাবে ঘুণীয়া হ'ল সেই ভাষাকো আমি আজি নিজ মাতৃয়ে নৈৰ কোবাল সোঁতত পুত্ৰ কৰ্ণক এৰি দিয়াৰ দৰেই আমিও আজি মাতৃভাষাক শ্মসান যাত্ৰাত সপি দিব খুজিছোঁ। সম্প্ৰতি আমাৰ জাতীয় চৰিত্ৰত ঘূণে ধৰিছে। আমাৰ মাজত সমন্বয় ক্ৰমাত হেৰাই গৈছে। কোনো অন্ধকূপৰ মকৰাৰ জালত ওলমি থকা কিছুমান সমাজ ব্যৱস্থাক গোড়ামীৰে আকোৱালি ধৰি থকাৰ ফলত এটা মহা জাতিক থান বান কৰি বিভিন্ন শ্ৰেণী গোষ্ঠী, অজনজাতি জনজাতি আদিৰ মাজত পাৰস্পৰিক বিশ্বাস, সন্মান, বুজা বুজি ভ্ৰাতৃত্ব বোধ আদিৰ অভাৱ হোৱাত তেওঁলোক হীনমান্যতাত ভোগি 'নিজস্বতা' বিচাৰি অঘোষিত আক্ৰমনেৰে বিলুপ্ত কৰিব বিচাৰিছে জাতিটোৰ অন্তৰ্নিহিত মূল চালিকা শক্তি মাতৃভাষাক। য'ত মাতৃভাষাৰ অৱস্থাই থৰক বৰক তাত জাতিৰ  অস্তীত্ব ক'ত?
         তদুপৰি অসমত যে ভাল কিতাপ প্ৰকাশ পোৱা নাই এনে নহয়। অসমত যে ভাল কিতাপৰ সংখ্যা কম সেয়াও নহয়। কিয়নো যিমান খিনি ভাল কিতাপ আছে সেইখিনি পঢ়িব জোখাৰেও পাঠকৰ সংখ্যাহে তেনেই তাকৰ। আচলতে পাঠক সেইখিনিহে, যি জনে কিবা এটা লেখাৰ চেষ্টা কৰিছে বা কোনোবা মঞ্চত এটা ভাষণ দিবলৈ আখৰা কৰি আছে। আজিৰ দিনত ৫০ শতাংশ‌ও যদি পাঠক থাকা হ'লে তেতিয়াও মাতৃভাষাৰ এই অৱস্থা নহ'ল হেঁতেন।
       দেশ তথা জনসাধাৰণ ইমানেই উন্নতিৰ জখলাৰে আগুৱাই গৈছে যে, ভাবিলে দোষ লগাটো পিছৰ কথা আৰু দুদিন মানৰ পিছত আমাৰ ভবিষ্যত কি হ'ব সেয়া ভাবিলেহে সাংঘাটিক ধৰনৰ ভয় লাগে। দেশ স্বাধীন হোৱাৰ পিছত বিভিন্ন আন্দোলনৰ মাজেৰে সৌ সিদিনা অৰ্থাৎ ১৯৬০ চনত চৰকাৰে ৰাজ্যিক ভাষা হিচাপে ঘোষণা কৰা অসমীয়া ভাষাই আজি ২০১৯ ত ভৰি দিওঁতেই মাত্ৰ এই কেইটা বছৰতে মাতৃভাষাৰ অস্তীত্ব মানুহৰ তুলনাত ১০০ বছৰৰ ভিতৰত ৭০ ৰোদ্ধৰ বৃদ্ধ জনৰ দৰে হৈ পৰিল। এনেকৈ হ'লে আৰু ঠিক কেইবছৰ মানৰ পিছত অসমীয়া ভাষা মাত্ৰ কেইজনমানৰ ভিতৰতে কেলঢোপ কেলঢোপ কৈ দিন নিয়াব লাগিব এটা জাতিৰ মৃত্যুৰ ক্ষণ গনি। হায়! এটা জাতি নি:শেষ!(?)
         দেখা যায় যে চৰকাৰী ভাষা হিচাপে ঘোষণা  হোৱাৰ পিছতো অসমীয়া ভাষা ৰাজ্যিক পৰ্যায়ৰ যিকোনো চৰকাৰী বেচৰকাৰী অফিচ কাছাৰীত ব্যৱহাৰ নহয়। এটা জাতিক প্ৰতিনিধিত্ব কৰা ভাষাটো চৰকাৰী হোৱাৰ পিছতো এই ৰাজ্যখনত প্ৰশাসনিক ক্ষেত্ৰত এই ভাষাৰ কোনো মৰ্যাদা নাই। অসমীয়া ভাষা যেন এতিয়া কেৱল ভাত শাকৰ কথা পাতি মনৰ সাধাৰণ ভৱ প্ৰকাশ কৰাৰহে আহিলা মাত্ৰ। তদুপৰি ভাষাটোৰ সংকট নমাই আনিছে ভূতৰ ওপৰত দানব পৰাদি পৰা অবৈধ কিন্তু চৰকাৰী পক্ষ‌ই বৈধ সজায় গোড়ামীৰে ধৰ্মক প্ৰাধান্য দি জাতিক অন্যায় কৰি ভোট বেংক বনাব খোজা বিদেশী তথা অনাঅসমীয়া সকলে।
         ক্ৰমান্বয়ে নিজ মন মগজুৰে চিতাৰ কাষলৈ চপাই দিয়া মোৰ ভাষাটোক পুনৰ সোণ জিলিকাদি জিলিকাবলৈ মোৰ পৰাই আৰম্ভ কৰিব লাগিব। ঠেক মানসিকতাৰ পিতৃ মাতৃ সকলে সন্তানৰ মূৰত এটা চূড়ান্ত ভূল ধাৰণা সুমুৱাই দিব নালাগিব যে মাতৃভাষাৰ কোনো গুৰুত্ব নাই। ই সত্য যে,  জাতিৰ প্ৰেম থাকিলেহে, মাতৃভাষাক ভাল পালেহে এটা সন্তান এজন মানুহ হ'ব পাৰে। এখন আলোচনীত পঢ়িবলৈ পাইছিলো যে, ভাষা তথা সাহিত্যক জীয়াই ৰখাৰ দায়িত্ব কেৱল সাহিত্যিকৰ। ই সম্পূৰ্ণ ৰূপে এটা পগলামী ধাৰণা। কিয়নো এটা ভাষাই এটা জাতিক প্ৰতিনিধিত্ব কৰে। গতিকে এটা জাতিক কেৱল সাহিত্যিকেই জীয়াই ৰাখিব নোৱাৰে।