Wednesday, July 8, 2020

উপন্যাস

                                     উচুপনি
                                      (এক)

              সঞ্জাত। আবেলিৰ বেলিটো যেতিয়া ৰঙা হয় বুকুত থকা মৰম বোৰে অধিক পোখা মেলে। চকা মকা গধূলিৰ কোমল বতাহে যেতিয়া গাৰ নোম লৰাই কানৰ লটি চেচা কৰি পাৰহৈ যায় বুকুত থকা মৰমবোৰে তেওঁকেই কাষত বিচাৰে।

             পথৰ দাঁতিত লগাই থোৱা লাইটবোৰে আন্ধাৰক ফালি-চিৰি যেতিয়া জ্বলি উঠে , তেতিয়াও মই বেলকণীতে থাকোঁ। আগতেও আছিলোঁ.. তেতিয়া তোমাৰ লগত প্ৰেমক ফহীয়াই ফহীয়াই গল্প কৰিছিলোঁ। 
কিন্তু এতিয়া...কেতিয়াবা বোবা হৈ পৰো আৰু কেতিয়াবা প্ৰলাপ বকো -

বৰষুণ হৈ আকৌ নামি আহা না ...
তিয়াই দিয়াহি মোৰ উদং বুকু..
তোমাৰ নামতেই জীপাল কৰো
এই চনে পৰা বুকু।
.......

এটা দীঘল হুমুনিয়াহৰ পিছত
ও: কি বিষাদ!

            পৃথিৱী খনত আপোন মানুহ মোৰ ঢেৰ আছে। কিন্তু মা আৰু তোমাৰ দৰে আপোন আৰু প্ৰিয় মোৰ কোনো নাছিল। নাহ এতিয়াও নাই।। হবও নোৱাৰে। জীৱনৰ সুখ খিনি কাৰোবাক ভগাই দিব পৰা হ'লে মা আৰু তোমাকেই দিলোঁ হেঁঁতেন। ঠিক তেনেকৈ মোৰ আয়ুস খিনিও ভগাই দি মই গুছি গলো গৈ হেঁঁতেন..
            তুমি আছিলা সেয়ে জীয়াই থকাৰ মাদকতাত জীৱনৰ বেঙাটো মেলাত কোনো কৃপনালি কৰা নাছিলোঁ। কিন্তু এৰি থৈ যোৱা দিনৰে পৰা বুকুত কিবা এটাই এতিয়া হেঁচা মাৰি ধৰি থাকে। জীয়াই থকাৰ সুখ যেন এতিয়া আৰু নাই। তেতিয়া যিবোৰ তোমাৰ ভাল লাগিছিল এতিয়া সেইবোৰেই তোমাৰ ওচৰত অশান্তিকৰ।
কাৰণ এতিয়াটো তুমি  আৰু মই নহয়, 
তেওঁ আৰু তুমি...

সুখী হৈছাই যেতিয়া 
সেই সুখেৰেই আজীৱন ওমলা। 
মোৰ কামনাই নহয় আশীৰ্বাদো...


            একেখন ট্ৰেইনেৰেই আহি আছিলোঁ... ক'ত উঠিছিলোঁ কিন্তু নাজানো। হঠাতে লগ হলো..ঠিক হঠাতেও নহয়। কথা দিলা একেটা ষ্টেচনতে নমাৰ। একেটা চিততে মেকুৰীৰ দৰে কামোৰা কামুৰি কৰি আহি থকোতেই খিৰিকীৰে বাদামৰ বাকলি পেলাইছিলা। পিছতহে গম পালোঁ ,

ওমহোক। বাদামৰ বাকলি নহয়..
মোক হে পেলালা..
চাল্লা গমেই নাপালোঁ 
কোনটো প্লেটফৰ্মত পেলাই থৈ গ'লা গৈ তুমি।

              এটি গীতৰ প্ৰেমত পৰিলোঁ। গীতৰ কথা কাৰ সুৰ কাৰ সকলো জানিও আজি মই একোৱেই নাজানো.. বুজিবলৈ বাৰে বাৰে চেষ্টা কৰোঁ। নাই ।কি অদ্ভূত। নোৱাৰি বুজিব। কেতিয়াবা যদি গীতৰ সুৰ  বিষাদেৰে পূৰ্ণ আকৌ কেতিয়াবা তেজ ৰঙা গোলাপৰ পাহীত মৰম সনা হেপাঁহ আৰু আকাংক্ষাৰে বৈ পৰা...

