Tuesday, September 26, 2023

ফৰাচী বিপ্লৱৰ অধিকাংশ পৃষ্ঠাই গিলোটিনৰ তেজেৰে ৰক্তাক্ত কিয়? -- মনোজ মহন্ত

ফৰাচী বিপ্লৱৰ অধিকাংশ পৃষ্ঠাই গিলোটিনৰ তেজেৰে ৰক্তাক্ত কিয়?
               বিপ্লৱ বিশ্বমানৱৰ চিৰন্তন মুক্তি আৰু স্বাধীনতাৰ আকাংক্ষাৰ এটা সাৰ্থক প্ৰকাশ আৰু এই দিশেৰে ফৰাচী বিপ্লৱ বিশ্বমানৱৰ বুৰঞ্জীৰ এটা ঐতিহাসিক পদক্ষেপ আৰু ইয়াৰ তাৎপৰ্য্য সমগ্ৰ বিশ্ব বিয়পা। প্ৰত্যেক ৰাষ্ট্ৰতে সময় সাপেক্ষে ৰাষ্টৰ স্বাৰ্থতেই বিপ্লৱৰ প্ৰয়োজন আছে। যি বিপ্লৱে চৰকাৰৰ ব্যক্তি আৰু নীতিৰ পৰিবৰ্তনৰ লগতে সমাজৰ জনসাধাৰণৰ জীৱন যাত্ৰাৰো আমূল পৰিৱৰ্তন ঘটায়। তেনে এক বিপ্লৱেই হৈছে ১৭৮৯ চনত আৰম্ভ হোৱা এই ফৰাচী বিপ্লৱ।
-- মাৰাক ময়ে হত্যা কৰিছোঁ, ইয়াৰ বাবে মই কোনো দোষ স্বীকাৰ নকৰোঁ। দেশত ৰক্তপাত আৰু সন্ত্ৰাসৰ আজি অন্ত পৰিল।


              এটা কোঠা। কোঠাৰ ভিতৰত এটা কাঠৰ চৌবাচ্চাৰ। চৌবাচ্চাৰত গৰম পানী। পানীখিনিত এটা তেজ মিহলি মৃত দেহ। মৃতদেহটোৰ বুকুত চোকা অস্ত্ৰৰ আঘাত। দেহটোৰ কাষত এটা কাঠৰ বাকচ সদৃশ। তাৰ ওপৰত দুটামান পাখি আৰু এটা চিয়াহিৰ কাপ লগতে কিবা লিখি থোৱা দুটামান কাগজৰ টুকুৰা। কিন্তু চুইচাইদ নোট নহয়। মৃত দেহটোৰ এখন হাত বাকচটোৰ ওপৰত কিবা লিখি থকা অৱস্থাত আৰু আনখন হাত ওলমি মজিয়াত লাগি আছিল। সেই হাত খনৰ ঠিক কাষতেই বুকুৰ পোনে পোনে এখন তেজ লগা ছুই পৰি আছে। ই কোনো আত্মহত্যা নাছিল। মৃত দেহটো আছিল এটি বিপ্লৱী সত্বাৰ।
              পেৰিছৰ এখন বজাৰ। এগৰাকী মহিলাই বজাৰৰ লোহাৰ লংগ বিকা দোকান এখনৰ পৰা কিবা এটা কিনি আনৰ চকুত নপৰাকৈ ঢ়াকি ওলাই আহিছে। ঠিক কিছু সময়ৰ পিছত এটা ঘৰৰ সন্মুখত মহিলা গৰাকীৰ অনুমতি সূচক কণ্ঠ -
--চিয়ান প্ৰদেশত দেশদ্ৰোহী সকলে কেনেদৰে দেশ ধ্বংস কৰিবলৈ প্ৰস্তুতি চলাইছে, মই তাৰে বতৰা দিবলৈ আহিছো।
            প্ৰথম দিনা অনুমতিৰ সম্পৰ্কত কোনো সহাৰি নাপায় ২য় দিনাও একে কণ্ঠ। কিন্তু সেইদিনা ঘৰটোৰ ভিতৰলৈ যোৱাৰ অনুমতি পা‌লে। ইয়াৰ ঠিক কিছু সময়ৰ পিছত মহিলা গৰাকী পুনৰ ভিতৰৰ পৰা ওলাই আহিল। ইয়াৰ পিছতেই বিপ্লৱী সত্বা মাৰাৰ মৃত্যু। চৰ্ম ৰোগৰ অশান্তিত থাকিব নোৱাৰি গৰম পানীত নিজৰ দেহ ডুবাই কিবা লিখি বহি থকা মাৰাৰ বুকু নতুনকৈ কিনি অনা এখন ছুৰীৰ দ্বাৰা থকা সৰকা কৰা হ'ল।