মানুহে নিজৰ ভাষাটোক ভাল পাই কাৰণে সেই ভাষাত মনৰ ভাৱ যুক্তিৰে প্ৰকাশ কৰি ৰস ৰচনাই হ‌ওক বা মূল্যবান কথাই হ‌ওক লিখে। এদিন সেই লেখা মেলাৰ বাবেই এজন মানুহ সাহিত্যিকলৈ ৰূপান্তৰ হয় আৰু সেই সাহিত্য‌ই এটা জাতিক সেই জাতিৰ ভাষাটোক আৰু এখোপ উন্নতিৰ জখলালৈ উঠাই দিয়ে। কোনো মানুহ জন্মতেই ভাষা বা জাতি ৰক্ষাৰ কাৰণে সাহিত্যিক হিচাপে জন্ম হৈ নাহে। গতিকে পাগলৰ দৰে কেৱল সাহিত্যিক সকললৈকে সকলো থেলি দি নিজেই যি গা এৰা দিয়া মনোভাৱ সেয়া ত্যাগ কৰক। নিজে একো কৰিব নোৱাৰিলেও অন্তত: সেই সাহিত্যিক সকলক সংগ দিয়ক। কিয়নো মোৰ ভাষাক মোৰ সাহিত্যক মোৰ জাতিক জীয়াই ৰখাৰ দায়িত্ব আৰু কৰ্তব্য আমাৰ সকলোৰে।
         শেষত ইয়াকে ক'ম, হে অসমীয়া! নিজ জাতি আৰু ভাষা ৰক্ষাৰ কবচ বাহুত বান্ধি আগবাঢ়ি আহক আৰু আকাশ বতাহ মুখৰিত কৰি ক‌ওঁক "আমি হাড়ে হিমজুৱে অসমীয়া। আমাৰ দেহত আছে বীৰ শ্বহীদৰ সঞ্জীৱনী। নিজ জাতি আৰু ভাষাৰ প্ৰতি অশেষ ভাল পোৱা। আমি অসমীয়া চিৰযুগমীয়া, এই খন অসম আমাৰ দেশ"।


মনোজ মহন্ত

৮৪৭১৯০৬৭৫৫

Tuesday, July 30, 2019

জ্যোতি প্ৰসাদ আগৰৱালা আৰু নাৰীবাদ //

             নাৰীবাদী জ্যোতি প্ৰসাদ আগৰৱালা
            
             সৃষ্টিৰ অপূৰ্বখনিকৰ জ্যোতি প্ৰসাদ আগৰৱালা এগৰাকী নাৰীবাদী পুৰুষো আছিল নেকি? যদি আছিল তাৰ স্পষ্ট প্ৰমাণ ক'ত? আগৰৱালা দেৱ আছিল অসমীয়া কৃষ্টি সংস্কৃতি, শিল্প সাহিত্য তথা সংগীত জগতৰ খনিকৰ স্বৰূপ। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আছিল প্ৰযোজক, পৰিচালক, ছবি নিৰ্মাতা, নাট্যকাৰ, বিপ্লৱী কবি, । কিন্তু তেওঁনো কোনখিনিত নাৰীবাদী হিচাবে পৰিচয় দিলে? আমি যদি তেওঁৰ প্ৰোজ্জ্বল সৃষ্টিৰ মাজলৈ অলপ সোমাই যাওঁ তেতিয়া ই স্পষ্ট হৈ পৰিব যে, জ্যোতি প্ৰসাদ আগৰৱালাই নাৰীক তেওঁৰ সৃষ্টিৰে কৰ্মৰাজীৰ মাজেৰে কেনেকৈ প্ৰতিষ্ঠা কৰি থৈ গৈছে।
          
            সামাজিক সংস্কাৰমূখী আন্দোলন সমূহৰ ভিতৰত নাৰীবাদী আন্দোলন অন্যতম। এই আন্দোলনৰ অন্যতম পুৰুষ হিচাবে জ্যোতিপ্ৰসাদ আগৰৱালাও উল্লেখযোগ্য ব্যক্তি।অৰ্থাৎ এজন বাস্তৱ নাৰীবাদী পুৰুষ। গতিকে আগৰৱালা দেৱৰ নাৰীবাদ সম্পৰ্কে জানিবলৈ হ'লে তেওঁৰ অপুৰ্ব সৃষ্টিৰ অন্যতম ৰচনা নাটক আৰু তেওঁৰ অসমীয়া ছবি জগত খনলৈ সোমাই যাব‌ই লাগিব। তেওঁ জাতিক চহকী কৰি বিশেষ কাব্য ৰসেৰে সাহিত্যৰ মৌ সানি কেইবাখনো নাটক ৰচনা কৰিছিল আৰু যোগান্তৰকাৰী এই নাটক তথা অসমীয়া ছবি জগতৰ কৰ্মৰ মাজেৰে নাৰীবাদী আন্দোলনৰ সবল ভূমিকা লৈছিল। ১৪ বছৰ বয়সতে তেওঁ ৰচনা কৰিছিল শোণিতকুঁৱৰী নাটক খন। তাৰ পিছত ক্ৰমে লভিতা,কাৰেঙৰ লিগিৰী, ৰূপালীম আদি নাটক ৰচনা কৰে। এতিয়া যদি মন কৰা যায়,  দেখিব যে নাটক কেইখনৰ নামাকৰনতেই নাৰীয়ে প্ৰাধান্য লাভ কৰাৰ লগতে নাটক কেইখনত কেকেন্দ্ৰীয় চৰিত্ৰ হিচাবে নাৰী চৰিত্ৰ‌ই প্ৰাধান্য লাভ কৰিছে। ই কিন্তু ইমান সহজ কথাও নাছিল। যি সময়ত নাৰীয়ে ঘৰৰ ভিতৰৰ পৰা বাহিৰলৈ ওলোৱাটো পিতৃ তান্ত্ৰিক সমাজ খনৰ বাবে এক অপৰাধ আছিল, সেই সময়তেই তেওঁ নাৰী চৰিত্ৰক মূল চৰিত্ৰ হিচাপে লৈ নাটক ৰচনা কৰি নাৰীৰ নামেৰেই নাটক কেইখন নামাকৰণ কৰিছিল। বিশেষ এয়ে যে, তেওঁ নাটক কেইখনৰ চৰিত্ৰ সমূহত নাৰী আৰু পুৰুষৰ মাজত কোনো ধৰণৰ পাৰ্থক্য নোহোৱাকৈ সুন্দৰকৈ তুলি ধৰিছে। তেওঁৰ নাটকৰ চৰিত্ৰ সমূহৰ মাজত কোনো লিংগবৈষম্যৰ স্থান নাই। নাটক কেইখনৰ নাৰী চৰিত্ৰ কেইটাত নাৰীৰ অপাৰ শক্তি আৰু দৃঢ়তা প্ৰকাশত তেওঁ সফল হৈছে। কিন্তু আগৰৱালা দেৱৰ কেৱল নাটকতেই নাৰীবাদ স্পষ্ট নে? "ভাবিকালৰ সংস্কৃতি", "আইদেউৰ জোনাকী বাট" প্ৰবন্ধ আদিতো তেওঁ নাৰীমুক্তিৰ বাবে যথেষ্ট কাম কৰি গৈছে। তেওঁ কৈছে " শিল্পীয়ে, সাহিত্যিকে, অধ্যাপকে সংস্কৃতি বুলি চিঞঁৰি দেশ তল ওপৰ কৰিছে। কিন্তু দুৰ্নীতিৰ ৰাজত্ব শেষ নাই। শেষ ৰৈছেগৈ মাতৃ সকল। আজি যদি মাতৃ সকলে এই মহিষাসুৰক বিনাশ কৰিব নোৱাৰে, তেন্তে ভাৰতত নতুন সংস্কৃতি ৰচনা কৰিবলৈ ওলোৱাটো মাত্ৰ বলিয়ালিহে হ'ব"।


       প্ৰথমে আমি যদি শোণিতকুঁৱৰী নাটক খনকে চাওঁ, দেখিম যে নাটক খনত ঊষা অনিৰুদ্ধৰ কাহিনীয়ে মূল যদিও কিন্তু চিত্ৰলেখা চৰিত্ৰটো নাট্যকাৰে নাটকখনৰ আৰম্ভনিৰ পৰায়ে জীৱন্ত কৰি ৰাখিছে আৰু চৰিত্ৰটিৰ ভূমিকা অপৰিহাৰ্য হিচাপে নাটক খনত প্ৰতিষ্ঠা কৰিছে। এই নাৰী চৰিত্ৰটিক নাটকখনৰ সূত্ৰধাৰ হিচাপে তেওঁ জিলিকাই তুলি নাৰীৰ আসন খন এখোজ আগুৱাই দিছে। এই চৰিত্ৰটিৰ দ্বাৰা নাট্যকাৰে বুজাব বিচাৰিছে যে, হে নিষ্পেষিত নাৰী! তোমালোক পুৰুষৰ অভৱ্য বন্দীশালৰ দুৱাৰ ভাঙি ওলাই আহি সমাজ সংস্কাৰত তোমালোকে আগভাগ লোৱা, নিজক প্ৰতিষ্ঠা কৰা, সমাজৰ পৰিয়ালৰ পৰিচালনাত তোমালোকে নিজকে নিয়োগ কৰা। নাট্যকাৰে চৰিত্ৰটিৰ দ্বাৰা নাৰীক আহ্বান জনাইছে যে, কঠোৰ সংস্কাৰ বিমুখ সংস্কৃতিৰ মাজৰ পৰা আপোনালোক ওলাই আহি নিজকে নতুন জীৱনেৰে ৰং তুলিকাৰে চিত্ৰশিল্পী, নৃত্যপটিয়সী, দায়িত্বশীল নাৰী হিচাবে প্ৰতিষ্ঠা কৰক।

            ইয়াৰ পিছতেই লভিতা নাটক খনত চকুফুৰালে গম পোৱা যায় যে, নায়ক বিহীন যদিও সমাজ খনকে নায়ক সজায় নাট্যকাৰে মূল চৰিত্ৰ লভিতাৰ ওপৰত বেচি গুৰুত্ব দিছে। এই চৰিত্ৰটিক নাট্যকাৰে নতুন যুগৰ নতুন চেতনাৰ বাৰ্তাবাহক নাৰী চৰিত্ৰ হিচাবে তুলি ধৰিছে। অতি গুৰুত্বপূৰ্ণ এয়ে যে, এই চৰিত্ৰটিৰ জড়িয়তে গোড়া পিতৃতান্ত্ৰিক সমাজ ব্যৱস্থাক মষিমূৰ কৰি নাৰীক উত্তৰণৰ ইংগিত দিছে। এগৰাকী নাৰী হৈয়ো ৰক্ষনশীল অসমীয়া সমাজৰ বেষ্টনী ভাঙি লভিতাই সৈন্য শিবিৰৰ নাৰ্চৰূপে নিজক প্ৰতিষ্ঠা কৰিছে। আনকি নাৰী যে দুৰ্বল নহয়, নাৰীয়েও পুৰুষৰ দৰে সমানে আগবাঢ়ি যাব পাৰে, নাৰীও সাহসী আৰু স্পষ্টবাদীৰ ৰূপত প্ৰতিষ্ঠা কৰিব পাৰে নাট্যকাৰে এই চৰিত্ৰটিৰ দ্বাৰা তাকে স্পষ্ট কৰি তুলিছে। এই চৰিত্ৰটিৰ দ্বাৰা আগৰৱালা দেৱে এইটোও দেখাব বিচাৰিছে যে, নাৰীয়ে নাৰীৰ জীৱনটোক কেনেকৈ ক্ষুদ্ৰৰ পৰা বিৰাটলৈ, সীমাবদ্ধতাৰ পৰা বিশালতালৈ নিব লাগে বা নিব পাৰি । আছলতে নাট্যকাৰে লভিতা চৰিত্ৰটিৰ দ্বাৰা নাৰীক ঐতিহ্য আৰু আধুনিকতাৰ প্ৰতি থকা বৈজ্ঞানিক দৃষ্টি ভংগীৰে সমগ্ৰ নাৰী জাতিক এখোজ ওলাই আহিবলৈ আহ্বান জনাইছে। "আজি কালিৰ ডেকা ল'ৰা। আজি কালি উপজিছা, সেই বুলিয়েনে? তোমাৰ মনটো আজিৰ দিনতো দুকুৰি বছৰ আগৰ দৰে। যি কথাটো সত্য বুলি ভাবা তাক সমাজৰ ভয়ত ক'বলৈ সাহ নাই। কৰিবলৈ সাহ নাই। তুমি নক'বা আজি দিনৰ ডেকা বুলি"। প্ৰগতিশীল লভিতাৰ সংলাপতে স্পষ্ট যে, এই চৰিত্ৰটি নাৰী হৈও সামাজিক দায়িত্ববোধ, ৰাজনৈতিক চেতনা, আধুনিকতাৰ আৰ্থসামাজিক, ৰাজনৈতিক চিন্তা ৰহিত আনকি সমাজৰ বিচ্ছিন্ন অভিজাত সুলভ স্বাৰ্থণ্বেষী স্থিতিৰ বাবে কিমান সচেতন।।