এটি হাঁহি হোৱা না..

এটি প্ৰেমৰ গীত হৈ
বৈ পৰা না মোৰ দেহত..
আজীৱন শুনিম 
তোমাৰ সেই সুৰ...

(এতিয়া মাত্ৰ সপোন দেখোঁ..
গীতৰ ৰাগত অকলেই 
আজীৱন নিজকে উতুৱাই দিয়াৰ। পাৰিছোঁ। পাৰিমো। নাম যাৰ একপক্ষীয়)।

..ঐ
...ক
                         ..ফোন এটা কৰ না...
        ..এতিয়া?
                                         ..তাতে কি হ'ল? মন গৈছে মোৰ।

             তেতিয়া সময় আছিল ৰাতি ১১ নাইবা ১১.৩০ । আৰু এতিয়া দুপৰীয়া কেতিয়াবা আহৰি নোপোৱা কামৰ মাজতে টনা আজোৰা কৈ সময় অকনমান উলিয়াই খবৰ এটা লবলৈ কল এটা কৰিলেও, বাৰে বাৰে কৰিলেও ৰিচিভ নহয়। শেষত ব্লক। 

                 জীৱনটো বুজি নোপোৱা দিনৰে পৰা বহুত সপোন দেখিছিলো। সময়ৰ লগত কেতিয়া আতৰি গ'ল গমেই নাপালোঁ। জীৱনৰ সপোন বোৰ হেৰাই যোৱাৰ পিছত হেৰাই গ'লা তুমিও। এটি খালী কাৰ্টিছ হৈ দূৰৈত মাথোঁ চিতিকি পৰিলোঁ। একো নাই। আক্ষেপ আৰু এতিয়া নাই দিয়া। ভালে থাকা তুমি আৰু ভালে থাকক তেওঁঁ...



#উচুপনি (2)      
            সি তেতিয়া ক্লাছ চেভেনত পঢ়ি আছিল। তেতিয়াৰ পৰাই এটা সপোন পুহি ৰাখিছিল । কলেজ নাইবা Higher secondary ত সি কাম কৰিব। এজন শিক্ষক নাইবা প্ৰবক্তা হিচাবে কাম কৰাৰ প্ৰৱল ইচ্ছা এটাক জীৱনৰ লক্ষ্য হিচাবে লৈ আগবাঢ়ি গৈ আছিল। ক'তো সি থমকি ৰোৱা নাছিল। তাৰ এটা সপোন আছিল সি এজন ভাল সাহিত্যিক হ'ব। কলমেৰে ক্ষত্ৰীয় হৈ অন্যায় অবিচাৰৰ বিৰুদ্ধে দেহত শেষৰ টোপোলা তেজ থকালৈকে যুজঁ দিব। ৰাস্তাৰ কাষত নিবস্ত্ৰ হৈ দিন পাৰ কৰা মানুহৰ বাবে কাম কৰিব। দুখীয়া মহিলা সকলৰ বাবে কাম কৰিব। আৰু কিমান যে সপোন আছিল তাৰ। 

              সমাজ খনে ভদ্ৰ আৰু নম্ৰ ল'ৰা হিচাবে স্বীকাৰ কৰা ল'ৰাটো,  নিজৰ ঠাইখনত অন্য ল'ৰা ছোৱালী বোৰৰ বাবে আদৰ্শ হোৱা ল'ৰাটোৰ স্বভাৱ জানো কেতিয়াবা বেয়া হ'ব পাৰে। গাঁৱৰ ঘৰৰ মানুহৰ খোৱা পাতত ..সন্ধিয়া চাহৰ আড্ডাৰ সময়ত প্ৰায় মানুহৰ ঘৰতে তাৰ কথা কৈ নিজৰ ল'ৰা ছোৱালীক শাসন কৰিছিল, তাৰ দৰে হ'বলৈ মাক দেউতাক বোৰে দহাই দহাই কৈছিল নিজৰ ল'ৰা ছোৱালী হঁতক। 