           বাতৰি সমগ্ৰ দেশ বিয়পিল। উগ্ৰপন্থীৰ ক্লাৱ জেকবিনৰ নেতা, উগ্ৰপন্থীৰ চিন্তা ধাৰাৰ উগ্ৰ সমৰ্থক, শক্তিশালী সাহিত্যৰ দ্বাৰা পেৰিছৰ জনতাৰ তেজত উগ্ৰপন্থীৰ বিপ্লৱক প্ৰতিষ্ঠা কৰা, পেৰিছৰ সহস্ৰ জনতাৰ বুকু উদং কৰা মাৰাৰ হত্যাকাৰীক বিচাৰি উলিয়াবলৈ উগ্ৰপন্থীৰ শাসকীয় পেৰিছ তুলপাৰ লাগিল। ফলত হত্যাকাৰীক বিচাৰি অনা হ'ল। হত্যাকাৰীয়ে নিজৰ পৰিচয় দিলে যে, তেওঁ চিয়ান দেশৰ এগৰাকী সাধাৰণ মহিলা। নাম চাৰ্লচ কাৰ্ডে। ইয়াৰ লগে লগে ঘটনাই গতি সলনি কৰিলে। কিয়নো মাৰাৰ হত্যাৰ বাবে কাৰ্ডেৰ লগতে ৰজাঘৰীয়া,যাজক,পুৰণি অভিজাত শ্ৰেণী সকলো জগৰীয়া হ'ল। কাৰণ কাৰ্ডে একপ্ৰকাৰে সিহঁতৰ ভেৰোণীয়া আছিল। ইহঁতে মাৰাক হত্যা কৰাৰ উদ্দেশ্য এটাই আছিল। সিহঁতে ভাবিছিল জনতাৰ বুকুৰ নেতা যিয়ে উগ্ৰপন্থীৰ দলক আৰু শাসনক দিনক দিনে শক্তিশালী কৰি আহিছে সেই দলৰ শক্তিমান নেতাক হত্যা কৰিব পাৰিলেই উগ্ৰপন্থীৰ শাসন অন্ত পৰিব আৰু দেশৰ শাসনৰ গাদীত পুনৰ এই জিৰনদিন সকলেই দপদপাই থাকিব পাৰিব। কিন্তু এই হত্যাই দেশক বিপ্লৱৰ পৰা মুক্তি দিয়াৰ বিপৰীতে জিৰনদিন সকলকহে পৃথিৱীৰ পৰাই মুক্তি দিবৰ বাবে উগ্ৰপন্থী সকলৰ অতি উগ্ৰবাদে সাবতি ধৰিলে। ফলত দেশত ৰক্তপাতৰ নৈ ববলৈ ধৰিলে। নিতৌ নতুন সন্ত্ৰাসৰ সূত্ৰপাত ঘটাই গ'ল। গুৰুত্বপূৰ্ণ এয়ে যে, দেশৰ সমগ্ৰ জনতাই দিনে দিনে উগ্ৰপন্থীৰ দলত দলে বলে যোগদান কৰি শক্তিশালী কৰি তুলিলে। সাধাৰণ জনতাৰ মাজত আগৰপৰাই অভিজাত, যাজক আনকি ৰজাঘৰীয়া মানুহবোৰক, তেওঁলোকৰ কঠোৰ আইনক, শাসনক, তেওঁলোকৰ একনায়কত্ববাদক লৈ সন্তুষ্ট নাছিল। ভিতৰি ভিতৰি তেওঁলোক এই বোৰৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছিল। তেনে সময়তে দেশৰ নতুন ধনী বুৰ্জোৱা সকলে পুৰণি ধনী অভিজাত, যাজক আৰু পুৰণা ধনী বুৰ্জোৱা সকলৰ সৈতে  সম অধিকাৰ সম সন্মান আদিৰ পৰা বঞ্চিত হোৱাৰ বাবেই আগৰ পৰাই অসন্তুষ্ট হৈ থকা দেশৰ দৰিদ্ৰ জনতা সকলক লগত লৈ তেওঁলোকে নিজকে সংখ্যাগৰিস্থ কৰি পুৰণা ধনী বুৰ্জোৱা সকলৰ বিৰুদ্ধে  বিদ্ৰোহৰ পাতনি মেলিলে। এয়াই যেন এই বিদ্ৰোহৰ আৰম্ভণি। উল্লেখযোগ্য যে, এই বিদ্ৰোহ কিন্তু সৰ্বহাৰাৰ স্বাৰ্থ জড়িত বিদ্ৰোহ নাছিল। আছিল নতুন বুৰ্জোৱাৰ বিপ্লৱ হে। যি সকল ন-ধনী আছিল আৰু পুৰণি ধনী সকলৰ পৰা যিয়ে সম অধিকাৰৰ পৰা বঞ্চিত হৈছিল, সেই সমগ্ৰ অধিকাৰ কাঢ়ি আনিবৰ বাবেই দৰিদ্ৰ জনতা সকলকো ভৰ্তি কৰাই নিজৰ স্বাৰ্থ আদায় কৰিবৰ বাবেই দলৰ মানুহৰ সংখ্যা বৃদ্ধি কৰি লৈছিল। অৰ্থাৎ কৌশল কৰি স্বাধীনতা সাম্য আৰু মৈত্ৰী ৰ শ্লোগান দি পুৰণি ধনীৰ কাষৰ পৰা মানুহখিনিক আনি এওঁলোকে নিজৰ হাতৰ মুঠি কৰি লবলৈ সক্ষম হৈছিল।
            আনহাতে, এফালৰ পৰা ফৰাচী বিপ্লৱৰ যুগটোক কিন্তু জ্ঞানদীপ্ত প্ৰজ্ঞাৰ যুগ বুলিও কোৱা হয়। যিমানেই সন্ত্ৰাসৰ শাসন নহওক কিয়, মূল কথা হ'ল এই শন্ত্ৰাসৰ শাসননো হ'বলৈ পালে কেনেকৈ? ইয়াৰ বাবেনো জগৰীয়া কোন? যিয়ে নহ‌ওক বিপ্লৱৰ তাত্বিক নেতা সকলৰ উদ্দেশ্য আছিল জ্ঞানক ধৰ্মৰ বন্ধনৰ পৰা মুক্ত কৰি দিয়া। ৰাষ্ট্ৰৰ লগত ধৰ্মৰ কোনো সম্পৰ্ক নাথাকিব। কিয়নো ধৰ্ম নাগৰিক সকলৰ ব্যক্তিগত বিষয়। নিৰ্বাচিত শাসক সকলে ৰাজ্য চলাব। দেশ পৰিচালনাৰ বাবে উপযুক্ত সংবিধান তৈয়াৰ কৰা হ'ব। ধৰ্মৰ নামত দেশৰ আইন নচলিব। গতিকে শ্ৰেণী শোষণ, বৈষম্য মূলক আইন-কানুন, ধৰ্মৰ নামত ভণ্ডামি, অৰ্থনৈতিক দুৰৱস্থা, অভাৱ অনাটন, কৰ্মহীনতা, চৰা দাম আৰু সামৰিক ভাবুকিৰ বিৰুদ্ধে পেৰিচৰ সচেতন জনসাধাৰণ সক্ৰিয় বিদ্ৰোহত নামি পৰিছিল আৰু এই বিদ্ৰোহৰ ফচলেই হ'ল ফৰাচী বিপ্লৱ। ইফালে নতুন বুৰ্জোৱা সকলৰ প্ৰতিভা আছিল, ধন আছিল, শিক্ষা আছিল, কিন্তু ফ্ৰান্সৰ আইনত তেওঁলোকৰ মৰ্যদা নাছিল। যাৰ ফলত এই বিদ্ৰোহৰ গুৰি ধৰিছিল এই সকল নতুন বুৰ্জোৱাই। তেওঁলোকৰ ভিতৰত ভলটেয়াৰ দৰে ব্যক্তি আছিল বিপ্লৱৰ দাবানল জ্বলাই তোলা আবশ্যকীয় খাৰ-বাৰুদ। যাৰ সহায়ত মাৰা, দাঁ-ত আৰু ৰৱচপিয়েৰ আদি বিপ্লৱী সত্বাই অন্ধকূপৰ মকৰাৰ জালত ওলমি থকা প্ৰাচীন জৰাগ্ৰস্ত তথা শোষণকাৰী সমাজৰ ভেটি ধ্বংস হৈ যোৱাকৈ বোমা বিস্ফোৰণ কৰিছিল আৰু ৰূপ লৈছিল সন্ত্ৰাসবাদীৰ । এইখিনিতে আকৌ ক‌ওঁ যে, এই বিদ্ৰোহ কিন্তু সৰ্বহাৰাৰ লগত বুৰ্জোৱা সকলৰ সমানতাৰ বাবে  হোৱা নাছিল। হৈছিল ওপৰত উল্লেখ কৰা অসন্তুষ্টি খিনি যাতে পুৰণা আৰু নতুন সকলো বুৰ্জোৱাই সমভাৱে পাই সেই বাবেহে।
-- হে ফৰাচী বাসী, মই সম্পূৰ্ণ নিৰপৰাধী সত্বেও মৃত্যুক বৰণ কৰিছোঁ। অন্তিম ক্ষনত মই তোমালোকক এই কথা কৈ গলো। মোৰ সকলো শত্ৰুকে ক্ষমা কৰি দিলো। আশা কৰোঁ....
আৰু কিবা ক'ব বিচাৰিছিল। কৈছিলো। কিন্তু মৃত্যুৰ আগমুহূৰ্তত চাৰিওফালে বজোৱা বেণ্ডৰ শব্দ‌ই কাকো একো শুনিবলৈ নিদিলে। তেনেকুৱাতেই গিলোটিনৰ ক্ষুৰধাৰৰ গধুৰ ফালটো তললৈ নামি আহিল।কেইমুহূৰ্ত মানৰ ভিতৰতেই গিলোটিনৰ ক্ষুৰধাৰত শিৰশ্চেদ হোৱা মূৰটো তললৈ তেজ টুপ-টুপকে পৰাকৈ বধ্যভূমিৰ সমূহ জনতাৰ আগত তুলি ধৰিলে। লগে লগে সকলো স্ফুৰ্তিত আত্মহাৰা হৈ পৰিল।
           এই হত্যা সাধাৰণ হত্যা নাছিল। এই হত্যা আছিল পেৰিছৰ সম্ৰাট ষষ্ঠদশ লুইক কৰা হত্যা। অতি কৌশলী হত্যা। ১৭৯৩ চনৰ ২১ জানুৱাৰীত কৰা এই হত্যাৰ লগত জড়িত আছিল মাৰা, দাঁ-ত, ৰবচপিয়েৰ আৰু পেৰিছৰ জনতা। লগে লগে পেৰিছত উগ্ৰপন্থীৰ শাসন আৰম্ভ হ'ল। শংকিত হৈ পৰিল জিৰনদিন অৰ্থাৎ পুৰণি অভিজাত ধনী সকল আৰু ধুৰন্ধৰ যাজক সকল। ৰাজকীয় বৰ্গৰ শেষৰ ফালে শাসনৰ সময়ত ফ্ৰন্সৰ অৱস্থা ইমানেই বেয়া হৈ পৰিল যে সেইবোৰ মোকাবিলা কৰিবৰ বাবেই উগ্ৰপন্থী সকলে দেশত সন্ত্ৰাস কাৰ্য্যক আইন সংগত ভাৱে ৰাষ্ট্ৰীয় নীতিলৈ ৰূপান্তৰিত কৰিলে। ইয়াৰ ফলত দেশত ফৰাচী বিপ্লৱৰ অন্ত পৰিল যদিও গনতন্ত্ৰ আৰু ব্যক্তি স্বাধীনতাক উগ্ৰপন্থী সকলে ভৰিৰে মোহাৰি পেলালে।
            দাঁ-ত প্ৰথম বাৰৰ বাবে পেৰিচত জেকবিনৰ উগ্ৰপন্থী দলৰ পৰা দেশৰ প্ৰধান নেতা হ'ল। জনতাৰ বুকুৰ নেতা। যেতিয়া মাৰাক হত্যা কৰা হৈছিল তেতিয়াও এৱেঁ দেশৰ প্ৰধান নেতা আছিল। ৰণ কৌশলী নেতা দাঁ-ত‌ই ইখনৰ পিছত সিখন আইন কৰি উগ্ৰপন্থীৰ আইনক আৰুৰ পিছত আৰু শক্তিশালী কৰি তুলিলে।  ইচ্ছামতেই যাকে পাৰে তাকে আটক কৰি শাস্তি দিব পৰা হ'ল। ক'লা বজাৰী, লাভখোৰ, ব্যৱসায়ী, ঠগ-প্ৰৱঞ্চক সকলক সন্দেহ বশত: আটক কৰি শাস্তি বিহিবলৈ ধৰিলে। সম্ৰাটৰ পিছতে ৰাণীকো হত্যা কৰিলে। মুঠৰ ওপৰত ফৰাচী সন্তান সকল ৰক্তপাতত মত্ত হৈ পৰিল। দেশলৈ ঘুৰি অহা দেশ ত্যাগী, তেওঁলোকৰ পৰিয়াল, কামৰ পৰা নিলম্বিত বিষয়া সকল যাজক সকল, অভিজাত সকলোকে ধৰি আনি গিলোটিনক তেজেৰে নিতৌ ধুৱাবলৈ ধৰিলে। দুৰ্ভাগ্য যে, সন্ত্ৰাস ইমানেই বাঢ়ি আহিল যে আনকি বিপ্লৱৰ গুৰি ধৰা ব্যক্তি যেনে বেইলী, ফিলিপ, ইংগালটি আদি বহুতকে গিলোটিনৰ চোকা ক্ষুৰধাৰেৰে শিৰশ্চেদ কৰিলে।
-- হে স্বাধীনতা! তোমাৰ নামত এয়া কি ভয়াবহ অপৰাধ সংঘটিত হৈছে?