            জ্যোতি প্ৰসাদৰ অন্য এখন নাটক হৈছে ৰাপালীম। এই খন নাটকতো মূল চৰিত্ৰ নাৰীয়ে। ইয়াত নাট্যকাৰে ৰূপালীম চৰিত্ৰটিৰ দ্বাৰা সমগ্ৰ নাৰীৰ মমতা সুলভ ত্যাগী হৃদয়ৰ ভিন্ন দৃষ্টি ভংগীক যেন তুলি ধৰিবলৈ যতপৰোনাস্তি চেষ্টা কৰিছে। একেটা চৰিত্ৰৰ দ্বাৰাই নাৰী কেনেকৈ সমাজ ব্যৱস্থাত লাঞ্চিত হ'ব লগা হয় তাৰ স্পষ্ট ছবি তুলি ধৰিছে। এই নাটকখনত দুইটা নাৰী চৰিত্ৰ ৰূপালীম আৰু ইতিভেনক নিখুত ভাৱে প্ৰবেশ কৰাইছে আৰু দুয়োটা চৰিত্ৰ‌ই যেন নাটক খনৰ মূল চৰিত্ৰ।এই নাটকখনতো নাৰী কেনেকৈ পুৰুষৰ কামাতুৰৰ বলী হয়  আৰু পুৰুষে নিজৰ বিকৃত মানসিকতা ঢাকিবলৈ কিমান তললৈ নামি যাব পাৰে তাক তুলি ধৰিবলৈ বিশেষ চেষ্টা কৰি সফল হৈছে। অৱশ্যে প্ৰথমে ভুল কৰিছিল যদিও পিছত মণিমুগ্ধৰ চৰিত্ৰটিত সততাৰ পৰিচয় পোৱা যায়‌। লগে লগে ইয়াকো পুনৰ প্ৰমাণ কৰিছে যে নাৰী কিমান ত্যাগী আৰু মমতাময়ী। কিয়নো ৰূপালীমে বাপেক আৰু মায়াবৰ মুক্তিৰ বাবে মনিমুগ্ধৰ ওচৰত অনিচ্ছাস্বত্বেও আত্ম সমৰ্পণ হ'ব লগা হৈছিল। ইফালে ইতিভেনৰ চৰিত্ৰৰ জৰিয়তে নাট্যকাৰে নাৰীৰ সতীত্ব ৰক্ষাৰ স্বাৰ্থত , নিজ ৰাজ্যৰ জাতিৰ বৃহত্তৰ স্বাৰ্থত মনিমুগ্ধ ভাবি স্বামী হোৱাৰ পিছতো তেওঁৰ বিৰুদ্ধে যি বিদ্ৰুহী মনোভাৱৰ ছবি দাঙি ধৰিলে তাৰ পৰা স্পষ্ট কৰিছে যে, নাৰীয়ে ভ্ৰষ্টাচাৰ অনীতিৰ বিৰুদ্ধে মাত মাতিবলৈ তাক দমন কৰিবলৈ বিপক্ষ দল যিমানেই আত্মীয় বা শক্তিশালী নহ‌ওক কিয় কেতিয়াও পিছুৱাই নাহে।  ইয়াত আগৰৱালা দেৱে নাৰীক শক্তিশালী ৰূপত তুলি ধৰাৰ লগতে সততাৰ পৰিচয় দিছে। "যুগে যুগে যেতিয়াই পুৰুষে কৰ্তব্যক পাহৰি দুৰ্বলতাক আশ্ৰয় কৰি কৰ্তব্য বিমুখ হৈছে তেতিয়াই তিৰোতাই কৰ্তব্য সোঁৱৰাই দিবলৈ ওলাই আহিছে। আজি ময়ো তাকে কৰিবলৈ ওলাই আহিছো। তোমালোকৰ ৰজা যদি অসমৰ্থ তেন্তে মই তোমালোকক বাট দেখুৱাই দিম"। স্বাৰ্থপৰ, দমন, শোষণ, ভ্ৰষ্টাচাৰী, কামুক সমাজ তথা পুৰুষৰ বিৰুদ্ধে নাৰীক শক্তিশালী ৰূপত থিয় কৰাই নাটক খনত নাট্যকাৰে সফলতা লাভ কৰিছে। যদিও ইতিভেনৰ চৰিত্ৰটো শেষলৈ ঈৰ্ষাৰ জুই হিচাপে ফুতি উলাইছে তাৰ বাবে কিন্তু মণিমুগ্ধ‌ই জগৰীয়া। কিয়নো বাকদত্তা ইতিভেনৰ ওচৰত মণিমুগ্ধ‌ই নিজৰ নষ্টচৰিত্ৰৰ দোষ ঢাকি ৰূপালীমেহে তেওঁৰ ওচৰত দেহ দান দিবলৈ ওলোৱাটো একপ্ৰকাৰে মিচা প্ৰমাণ কৰিছিল। আনহাতে নাট্যকাৰে নাৰী কেনেকৈ ৰাজকাৰেঙৰ ভিতৰতো  ধৰ্ষণৰ বলী হ'ব লগা হয়, ৰাজ আট্টালিকাৰ বগা পাইজামাৰ আঁৰত  নিষ্ঠুৰ সংগমত নাৰীৰ সতীত্ব কেনেকৈ হৰণ হয় ইয়াৰ এখন জ্বলন্ত ছবি অংকন কৰি সফলতা লাভ কৰিছে।

          আগৰৱলা দেৱৰ অন্য এখন নাটক কাৰেঙৰ লিগিৰী। এই নাটকৰ নামাকৰনো এগৰাকী নাৰী আৰু কেন্দ্ৰীয় চৰিত্ৰটিও সেই নাৰীয়ে। নাটক খনৰ দ্বাৰা নাট্যকাৰে স্বৰ্গীয় প্ৰেমৰ ত্যাগৰ কথা স্পষ্টকৈ তুলি ধৰিছে। নাটকখনৰ মূল চৰিত্ৰ হৈছে শেৱালী। শেৱালী এজনী সাধাৰণ লিগিৰী যদিও শাৰদীয় নিয়ৰত তিতা এপাহি যেন শেৱালী ফুল। তথাপিও তাই লিগিৰী হোৱাৰ বাবেই সুন্দৰ কোঁৱৰৰ পৰা বঞ্চিত হ'ব লগা হ'ল।তায়ো সেয়া অতি সহজ ভাৱে স্বীকাৰ কৰি লৈছে। কিয়নো সেয়া আছিল তাইৰ নিস্বাৰ্থ প্ৰেম। নাৰীয়ে যে নিজৰ সৰ্বস্ব ত্যাগ কৰি হ'লেও অন্য জনৰ সুখ দুখ শান্তি এইবোৰক সন্মান জনায় এই চৰিত্ৰটিৰ দ্বাৰা নাট্যকাৰে তাকে যেন প্ৰকাশ কৰিব বিচাৰিছে। এই নাটক খনৰ যোগেদি আগৰৱালা দেৱে সামন্তযুগীয় সমাজত শেৱালী অনংগ নিস্পেষিত জনৰ প্ৰতিনিধি হিচাপে তেনে নাৰীৰে এখন স্পষ্ট ছবি তুলি ধৰিছে।