           সেই সংস্কাৰী ল'ৰাটো বাৰু আজি একেই আছেনে? গাঁৱৰ মানুহবোৰে বাৰু তাক অধিক চেপি পেলালে নেকি....যাৰ বাবে এতিয়া সি এটি অধিক কষ্টকৰ জীৱন পাৰ কৰিব লগা হৈছে...নে মানুহবোৰৰ পৰা সেই  শলাগ লবলৈকে সি নিজকে সজাৰ চৰাইটোৰ দৰে বন্দী কৰি ৰাখিছিল...

      এতিয়া সি ভাবিব নোৱাৰা মানসিক কষ্টত দিন পাৰ কৰে । কিয় ? আনে ভাল বুলি কোৱাৰ প্ৰশংসা লবলৈ নিজক বান্ধি ৰখাৰ বাবে নে ভৱিষ্যতৰ হাহাকাৰ ৰ বাবে? প্ৰেমত খোৱা ধৌকাৰ বাবে নহয়টো ...



#উচুপনি (৩) 
          কেলিফৰ্নিয়া। গ'ল আৰু আহিল। বেছি ভিৰ নাছিল। আহিয়ে কাষৰ পাণ দোকান খনত সোমাই এটা পানী বটল এটা চয়াস্তিক আৰু এটা লুভিন ষ্ট্ৰবেৰী লৈ টাউন খনৰ মাজেৰে পুলিচ প‌ইণ্টৰ ফালে খোজ লৈছে। ৰাতিৰ কাৰণে বজাৰ কৰিব লগা আছে। লুভিন ষ্ট্ৰবেৰীটো ৰূমত খাম বুলি পকেটত সাৱধানে থৈ চয়াষ্টিকটো ফালি ইখন হাতত পানী বটলৰ সাফৰটো খুলি ঢুকি ঢুকি গৈ আছে। ৰাস্তা কাষৰ মানুহবোৰলে চাই তাৰ হাঁহি উঠিছে - যদি বটলৰ পানী বোৰ বগা নহৈ ৰঙা হ'ল হেতেঁন ট্ৰেফিক পুলিচ হঁতৰ সন্মুখেদি এনেকৈ পাৰ হৈ যাব পাৰিল হেতেঁন জানো? 
...... চাল্লা মানুহে এইটো কথাও নাজানে যে
        কিছুমান মদো দেখিবলৈ পানীৰ দৰে একেই। 

আকৌ এবাৰ নিজকে নিজেই কৈ উঠিল

...... জানিবনো কেনেকৈ? মদৰ গুন্ধ‌ও সহ্য কৰিব 
       নোৱাৰা ল'ৰাটোৰ হাতত যে দেখাত পানীৰ 
       দৰে মদৰ বটল থাকিব ইটো অসম্ভৱ
       ন...ইফালেও টাউনৰ মাজ মজিয়াত এজোৰ 
       ফৰ্মেল ড্ৰেছত। 

        কেলিফৰ্নিয়া এখন বিলাতী মদৰ দোকান। এটা মেজিক মোমেণ্টৰ কোৱাটাৰ লুভিন টো লোৱাৰ সময়তে পানী বটলটোৰ আধা খিনি পেলাই মিক্স কৰি লৈছিল। কোনেও কিজানি গমেই নাপালে কথাটো। এতিয়া সি গ্ৰোছাৰি ত সোমাই ৰাতিৰ বাবে অলপ দোকান কৰি ৰূমলৈ ঘুৰিছে। ৰাস্তাত খোজৰ খেলি মেলি হৈছে। অৱশ্যে তাৰ বাবে স্বাভাৱিক। যিহেতু সি এটা নতুন মদাৰো। 