         ফৰাচীৰ সু-সাহিত্যিক ৰলাক শিৰশ্চেদ কৰিবলৈ প্ৰকাশ্য বধ্যভূমিলৈ লৈ যোৱাৰ সময়ত ডেভিডৰ সু-মহান ভাস্কৰ্য্য স্বাধীনতাৰ মুৰ্তিটোৰ ফালে চাই আৱেগ মিশ্ৰিত কণ্ঠত  এনেদৰে কৈ হুমুনিয়াহ কঢ়িছিল।
          এটা সময়ত দাঁ-তৰ পতন হ'ল আৰু ৰৱচপিয়েৰ দেশৰ জেকবিনৰ ২য় প্ৰধান নেতা হ'ল। তেওঁ মাত্ৰ এবছৰ শাসন চলাইছিল। এই কম সময়তেই দেশ ইমানেই ভয়ংকৰ হৈ পৰিল যে উগ্ৰসন্ত্ৰাসবাদে চৰম সীমা অতিক্ৰম কৰিলে। তেওঁৰ সমূহ প্ৰতিদ্বন্দীৰ লগতে আনকি সন্ত্ৰাসবাদী শাসনৰ প্ৰধান খুঁটা কমিউনৰ নেতাৰ তেজেৰেও গিলোটিনৰ ক্ষুৰধাৰ ৰ‌ঙা কৰি তেওঁ শান্তি লভিছিল। আনকি সাধাৰণ প্ৰজাই সন্ত্ৰাসৰ উৎপাতত থাকিব নোৱাৰি আত্মহত্যা পৰ্যন্ত কৰিবলৈ বাধ্য হৈছিল। উগ্ৰপন্থী শাসনৰ উত্থান দেখি ৰবচপিয়েৰৰ শাসন কালৰে কনভেনশ্যনৰ নেতা এজনে কবলৈ বাধ্য হৈছিল-
-- বিপ্লৱে নিজৰ সন্তান সকলকে ক্ৰমে গিলি পেলাইছে।
            বিপ্লৱৰ আটাইতকৈ নৃশংস যোগ হিচাবে চিহ্নিত হ'ল ৰবচপিয়েৰৰ শাসন কাল। যদিও দাঁ-ত‌ই সন্ত্ৰাসৰ পাতনি মেলিছিল সেই সন্ত্ৰাসত আছিল দেশ আৰু জাতিৰ স্বাৰ্থ। তেওঁ জনতাৰ বাবে যথেষ্ট কাম কৰিছিল। তেওঁ পেৰিছৰ জনতাৰ বুকু জয় কৰিব পাৰিছিল। কিয়নো তেওঁ আছিল যুদ্ধ বাজতকৈ ৰণকৌশলী আৰু শক্তিশালী নেতা। সেয়ে ৰবচপিয়েৰৰ দৰে শাসনৰ লোভ আৰু গাদীৰ খকত জঘন্য সন্ত্ৰাস আৰম্ভ কৰা নাছিল। যি সন্ত্ৰাসেৰে ভবিষ্যতে গাদীৰ পৰা যাতে কোনেও খহাব নোৱাৰে, জনতাৰ বুকুৰ নেতা হোৱাৰ বাবে দাঁ-ত যাতে পুনৰ শাসনলৈ আহিব নোৱাৰে এই উদ্দেশ্য আগত ৰাখিয়ে নিজৰ দলৰে প্ৰাক্তন নেতা হোৱাৰ পিছতো দাঁ-তক কৌশলগত ভাৱে অন্যায়েৰে দোষী সাব্যস্ত কৰিছিল। তেওঁ সপোন ৰচনা কৰিবলৈ ধৰিছিল যে, দাঁ-তৰ তেজেৰেও গিলোটিন কেনেকৈ ৰঙা কৰি তুলিব পাৰি। যাৰ বাবে এই কথা বুজি পাই শান্তিকামী নেতা ডেচমলিনে ৰবচপিয়েৰক আৰু তেওঁৰ ৰঙা টুপী আৰু ফটা চোলা পিন্ধা জঘন্য বিপ্লৱী অনুগামী সকলক উদ্দেশ্যি কৈছিল-
-- স্বাধীনতা যাত্ৰা পাৰ্টিৰ নৰ্টকী নহয়। ই এটা ৰঙা টুপী নাইবা এযোৰ ফটা চোলা নহয়। ই হ'ল আনন্দ, যুক্তি, সমতা আৰু ন্যায়। যি সকলে ভাবে যে সন্ত্ৰাস প্ৰয়োজনীয় সেই সকলৰ লগত মোৰ মত বিৰোধ আছে। মোৰ স্থিৰ বিশ্বাস যে, যিদিনা তোমালোকে সন্ত্ৰাসৰ কমিটিৰ সলনি এখন ক্ষমাৰ কমিটি বনাবা সেই দিনা দেশলৈ সুখ শান্তি আৰু স্বাধীনতা ঘূৰি আহিব।
