Saturday, October 24, 2020

পূজা / অনুগল্প


পূজা

          দামী গাড়ীখনৰ পৰা নামিয়ে সি পূজাৰ মণ্ডপৰ ফালে বাট ললে। পিছে পিছে ঘৈণীয়েক আৰু সিহঁত দুটাৰ মৰমৰ সন্তানটো। "মা" দুৰ্গাৰ ফালে মূৰ দূৱাই ফুল আৰু অৰিহণা দি তিনিওটাই সেৱা ললে। শেষত ব্ৰাহ্মণে মন্ত্ৰ উচ্চাৰণ কৰি সিহঁতৰ দেহলৈ পবিত্ৰ পানী চেতিয়াই শিৰত ৰঙা ফোঁট দিলে। ভক্তি ভাৱে আকৌ সেৱা জনাই মণ্ডপৰ পৰা  ওলাই অহাৰ পিছতেই নাতিনীয়েকে দুই বছৰ ধৰি বৃদ্ধাশ্ৰমত থকা আইতাকৰ ওচৰলৈ যাবলে দেউতাকক জোৰ কৰিছে।

মনোজ

No comments: