Sunday, February 16, 2025

একাকীত্ব ২



একাকীত্ব

একাকীত্বৰ নিৰ্জন দ্বীপত আৰু কিমান হ'ম নিজে নিজৰ সংগী

ফাগুনে ৰ‌ং সানিহে ভাল পায়, কেৱল ৰ‌ঙা।
উতনুৱা ফাগুনৰ সেউজীয়া সহ্য নহয়।

এইবাৰ একাকীত্বক সাৱতি ফাগুন যাওঁক গৈ দিয়া...

ব'লা অহা জনমলৈ আমি ব'হাগ হ‌ওঁ ..
ব'হাগে  নিজকে ন কৈ সাজে...
তুমি প্ৰতিশ্ৰুতি দিয়া ডাৱৰ হোৱাৰ 
কথা দিছো ম‌ই বৰষুণ হ'ম।
তুমি শিল হ'লে  মই নৈ হ'ম।
তুমি ফুল হ'লে ম‌ই ফল হ'ম।।

কিন্তু ফাগুনতে যদি তুমি ৰঙা হোৱা 
ম‌ই জানো সেউজীয়া হ'ব পাৰিম? 

কেতিয়াবা নিজৰ কথাবোৰ কাৰোবাক কবলৈ মন যায়..
সেয়ে কৈছোঁ অহা জনমলৈ তুমি শিল হ'লে ম‌ই নৈ হ'ম..কথা পাতিম, বহুত কথা।।

Sunday, August 11, 2024

CIBIL সম্পৰ্কত RBI ৰ নতুন ঘোষণা। লোন লোৱাৰ আগতেই জানি ল‌ওক কি এনে ঘোষণা কৰিছে যে আপুনি কাকো ফাকি দি লোন ল'ব নোৱাৰিব....

             RBI অৰ্থাৎ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া সকলোৱে এটা পৰিচিত সংস্থা। গুৰুত্বপূৰ্ণ এয়ে যে বেংক সমূহ যেনেকৈ RBI ৰ under ত থাকে ঠিক তেনেকৈ গ্ৰাহকৰ লেন-দেন সঠিক নিৰূপণ কৰিবলৈও  RBI ৰ কৰ্তৃত্বপ্ৰাত ৪টা CREDIT INFORMATION COMPANY আছে।

১/ এক্সপেৰিয়ান
২/ ট্ৰেন্সইউনিয়ন(CIBIL)
৩/ ইকুইফেক্স , আৰু
৪/ চি আৰ আই এফ হাইমাৰ্ক ।

            বেংক নাইবা অনান্য ফাইনেঞ্চিয়েল প্ৰতিষ্ঠান বোৰ সূচাৰুৰূপে পৰিচালিত কৰিবলৈকে এই CREDIT INFORMATION COMPANY ৰ ব্যৱস্থা কৰিছে। অৰ্থাৎ সেইফালৰ পৰা ইটোৰ সিটো পৰিপূৰক। নহ'লে বেংকে কাক টকা ধাৰলৈ বা লোনলৈ দিব সেয়া কোনো নিৰ্দিষ্টতা নাছিল। CREDIT INFORMATION COMPANY ৰ চাৰিটা সংস্থাৰ কাম হৈছে কোনো এজন ব্যক্তিৰ লেন দেন নিৰূপণ কৰা। অৰ্থাৎ ব্যক্তি জনৰ CIBIL SCORE কিমান, CREDIT HISTORY কেনেকুৱা, ব্যক্তি জন কাৰোবাৰ কোনো লোনৰ গেৰেন্তাৰ হৈ আছে নেকি এই তথ্য বোৰ তাৎক্ষণিক ভাৱে ভাগ-বতৰা কৰে। 

            গুৰুত্বপূৰ্ণ এয়ে যে, RBI য়ে নতুনকৈ ঘোষণা কৰিছে এজন ব্যক্তিৰ CIBIL SCORE আৰু CREDIT HISTORY ১৫ দিনৰ অন্তৰে অন্তৰে UPDATE হ'ব। বৰ্তমানলৈকে এজন ব্যক্তিৰ CIBIL SCORE আৰু CREDIT HISTORY অফিচিয়েল নিয়ম অনুসৰি ৯০ দিনৰ অন্তত Update হয়। বেংক নাইবা অনান্য ফাইনেঞ্চিয়েল প্ৰতিষ্ঠানৰ এটা টকা ও যাতে কোনো অপৰাধী (EMI ৯০ দিনৰ পিছটো বকেয়া কৰি ৰখা ব্যক্তি) ৰ হাতত নপৰে, লেন-দেনত সুস্থ এজন ব্যক্তিৰ হাতত যেন টকা লোন বা ধাৰলৈ দিব পাৰে তাৰে ব্যৱস্থা কৰি CREDIT INFORMATION COMPANY য়ে প্ৰতি ৯০ দিনৰ অন্তত CREDIT HISTORY ত নতুনত্ব আনে। কিন্তু ৯০ দিনৰ সলনি RBI ই ঘোষণা কৰিছে ১৫ দিন। অৰ্থাৎ ১৫ দিনৰ ভিতৰতে মানে প্ৰত্যেক মাহৰ ১৫ তাৰিখ আৰু মাহৰ শেষ তাৰিখত যেতিয়া CREDIT HISTORY UPDATE হ'ব তেতিয়া কোনো ব্যক্তিয়ে  লেনদেনক ফাকি দিব নোৱাৰিব। RBI ই এটো কথাও বিশেষ ভাৱে ঘোষণা কৰিছে যে, যদি কোনো প্ৰতিস্থানে এই CREDIT INFORMATION COMPANY ক উপেক্ষা কৰি যদি নিজৰ ব্যৱসায় আগবঢ়ায় নিয়ে তেতিয়া সেই প্ৰতিষ্ঠানৰ ওপৰত RBI য়ে কঠোৰভাৱে ব্যৱস্থা ল'ব। 

         গুৰুত্বপূৰ্ণ এয়ে যে এই নতুন নিয়ম কাৰ্যকৰী হ'ব ১ জানুৱাৰী ২০২৫ চনৰ পৰা। কিন্তু এই নিয়মে বহু ব্যক্তিক বিপদত পেলাব। যিয়ে দিব লগা বকেয়া সময় অনুযায়ী পৰিশোধ নকৰে বা কৰিব নাজানে । 

Saturday, July 13, 2024

নিশা চহৰৰ গলি

নিশা নিতাল মৰা চহৰত আন্ধাৰৰ আনন্দ (বেশ্যা)।।

নিশা নিতাল মৰা চহৰ খনৰ মাতাল পথিক মই ....

পৰা হ'লে ময়ো....
চহৰৰ ওখ খুটা বোৰত ওলমি থকা লাইটৰ পোহৰত জিলিকা 
তহঁতৰ দেহৰ ফটফটীয়া ছবি খন তুলি ৰাখিব পাৰিলোঁ হেঁতেন......
কিন্তু মই যে পিটাৰ হেগ্ৰে হ'ব নোৱাৰো.......l 

খম খমিয়া নোটট হেঁপাহেৰে তহঁতৰ খলা বমা বোৰত 
কামোৰা কামুৰি কৰা বলিয়া কুকুৰ কেইটাক চিধা কৰিবলৈ 
লুই পেষ্টিঅ' হোৱাৰ কোনো প্ৰয়োজন নাই।
মই জানো ...
তথাপিও....... নাই,....নোৱাৰো মই ।

শুই পৰা চহৰৰ গলিত নিষিদ্ধ জগত খনৰ 
কেমেৰাৰ আঁৰৰ নায়ক নায়িকা বোৰে কিল বিলাই ..,
চাল্লা... হ, দুদিনৰ পিছত ডাস্তবিনত অপৈণত শুক্ৰাণুৰ পলিথিনত  টোপোলা ।

ছিঃ..... দেহৰ উত্তেজনা শান্ত কৰিবলৈ ইমান বেশ্যা l 

সকলোবোৰ দেখোঁ, কিয়নো......
নিশা নিতাল মৰা চহৰ খনৰ মাতাল পথিক মই l তথাপিও মই একো নাজানো...
মই পাগলী l পাগল মই l 
মোৰ সৰ্বস্ব কেৱল ডাস্টবিন আৰু পথিকালয় l 
মই যে পাগল ll

Tuesday, September 26, 2023

ফৰাচী বিপ্লৱৰ অধিকাংশ পৃষ্ঠাই গিলোটিনৰ তেজেৰে ৰক্তাক্ত কিয়? -- মনোজ মহন্ত

ফৰাচী বিপ্লৱৰ অধিকাংশ পৃষ্ঠাই গিলোটিনৰ তেজেৰে ৰক্তাক্ত কিয়?
               বিপ্লৱ বিশ্বমানৱৰ চিৰন্তন মুক্তি আৰু স্বাধীনতাৰ আকাংক্ষাৰ এটা সাৰ্থক প্ৰকাশ আৰু এই দিশেৰে ফৰাচী বিপ্লৱ বিশ্বমানৱৰ বুৰঞ্জীৰ এটা ঐতিহাসিক পদক্ষেপ আৰু ইয়াৰ তাৎপৰ্য্য সমগ্ৰ বিশ্ব বিয়পা। প্ৰত্যেক ৰাষ্ট্ৰতে সময় সাপেক্ষে ৰাষ্টৰ স্বাৰ্থতেই বিপ্লৱৰ প্ৰয়োজন আছে। যি বিপ্লৱে চৰকাৰৰ ব্যক্তি আৰু নীতিৰ পৰিবৰ্তনৰ লগতে সমাজৰ জনসাধাৰণৰ জীৱন যাত্ৰাৰো আমূল পৰিৱৰ্তন ঘটায়। তেনে এক বিপ্লৱেই হৈছে ১৭৮৯ চনত আৰম্ভ হোৱা এই ফৰাচী বিপ্লৱ।
-- মাৰাক ময়ে হত্যা কৰিছোঁ, ইয়াৰ বাবে মই কোনো দোষ স্বীকাৰ নকৰোঁ। দেশত ৰক্তপাত আৰু সন্ত্ৰাসৰ আজি অন্ত পৰিল।