           পাণ খোৱাটো তাৰ নিচা। কিন্তু মদ খোৱাটো তাৰ নিচা নহয়। জীৱন গঢ়াৰ সপোন বোৰ হেৰোৱাৰ পিছতেই আৰু কাৰোবাক হেৰুৱাই পেলাইছে। যাক মাকৰ দৰে সমান ভাল পাইছিল। য'ত ভালপোৱাত কোনো স্বাৰ্থ নাছিল। আজিও ভাল পাই। কিন্তু ই একপক্ষীয়। এই আটাইবোৰ হেৰোৱাৰ দুখত সি মদ খাবলৈ শিকিছে। কাৰণ মদ খোৱাৰ পছত হেৰাই যোৱা ভালপোৱা বোৰে আমনি কম কৈ কৰে। দুখবোৰক ঢাকোন মাৰি মনৰ জোখাৰে হাঁহিবলৈ সুবিধা কৰি দিয়ে মদ বোৰে। সেই কাৰণেই সি মদ খাবলৈ শিকিছে। মদৰ টিটা আৰু কলিজাত থকা টিটা বোৰ মিলি যি নিচা হয় তাত অলপ শান্তি অনুভৱ কৰে সি।

          কোনোমত ৰোম পাই দোকানৰ বস্তু বোৰ তলৰ কিতচেনত থৈ ওপৰৰ ৰূমলৈ চিৰি বগোৱা বাই কোনো মতে উঠি গৈ ৰূম পালে। তুলি তলৰ পৰা লাইটাৰটো লৈ বেলকণীলৈ গ'ল। এচাটি কোমল ফিৰফিৰিয়া বতাহে চকুৰ পতা চেচা কৰি থৈ গ'ল..পকেটৰ লুভিন টো ওলিয়াই বতাহৰ পৰা লোকোৱাই কোনোমতে জ্বলাই ল'লে। কানত এয়াৰ ফোনত বাজি আছিল জুবিন গাৰ্গৰ তাৰ প্ৰিয় গীত মন যায় ...

... বকৱাছ। কি বুজিবা তুমি মোৰ বুকুৰ বেথা। মোৰ ভাল পোৱা বোৰটো এতিয়া তোমাৰ ওচৰত সব বকৱাছ। তুমিয়ে কৈছিলা । 

হাঁহি উঠিছে। নিচাৰ হাঁহি এয়া তাৰ। 

.......আছলতে কি জানা? দধীচি মুনিৰ দৰে ময়ো জীৱনৰ আয়ুস খিনি ভগাই দিব পৰা হ'লে তোমাক আৰু মাকেই ভগাই দি ম‌ই গুছি গলোগৈ হেতেঁন। বহুত ভাল পাওঁ অ' তোমাক। তুমি আছিলা সব ঠিকেই আছিল। এতিয়া মোৰ একোৱেই ঠিক নাই। নিজক নিয়ন্ত্ৰণ কৰিব নোৱাৰাকৈ অসহ্য কষ্টত দিনৰ পৰা ৰাতি আৰু ৰাতিৰ পৰা দিন কৰিছোঁ। 

     মন যায় পিছতেই এয়াৰফোনটো অফ হৈ গ'ল। চাৰ্জ নাই। চিগাৰেটটো এবাৰ খুব দীঘল কৈ টানি ধোঁৱা খিনি বিশেষ কলাৰে বাহিৰ কৰি গুনগুনালে...
ভাল পাব নাজানিলো..পায়ো হেৰোৱালো..