ৰবচপিয়েৰ এই কথাত কিছু বিচলিত হয় যদিও জনতাৰ বুকুৰ নেতা হোৱাৰ বাবেই দাঁ-ত‌ই  ৰবচপিয়েৰক খহাই পুনৰ শাসনলৈ আহিব বুলিয়েই শাসনৰ লোভ আৰু গাদীৰ খকত লগে লগে ঘোষণা কৰিলে যে-
-- এনেদৰে এই আপোচকামী সকলক বাচি থাকিবলৈ দিলে বিপ্লৱ ধ্বংস হৈ যাব। গতিকে মিচাতে সময় অতিবাহিত নকৰি গিলোটিনৰ ক্ষুৰধাৰ ৰ‌ঙা কৰি তোলাই শ্ৰেয়।
            সেই দিনা আছিল পাঁচ এপ্ৰিল। ৩৪ বছৰীয়া দেশৰ প্ৰজাৰ বুকুৰ নেতাই শান্তিৰ জয়গান গোৱাৰ অপৰাধৰ বাবেই তেওঁৰ লগতে ডেচমলিনকো বধ্যভূমিলৈ আনি গিলোটিনৰ সন্মুখত থিয় কৰালেহি। সমগ্ৰ দেশৰ প্ৰজা সকলৰ বুকুত এই দুখে শিল যেন হৈ হেচা মাৰি ধৰিছে। ইফালে গিলোটিনৰ সন্মুখত ৰৈ দাঁ-ত‌ই শেষ বাৰৰ বাবে দেশক সম্বোধন ধৰিলে-
--গোটেইখন মই আজি চৰম বিশৃংখলতাৰ মাজত এৰি যাব লগা হ'ল। তাহাতৰ কাৰো চৰকাৰৰ বিষয়ে একো জ্ঞানেই নাই। ৰবচপিয়েৰৰো দিন আহিব, ময়ে তাক ধ্বংস কৰি থৈ যাম। মানুহক শাসন কৰাৰ নিচিনা এনে লেতেৰা কামতকৈ দুখীয়া মাছমৰীয়া হোৱাই ভাল।
             কথাখিনি কৈ শেষ হবলৈ পালেহে, তেঁওক আৰু ডেচমলিনক গিলোটিনৰ চোকা ক্ষুৰধাৰৰ তলত শুৱাই দিয়া হ'ল। ইয়াৰ ঠিক কেইচেকেণ্ড মানৰ পিছতেই দেশৰ আকাশ অন্ধকাৰাছন্ন হৈ পৰিল। ঘড়ীৰ কাঁটাও যেন ৰৈ গৈছে। দাঁ-তৰ মৃত্যু হ'ল। মৃত্যু হ'ল ডেচমলিনৰ। আনকি ইয়াৰ পিছতেই ৰবচপিয়েৰৰ নিজৰ পৰামৰ্শ দাতা হেবাৰ জ্ঞানী তথা শক্তিশালী হোৱাৰ বাবেই ভবিষ্যতে সেই গাদীৰ প্ৰতিদ্বন্দী হিচাবে থিয় দিব বুলি আশংকা কৰিয়ে তেওঁকো গিলোটিনত দিলে।
              ৰবচপিয়েৰ এতিয়া একছত্ৰী শাসক। তেওঁৰ বাহিৰে আৰু ২য় জন কোনো সাহসী আৰু গাদীৰ ধান্দা মাৰিব পৰা ব্যক্তি নাই। লগে লগে তেওঁ একনায়কত্ববাদৰ শাসন আৰম্ভ কৰিলে। সকলো আইন আৰু ক্ষমতা নিজৰ হাতলৈ চপাই আনিলে। দেশত সন্ত্ৰাসবাদৰ উৎপাতত মানুহ থাকিব নোৱাৰা হ'ল। দেশৰ জনতাই হাতৰ মুঠিত কলিজা খামুচি জীৱন অতিবাহিত কৰিব লগা হ'ল। আনফালে দেশত খাদ্য বস্তুৰ অভাৱ, চৰা দাম, ৰুটিৰ দোকানৰ সন্মুখত দীঘল শাৰী, শাসকীয় অত্যাচাৰ, শ্ৰমিকৰ মজুৰী নোহোৱা, কলা বজাৰ বৃদ্ধি আদিৰ বাবে সমগ্ৰ জনতা ৰবচপিয়েৰ বিৰোধী হৈ পৰিল। ইফালে বুকুৰ নেতা দাঁ-তক হত্যা কৰাৰ খং আছেই। এইবোৰৰ ফলতেই দেশৰ সমগ্ৰ জনতা শাসকগোষ্ঠীৰ বিৰুদ্ধে একগোট হ'ল। যি সকল ৰবচপিয়েৰৰ ঘনিষ্ঠ আছিল সেই সকলৰ এখন লিষ্ট বনাই এইবাৰ তেওঁলোকক গিলোটিনত দিবলৈ ৰবচপিয়েৰে এইখন লিষ্ট বনাই থৈছে বুলি ভয় খোৱাই মিচাকেই প্ৰচাৰ কৰি সেই