গতিকে দেখা যায় যে, আগৰৱালা দেৱে তেওঁৰ প্ৰত্যেক খন নাটকতেই নাৰীক প্ৰাধান্য দিছে। নাৰীৰ প্ৰতিটো কেন্দ্ৰীয় চৰিত্ৰক নাৰীৰ প্ৰতিনিধি হিচাপে থিয় কৰাইছে। নাৰীৰ চৰিত্ৰ সমূহ কোনো কৃপনালী নকৰাকৈ নাৰীৰ প্ৰাকৃতিক বৈশিষ্টৰে প্ৰতিষ্ঠা কৰিবলৈ পূৰ্ণ প্ৰয়াস কৰি সফল হৈছে। নাৰী চৰিত্ৰ সমূহে তেওঁৰ নাটকত ৰূপান্তৰৰ ভূমিকা হিচাবে দেখা দিছে। প্ৰতি খন নাটকতেই নাৰীৰ উত্তৰণৰ ইংগিত দিছে। তেওঁৰ নাটকত সমাজ ,সংস্কৃতি ,ৰাজনীতি আদি সকলোতে নাৰীক সমান অধিকাৰ দি সকলোতে যে নাৰী আগবঢ়া নাৰী যে শক্তিশালী তাৰ প্ৰমাণ দিব বিচাৰিছে। কেৱল নাটকতেই তেওঁৰ এই নাৰীবাদী মনোভাৱ স্পষ্ট নে? তেওঁৰ কথা ছবি জগত খনলৈও যদি ভুমুকি মৰা হয়, দেখিম যে তাতো আগৰৱালাদেৱে নাৰীক কেনেকৈ সমাজৰ আগশাৰীলৈ উলিয়াই আনিলে তাৰ প্ৰমাণ আজি পৰ্যন্ত‌ই নহয় জাতি থকালৈকে ইতিহাস যদিও ই বৰ্তমান হৈ থাকিব।
         ৰাষ্ট্ৰ বৃটিছৰ অধীন হ'ল। ৰাজ্যৰ পৰিবেশো অন্ধকাৰাচ্ছন্ন হ'ল। লগে লগে সমাজ ব্যৱস্থাত নাশ্ৰুত নাভুত সংস্কাৰে বেৰি ধৰিলে। সমান্তৰাল ভাৱে নাৰীৰ মৰ্যাদাও হানী হ'ল। ৰাষ্ট্ৰ তথা ৰাজ্যৰ এই অন্ধকাৰচ্ছন্ন পৰিৱেশতেই কলংপুৰ তথা গহপুৰৰ ভোলাগুৰী চাহবাগিচাত আগৰৱালা দেৱে জাতিক ইতিহাস সমৃদ্ধ কৰি পোহৰাই তুলিলে। যি সময়ত মহিলা পাছৰে কথা   কিছু সংখ্যক পুৰুষেও বায়'স্কোপ কি বস্তু নাজানিছিল। মহিলা সকলেতো পাকঘৰৰ পৰা নিজৰ ঘৰৰ আগফালৰ চোতাল খনলৈ ওলাবলৈকে শিকা নাছিল বা ওলোৱাটো অপৰাধ হিচাপে গণ্য কৰা হৈছিল। তেনে এক পৰিবেশতেই প্ৰথম বাৰৰ বাবে অসমীয়া  কথাছবি 'জয়মতী' ক গৰ্ভস্থ কৰিবৰ বাবেই জ্যোতি প্ৰসাদ আগৰৱালাই  ভোলাগুৰী চাহ বাগিচাৰ অস্থায়ী প্ৰশুতি গৃহ চিত্ৰবনত কথোৰ পৰিশ্ৰমেৰে মৈথুন প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। ১৯৩৪ চনত এই মৈথুনৰ ফলতেই জয়মতীয়ে প্ৰসৱবেদনাত চতফতাই আৰু অসমীয়া জাতিৰ বাবে অসমীয়া কথাছবিৰ বাবে এক গৌৰৱ‌ উজ্জ্বল ইতিহাস ৰচনা কৰিলে। কিন্তু উল্লেখযোগ্য কথা এয়ে যে, ৰাষ্ট্ৰৰ প্ৰথম খন নিৰ্বাক কথাছবি দাদা চাহেব ফাল্কেৰ দ্বাৰা নিৰ্মিত 'ৰাজা হৰিশ্চন্দ্ৰ' তো নাৰী ছৰিত্ৰসমূহ পুৰুষেহে অভিনয় কৰিছিল। তাত নাৰীৰ কোনো স্থান নাছিল। কিন্তু আগৰৱালাদেৱ আছিল নাচুৰবান্দা। তেওঁ জয়মতীৰ নাৰী চৰিত্ৰ কেইটা নাৰীৰ দ্বাৰাহে কৰিব। সেয়ে তেওঁ বাতৰি কাকতত নাৰী চৰিত্ৰৰ বাবে ছোৱালী বিচাৰি বিজ্ঞাপন দিলে। কিন্তু দুৰ্ভাগ্যজনক এয়ে যে, পুৰুষৰ কথোৰ শোষণ আৰু দমনমূলক সমাজ খনৰ পৰা কোনো ছোৱালী আগবাঢ়ি নাহিল। উপায় নাপায় তেওঁ নিজেই নানা দুৰ্ভোগ ভুগিও ছোৱালী বিচাৰি গোটেই অসম চলাথ কৰিলে যদিও কাকো নাপায় গোলাঘাটৰ জীয়ৰী আইদেউ সন্দিকৈক বায়'স্কোপ দেখুৱাম বুলি ফুচুলাই আনি বায়'স্কোপৰ সন্মুখত জয়মতী চৰিত্ৰৰ অভিনয় কৰোৱাই প্ৰথমবাৰৰ বাবে নাৰীক কেৱল কথাছবি জগত খনতেই নহয় বা কেৱল আইদেউ সন্দিকৈকে নহয় সমগ্ৰ নাৰী জাতিক পুৰুষৰ কথোৰ শোষণকাৰী সমাজৰ বেহু ভাঙি উলিয়াই আনি সাংস্কৃতিক জগত খনৰ লগতে সমগ্ৰ অসমীয়া সমাজ ব্যৱস্থাতে নাৰীক প্ৰথম বাৰৰ বাবে প্ৰতিষ্ঠা কৰিলে। কেৱল আইদেউ সন্দিকৈকে নহয়, মোহিনী ৰাজকুমাৰী, জ্যোতি বৰুৱা আদিৰ নামো উল্লেখযোগ্য। ইয়াৰ  ভিতৰত জ্যোতি প্ৰসাদ আগৰৱালাৰ লগতে মোহিনী ৰাজকুমাৰীক জাতি