উচুপনি-৪
         তাৰ মগজুত APSC ৰ পোক এটাই ক'ৰ পৰা বাহ ললে সি নিজেই গম নাপালে। তাৰ এতিয়া এটাই চিন্তা। এবাৰ নহয় দুবাৰ নহয় দৰকাৰ হ'লে পাঁচ ছয়বাৰ সি পৰীক্ষা দিব। মানে সি এজন APSC ৰ বিষয়া হবৈ। এতিয়াও সি এটা বেকাৰ ল'ৰা নহয়। এটা প্ৰাইভেট চেক্টৰত চাকৰি কৰে। গোটেই দিনটোত অলপমানো আহৰি নোপোৱা কাম শেষ কৰিয়ে ৰূমলৈ আহি ঘৰলৈ এটা ফোন কৰে। মা কৰ লগতে ঘৰখনৰ খবৰ এটা লৈ ফোনটো কাটে। ঠিক তাৰ পিছতে প্ৰিয়াৰ ফোন। বহুত সময় কথা পাতে। সি এতিয়া তাইৰ একমাত্ৰ সাহস। এই কথা প্ৰিয়াই তাক নিজেই কৈছে। গতিকে কথা পাতিব‌ই লাগিব। দিনতো পাতে। কামৰ এটা অযোহাত লৈয়ে হ‌ওক বা পাণ এটা খোৱা চলেৰেই অফিচৰ পৰা দিনটো অকমান ওলাই আহি তাইৰ লগত কথা পাতে। সেইখিনি সময় তাইক দিব‌ই লাগিব। সি তাইক জানে, বুজে। গতিকে ইমানখিনি জনাৰ পিছতো যদি তাইক অলপ সময় নিদিয়ে তাই বৰ অকলসৰীয়া হৈ পৰিব। সিহঁতৰ পবিত্ৰ সম্বন্ধতো আউল লাগিব। ইমানকৈ কথা পাতে যদিও কিন্তু তাৰ মগজুত বাহ লোৱা APSC ৰ পোকটোৰ কথা প্ৰিয়াকো সি কোৱাই নাই। তাইৰ ফোনটো কাটিয়ে সি অনলাইন আহে। ইউটিউবত  ইটোৰ পিছত সিটো APSC ৰ ওপৰত থকা ভিডিঅ' চাৰ্চ কৰে। ভিডিঅ বোৰ চাই উঠি সি মনটোক আৰু ডাঠ কৰি লয়। সি পাৰিব‍ই। এদিন এজন গেজেটেড অফিচাৰ হ'ব‌ই। টেবুলৰ ওপৰত তাৰ নাম লিখা এখন নেম প্লেট থকা টেবুলত বহি এটা দিন হ'লেও সি চাকৰি কৰিব‌ই। তাৰ দৃঢ় বিশ্বাস। সি এদিন সফল হব। সি তেনেকুৱা কোনো কোৰ্চ নকৰে। Googol চাৰ্চ কৰি নিজৰ নলেজ বঢ়াব আৰু YouTube ত ভিডিঅ' ছাব । দুই এজন সেই লাইনৰ মানুহক লগ কৰি পৰামৰ্শ ল'ব। একো টান পৰীক্ষাও নহয়। তাৰ বিশ্বাস যে, যদি নেটাৰ লগত লাগি ফোৰা বোৰক APAC ৰ চাকৰি অফাৰ দিয়া system নাই বা ঘোচ লৈ চাকৰি দিয়া system টো যদি উঠি গৈছে সি এজন APSC বিষয়া হ'ব পাৰিব‌ই।

      শাওনৰ ঊৎপতীয়া গৰম। তাতে ৰবি বাৰ। অফিচ বন্ধ। ৰূমৰ মাজমজিয়াতে তাৰ বিছনাখন। মূৰৰ ওপৰত ঘূৰি থকা ফেনখনলৈ থৰ লাগি চাই বিছনা খনত পৰি আছে। অনেক কথাই তাৰ মন বিবেকত আহি ট্ৰেফিক জাম কৰিছেহি। কোনোটো কথা সি স্থিৰ কৈ ভাবিব পৰা নাই। তাতে এফালে পায়ো হেৰুওৱাৰ দুখটো কলিজাত আছেই। সেই কথা মনত পৰিলেই কোনোবা সময়ত বুকুৰ মঙহ চপৰা নোহোৱা হৈ পৰা যেন লাগে। নোপোৱাকৈ হেৰুৱাৰ দুখ আৰু পাই হেৰুৱাৰ দুখৰ মাজত আকাশ পাতাল পাৰ্থক্য। থকাৰ পিছত যেতিয়া নোহোৱা হয় ভৰিৰ তলৰ মাটিখিনি নাইকিয়া হৈ পৰা যেন লাগে। তেনেকুৱাতে মোবাইলটো বাজি উঠিল.....


        











1 comment:

Sumit said...

সুন্দৰ লিখনি