সকলকো তেওঁলোকৰ সহযোগী কৰি ৰবচপিয়েৰ বিৰোধী অভিযান আৰম্ভ কৰিলে। যাৰ বাবে এই সম্পৰ্কেই ইখনৰ পিছত সিখন কনভেশ্যন বহিল। কনভেশ্যনলৈ ৰবচপিয়েৰ নিজেই আহে। কনভেনশ্যনত লাহে লাহে জনতাৰ একতা দেখি তেওঁ শংকিত হ'বলৈ ধৰিলে। তেওঁৰ সপক্ষে দিনক দিনে মানুহ কমিব ধৰিলে। আগৰ কেইখনৰ দৰে ১৭৯৮ চনৰ ২৭ জুলাইত আকৌ কনভেনশ্যন বহিল। যি খন ৰবচপিয়েৰৰ শেষৰ খন কনভেনশ্যন। কনভেনশ্যন আৰম্ভ হ'ল। তেনেকুৱাতে এটা প্ৰতিবাদী কন্ঠ‌ই কনভেনশ্যন কঁপাই গ'ল-
-- মই ৰবচপিয়েৰক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছো।
           লগে লগে সকলোৱে একে স্বৰে একে কথাকে কবলৈ ধৰিলে। যেন উত্তেজনাৰ উৰ্দ্ধত এই প্ৰতিবাদী কণ্ঠ‌ই গোটেই কনভেনশ্যন কঁপাই পেলালে। তাৰ মাজতে ৰবচপিয়েৰৰ তেনেই সীমিত পক্ষ‌ই মাত মাতিছিল যদিও সেই মাতক তল পেলাই পুনৰ এটা প্ৰতিবাদী কণ্ঠ‌ই এখন চোকা ছুৰী উলিয়াই ৰবচপিয়েৰৰ বুকুৰ ফালে টোৱাই চিঞঁৰি চোচা লৈ আহিল-
-- তহঁতৰ যদি ইয়াক গ্ৰেপ্তাৰ কৰিবলৈ সাহস নাই , তেন্তে মই ইয়াতেই এতিয়াই ইয়াক হত্যা কৰিম।
         ফলত কনভেনশ্যনে ৰবচপিয়েৰক আইনবহিভূত বুলি ঘোষণা দিবলৈ বাধ্য হ'ল আৰু তেতিয়াই গ্ৰেপ্তাৰ কৰি ধৰি বান্ধি লাক্সেমবুৰিগৰ কাৰাগাৰলৈ পঠাই দিলে। কাৰাগাৰৰ পৰা তেওঁৰ ঘনিষ্ঠ দুধৰ্ষ দলীয় সদস্য‌ই মুকলি কৰি আনিছিল যদিও জনগন ঐক্যমতত একগোট হৈ পুনৰ কাৰাগাৰলৈ নিক্ষেপ কৰিলে। ইতিমধ্যে ইফালে গিলোটিনৰ তাৰিখো ঘোষণা হ'ল।
               ৰবচপিয়েৰৰ বাবে চৰম দুৰ্ভাগ্যজনক সময় চমু চাপি আহিল। জননেতাক অন্যায় কৰি হত্যা কৰাৰ বাবেই আজি নিজেও সেই একে গিলোটিনতে মূৰ পাতিব লাগিব। সেই দিনা আকাশ অলপ গোমা আছিল। দুই এজাক বৰষুণো পৰিছিল। তথাপিও পেৰিছৰ জনতাৰ মনত আনন্দ উল্লাস। সব সাজি কাচি বধ্যভূমিলৈ আহিছে। যেন কোনো মেলা উৎসৱৰ নাচ-বাগ চাবলৈহে আহিছে। ৰাস্তা কাষৰ ঘৰ বিলাকৰ খিড়িকী বোৰো মানুহে ভাড়ালৈ লৈছে। খিড়িকী বোৰেদি মানুহে বধ্যভূমিলৈ অহা বাটটো চাইছে। তেনেকুৱাতে ৰবচপিয়েৰ আৰু তেওঁৰ সহযোগী সকল সেই বাটেৰে দুখ মনেৰে তলমূৰকৈ গিলোটিনৰ বধ্যভূমিলৈ বাট লৈছে। হৰ্থাৎ ৰাস্তা কাষৰ মানুহবোৰে চিঞঁৰ-বাখৰ আৰম্ভ কৰিলে। ও: ৰবচপিয়েৰে সহ্য কৰে কেনেকৈ? এই সময়তো এনে চিঞঁৰ বাখৰ। তাকো নিজ কানে শুনে কেনেকৈ? কিমান যে অসহ্য যান্ত্ৰনা। তাকো মৃত্যুৰ আগমুহূৰ্তত-
-- ৰবচপিয়েৰ জহন্নামে যা।
       ত‌ই নিপাত যা...