জীয়াই থকালৈকে বিশেষ ভাৱে কৃতজ্ঞতা জনাব‌ই লাগিব। কিয়নো আগৰৱালা দেৱে সেই সময়তে তেনে এগৰাকী নাৰীক প্ৰতিষ্ঠা কৰি সমগ্ৰ নাৰীক সন্মান জনাই থৈ গৈছে, যিটো সেই সময়ৰ কামৰ ভিতৰত অতি আশ্চৰ্য জনক হোৱাৰ লগতে অতি সন্মানীয়। কিয়োনো, জয়মতীৰ ৰাজমাওৰ চৰিত্ৰটিত সেই গৰাকী মোহিনী ৰাজকুমাৰীয়ে অভিনয় কৰিছিল যি এগৰাকী বিধবা মহিলা আছিল। আনহাতে ডালিমী চৰিত্ৰটোত অভিনয় কৰিছিল জ্যোতি প্ৰসাদৰ চাঞ্চল্যকৰ আবিষ্কাৰ জ্যোতি বৰুৱা নামৰ ছোৱালী এজনীয়ে।  কিন্তু এই আদৰ্শবান মহান মহিলা কেইগৰাকীৰ অৱস্থা কথা ছবিত অভিনয় কৰাৰ বাবেই পিছত ইমানেই দুখলগা হ'ল যে, ঘৰৰ ভিতৰত তেওলোকৰ বাবে কোনো স্থান নাছিল। সমাজৰ এঘৰীয়া মানুহ হিচাবে গোহালি ঘৰৰ চুক এটাত থাকিব লগা হ'ল। সমাজৰ লগত জুই পানী নিষেধ কৰি দিয়াৰ লগতে আজীৱন লাঞ্চনা-গঞ্জনাৰে অবিবাহিতা হৈয়ে থাকিব লগা হ'ল। কিন্তু অসমীয়া কথাছবিৰ জন্মলগ্নত এই তিনি গৰাকী নাৰীৰ অৱদান তথা ত্যাগ অসমৰ সাংস্কৃতিক ইতিহাসত চিৰস্মৰণীয় হৈৰোৱাৰ লগতে অসমীয়া সাংস্কৃতিক ইতিহাসত এক বোবা বেদনাৰ সাক্ষী হৈ ৰ'ল। আনহাতে কথাছবি নিৰ্মাণৰ বাবে দৃঢ় প্ৰতিজ্ঞ মন বিবেকক পিছুৱাই যাবলৈ নিদি মহিলা শিল্পীক বিচৰাৰ নামত দুৰ্ভোগ ভুগিও ছবি নিৰ্মাণ কৰি জাতিক উজ্জ্বল কৰি তোলাৰ লগতে নাৰীক নিজৰ সৃষ্টি কৰ্মৰ মাজেৰে সাংস্কৃতিক জগত খনত প্ৰতিষ্ঠা কৰাই ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক, আদি সকলো দিশতে চৰিত্ৰ সমূহক সমগ্ৰ নাৰী জাতিৰ এক আদৰ্শ চৰিত্ৰ হিচাপে প্ৰানৱন্ত কৰি নাৰীৰ হৈ যিখিনি কাম কৰিথৈ গ'ল তাৰ মাজেৰেই স্পষ্টকৈ ক'ব পাৰি জ্যোতি প্ৰসাদ আগৰৱালা এগৰাকী বাস্তৱ নাৰীবাদী পুৰুষ আছিল। 

মনোজ মহন্ত
৮৪৭১৯০৬৭৫৫

Monday, June 10, 2019

বাৰিষা আকৌ আহিল // মনোজ মহন্


                                              
Ph/email:- mm8471906755@gmail.com
বাৰিষা মানেই অসমীয়াৰ শত-সহস্ৰৰ সৰল নয়ন অশ্ৰুৰে ভৰি পৰা। বাৰিষা আহিল মানেই অসমৰ মানুহে যমৰ যাতনা ভুগিবলৈ সাজু হোৱা
        বহাগ জেঠ মাহ সোমোৱাৰ লগে লগে ধাৰষাৰ বৰষুণ দিয়া আৰম্ভ হয়। তাৰ সমান্তৰাল ভাবে আৰম্ভ কৰে মথাউৰি নিৰ্মানৰ কাম। কিন্তু আজি পৰ্যন্ত এটা উন্নত মানদণ্ডৰ মথাউৰিহে নিৰ্মাণ নহল। পৰা ? বহাগ, জেঠ, আহাৰ মাহ জানো মথাউৰি নিৰ্মাণ বা মেৰামতি কৰাৰ সময়? প্ৰকৃতিয়ে এফালে বৰষুণ দিয়া আৰম্ভ কৰিব আৰু আনফালে ঠিকাদাৰ বোৰে JCB ট্ৰেক্টৰ দুই এখন লৈ পৰা এঘোক পৰা এঘোক খান্দি বালি মাটিৰে এটা মথাউৰি বনাই গুছি যাব। ফলত সপ্তাহ দহ দিনৰ পিছত বানে খহোৱাতো পিছৰ কথা সাধাৰণ দুই এজাক বৰষুণতেই মাটি খিনি খহি গৈ চিন চাপ নোহোৱা হৈ পৰে। তাৰ পিছতো প্ৰতিবছৰে মথাউৰি নিৰ্মানৰ নামত চৰকাৰে টকা অনুমোদন কৰিয়ে থাকে। কিন্তু টকা অনুমোদন কৰাতেই জানো চৰকাৰৰ দায়িত্ব শেষ? টকা খিনি অনুমোদন কৰাৰ পিছত বা আগত চৰকাৰৰ ঘৰৰ মানুহে ইয়াৰ হিচাব নলয় যে, কিমান টকা ব্যয়েৰে কিমান উন্নত ভাৱে যোৱাবাৰ ঠিকাদাৰ জনে মথাউৰিটো নিৰ্মান কৰিছিল
        অসমত এনেকুৱা কিছুমান সমস্যা আছে যিবোৰৰ কোনো স্থায়ী সমাধান নাই। তথাপিও তাক প্ৰতিৰোধ কৰিব পৰাকৈ আজি বিজ্ঞানৰ যুগত তেনে কোনো সমাধান নথকা নহয়। এই সমস্যা বোৰৰ ভিতৰত বানপানীৰ সমস্যা উল্লেখযোগ্য। এতিয়া অসমৰ নৈ-উপনৈয়ে অসমক সুজলা-সুফলা, শস্য-শ্যামলা নকৰেকৰে কেৱল ধ্বংস। অসমৰ ইতিহাসত প্ৰথম বাৰৰ বাবে এই ধ্বংসৰ পাতনি মেলিছিল ১৯৩৪ চনত কপিলীৰ প্ৰলয়ংকাৰী বলিয়া বানৰ নিষ্ঠুৰ উপদ্ৰপে নগাওঁ জিলাত। তেতিয়াৰে পৰা প্ৰতি বছৰেই অসমৰ ভালে সংখ্যক অঞ্চল যেনে লক্ষীমপুৰ, ধেমাজি, মাজুলি, গহপুৰ আদি বিভিন্ন ঠাইত উগ্ৰচণ্ডা দুৰ্বাসাৰ সৰ্বগ্ৰাসী ৰূপত বানে কেৱল বুৱাই পেলোৱাই নহয়, ঘোলোকি পেলাই, এফালৰ পৰা ধুই থৈ যায়- বিঘা মাটি, কত ভৰা বাৰী, ৰাস্তা , ঘৰ বানৰ বুকুত জাহ যায় ঠিক নাই। কত পশু ধন, খেতি, ঘৰৰ লামলাকটি বানত উটি যায় তাৰ কোনো হিচাব নাই। আনকি মানুহ পৰ্যন্ত বানত মৃত্যু হয়। তদুপৰি বেমাৰ আজাৰ বোৰতো আছেই। একে সময়তেই প্ৰাকৃতিক ভাবে দুৰ্দশা হোৱাৰ উপৰিও ভূতৰ ওপৰত দানব পৰে নিপকু বা অন্য চুইচ গেটবোৰ। যাৰ বাবে গৃহহাৰা বানপীৰিত জনসাধাৰণে আশ্ৰয়ৰ বাবে, এসাজ আহাৰৰ বাবে, এযোৰ পোছাকৰ বাবে হাহাকাৰ কৰিব লগা হয়। শেষত আশ্ৰয় বিছাৰি তেওলোকে ওখ ঠাই বা চৰকাৰী ভূমি বেদখল কৰিব লগা হয়। পিছত আকৌ উচ্ছেদৰ নামত সেই গৃহহাৰা অসমীয়া মানুহখিনিকে পুনৰ নগুৰ শাস্তি দিয়া হয়। শিক্ষা মৌলিক অধিকৰ যদিও উচ্ছমাধ্যমিকৰ শেষান্তৰ পৰীক্ষা সমূহ হৈ থকাৰ মাজতেই উচ্ছেদৰ নামত সেই গৃহহাৰা ছাত্ৰ-ছাত্ৰী খিনিক চৰকাৰী পক্ষৰ দ্বাৰা পুনৰ গৃহহাৰা কৰাৰ লগতে স্কুল বোৰো ভাঙি পেলোৱাৰ উদাহৰণ নথকা নহয়। উচ্ছেদ আমিও বিছাৰো। উচ্ছেদ নকৰাৰ বাবে আগতে চৰকাৰ সমালোচনাৰ সন্মূখীনো নোহোৱা নহয়। কিন্তু প্ৰকৃত অসমীয়া মানুহ খিনিৰ এনেকুৱা নিকৃষ্ট উচ্ছেদ কোনেও নিবিচাৰে। পত্তাহীন, গৃহহীন, ভূমিহীন মানুহখিনিক সংস্থাপিত কৰি যিবোৰ মানুহ বিদেশী বা অবৈধ ভাবে দখল কৰি বসবাস কৰি আছে, তেওঁলোকক উচ্ছেদ কৰাত কাৰো একো কব লগা নাই
        অসমত বানপানী হয়। কিন্তু অসমত হয়নে ভাৰতত হয়? অসম কি সতিনীয়েকৰ জীয়ৰী নেকি? অতি দুৰ্ভাগ্যজনক এয়ে যে, অসম ভাৰতৰ অংগৰাজ্য হোৱাৰ পিছতো অসমত যি সমস্যা আছে যি অভাব আছে সেয়া কেৱল অসমৰেই। সেইখিনি অভাব বা সেইখিনি সমস্যা সমাধান কৰাৰ দায়িত্ব কেৱল অসম চৰকাৰৰহে নেকি? অসমৰ কোনোটো স্থায়ি সমস্যাক ভাৰত ৰাষ্ট্ৰই আজি পৰ্যন্ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বীকৃতি নিদিলে। নিৰ্বাচনী প্ৰচাৰৰ ভাষণৰ বাহিৰে কোনোটো সমস্যা সমাধানৰ বাবে ভাৰত ৰাষ্ট্ৰ আগবাঢ়ি অহা নাই। আমাৰ অসমৰ জনসাধাৰণ ইমানেই সচেতন যে কোনো দলৰ চৰকাৰৰ ৰাষ্ট্ৰৰ নেতাৰ মুখত অসমৰ নাম শুনিলেই আৱেগ বিহ্বল হৈ পাগলৰ দৰে নোৱোৰা হৈ যায়। সেয়ে চতুৰ স্বাৰ্থপৰ নেতাবোৰেও জানে যে অসমৰ মানুহক কেনেকৈ ভেড়া ৰখীয়া পাতি নিজৰ স্বাৰ্থ আদায় কৰিব লাগে। অসমক বৃটিছে লুটিলে, মানে লুটিলে আৰু এতিয়া অসমৰ কেচা সোণ লোটাত ব্যস্ত ভাৰত ৰাষ্ট্ৰ। ৰাষ্ট্ৰৰ নেতাৰ মুখত নাম শুনিয়েই হাতচাপৰি মাৰি ফুৰ্তিত কব নোৱাৰা হোৱা সকলৰ লগতে বাকী ৰাইজেও ৰাষ্ট্ৰক এইটো সকীয়াই দিয়া উচিত যে, তেওঁলোকে অসমৰ নাম মুখত তেতিয়াহে , যেতিয়া অসমৰ সমস্যাক অসমৰ অভাৱক ভাৰতীয় সমস্যা বা অভাৱ বুলি গণ্য কৰি এই সমূহ সমাধানৰ বাবে আগবাঢ়ি আহিব। অৱশ্যে শেহতীয়া ভাবে দুই এটা অভাব পূৰণ কৰিছে যদিও তাহানিৰ পৰা যিমন খিনি অসমৰ পৰা লুটিলে বা লুটিয়ে আছে লগতে অসমৰ পৰা ভাৰত ৰাষ্ট্ৰৰ যিমান খিনি লাভ হয় তাৰ তুলনাত সেয়া এতিয়াও শূন্য শতাংশ মাত্ৰ
        অসমত বান পানী হৈয়ে থাকে। গতিকে প্ৰতিবছৰেই বগা পাইজামা পিন্ধি .চিৰ তলত দিছপুৰ দিল্লীৰ হুইল চেয়াৰত বহি অসমত বানপানীত ককবকাই থকা সকলৰ বাবে এমুঠি চাউল আলু দালি ঘৰৰ পোহনীয়া পুখুৰীটোলৈ এমুঠি দানা চেতিয়াই দিয়াৰ দৰে দি হেলিকপ্তাৰত আহি বানাক্ৰান্ত অঞ্চল সমূহৰ ওপৰে ওপৰে এক চক্ৰ মাৰি বানাক্ৰান্ত ৰাইজে সেই চাউল দালি মুঠিৰ কাৰণে কেনেকৈ হেঁতাওপৰা লগাই তাক উপভোগ কৰি গুচি যায়। যেনেদৰে আপোনাৰ পোহনীয়া পুখুৰীটোত এমুঠি দানা চেতিয়াই পানীত ঢ়ৌ উঠাই দানা খাবলৈ অহা মাছবোৰ ছাই আপুনি আনন্দ উপভোগ কৰে। কিন্তু এইটো ভাবি নাচাই যে, সেই মাছ খিনিয়ে কিমান ভোকত আতোৰ হৈ দানা মুঠি খাবলৈ আহোতে আপুনি উপভোগ কৰা সেই পৰিবেশটোৰ সৃষ্টি হৈছে। গৃহস্থই যেনেকৈ উপযুক্ত সময়ত পোহনীয়া মাছ বিক্ৰী কৰি লাভ উঠাই তেনেকৈ ভাৰত ৰাষ্ট্ৰয়ো অসমৰ বানপানীৰ ক্ষেত্ৰত বৰ দুৰ্ভাগ্য জনক বুলি চচিয়েল মিডিয়াত এটা টুইট কৰি মাত্ৰ কেইবস্তা মান খাদ্য আৰু হাতৰ মুঠিতে কেইটামান টকা দলিয়াই দি তাকে কৰিয়ে অসমৰ দুখীয়া ৰাইজক বহুত কিবা-কিবি কৰিলো বুলি ভাবি নিজৰ দায়িত্ব সামৰে আৰু সেইকন কৰিয়েই তাৰ লাভ উঠাই প্ৰতি পাঁচবছৰৰ অন্তৰে অন্তৰে হোৱা নিৰ্বাচন বোৰত।
        নেহেৰুৰ দিনৰ পৰায়ে অসমৰ ক্ষেত্ৰত কেৱল ঘঁৰিয়ালৰ চকু পানী টোকা দেখা যায়। ৬২ চীনা যুদ্ধৰ সময়ত অসমৰ বিপৰ্যয় দেখি তেওঁ যেনেদৰে বিদায় অসম বুলি চকু পানী টুকিছিল তেনেদৰেই আজি পৰ্যন্ত ৰাষ্ট্ৰৰ বৰ বৰ নেতাবোৰেও বানপানীৰ ক্ষেত্ৰত হেলিকপ্তাৰৰ ওপৰত বহিয়ে আই দেহি বেয়াই লাগে পাই বুলি ঘঁৰিয়ালৰ চকুপানীৰে পুতৌ কৰি গুছি যায়। বছৰি একেবোৰ নাটককে অসমে আৰু কিমান সহ্য কৰিব? মাত্ৰ দাবী এটাই, অসমৰ বানপানী সমস্যাক ভাৰত ৰাষ্ট্ৰই সৰ্বভাৰতীয় সমস্যা হিচাবে স্বীকৃতি দিয়ক
        কিছুমান স্থায়ী সমস্যাক কেন্দ্ৰ কৰিয়ে অনান্য সমস্যা বোৰে গা কৰি উঠিছে। শেষত গৈ সেই সমস্যাবোৰো সমাধানহীন অতি ভয়াবহ সমস্যালৈ ৰূপান্তৰিত হৈছে। উদাহণ স্বৰূপে, বান সমস্যাৰ বাবেই বাৰিষা খেতি কৰাটো দূৰৰে কথা খৰালি মাহতো হোৱা খহনীয়াৰ উত্পাতৰ বাবে বাম খেতি কৰিবলৈও নৈ পৰীয়া বা বানাক্ৰান্ত সকল অপাৰগ।যাৰ ফলত খাদ্য সমস্যাই দেখা দিয়ে।বানত সৰ্বশ্ৰান্ত হোৱা আনকি কৃত্ৰিম বানৰ বাবে খৰালি কালতো ভয় বুকুত লৈ ফুৰা কোন জন নিবনুৱাই বা যুৱকে কি সাহসত চৰকাৰী ভাবে লোন লৈ হলেও কাৰ পিঠিত পুখুৰী খান্দি বা কাৰ পিঠিত গৰু, , গাহৰী পালন কৰি স্বাৱলম্বী ? চৰকাৰী চাকৰিতো দূৰৰে কথা। যাৰ বাবে নিবনুৱা সমস্যা অসমৰ বাবে এতিয়া সমাধানহীন সমস্যা হিচাবে থিয় দিছে। এইটো সত্য যে বান সমস্যাৰ বাবেই যথেষ্ট শিক্ষিত মানুহ থকাৰ পিছতো বানে জুৰুলা কৰা দৰিদ্ৰতাৰ ভাতিত গঢ়া উজনি অসমৰ লগতে মাজুলি আজিও উন্নতিৰ ক্ষেত্ৰত যথেষ্ট পিছ পৰি আছে
        যিয়ে নহওঁক, অসমত বাৰিষা হবই। বাৰিষা অহা মানেই ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো বান আহিবৈ। গতিকে ভাৰত ৰাষ্ট্ৰই অসম চৰকাৰৰ সহযোগত তাৰ প্ৰাবল্য আৰু ভয়াবহতাখিনি ৰোধ কৰিলেই ল। যেতিয়ালৈকে বানপানী বিষয়টো কেৱল ৰাজনৈতিক নিৰ্বাচনী প্ৰচাৰৰ মূল ইচ্যু হৈ থাকিব, যেতিয়ালৈকে নদী সমূহক পৰিকল্পিত আৰু বৈজ্ঞানিক দৃষ্টি ভংগীৰে নিয়ন্ত্ৰিত কৰা নহ তেতিয়ালৈকে আমাৰ মানুহে বানপানীৰ নামত দুৰ্ভোগ ভোগিয়ে থাকিব লাগিব।