              এটা কোঠা। কোঠাৰ ভিতৰত এটা কাঠৰ চৌবাচ্চাৰ। চৌবাচ্চাৰত গৰম পানী। পানীখিনিত এটা তেজ মিহলি মৃত দেহ। মৃতদেহটোৰ বুকুত চোকা অস্ত্ৰৰ আঘাত। দেহটোৰ কাষত এটা কাঠৰ বাকচ সদৃশ। তাৰ ওপৰত দুটামান পাখি আৰু এটা চিয়াহিৰ কাপ লগতে কিবা লিখি থোৱা দুটামান কাগজৰ টুকুৰা। কিন্তু চুইচাইদ নোট নহয়। মৃত দেহটোৰ এখন হাত বাকচটোৰ ওপৰত কিবা লিখি থকা অৱস্থাত আৰু আনখন হাত ওলমি মজিয়াত লাগি আছিল। সেই হাত খনৰ ঠিক কাষতেই বুকুৰ পোনে পোনে এখন তেজ লগা ছুই পৰি আছে। ই কোনো আত্মহত্যা নাছিল। মৃত দেহটো আছিল এটি বিপ্লৱী সত্বাৰ।
              পেৰিছৰ এখন বজাৰ। এগৰাকী মহিলাই বজাৰৰ লোহাৰ লংগ বিকা দোকান এখনৰ পৰা কিবা এটা কিনি আনৰ চকুত নপৰাকৈ ঢ়াকি ওলাই আহিছে। ঠিক কিছু সময়ৰ পিছত এটা ঘৰৰ সন্মুখত মহিলা গৰাকীৰ অনুমতি সূচক কণ্ঠ -
--চিয়ান প্ৰদেশত দেশদ্ৰোহী সকলে কেনেদৰে দেশ ধ্বংস কৰিবলৈ প্ৰস্তুতি চলাইছে, মই তাৰে বতৰা দিবলৈ আহিছো।
            প্ৰথম দিনা অনুমতিৰ সম্পৰ্কত কোনো সহাৰি নাপায় ২য় দিনাও একে কণ্ঠ। কিন্তু সেইদিনা ঘৰটোৰ ভিতৰলৈ যোৱাৰ অনুমতি পা‌লে। ইয়াৰ ঠিক কিছু সময়ৰ পিছত মহিলা গৰাকী পুনৰ ভিতৰৰ পৰা ওলাই আহিল। ইয়াৰ পিছতেই বিপ্লৱী সত্বা মাৰাৰ মৃত্যু। চৰ্ম ৰোগৰ অশান্তিত থাকিব নোৱাৰি গৰম পানীত নিজৰ দেহ ডুবাই কিবা লিখি বহি থকা মাৰাৰ বুকু নতুনকৈ কিনি অনা এখন ছুৰীৰ দ্বাৰা থকা সৰকা কৰা হ'ল।
           বাতৰি সমগ্ৰ দেশ বিয়পিল। উগ্ৰপন্থীৰ ক্লাৱ জেকবিনৰ নেতা, উগ্ৰপন্থীৰ চিন্তা ধাৰাৰ উগ্ৰ সমৰ্থক, শক্তিশালী সাহিত্যৰ দ্বাৰা পেৰিছৰ জনতাৰ তেজত উগ্ৰপন্থীৰ বিপ্লৱক প্ৰতিষ্ঠা কৰা, পেৰিছৰ সহস্ৰ জনতাৰ বুকু উদং কৰা মাৰাৰ হত্যাকাৰীক বিচাৰি উলিয়াবলৈ উগ্ৰপন্থীৰ শাসকীয় পেৰিছ তুলপাৰ লাগিল। ফলত হত্যাকাৰীক বিচাৰি অনা হ'ল। হত্যাকাৰীয়ে নিজৰ পৰিচয় দিলে যে, তেওঁ চিয়ান দেশৰ এগৰাকী সাধাৰণ মহিলা। নাম চাৰ্লচ কাৰ্ডে। ইয়াৰ লগে লগে ঘটনাই গতি সলনি কৰিলে। কিয়নো মাৰাৰ হত্যাৰ বাবে কাৰ্ডেৰ লগতে ৰজাঘৰীয়া,যাজক,পুৰণি অভিজাত শ্ৰেণী সকলো জগৰীয়া হ'ল। কাৰণ কাৰ্ডে একপ্ৰকাৰে সিহঁতৰ ভেৰোণীয়া আছিল। ইহঁতে মাৰাক হত্যা কৰাৰ উদ্দেশ্য এটাই আছিল। সিহঁতে ভাবিছিল জনতাৰ বুকুৰ নেতা যিয়ে উগ্ৰপন্থীৰ দলক আৰু শাসনক দিনক দিনে শক্তিশালী কৰি আহিছে সেই দলৰ শক্তিমান নেতাক হত্যা কৰিব পাৰিলেই উগ্ৰপন্থীৰ শাসন অন্ত পৰিব আৰু দেশৰ শাসনৰ গাদীত পুনৰ এই জিৰনদিন সকলেই দপদপাই থাকিব পাৰিব। কিন্তু এই হত্যাই দেশক বিপ্লৱৰ পৰা মুক্তি দিয়াৰ বিপৰীতে জিৰনদিন সকলকহে পৃথিৱীৰ পৰাই মুক্তি দিবৰ বাবে উগ্ৰপন্থী সকলৰ অতি উগ্ৰবাদে সাবতি ধৰিলে। ফলত দেশত ৰক্তপাতৰ নৈ ববলৈ ধৰিলে। নিতৌ নতুন সন্ত্ৰাসৰ সূত্ৰপাত ঘটাই গ'ল। গুৰুত্বপূৰ্ণ এয়ে যে, দেশৰ সমগ্ৰ জনতাই দিনে দিনে উগ্ৰপন্থীৰ দলত দলে বলে যোগদান কৰি শক্তিশালী কৰি তুলিলে। সাধাৰণ জনতাৰ মাজত আগৰপৰাই অভিজাত, যাজক আনকি ৰজাঘৰীয়া মানুহবোৰক, তেওঁলোকৰ কঠোৰ আইনক, শাসনক, তেওঁলোকৰ একনায়কত্ববাদক লৈ সন্তুষ্ট নাছিল। ভিতৰি ভিতৰি তেওঁলোক এই বোৰৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছিল। তেনে সময়তে দেশৰ নতুন ধনী বুৰ্জোৱা সকলে পুৰণি ধনী অভিজাত, যাজক আৰু পুৰণা ধনী বুৰ্জোৱা সকলৰ সৈতে  সম অধিকাৰ সম সন্মান আদিৰ পৰা বঞ্চিত হোৱাৰ বাবেই আগৰ পৰাই অসন্তুষ্ট হৈ থকা দেশৰ দৰিদ্ৰ জনতা সকলক লগত লৈ তেওঁলোকে নিজকে সংখ্যাগৰিস্থ কৰি পুৰণা ধনী বুৰ্জোৱা সকলৰ বিৰুদ্ধে  বিদ্ৰোহৰ পাতনি মেলিলে। এয়াই যেন এই বিদ্ৰোহৰ আৰম্ভণি। উল্লেখযোগ্য যে, এই বিদ্ৰোহ কিন্তু সৰ্বহাৰাৰ স্বাৰ্থ জড়িত বিদ্ৰোহ নাছিল। আছিল নতুন বুৰ্জোৱাৰ বিপ্লৱ হে। যি সকল ন-ধনী আছিল আৰু পুৰণি ধনী সকলৰ পৰা যিয়ে সম অধিকাৰৰ পৰা বঞ্চিত হৈছিল, সেই সমগ্ৰ অধিকাৰ কাঢ়ি আনিবৰ বাবেই দৰিদ্ৰ জনতা সকলকো ভৰ্তি কৰাই নিজৰ স্বাৰ্থ আদায় কৰিবৰ বাবেই দলৰ মানুহৰ সংখ্যা বৃদ্ধি কৰি লৈছিল। অৰ্থাৎ কৌশল কৰি স্বাধীনতা সাম্য আৰু মৈত্ৰী ৰ শ্লোগান দি পুৰণি ধনীৰ কাষৰ পৰা মানুহখিনিক আনি এওঁলোকে নিজৰ হাতৰ মুঠি কৰি লবলৈ সক্ষম হৈছিল।
            আনহাতে, এফালৰ পৰা ফৰাচী বিপ্লৱৰ যুগটোক কিন্তু জ্ঞানদীপ্ত প্ৰজ্ঞাৰ যুগ বুলিও কোৱা হয়। যিমানেই সন্ত্ৰাসৰ শাসন নহওক কিয়, মূল কথা হ'ল এই শন্ত্ৰাসৰ শাসননো হ'বলৈ পালে কেনেকৈ? ইয়াৰ বাবেনো জগৰীয়া কোন? যিয়ে নহ‌ওক বিপ্লৱৰ তাত্বিক নেতা সকলৰ উদ্দেশ্য আছিল জ্ঞানক ধৰ্মৰ বন্ধনৰ পৰা মুক্ত কৰি দিয়া। ৰাষ্ট্ৰৰ লগত ধৰ্মৰ কোনো সম্পৰ্ক নাথাকিব। কিয়নো ধৰ্ম নাগৰিক সকলৰ ব্যক্তিগত বিষয়। নিৰ্বাচিত শাসক সকলে ৰাজ্য চলাব। দেশ পৰিচালনাৰ বাবে উপযুক্ত সংবিধান তৈয়াৰ কৰা হ'ব। ধৰ্মৰ নামত দেশৰ আইন নচলিব। গতিকে শ্ৰেণী শোষণ, বৈষম্য মূলক আইন-কানুন, ধৰ্মৰ নামত ভণ্ডামি, অৰ্থনৈতিক দুৰৱস্থা, অভাৱ অনাটন, কৰ্মহীনতা, চৰা দাম আৰু সামৰিক ভাবুকিৰ বিৰুদ্ধে পেৰিচৰ সচেতন জনসাধাৰণ সক্ৰিয় বিদ্ৰোহত নামি পৰিছিল আৰু এই বিদ্ৰোহৰ ফচলেই হ'ল ফৰাচী বিপ্লৱ। ইফালে নতুন বুৰ্জোৱা সকলৰ প্ৰতিভা আছিল, ধন আছিল, শিক্ষা আছিল, কিন্তু ফ্ৰান্সৰ আইনত তেওঁলোকৰ মৰ্যদা নাছিল। যাৰ ফলত এই বিদ্ৰোহৰ গুৰি ধৰিছিল এই সকল নতুন বুৰ্জোৱাই। তেওঁলোকৰ ভিতৰত ভলটেয়াৰ দৰে ব্যক্তি আছিল বিপ্লৱৰ দাবানল জ্বলাই তোলা আবশ্যকীয় খাৰ-বাৰুদ। যাৰ সহায়ত মাৰা, দাঁ-ত আৰু ৰৱচপিয়েৰ আদি বিপ্লৱী সত্বাই অন্ধকূপৰ মকৰাৰ জালত ওলমি থকা প্ৰাচীন জৰাগ্ৰস্ত তথা শোষণকাৰী সমাজৰ ভেটি ধ্বংস হৈ যোৱাকৈ বোমা বিস্ফোৰণ কৰিছিল আৰু ৰূপ লৈছিল সন্ত্ৰাসবাদীৰ । এইখিনিতে আকৌ ক‌ওঁ যে, এই বিদ্ৰোহ কিন্তু সৰ্বহাৰাৰ লগত বুৰ্জোৱা সকলৰ সমানতাৰ বাবে  হোৱা নাছিল। হৈছিল ওপৰত উল্লেখ কৰা অসন্তুষ্টি খিনি যাতে পুৰণা আৰু নতুন সকলো বুৰ্জোৱাই সমভাৱে পাই সেই বাবেহে।
-- হে ফৰাচী বাসী, মই সম্পূৰ্ণ নিৰপৰাধী সত্বেও মৃত্যুক বৰণ কৰিছোঁ। অন্তিম ক্ষনত মই তোমালোকক এই কথা কৈ গলো। মোৰ সকলো শত্ৰুকে ক্ষমা কৰি দিলো। আশা কৰোঁ....
আৰু কিবা ক'ব বিচাৰিছিল। কৈছিলো। কিন্তু মৃত্যুৰ আগমুহূৰ্তত চাৰিওফালে বজোৱা বেণ্ডৰ শব্দ‌ই কাকো একো শুনিবলৈ নিদিলে। তেনেকুৱাতেই গিলোটিনৰ ক্ষুৰধাৰৰ গধুৰ ফালটো তললৈ নামি আহিল।কেইমুহূৰ্ত মানৰ ভিতৰতেই গিলোটিনৰ ক্ষুৰধাৰত শিৰশ্চেদ হোৱা মূৰটো তললৈ তেজ টুপ-টুপকে পৰাকৈ বধ্যভূমিৰ সমূহ জনতাৰ আগত তুলি ধৰিলে। লগে লগে সকলো স্ফুৰ্তিত আত্মহাৰা হৈ পৰিল।
           এই হত্যা সাধাৰণ হত্যা নাছিল। এই হত্যা আছিল পেৰিছৰ সম্ৰাট ষষ্ঠদশ লুইক কৰা হত্যা। অতি কৌশলী হত্যা। ১৭৯৩ চনৰ ২১ জানুৱাৰীত কৰা এই হত্যাৰ লগত জড়িত আছিল মাৰা, দাঁ-ত, ৰবচপিয়েৰ আৰু পেৰিছৰ জনতা। লগে লগে পেৰিছত উগ্ৰপন্থীৰ শাসন আৰম্ভ হ'ল। শংকিত হৈ পৰিল জিৰনদিন অৰ্থাৎ পুৰণি অভিজাত ধনী সকল আৰু ধুৰন্ধৰ যাজক সকল। ৰাজকীয় বৰ্গৰ শেষৰ ফালে শাসনৰ সময়ত ফ্ৰন্সৰ অৱস্থা ইমানেই বেয়া হৈ পৰিল যে সেইবোৰ মোকাবিলা কৰিবৰ বাবেই উগ্ৰপন্থী সকলে দেশত সন্ত্ৰাস কাৰ্য্যক আইন সংগত ভাৱে ৰাষ্ট্ৰীয় নীতিলৈ ৰূপান্তৰিত কৰিলে। ইয়াৰ ফলত দেশত ফৰাচী বিপ্লৱৰ অন্ত পৰিল যদিও গনতন্ত্ৰ আৰু ব্যক্তি স্বাধীনতাক উগ্ৰপন্থী সকলে ভৰিৰে মোহাৰি পেলালে।
            দাঁ-ত প্ৰথম বাৰৰ বাবে পেৰিচত জেকবিনৰ উগ্ৰপন্থী দলৰ পৰা দেশৰ প্ৰধান নেতা হ'ল। জনতাৰ বুকুৰ নেতা। যেতিয়া মাৰাক হত্যা কৰা হৈছিল তেতিয়াও এৱেঁ দেশৰ প্ৰধান নেতা আছিল। ৰণ কৌশলী নেতা দাঁ-ত‌ই ইখনৰ পিছত সিখন আইন কৰি উগ্ৰপন্থীৰ আইনক আৰুৰ পিছত আৰু শক্তিশালী কৰি তুলিলে।  ইচ্ছামতেই যাকে পাৰে তাকে আটক কৰি শাস্তি দিব পৰা হ'ল। ক'লা বজাৰী, লাভখোৰ, ব্যৱসায়ী, ঠগ-প্ৰৱঞ্চক সকলক সন্দেহ বশত: আটক কৰি শাস্তি বিহিবলৈ ধৰিলে। সম্ৰাটৰ পিছতে ৰাণীকো হত্যা কৰিলে। মুঠৰ ওপৰত ফৰাচী সন্তান সকল ৰক্তপাতত মত্ত হৈ পৰিল। দেশলৈ ঘুৰি অহা দেশ ত্যাগী, তেওঁলোকৰ পৰিয়াল, কামৰ পৰা নিলম্বিত বিষয়া সকল যাজক সকল, অভিজাত সকলোকে ধৰি আনি গিলোটিনক তেজেৰে নিতৌ ধুৱাবলৈ ধৰিলে। দুৰ্ভাগ্য যে, সন্ত্ৰাস ইমানেই বাঢ়ি আহিল যে আনকি বিপ্লৱৰ গুৰি ধৰা ব্যক্তি যেনে বেইলী, ফিলিপ, ইংগালটি আদি বহুতকে গিলোটিনৰ চোকা ক্ষুৰধাৰেৰে শিৰশ্চেদ কৰিলে।
-- হে স্বাধীনতা! তোমাৰ নামত এয়া কি ভয়াবহ অপৰাধ সংঘটিত হৈছে?
         ফৰাচীৰ সু-সাহিত্যিক ৰলাক শিৰশ্চেদ কৰিবলৈ প্ৰকাশ্য বধ্যভূমিলৈ লৈ যোৱাৰ সময়ত ডেভিডৰ সু-মহান ভাস্কৰ্য্য স্বাধীনতাৰ মুৰ্তিটোৰ ফালে চাই আৱেগ মিশ্ৰিত কণ্ঠত  এনেদৰে কৈ হুমুনিয়াহ কঢ়িছিল।
          এটা সময়ত দাঁ-তৰ পতন হ'ল আৰু ৰৱচপিয়েৰ দেশৰ জেকবিনৰ ২য় প্ৰধান নেতা হ'ল। তেওঁ মাত্ৰ এবছৰ শাসন চলাইছিল। এই কম সময়তেই দেশ ইমানেই ভয়ংকৰ হৈ পৰিল যে উগ্ৰসন্ত্ৰাসবাদে চৰম সীমা অতিক্ৰম কৰিলে। তেওঁৰ সমূহ প্ৰতিদ্বন্দীৰ লগতে আনকি সন্ত্ৰাসবাদী শাসনৰ প্ৰধান খুঁটা কমিউনৰ নেতাৰ তেজেৰেও গিলোটিনৰ ক্ষুৰধাৰ ৰ‌ঙা কৰি তেওঁ শান্তি লভিছিল। আনকি সাধাৰণ প্ৰজাই সন্ত্ৰাসৰ উৎপাতত থাকিব নোৱাৰি আত্মহত্যা পৰ্যন্ত কৰিবলৈ বাধ্য হৈছিল। উগ্ৰপন্থী শাসনৰ উত্থান দেখি ৰবচপিয়েৰৰ শাসন কালৰে কনভেনশ্যনৰ নেতা এজনে কবলৈ বাধ্য হৈছিল-
-- বিপ্লৱে নিজৰ সন্তান সকলকে ক্ৰমে গিলি পেলাইছে।
            বিপ্লৱৰ আটাইতকৈ নৃশংস যোগ হিচাবে চিহ্নিত হ'ল ৰবচপিয়েৰৰ শাসন কাল। যদিও দাঁ-ত‌ই সন্ত্ৰাসৰ পাতনি মেলিছিল সেই সন্ত্ৰাসত আছিল দেশ আৰু জাতিৰ স্বাৰ্থ। তেওঁ জনতাৰ বাবে যথেষ্ট কাম কৰিছিল। তেওঁ পেৰিছৰ জনতাৰ বুকু জয় কৰিব পাৰিছিল। কিয়নো তেওঁ আছিল যুদ্ধ বাজতকৈ ৰণকৌশলী আৰু শক্তিশালী নেতা। সেয়ে ৰবচপিয়েৰৰ দৰে শাসনৰ লোভ আৰু গাদীৰ খকত জঘন্য সন্ত্ৰাস আৰম্ভ কৰা নাছিল। যি সন্ত্ৰাসেৰে ভবিষ্যতে গাদীৰ পৰা যাতে কোনেও খহাব নোৱাৰে, জনতাৰ বুকুৰ নেতা হোৱাৰ বাবে দাঁ-ত যাতে পুনৰ শাসনলৈ আহিব নোৱাৰে এই উদ্দেশ্য আগত ৰাখিয়ে নিজৰ দলৰে প্ৰাক্তন নেতা হোৱাৰ পিছতো দাঁ-তক কৌশলগত ভাৱে অন্যায়েৰে দোষী সাব্যস্ত কৰিছিল। তেওঁ সপোন ৰচনা কৰিবলৈ ধৰিছিল যে, দাঁ-তৰ তেজেৰেও গিলোটিন কেনেকৈ ৰঙা কৰি তুলিব পাৰি। যাৰ বাবে এই কথা বুজি পাই শান্তিকামী নেতা ডেচমলিনে ৰবচপিয়েৰক আৰু তেওঁৰ ৰঙা টুপী আৰু ফটা চোলা পিন্ধা জঘন্য বিপ্লৱী অনুগামী সকলক উদ্দেশ্যি কৈছিল-
-- স্বাধীনতা যাত্ৰা পাৰ্টিৰ নৰ্টকী নহয়। ই এটা ৰঙা টুপী নাইবা এযোৰ ফটা চোলা নহয়। ই হ'ল আনন্দ, যুক্তি, সমতা আৰু ন্যায়। যি সকলে ভাবে যে সন্ত্ৰাস প্ৰয়োজনীয় সেই সকলৰ লগত মোৰ মত বিৰোধ আছে। মোৰ স্থিৰ বিশ্বাস যে, যিদিনা তোমালোকে সন্ত্ৰাসৰ কমিটিৰ সলনি এখন ক্ষমাৰ কমিটি বনাবা সেই দিনা দেশলৈ সুখ শান্তি আৰু স্বাধীনতা ঘূৰি আহিব।
ৰবচপিয়েৰ এই কথাত কিছু বিচলিত হয় যদিও জনতাৰ বুকুৰ নেতা হোৱাৰ বাবেই দাঁ-ত‌ই  ৰবচপিয়েৰক খহাই পুনৰ শাসনলৈ আহিব বুলিয়েই শাসনৰ লোভ আৰু গাদীৰ খকত লগে লগে ঘোষণা কৰিলে যে-
-- এনেদৰে এই আপোচকামী সকলক বাচি থাকিবলৈ দিলে বিপ্লৱ ধ্বংস হৈ যাব। গতিকে মিচাতে সময় অতিবাহিত নকৰি গিলোটিনৰ ক্ষুৰধাৰ ৰ‌ঙা কৰি তোলাই শ্ৰেয়।
            সেই দিনা আছিল পাঁচ এপ্ৰিল। ৩৪ বছৰীয়া দেশৰ প্ৰজাৰ বুকুৰ নেতাই শান্তিৰ জয়গান গোৱাৰ অপৰাধৰ বাবেই তেওঁৰ লগতে ডেচমলিনকো বধ্যভূমিলৈ আনি গিলোটিনৰ সন্মুখত থিয় কৰালেহি। সমগ্ৰ দেশৰ প্ৰজা সকলৰ বুকুত এই দুখে শিল যেন হৈ হেচা মাৰি ধৰিছে। ইফালে গিলোটিনৰ সন্মুখত ৰৈ দাঁ-ত‌ই শেষ বাৰৰ বাবে দেশক সম্বোধন ধৰিলে-
--গোটেইখন মই আজি চৰম বিশৃংখলতাৰ মাজত এৰি যাব লগা হ'ল। তাহাতৰ কাৰো চৰকাৰৰ বিষয়ে একো জ্ঞানেই নাই। ৰবচপিয়েৰৰো দিন আহিব, ময়ে তাক ধ্বংস কৰি থৈ যাম। মানুহক শাসন কৰাৰ নিচিনা এনে লেতেৰা কামতকৈ দুখীয়া মাছমৰীয়া হোৱাই ভাল।
             কথাখিনি কৈ শেষ হবলৈ পালেহে, তেঁওক আৰু ডেচমলিনক গিলোটিনৰ চোকা ক্ষুৰধাৰৰ তলত শুৱাই দিয়া হ'ল। ইয়াৰ ঠিক কেইচেকেণ্ড মানৰ পিছতেই দেশৰ আকাশ অন্ধকাৰাছন্ন হৈ পৰিল। ঘড়ীৰ কাঁটাও যেন ৰৈ গৈছে। দাঁ-তৰ মৃত্যু হ'ল। মৃত্যু হ'ল ডেচমলিনৰ। আনকি ইয়াৰ পিছতেই ৰবচপিয়েৰৰ নিজৰ পৰামৰ্শ দাতা হেবাৰ জ্ঞানী তথা শক্তিশালী হোৱাৰ বাবেই ভবিষ্যতে সেই গাদীৰ প্ৰতিদ্বন্দী হিচাবে থিয় দিব বুলি আশংকা কৰিয়ে তেওঁকো গিলোটিনত দিলে।
              ৰবচপিয়েৰ এতিয়া একছত্ৰী শাসক। তেওঁৰ বাহিৰে আৰু ২য় জন কোনো সাহসী আৰু গাদীৰ ধান্দা মাৰিব পৰা ব্যক্তি নাই। লগে লগে তেওঁ একনায়কত্ববাদৰ শাসন আৰম্ভ কৰিলে। সকলো আইন আৰু ক্ষমতা নিজৰ হাতলৈ চপাই আনিলে। দেশত সন্ত্ৰাসবাদৰ উৎপাতত মানুহ থাকিব নোৱাৰা হ'ল। দেশৰ জনতাই হাতৰ মুঠিত কলিজা খামুচি জীৱন অতিবাহিত কৰিব লগা হ'ল। আনফালে দেশত খাদ্য বস্তুৰ অভাৱ, চৰা দাম, ৰুটিৰ দোকানৰ সন্মুখত দীঘল শাৰী, শাসকীয় অত্যাচাৰ, শ্ৰমিকৰ মজুৰী নোহোৱা, কলা বজাৰ বৃদ্ধি আদিৰ বাবে সমগ্ৰ জনতা ৰবচপিয়েৰ বিৰোধী হৈ পৰিল। ইফালে বুকুৰ নেতা দাঁ-তক হত্যা কৰাৰ খং আছেই। এইবোৰৰ ফলতেই দেশৰ সমগ্ৰ জনতা শাসকগোষ্ঠীৰ বিৰুদ্ধে একগোট হ'ল। যি সকল ৰবচপিয়েৰৰ ঘনিষ্ঠ আছিল সেই সকলৰ এখন লিষ্ট বনাই এইবাৰ তেওঁলোকক গিলোটিনত দিবলৈ ৰবচপিয়েৰে এইখন লিষ্ট বনাই থৈছে বুলি ভয় খোৱাই মিচাকেই প্ৰচাৰ কৰি সেই সকলকো তেওঁলোকৰ সহযোগী কৰি ৰবচপিয়েৰ বিৰোধী অভিযান আৰম্ভ কৰিলে। যাৰ বাবে এই সম্পৰ্কেই ইখনৰ পিছত সিখন কনভেশ্যন বহিল। কনভেশ্যনলৈ ৰবচপিয়েৰ নিজেই আহে। কনভেনশ্যনত লাহে লাহে জনতাৰ একতা দেখি তেওঁ শংকিত হ'বলৈ ধৰিলে। তেওঁৰ সপক্ষে দিনক দিনে মানুহ কমিব ধৰিলে। আগৰ কেইখনৰ দৰে ১৭৯৮ চনৰ ২৭ জুলাইত আকৌ কনভেনশ্যন বহিল। যি খন ৰবচপিয়েৰৰ শেষৰ খন কনভেনশ্যন। কনভেনশ্যন আৰম্ভ হ'ল। তেনেকুৱাতে এটা প্ৰতিবাদী কন্ঠ‌ই কনভেনশ্যন কঁপাই গ'ল-
-- মই ৰবচপিয়েৰক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছো।
           লগে লগে সকলোৱে একে স্বৰে একে কথাকে কবলৈ ধৰিলে। যেন উত্তেজনাৰ উৰ্দ্ধত এই প্ৰতিবাদী কণ্ঠ‌ই গোটেই কনভেনশ্যন কঁপাই পেলালে। তাৰ মাজতে ৰবচপিয়েৰৰ তেনেই সীমিত পক্ষ‌ই মাত মাতিছিল যদিও সেই মাতক তল পেলাই পুনৰ এটা প্ৰতিবাদী কণ্ঠ‌ই এখন চোকা ছুৰী উলিয়াই ৰবচপিয়েৰৰ বুকুৰ ফালে টোৱাই চিঞঁৰি চোচা লৈ আহিল-
-- তহঁতৰ যদি ইয়াক গ্ৰেপ্তাৰ কৰিবলৈ সাহস নাই , তেন্তে মই ইয়াতেই এতিয়াই ইয়াক হত্যা কৰিম।
         ফলত কনভেনশ্যনে ৰবচপিয়েৰক আইনবহিভূত বুলি ঘোষণা দিবলৈ বাধ্য হ'ল আৰু তেতিয়াই গ্ৰেপ্তাৰ কৰি ধৰি বান্ধি লাক্সেমবুৰিগৰ কাৰাগাৰলৈ পঠাই দিলে। কাৰাগাৰৰ পৰা তেওঁৰ ঘনিষ্ঠ দুধৰ্ষ দলীয় সদস্য‌ই মুকলি কৰি আনিছিল যদিও জনগন ঐক্যমতত একগোট হৈ পুনৰ কাৰাগাৰলৈ নিক্ষেপ কৰিলে। ইতিমধ্যে ইফালে গিলোটিনৰ তাৰিখো ঘোষণা হ'ল।
               ৰবচপিয়েৰৰ বাবে চৰম দুৰ্ভাগ্যজনক সময় চমু চাপি আহিল। জননেতাক অন্যায় কৰি হত্যা কৰাৰ বাবেই আজি নিজেও সেই একে গিলোটিনতে মূৰ পাতিব লাগিব। সেই দিনা আকাশ অলপ গোমা আছিল। দুই এজাক বৰষুণো পৰিছিল। তথাপিও পেৰিছৰ জনতাৰ মনত আনন্দ উল্লাস। সব সাজি কাচি বধ্যভূমিলৈ আহিছে। যেন কোনো মেলা উৎসৱৰ নাচ-বাগ চাবলৈহে আহিছে। ৰাস্তা কাষৰ ঘৰ বিলাকৰ খিড়িকী বোৰো মানুহে ভাড়ালৈ লৈছে। খিড়িকী বোৰেদি মানুহে বধ্যভূমিলৈ অহা বাটটো চাইছে। তেনেকুৱাতে ৰবচপিয়েৰ আৰু তেওঁৰ সহযোগী সকল সেই বাটেৰে দুখ মনেৰে তলমূৰকৈ গিলোটিনৰ বধ্যভূমিলৈ বাট লৈছে। হৰ্থাৎ ৰাস্তা কাষৰ মানুহবোৰে চিঞঁৰ-বাখৰ আৰম্ভ কৰিলে। ও: ৰবচপিয়েৰে সহ্য কৰে কেনেকৈ? এই সময়তো এনে চিঞঁৰ বাখৰ। তাকো নিজ কানে শুনে কেনেকৈ? কিমান যে অসহ্য যান্ত্ৰনা। তাকো মৃত্যুৰ আগমুহূৰ্তত-
-- ৰবচপিয়েৰ জহন্নামে যা।
       ত‌ই নিপাত যা...
       ৰবচপিয়েৰ গ' বেক।
             উগ্ৰ সন্ত্ৰাসেৰে দপদাপাই থকা ৰবচপিয়েৰ আজি নিজেই নিজৰ প্ৰজাৰ ওচৰত বন্দী। যি গিলোটিনৰ ক্ষুৰধাৰ শত্ৰুৰ লগতে দলীয় নেতাৰ তেজেৰেও ৰঙা কৰি তুলিছিল সেই গিলোটিনতেই নিজৰ দেহৰ কেচা তেজেৰেও ৰাঙলী-বাখলি কৰি বধ্যভূমি বোৱাই দিবলৈ আগবঢ়া এটা বন্দী। গিলোটিনৰ কেউফালে জনতাৰ ভিৰ। ঠিক কেইমুহূৰ্তমানৰ পিছতেই আনন্দ-উল্লাসৰ মাজতে উগ্ৰ সন্ত্ৰাসবাদীৰ টোপ্-টোপকৈ তেজে পৰি থকা ৰবচপিয়েৰৰ মূৰটো গিলোটিনৰ পৰা উলিয়াই আনি জনতাৰ আগত ডাঙি ধৰিলে। লগে লগে সকলোৰে মাজত পূৰ্বৰ আনন্দ দুগুন বৃদ্ধি পালে। চাৰিওফালে সন্তোষৰ ধ্বনি বাজি উঠিল। জনতাৰ মুখত সমস্বৰে উস্বাৰিত হ'ল-
-- এটা মৃত্যুদণ্ড পেৰিছৰ বাবে একো নহয়। কিন্তু এই মৃত্যুদণ্ডৰ লগে লগে সমগ্ৰ পেৰিছত সন্ত্ৰাসৰ অধ্যায় অন্ত পৰিল।
           ইয়াৰ লগে লগে সন্ত্ৰাসৰ ৰাজত্ব ক্ৰমান্বয়ে শেষ হৈ আহিল। কিন্তু বিপ্লৱৰ যি লক্ষ্য উদ্দেশ্য আছিল সেয়া পূৰণ কৰাত কিন্তু ফ্ৰান্স ব্যৰ্থ হ'ল। সাম্য মৈত্ৰী স্বাধীনতা ৰ যি বাণী আছিল সেয়া কোনো বাস্তৱায়িত নহ'ল। বিপ্লৱৰ পিছত ফ্ৰান্সৰ পৃথিৱীত আৰম্ভ হয় নেপোলিয়নৰ যুগ। কিন্তু বিপ্লৱৰ উদ্দেশ্য তেনেকেই থাকি গ'ল।
              যি হাৰত উগ্ৰপন্থীৰ সংগঠন জেকবিনৰ নেতা সকলে জনতাৰ সমাদৰ পাই শাসনৰ ক্ষমতা লাভ কৰিছিল, সেইবোৰেই নেতাসকলক অত্যাধিক ভাৱে গিলি পেলালে। যাৰ বাবে প্ৰতিদিন প্ৰতিজন নেতা কেৱল গিলোটিনক লৈ ব্যস্ত আছিল। সকলো সময়তে উগ্ৰ সন্ত্ৰাসেৰে গিলোটিনক পাশোপাত অস্ত্ৰ হিচাবে ব্যৱহাৰ কৰা বাবেই বিপ্লৱৰ লক্ষ্য পূৰণত ভ্ৰষ্ট হ'ল। বিশেষকৈ ৰবচপিয়েৰৰ শাসকীয় খকে আৰু গিলোটিনৰ চোকা ক্ষুৰধাৰক জঘণ্য ভাৱে প্ৰত্যেক মুহূৰ্ততেই ব্যৱহাৰ কৰি ৰক্তাক্ত কৰি তোলাৰ বাবেই ফ্ৰান্সৰ শাসকীয় গাদী পুনৰ বুৰ্জোৱা সকলৰ হাতলৈ গ'ল। গতিকে বিপ্লৱৰ সুযোগ লৈ দাঁ-ত বিশেষকৈ ৰবচপিয়েৰ (দাঁ-ত ৰ সন্ত্ৰাসত আছিল দেশৰ স্বাৰ্থ) কেৱল শাসন আৰু গাদীৰ খকতেই সৃষ্টি কৰা সন্ত্ৰাসে কিমান ভয়াবহ ভাৱে গিলোটিনক ৰক্তাক্ত কৰিছিল সেয়া এক ভয়ংকৰ ইতিহাস।


মনোজ মহন্ত
গহপুৰ

যোগাযোগ:- ৮৪৭১৯০৬৭৫৫

Saturday, June 10, 2023

20 years old Indian handsome boy image

Name:-Abhijit Chakroborty(Geet)
Age-22
                               WORK-Student

Hobby - Acting , writing , modeling , listening ,  ETC..

GUWAHATI , AXOM , INDIA.







                            Assamese news paper 
                                 Axomiya Protidin



Assamese news paper
Amar axom 


অসমীয়া বৰ্ণিলৰ মডেলৰ পৃষ্ঠাত

লিংগৰ ধাৰণা, লিংগ বৈষম্য আৰু নাৰী -মনোজ মহন্ত

  লিংগৰ ধাৰণা, লিংগ বৈষম্য আৰু নাৰী
           নাৰীৰ অন্য এটি ৰূপেই হৈছে মমতাময়ী। নাৰীৰ অন্য এতি ৰূপেই হৈছে সন্তানৰ হৃদয়ত ঝংকাৰ সৃষ্টি কৰা এটি পবিত্ৰ সম্পৰ্ক মা। গতিকে এই নাৰীৰ বিষয়ে ক'বলৈ যোৱাৰ আগতেই লিংগৰ ওপৰত আমাৰ ধাৰণা কি এই সম্পৰ্কত কিছু আলোচনা কৰিব লাগিব। এতিয়া প্ৰশ্ন হ'ল, লিংগ কি? ই হৈছে পৰম্পৰাগত ভাৱে প্ৰাকৃতিক। কিন্তু বাস্তৱ ক্ষেত্ৰত ই হৈছে এক অপ্ৰাকৃতিক সৃষ্টি। যি কেৱল শ্ৰম বিভাজনৰ বাবেহে সমাজৰ এক মনস্তাত্বিক ধাৰণা মাত্ৰ।
           অসমীয়াত লিংগ শব্দটো ইংৰাজীত চেক্স আৰু জেণ্ডাৰ। গতিকে দুয়োটা শব্দৰ মাজত থকা পাৰ্থক্যক একাকাৰ নকৰিব। কিয়নো ইংৰাজীত চেক্স আৰু জেণ্ডাৰৰ মাজত থকা পাৰ্থক্যক সহজে বুজাবৰ বাবেই কোনো কোনোৱে অসমীয়াত জৈবিক লিংগ আৰু কৃত্ৰিম লিংগ এই শব্দ দুটা ব্যৱহাৰ কৰিছে। অসমীয়াত চেক্স অৰ্থাৎ জৈবিক যি সদায়ে প্ৰাকৃতিক লিংগ আৰু জেণ্ডাৰ অৰ্থাৎ কৃত্ৰিম যি সদায় অপ্ৰাকৃতিক বা পিতৃতান্ত্ৰিক সমাজ ব্যৱস্থাৰ দ্বাৰা সৃষ্টি হোৱা লিংগক বুজায়। ইফালে লিংগৰ সম্পৰ্কত Kamla Bhasin এ কৈছে," Gender refers to the sociocultural definition on of man and woman, the way societies distinguish man and woman assign them social roles.
        আছলতে নাৰীৰ প্ৰতি যি বৈষম্য সৃষ্টি ই এক পুৰণি ইতিহাস। এই সম্পৰ্কত ফ্ৰেইডৰিক এংগেলছে তেওঁৰ বিখ্যাত গ্ৰন্থ " The origin of the family private property and the state" ত কৈছে, " পৰিয়াল আৰু  ব্যক্তিগত সম্পত্তিৰ ধাৰণাই হৈছে লিংগ পৃথকীকৰণৰ মূল কাৰণ"। তেওঁ এনেদৰে এই বাবেই কৈছে, কিয়নো আদিম যুগত এনে লিংগ বৈষম্য বৰ্তমানৰ দৰে উদ্ধৰ্ত নাছিল। মানুহে যেতিয়াই পৰিয়াল পাতি সমাজ ব্যৱস্থাৰে নিগাজিকৈ থাকিবলৈ ল'লে তেতিয়াৰ পৰাই ব্যক্তিগত সম্পত্তিৰ প্ৰতি মোহ উপজিল আৰু মহিলা সকলক কামৰ বিভাজনেৰে আভ্যন্তৰীণ কাম-কাজত যেনে ভাত ৰন্ধা, কাপোৰ ধোৱা, বাচন ধোৱা, ছাহ ৰুটি বনোৱা, ঘৰ-দুৱাৰ চফা কৰা, সন্তান জন্ম দি প্ৰতিপাল কৰা ইত্যাদি বিভিন্ন ভিতৰৰ কামত নিয়োগ কৰি দিলে। যাৰ বাবে এই ব্যৱস্থাই মহিলা সকলক ইমানেই ভিতৰলৈ সোমোৱাই দিলে যে, নাৰী নিজৰ ঘৰখনৰ আগফালৰ চোতাললৈ ওলোৱাটোও এক সামাজিক অপৰাধ হৈ পৰিল। আনকি অলপ ডাঙৰকৈ হাঁহিলেও সেই নাৰীৰ স্বভাৱ বেয়া, মুখলৈকে ঢ়াকি উৰণি নললে সেই নাৰীৰ চৰিত্ৰ বেয়া বুলি নাৰীক পুৰুষ তান্ত্ৰিক সমাজে স্বীকৃতি দিব পৰা হ'ল। এটা কথা ঠিক, যে কিছুমান সামাজিক সাজে সমাজ খনক সুস্থ কৰি ৰাখে। কিন্তু কেৱল নাৰীয়ে কিয়? নাৰীৰ মুখ মণ্ডল দেখিলেই যদি পুৰুষৰ উত্তেজনা সৃষ্টি হয় তাৰ বাবে জানো দোষ সেই নাৰী গৰাকীৰ। যাৰ বাবে তেওঁ পুৰুষৰ ভয়ত গৰম কি ঠাণ্ডা, বাহিৰ কি ভিতৰ সকলোতে মুখ মণ্ডল দীঘল কাপোৰেৰে ঢ়াকি ৰাখিব লাগে। নে পুৰুষ সকল চিফিলিছৰ ৰোগী? পুৰুষ সকলেনো কিয় নিজক নিয়ন্ত্ৰণ কৰিব নোৱাৰে? ইফালে আৰু কিছুমান মানুহ আছে যি সকলে ধৰ্মক দোহাইদি নাৰীক কেৱল চকু দুটাৰ বাহিৰে সম্পূৰ্ণ দেহ অপ্ৰয়োজনীয় ভাবে ক'লা কাপোৰেৰে ঢ়াকি ৰখাই। এয়া নাৰীক কৰা চূড়ান্ত অপমান। নাৰীৰ সাধাৰণ অংগ এটা দেখিলেও যদি পুৰুষ সকল কুকুৰ গৰু মেকুৰীৰ দৰে থাকিব নোৱাৰা হয়, তেতিয়া সেই পুৰুষ সকলেহে নিজৰ চকু দুটা কাপোৰেৰে বান্ধি থ‌ওক। যদি আপুনি চিফিলিছৰ ৰোগী হয় চিকিৎসা কৰক। যদি সুফল নাপায় পৃথিৱীৰ পৰা সোনকালেই নাইকীয়া হোৱাৰ কিবা পথ বাছি উলিয়াই ল‌ওক। অন্তত: আপোনাৰ নিচিনা পুৰুষৰ বাবে এই নাৰী সকলক কিছুমান সামাজিক নিয়মক দোহাই দি হাৰাশাস্তি নকৰিব। যদি খাদ্য ইয়াৰ বাবে জগৰীয়া হয়, তেতিয়া খাদ্য সংস্কাৰ কৰক।
         লিংগ বৈষম্যক উদগনি যোগোৱা আৰু কিছুমান কাৰণ আছে। উদাহৰণ স্বৰূপে নিৰক্ষৰতা, স্বাধীন হৈও নিজেই পৰাধীন হৈ থাকিব খোজা ইত্যাদি। কিন্তু এই আটাইবোৰ বিষয়ক সামৰি বিশেষকৈ লিংগ পৃথকীকৰণৰ মূল কাৰণ কেইটাৰ ভিতৰত প্ৰথম হ'ল- পৰিয়াল। কিয়নো শিশুটি জন্ম হ‌ওঁতে‌ই পৰিয়ালৰ ফালৰ পৰা এই লিংগ পৃথকীকৰণ প্ৰক্ৰিয়াটোৱে গজালি মেলে। তদুপৰি পৰিয়াল পাতি বসবাস কৰাৰ পিছতো, আনকি অৰ্ধাংগিনী(পতিৰ আধা) হোৱাৰ পিছতো পৰিয়ালৰ যিকোনো সিদ্ধান্ত লোৱাতো পিছৰে কথা নাৰী গৰাকীয়ে নিজে নিজৰ কোনো কামৰ সিদ্ধান্ত ল'ব পৰা ক্ষমতা কনো হেৰুৱাই পেলাই। ইফালে ভ্ৰূণ হত্যা আছেই। যদি শিশুটো ছোৱালী বুলি গম পায় তেতিয়া গৰ্ভতে তাক নষ্ট কৰি পেলাই। যদি নজনাকৈ জন্ম‌ও হয় তেতিয়া সেই শিশুটি পৰিয়ালৰ পৰা , মৰম আদৰৰ পৰা, শিক্ষা আদি সকলো অধিকাৰৰ পৰা অৱহেলিত তথা বঞ্চিত হয়। বৰ্তমানো মাজে মাজে বাল্য বিবাহ দেখা যায়। অৱশ্যে এতিয়া এটা নতুন জাগৰণৰ সৃষ্টি হৈছে। শিক্ষিত নহয়, এমুঠিতকৈ অলপ বেচি  জ্ঞানী পৰিয়ালে বা সংসাৰ এখনে ল'ৰা আৰু ছোৱালীৰ মাজত কোনো পাৰ্থক্য ৰাখিব নিবিচাৰে। তেওঁলোকক যদি  দুটা সন্তান লাগে তাৰে এটা কিন্তু ছোৱালী হোৱাটো বুকুৰ পৰা কমনা কৰে। এই সকলৰে আকৌ এচামে কিন্তু বৰ্তমান কিছুমান ল'ৰাই সমাজত কৰা অসভ্যালী বোৰৰ বাবেহে ছোৱালীক ভাল পায় আৰু এটা ছোৱালী সন্তান কামনা কৰে। সেইখিনি মানুহে কিন্তু আপোনা আপুনি ছোৱালী সন্তানৰ প্ৰতি নিজা মন বিবেকেৰে আকৃষ্ট হোৱা নাই। পৰিয়ালৰ উপৰিও আন তিনিটা কাৰণ হৈছে সমাজ, ৰাজনীতি আৰু অৰ্থনীতি। মুঠৰ ওপৰত এইটো স্পষ্ট যে, পৰিয়াল, সমাজ, ৰাজনীতি, অৰ্থনীতি যিয়ে নহ‌ওক কিয় এই ব্যৱস্থাবোৰৰ মূল মানুহ পুৰুষ সকলে তেওঁলোক নিজেই বুলি ভাবে। গতিকে এক কথাত কবলৈ গ'লে পিতৃতান্ত্ৰিক সমাজ ব্যৱস্থাই হৈছে নাৰী জাতিৰ প্ৰধান শত্ৰু। ছিলভিয়া ওৱালবি নামৰ বিখ্যাত চিন্তাবিদ গৰাকীয়ে তেওঁৰ বিখ্যাত গ্ৰন্থ Theorizing patriarcy ত উল্লেখ কৰিছে , "পিতৃ তন্ত্ৰ হৈছে সামাজিক গাঁথনিৰ এক পদ্ধতি, য'ত পুৰুষে নাৰীক দমন, উতপীড়ন আৰু শোষণ কৰে"।
           নাৰীবাদ সম্পৰ্কে যদি ছোৱা হয়, ই কিন্তু ইমান নতুন বিষয় নহয়। কেইবাটাও শতিকাৰ আগৰ পৰায়ে নাৰী মুক্তি বা নাৰী স্বাধীনতাৰ বাবে কেৱল নাৰীয়ে নহয় কেইবাগৰাকী নাৰীবাদী পুৰুষেও বিখ্যাত বিখ্যাত গ্ৰন্থ ৰচনা কৰি এক প্ৰকাৰৰ বৌদ্ধিক আন্দোলন কৰি গৈছে। যাতে নাৰীয়ে পূৰ্ণ স্বাধীনতাৰে পুৰুষৰ দৰেই মুক্ত আকাশৰ তলত স্ব-বিবেকেৰে নিজৰ শক্তিৰে আগবাঢ়ি যাব পাৰে। এমুঠি মাত্ৰ নাৰী স্বাধীন হোৱা মানেই সমগ্ৰ নাৰী জাতিৰ মুক্তিক যে বুজায় এনে নহয়। দুৰ্ভাগ্যজনক এয়ে যে, এতিয়াও বহু সংখ্যক নাৰীয়ে নিজেই পৰাধীন হৈ থাকিব বিচাৰে। নাৰী জাতিয়ে তেতিয়াহে মুক্তি লাভ কৰিব, যেতিয়া পুৰুষৰ দমন আৰু শোষণ মূলক মগজুত উঠা বহা কৰা সেই পৰাধীন নাৰী সকলেও এটা স্বাধীন মগজুৰে চলাফুৰা কৰিব পৰা হ'ব। কিন্তু ইয়াত সেই স্বাধীনতা ৰ কথা কোৱা হোৱা নাই, যি স্বাধীনতা ৰ গ‌ইলা লৈ ৯৯ শতাংশ পুৰুষে পুৰুষত্ববাদৰ সংজ্ঞাক বিকৃত কৰি নাৰীক দমন আৰু শোষণ কৰি আছে। মই নিবিচাৰো পুৰুষৰ দৰে নাৰীও এই অসভ্যালী স্বাধীনতাৰ গৰাকী হ‌ওঁক। কিন্তু পুৰুষৰ এই শোষণমূলক মানসিকতা যাক পুৰুষে সেয়া পুৰুষৰ স্বাধীনতা বুলি কয় তাক দমন কৰিব পৰাকৈ বা পুৰুষৰ দৰে নাৰীও যে স্বাধীন ইয়াক প্ৰতিষ্ঠা কৰিব পৰাকৈ কিন্তু নাৰী শক্তিশালী হ'ব‌ই লাগিব। শোষণকাৰী পুৰুষ সকলেও এটা কথা বুজা উচিত যে, নাৰী আছে বাবেহে আমি নিজকে পুৰুষ বুলি ক'ব পাৰিছো।
          নাৰীয়ে প্ৰতিবাদ কৰিব পাৰিব লাগিব। নিজৰ লগতে পুৰুষৰো কামাতুৰ, কাঁৱৰা দুবাহুৰ নিমৰমিয়াল বন্ধনৰ পৰা ওলাই আহিব পাৰিব লাগিব। পত্নীয়ে যেনেকৈ পতিক ভগৱান জ্ঞান কৰে বা সমাজে পত্নীৰ ওচৰত পতিক দেৱতা বা ঈশ্বৰ হিচাবে প্ৰতিষ্ঠা কৰিলে তেনেকৈ পত্নীক পতিৰ ওচৰত কিয় দেবী হিচাপে প্ৰতিষ্ঠা নকৰিলে। পত্নীৰ কাৰনে যদি পতি দেৱতা হ'ব পাৰে পতিৰ কাৰনে পত্নী কিয় অৰ্ধাংগিনী হোৱাৰ পিছতো দেবী হ'ব নোৱাৰে?
         নাৰীয়ে নিজেই নাৰীক মুক্ত কৰিবলৈ প্ৰতিজ্ঞা বদ্ধ হ'ব লাগিব। নহলে এই পুৰুষে নাৰীক কেতিয়াও মুক্ত বুলি ঘোষণা নকৰে। গতিকে নিজে নাৰী হৈ নাৰীৰ দেহ প্ৰদৰ্শণ কৰি ছবি অকা বা নাৰীয়ে নিজা লেখা মেলাত পুৰুষৰ ওচৰত নাৰীক কামুকী হিচাপে বা পুৰুষৰ কামুক দৃষ্টিৰে আকৰ্ষণ কৰোৱা সহজ লভ্য সাহিত্য সৃষ্টি কৰা ত্যাগ কৰিব লাগিব।  পুৰুষক অনুকৰণ নকৰাকৈ নিজা প্ৰতিভাৰে বা নিজা সৃষ্টিৰে নাৰীয়ে নিজকে প্ৰতিষ্ঠা কৰিব পাৰিব লাগিব। পুৰুষৰ চকুত লগাকৈ পুৰুষৰ ভোগ্য সামগ্ৰী হিচাপে নিজক তৈয়াৰ কৰাৰ কিছু সংখ্যক নাৰীৰ যি ব্যস্ততা সেয়া ত্যাগ কৰিব পাৰিব লাগিব। অৱশ্যে সৌন্দৰ্যতাত সকলো ক্ষেত্ৰতে পুৰুষক আকৰ্ষণ কৰোৱাৰ উদ্দেশ্য নাথাকিব‌ও পাৰে। এটা কথা আপোনালোকে  লক্ষ্য কৰিছেনে নাই নাজানো। আজিও কিন্তু পুৰুষ বা নাৰী চিত্ৰকৰে নাৰীৰ দেহ অকাৰ দৰে কোনো পুৰুষ চিত্ৰকৰে পুৰুষক অকা নাই। অতিজলেও যদি লক্ষ্য কৰা যায় এইটো স্পষ্ট যে, পুৰণি মঠ-মন্দিৰ, ৰাজ আট্টালিকাৰ দেৱাল বোৰত শিল কাটি নাৰীৰ ৰূপত এনেকুৱা কৈ কিছুমান পজত ছবি বা মূৰ্তি বনাই থৈছে সেয়া দেখিলে এনেকুৱা লাগে যেন দেৱালৰ ভিতৰৰ ফালে নাৰীৰ উত্তেজিত অংগ প্ৰদৰ্শণৰ মেলাহে বহিছিল। পুৰুষ আৰু প্ৰকৃতি দুয়ো দুয়োৰে পৰিপূৰক। হোলী গীতটো কোৱা হৈছে এনেদৰে-
প্ৰকৃতি পুৰুষ
দুয়োৰে নিয়ন্তা মাধব হে
হে কৃষ্ণ তযু পাৱে
পশিলো শৰণ।।
গতিকে নাৰীৰ প্ৰতি পুৰুষ আৰু পুৰুষৰ প্ৰতি নাৰী এনেও দুৰ্বল। সেয়ে কোনো নাৰীয়ে চিফিলিছত ভোগা পুৰুষ সকলৰ লগতে বাকী সকল পুৰুষকো পুৰুষৰ প্ৰতি থকা দুৰ্বলতাক ইমান সহজকৈ দেখুৱাৰ কোনো প্ৰয়োজন নাই। আনহাতে যি সকল পুৰুষ চিত্ৰ শিল্পীয়ে কেৱল নাৰীৰ খলা বমা দেহ আকি ভাল পায় তেওঁলোকেও সেই সহজ লভ্য মানসিকতা অচিৰেই ত্যাগ কৰা উচিত। সেই গৰাকী নাৰীক আকক যি গৰাকী নাৰীয়ে দহ গৰাকী নাৰীৰ বাবে, দেশৰ বাবে ভাষা সংস্কৃতিৰ বাবে কিবা এটা কৰি গৈছে।
            বৰ্তমান আইনগত ভাৱে সকলোৰে বাবেই শিক্ষা হোৱাৰ বাবে ছোৱালী সকলেও ল'ৰাৰ দৰে শিক্ষাৰ অধিকাৰ লাভ কৰিছে। তথাপিও এতিয়াও কিছুমান ঠাইত ছোৱালীয়ে পঢ়িনো কি দাল ফালিব এই মানসিকতাৰে নিজৰ মগজু পুটি থোৱা অভিভাৱক নথকা নহয়। এতিয়াও ছোৱালী সন্তান জন্ম হোৱাৰ বাবেই শিশু মাতৃ দুয়োকে অত্যাচাৰ কৰি হত্যা কৰা অসুৰ নথকা নহয়। তাৰ প্ৰমাণ টি ভি টোৰ সন্মুখত বহিলেই, বাতৰি কাকত খন পঢ়িলেই পোৱা যায়। স্বামী বিবেকা নন্দ‌ই কৈছে," কোনো দেশত বা জাতিয়ে যদি নাৰীক সন্মান প্ৰদৰ্শণ নকৰে, তেন্তে তেনে দেশ বা জাতি কেতিয়াও মহান নহয় আৰু ভবিষ্যতেও হ'ব নোৱাৰে। আনহাতে সংস্কৃতত শ্লোক আছে এনেদৰে-
যাময়ো যাতি গোহানি শপ্যন্ত প্ৰতিপূজিতা:।
তাতি কৃতাহতানিব বিনশ্যন্তি সমন্তত:।।
অৰ্থাৎ- যি ঘৰত নাৰীক সন্মান কৰা নহয়, যি ঘৰত নাৰীয়ে চকুপানী টুকি থাকিব লগা হয়, সেই ঘৰক নাৰীয়ে অভিশাপ দিয়ে। ভবিষ্যতেও সেই ঘৰে উন্নতি সাধন কৰিব নোৱাৰে আৰু অৱশেষত সেই ঘৰ আৰু বংশৰ বিনাশ সাধন হয়।
শাস্ত্ৰটো কৈছে য'ত নাৰীৰ পূজা হয়, তাত দেৱতা সকলো সন্তুষ্ট হয় আৰু য'ত নাৰীয়ে পূজা নাপায় তাত সকলো যজ্ঞ- কৰ্ম নিষ্ফল হয়। কিন্তু এইযে পূজা শব্দটো উল্লেখ কৰা হ'ল, ইয়াৰ অৰ্থ কি? নাৰীৰ মূৰ্তি সাজি মন্দিৰত প্ৰতিষ্ঠা কৰি ধূপ, চাকি, ফুলৰ থালি ঘূৰাই মন্ত্ৰ মাতি সেৱা কৰা?
            নাৰীক যে কাপোৰ বা বৰজাপিৰ আঁৰতহে থোৱা হৈছিল কেৱল সেয়াই জানো? কেনেকুৱা কিছুমান যে কোনো অন্ধকূপৰ মকৰাৰ জালত উলমি থকা সংস্কাৰৰ কথা দোহাই দি নাৰীক পিতৃতান্ত্ৰিক সমাজখনে শোষণ কৰি আহিছিল সেয়া আজিৰ যি সকল নাৰীয়ে জানিও নুবুজাৰ দৰে হৈ পুৰুষৰ পিঠিৰ ফালে থাকি সকলো ক্ষেত্ৰতে পুৰুষৰ কমৰত ধৰি উঠা বহা কৰি ফুৰিছে, সেইসকল নাৰীৰ বাবেই নাৰীজাতিয়ে কোনোদিন পুৰুষৰ দমন আৰু শোষণৰ পৰা মুক্তি লাভ কৰিব নোৱাৰিব। পুৰুষক বাদ দি নাৰীৰ নিজাকৈ কি একো নাই নেকি? সকলো নাৰীয়ে আত্মমৰ্যদাৰ বাবে যুঁজ দিবলৈ কেতিয়া শিকিব? অৱশ্যে নাৰীৰ হকে মাত মাতি অহা নাৰীৰ মুক্তিৰ বাবে কাম কৰি অহা এমুঠিমান পুৰুষো নথকা নহয়। উদাহৰণ স্বৰূপে লেখাটোত ইতিমধ্যেই কেইবাগৰাকী পুৰুষৰ নাম উল্লেখ কৰা হৈছেই। এই সকলৰ উপৰিও আছিল ৰাজা ৰাম মনোহৰ লোহিয়া, ঈশ্বৰ চন্দ্ৰ বিদ্যা সাগৰৰ পৰা আৰম্ভ কৰি জ্যোতি প্ৰসাদ আগৰৱলা(" জ্যোতি প্ৰসাদ আগৰৱলা আৰু নাৰীবাদ" এই সম্পৰ্কে অন্য এটা লেখাত আলোচনা কৰা হ'ব), ইয়াৰ উপৰিও কেইবাগৰাকীও ৰাজ শাসিত ৰজাও আছিল আৰু বৰ্তমানো এনে পুৰুষৰ উদাহৰণ নথকা নহয়। তছলিমা নাছৰিন এগৰাকী নাৰীবাদী লেখিকা। দু: সাহসী, স্পষ্টবাদী তথা প্ৰতিবাদী নাছৰিনে পুৰুষ শাসিত সমাজত নাৰীৰ দুৰ্ভোগ দুৰ্দশা আৰু অৱমূল্যায়নৰ কথা কৈ সমগ্ৰ নাৰীক উত্তৰণৰ ইংগিত দিছে। নাৰীক ইন্ধন।যোগাইছে নাছৰিনে। আনহাতে নাৰীক সমালোচনাও কৰিছে। তাকো গঠনমূলক। যাতে নাৰীয়ে নিজৰ ভূল বোৰ দেখি শুনি জানি বুজি নিজক শুধৰাব পাৰে।
           আজিৰ শোষিত নাৰীয়ে পুৰুষৰ কান ঘোলা হোৱাকৈ ' পুৰুষত্ববাদ' প্ৰকৃততে কি এই কথা চিঞঁৰি চিঞঁৰি সুধিব পাৰিব লাগিব। পুৰুষত্ববাদৰ সংজ্ঞাক বিকৃত কৰা পুৰুষক চিধা কৰিব পৰাকৈ নাৰীয়ে দূৰ্গাৰ ৰূপো ধাৰণ কৰিব লাগিব। বৈদিক যুগত নাৰী আছিল মুক্ত। কিন্তু মনোস্মৃতিয়েহে নাৰীক সজাত বন্দী কৰি পেলালে। অৱশ্যে মনুৱে উল্লেখ কৰিছে যে, মনুস্মৃতিত তেওঁ সেই সময়ৰ সমাজ ব্যৱস্থাটোকহে অধ্যয়ণ কৰি নিজা কৌশলেৰে তুলি ধৰিছে। এইটো সত্য, তেওঁ মনোস্মৃতি খন মানি চলিব‌ই লাগিব বুলিও ক'তো উল্লেখ কৰা নাই। কিন্তু স্বীকাৰ কৰিব‌ই লাগিব যে সেই সময়ৰ পৰা বৰ্তমানলৈকে এই গ্ৰন্থ খনে ভাৰতীয় সমাজত নাৰী জাতিটোক সজাত বন্দী কৰাই পেলালে।
             দেখা যায় হিন্দু ধৰ্মৰ পূজ্য দেৱতা ভগৱান শ্ৰী ৰাম চন্দ্ৰয়ো নাৰীক সন্মান কৰিব জনা নাছিল। যাৰ বাবে কিছুমান নিকৃষ্ট মানসিকতাৰ প্ৰজাৰ ওচৰত নিজকে শ্ৰেষ্ঠ শুদ্ধ সত্য ৰজা হিচাবে প্ৰতিষ্ঠা কৰিবলৈ গৈ বছৰ বছৰ ধৰি সহবাস কৰি অহাৰ পিছতো, সেই দুটি সন্তানৰ পিতৃ তেওঁ নিজেই বুলি জানিও, পৰ স্ত্ৰীৰ ওপৰত চকু দিলে ৰৱনৰ কি অৱস্থা হ'ব সেই কথা জনাৰ পিছতো নিজৰ পত্নী সীতা দেৱীক বাৰে বাৰে ভয়ংকৰ অগ্নী পৰীক্ষা লৈছিল। আনকি সেই পৰীক্ষাত পাছ কৰাৰ পিছতো দেৱী সীতাক তেওঁ গ্ৰহণ নকৰাৰ বাবেই কথিত‌ই হ‌ওক বা লৌকিক ভৌতিক যিয়ে নহ‌ওক দেৱী সীতাই আজিৰ ভাষাত আত্মহত্যা কৰিবলৈ বাধ্য হৈছিল। গতিকে ছাবলৈ গ'লে নাৰী তেতিয়াও ঠিক সুৰক্ষিত নাছিল।
           দৰিদ্ৰতাৰ বাবেই হ‌ওক বা ভোগ বিলাসৰ বাবেই হ‌ওক একাংশ নাৰীয়ে কৰি অহা বেশ্যা বিত্তি এৰিব লাগিব। অৱশ্যে ই কোনো নতুন যুগৰ নতুন বিষয় নহয়। এয়াও সেই ৩৩ কোটি দেৱতাৰ দিনৰেই। কিয়নো স্বৰ্গৰ দেৱতা হিচাবে খ্যাত হোৱাৰ পিছতো বহু দেৱতাৰে ভোগ্য নাৰী দেহ আছিল দেবী হৈও মেনকা। যিয়ে নহ‌ওক বেশ্যা বিত্তিৰে দৰিদ্ৰতা বা অন্য কিবা কাৰণতেই হ‌ওঁক সস্তীয়া টকা উপাৰ্জনেৰে ভোগ বিলাস কৰাতকৈ বা দৰিদ্ৰতাৰ পৰা মুক্তি বিচৰাতকৈ সেই নাৰীয়ে টকা উপাৰ্জনৰ অন্য পথ বিচাৰি ল‌ওঁক।
          বহু সময়ত দেখা যায় নাৰীৰ অধিকাৰক লৈ যথেষ্ট আলোচনা হোৱাৰ লগতে ই বিভিন্ন বিতৰ্কৰ মাজতো সোমাই পৰিছে। এই বিষয়ক লৈ বিতৰ্ক সৃষ্টি কৰা পুৰুষৰ সংখ্যাও কম নহয়। তেওঁলোকে কয় চৰকাৰী ভাৱে, সাংবিধানিক ভাৱে নাৰীকেই সকলো দিয়া হৈছে। গতিকে নাৰীক আৰু কি স্বাধীনতা লাগে? হয়, ঠিকেই। শেহতীয়াকৈ নাৰীৰ অধিকাৰৰ কথালৈ যদি ছোৱা যায় সাংবিধানিক ভাৱে নাৰীক যথেষ্ট স্বাধীনতা প্ৰদান কৰিছে। ইখনৰ পিছত সিখন চুক্তি কৰিছে, আইন বনাইছে। অৰ্থাৎ নাৰীক সম্পূৰ্ণ অধিকাৰ অৰ্পণ কৰিছে। কিন্তু এই ৰক্ষনশীল সমাজ খন এক? পিতৃতান্ত্ৰিক সমাজ খন একা? মনু স্মৃতিৰ যুক্তিৰে মগজু পুটি থোৱা সকল একা? এই সকলৰ পৰা জানো এগৰাকী নাৰীয়ে সাংবিধানিক সকলো স্বাধীনতা সকলো অধিকাৰ ভোগ কৰিব পাৰিছে? সকলো ধৰণৰ সামাজিক অধিকাৰ জানো তেওঁলোকে পাইছে?
            অতি গুৰুত্বপূৰ্ণ কথা এয়ে যে, এখন দেশৰ উন্নতি সাধনত নাৰীৰ ভূমিকা কিমান সেয়া বিচাৰ কৰি ছাব লাগিব। কিয়নো বিশ্বৰ সৰ্বমুঠ জনসংখ্যাৰ প্ৰায় আধা সংখ্যকেই নাৰী। গতিকে এই আধা সংখ্যক জনসংখ্যাৰ উন্নতি সাধনৰ অবিহনে সম্পূৰ্ণ অৰ্থত মানৱ উন্নয়ন কেতিয়াও সম্ভৱ নহয়। গতিকে এখন ৰাষ্ট্ৰৰ উন্নয়ন সাধন হ'বলৈ প্ৰথমেই লিংগ উন্নয়ন কৰিব‌ই লাগিব। কিন্তু, লিংগ উন্নয়ন মানে বা কি? এই সম্পৰ্কে বিভিন্ন জনৰ মতে- লিংগ উন্নয়ন বুলিলে লিংগৰ সমতা আৰু নাৰীৰ মৰ্যদা বৃদ্ধিৰ জড়িয়তে নাৰীৰ সৰ্বতোপ্ৰকাৰৰ উন্নয়ন সাধন কৰাক বুজায়।
            শেষত ইয়াকে ক'ম যে, লিংগ অসমতা দূৰিকৰণ কৰি, সাংবিধানিক ভাৱে, সামাজিক ভাৱে, পৰিয়াল গত ভাৱে, ৰক্ষনশীল তথা পিতৃতান্ত্ৰিক সমাজ খনৰ ঠেক মানসিকতা সলনি কৰি মুক্ত ভাৱে, সম্পূৰ্ণ স্বাধীনতাৰে, পুৰুষৰ লগত সমভাৱে বা পুৰুষতকৈও এখোজ আগবাঢ়ি যাব পৰাকৈ নাৰীক সকলোৱেই সৰ্বস্ব অধিকাৰ প্ৰদান কৰক। 

ফোন:- ৮৪৭১৯০৬৭৫৫
গহপুৰ।।