       ৰবচপিয়েৰ গ' বেক।
             উগ্ৰ সন্ত্ৰাসেৰে দপদাপাই থকা ৰবচপিয়েৰ আজি নিজেই নিজৰ প্ৰজাৰ ওচৰত বন্দী। যি গিলোটিনৰ ক্ষুৰধাৰ শত্ৰুৰ লগতে দলীয় নেতাৰ তেজেৰেও ৰঙা কৰি তুলিছিল সেই গিলোটিনতেই নিজৰ দেহৰ কেচা তেজেৰেও ৰাঙলী-বাখলি কৰি বধ্যভূমি বোৱাই দিবলৈ আগবঢ়া এটা বন্দী। গিলোটিনৰ কেউফালে জনতাৰ ভিৰ। ঠিক কেইমুহূৰ্তমানৰ পিছতেই আনন্দ-উল্লাসৰ মাজতে উগ্ৰ সন্ত্ৰাসবাদীৰ টোপ্-টোপকৈ তেজে পৰি থকা ৰবচপিয়েৰৰ মূৰটো গিলোটিনৰ পৰা উলিয়াই আনি জনতাৰ আগত ডাঙি ধৰিলে। লগে লগে সকলোৰে মাজত পূৰ্বৰ আনন্দ দুগুন বৃদ্ধি পালে। চাৰিওফালে সন্তোষৰ ধ্বনি বাজি উঠিল। জনতাৰ মুখত সমস্বৰে উস্বাৰিত হ'ল-
-- এটা মৃত্যুদণ্ড পেৰিছৰ বাবে একো নহয়। কিন্তু এই মৃত্যুদণ্ডৰ লগে লগে সমগ্ৰ পেৰিছত সন্ত্ৰাসৰ অধ্যায় অন্ত পৰিল।
           ইয়াৰ লগে লগে সন্ত্ৰাসৰ ৰাজত্ব ক্ৰমান্বয়ে শেষ হৈ আহিল। কিন্তু বিপ্লৱৰ যি লক্ষ্য উদ্দেশ্য আছিল সেয়া পূৰণ কৰাত কিন্তু ফ্ৰান্স ব্যৰ্থ হ'ল। সাম্য মৈত্ৰী স্বাধীনতা ৰ যি বাণী আছিল সেয়া কোনো বাস্তৱায়িত নহ'ল। বিপ্লৱৰ পিছত ফ্ৰান্সৰ পৃথিৱীত আৰম্ভ হয় নেপোলিয়নৰ যুগ। কিন্তু বিপ্লৱৰ উদ্দেশ্য তেনেকেই থাকি গ'ল।
              যি হাৰত উগ্ৰপন্থীৰ সংগঠন জেকবিনৰ নেতা সকলে জনতাৰ সমাদৰ পাই শাসনৰ ক্ষমতা লাভ কৰিছিল, সেইবোৰেই নেতাসকলক অত্যাধিক ভাৱে গিলি পেলালে। যাৰ বাবে প্ৰতিদিন প্ৰতিজন নেতা কেৱল গিলোটিনক লৈ ব্যস্ত আছিল। সকলো সময়তে উগ্ৰ সন্ত্ৰাসেৰে গিলোটিনক পাশোপাত অস্ত্ৰ হিচাবে ব্যৱহাৰ কৰা বাবেই বিপ্লৱৰ লক্ষ্য পূৰণত ভ্ৰষ্ট হ'ল। বিশেষকৈ ৰবচপিয়েৰৰ শাসকীয় খকে আৰু গিলোটিনৰ চোকা ক্ষুৰধাৰক জঘণ্য ভাৱে প্ৰত্যেক মুহূৰ্ততেই ব্যৱহাৰ কৰি ৰক্তাক্ত কৰি তোলাৰ বাবেই ফ্ৰান্সৰ শাসকীয় গাদী পুনৰ বুৰ্জোৱা সকলৰ হাতলৈ গ'ল। গতিকে বিপ্লৱৰ সুযোগ লৈ দাঁ-ত বিশেষকৈ ৰবচপিয়েৰ (দাঁ-ত ৰ সন্ত্ৰাসত আছিল দেশৰ স্বাৰ্থ) কেৱল শাসন আৰু গাদীৰ খকতেই সৃষ্টি কৰা সন্ত্ৰাসে কিমান ভয়াবহ ভাৱে গিলোটিনক ৰক্তাক্ত কৰিছিল সেয়া এক ভয়ংকৰ ইতিহাস।


মনোজ মহন্ত
গহপুৰ

যোগাযোগ:- ৮৪৭১৯০৬৭৫৫

No comments: