ৰাজ্যত কেতিয়াবা সমস্যাৰ ওৰ পৰিবনে
কৰোনাৰ বেদনাত দগ্ধ এতিয়া সমগ্র বিশ্ব। সমগ্ৰ পৃথিবীকে স্তপদ্ধ কৰি কঙাল কৰি পেলালে এই ভয়ংকৰ ভাইৰাছ টোৱে। বৰ্তমান এই ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যাই চীনক চেৰাই দেশে তাৰ সীমা অতিক্ৰম কৰি বিশ্বৰ ভিতৰতে ন নম্বৰ স্থান দখল কৰিলে। বৰ্তমান ৰাষ্ট্ৰত ৰোগত আক্ৰান্তৰ সংখ্যা হ'লগৈ প্ৰায় ১৭৩৪৩৫ জনতকৈও অধিক। তেনেস্থলত পৃথিৱীৰ বুকুত অসম এখন তেনেই সৰু ঠাই। ভিন্ন সমস্যাৰে জৰ্জৰিত দৰিদ্ৰতাই গ্ৰাস কৰা অসম খনকো কৰোনাই ধুই পেলাবলৈ আৰম্ভ কৰিছে। এবাৰ ভাবকচোন অসমৰ অৱস্থা কি হ'বলৈ গৈ আছে। কৰোনাটো আছেই তাৰ লগতে এফালে যদি দৰিদ্ৰতা আনফালে নিবনুৱা সমস্যা আৰু ইফালে আহি পালেহি প্ৰলয়ংকাৰী বাৰিষা।
বহু সময়ত ৰাষ্ট্ৰৰ ওচৰত অৱহেলিত হৈ পৰা অসমে কেৱল নিজৰ মূল্যৱান সম্পদ নাইবা সম্পত্তিবোৰ ৰাষ্ট্ৰক দি থকাৰ বাহিৰে বা ৰাষ্ট্ৰই লুটি থকাৰ বাহিৰে অসমে অৰ্থনৈতিক দিশটো আজিলৈকে অলপো টনকিয়াল কৰিব নোৱাৰিলে। অৰ্থনৈতিক দিশটো সবল হোৱা হ'লে আজি এনেকৈ সমাধান নোহোৱা নিবনুৱা সমস্যাই দেখা নিদিলে হেঁঁতেন। তাতে মানৱ সম্পদ গঢ়া উদ্যোগটোও অসমত তেনেই কেচা। কাৰিকৰী শিক্ষাৰ যোগেদিও উপযুক্ত মানৱ সম্পদৰ সৃষ্টিৰে এই সমস্যা নোহোৱা কৰিব পাৰি। তাতে কৰোনাই যেন নিবনুৱা সমস্যাক আৰু দুগুণ বেচি কৰি পেলালে।
এই যে হাজাৰ হাজাৰ ল'ৰাই বহি : ৰাজ্যত কাম কৰি একোটা পৰিয়াল চলাই আছিল, সেই পৰিয়াল বোৰৰ অৱস্থা এতিয়া কি হ'ব? অসমত আকৌ অমানৱীয় কাৰ্যই এটা সমস্যা হিচাপে গা কৰি নুঠিব নে? সন্ত্ৰাসবাদ আকৌ অসমৰ মূূল সমস্যা হৈ নপৰিব নে? স্বাধীনতাৰ পৰা কেৱল শাসন আৰু ক্ষমতাৰ ৰাজনীতিৰ বাহিৰে ৰাজ্যত নাইবা দেশত একো ভাল ৰাজনীতি নাই হোৱা। হোৱা হ'লে ৰাজ্যৰ অৱস্থা ইমান পুতৌ লগা নহ'ল হেঁঁতেন। এইটো সত্য যে, নিবনুৱা সমস্যা নথকা হ'লে লকডাউন যদিও অসমৰ অৰ্থনৈতিক দিশটো ইমান বেছি ভাগি নপৰিল হেঁতেন। কাৰণ ৰাজ্যৰ কাৰিকৰী দিশটো উন্নত হোৱা হ'লে ৰাজ্যৰ যুৱ শক্তিয়ে বহি: ৰাজ্য নাইবা বিদেশত গৈ কাম কৰিব নালাগে আৰু তেতিয়া অসম কৰোনাত ইমান ভয়ংকৰ ভাৱে আক্ৰান্তও নহয়। বিপৰীতে যুৱ-শক্তিৰ কৰ্মৰ বলত ৰাজ্য দিনে উন্নতৰ পিছত উন্নত হৈ গৈ থাকিল হেঁতেন। সচা কথা ক'বলৈ হ'লে অসমত আজিলৈকে কোনো এটা প্ৰধান সমস্যাৰ স্থায়ী সমাধান নহ'ল। বৰঞ্চ নিতৌ নতুন সমস্যা কিছুমান যোগ হৈ গৈহে থাকিল।
কা আন্দোলনে মোহাৰি থৈ যোৱাৰ পিছতেই সমগ্ৰ বিশ্বৰ লগতে অসমকো হেচা মাৰি ধৰিলেহি কৰোনাই। কৰোনাৰ হাতোৰাত বন্দী হৈ থাকোতেই প্ৰতি বাৰৰ দৰেই আকৌ উজনি কি নামনি সমগ্ৰ অসম এতিয়া ডুবি মৰিব বানত। ঘৰ-বাৰী, খেতি-মাতি, পশুধন সকলোবোৰৰ ওপৰত তাণ্ডৱ চলাব বলিয়া বানে। গতিকে এই মানুহ বোৰৰ অৱস্থা বাৰু কি হ'ব? সেই মানুহ বোৰ মানৱীয়তাৰে মহান হ'লেও কিমান আৰু সাহায্য আগবঢ়াব। এটা কথা স্পষ্ট যে এই সমস্যা কেৱল চৰকাৰ আৰু ঠিকাদাৰ বোৰৰ চৰম হেমাহী আৰু টকা খোৱাৰ খকটোৰ বাবেই।
ইফালে ৰাষ্ট্ৰসংঘই আশংকা কৰা মতেই কৰোনাৰ বাবে বিশ্বত দৰিদ্ৰতাৰ চিকাৰ হোৱা শিশুৰ সংখ্যা ৬৭ কোটিয়ে যদি পাৰ কৰে আমাৰ দৰে উন্নয়নশীল দেশতেই তাৰ প্ৰভাৱ বেছিকৈ পৰিব। আৰু দেশত পৰা মানে অসমৰ দৰে ৰাজ্যবোৰতেই ই প্ৰধান সমস্যা হৈ পৰিব।মুঠৰ ওপৰত এইবাৰ এটা ভাবিব নোৱাৰা পৰিৱেশৰ মুখামুখি হ'বলৈ গৈ আছোঁ।
ক্ষমতাৰ লোভত বোকা চেতিওৱা ৰাজনীতি কৰাৰ ফল প্ৰতি মুহূৰ্তত ভোগ কৰিব লাগে সাধাৰণ জনতাই। অসমত প্ৰতি বাৰেই বান হয় আৰু প্ৰতি বাৰেই বহু লোক গৃহ হীন হৈ পৰে। সৰ্বস্ব বানত হেৰুৱাই আলৈ আথানি হৈ অ'ত ত'ত পৰি দিন পাৰ কৰিব লগা হয়। কিন্তু এইবেলি কি হ'ব? কোনে কাৰ মুখলৈ ছাব। বান পানী এটা সমাধান নোহোৱা সমস্যা ঠিকেই, কিন্তু তাৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় সমূহ চৰকাৰে কিমান সবলকৈ গঢ়ি তুলিছিল। এগালমান টকা খৰছৰ নামত বাৰিষা অহাৰ লগে লগেই দুখন মান ট্ৰেক্টৰ আৰু জে চি বি লৈ মঠাউৰি বনাবলৈ আহে। খৰালি বা কি ঘোঁৰা ঘাঁহ কাটি থাকে? বানে তাণ্ডৱ চলাই থকাৰ সময়ত চৰকাৰী ভাৱে এমুঠি মান চাউল দুটামান আলু আৰু দালি সাহাৰ্য হিচাপে দিয়াতেই জানো বান সমস্যা সমাধান হয়। নিৰ্বাচনৰ সময়ত আভুৱা ভৰা নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বাহিৰে কোনো দলৰ চৰকাৰেই একো সমস্যা সমাধান কৰা নাই। বৰঞ্চ বঢ়াইছেহে। আমেৰিকাৰ দৰে দেশো কৰোনাৰ বাবে এখোজ পিছলৈ আহিব লগা হৈছে , তেনে স্থলত ভাৰত নাইবা অসমৰ বিলৈ কি হ'ব? তাতে সমান্তৰাল ভাৱে আহিল বাৰিষা। অন্তত: মঠাউৰি কেইটাকে যদি আগতেই মজবুতকৈ বনালে হেঁতেন তেতিয়া এই বিপদৰ সময়ত বানাক্ৰান্ত ৰাইজৰ লগতে চৰকাৰেও অলপ সকাহ পালে হেঁতেন। মুঠৰ ওপৰত বিভিন্ন সমাধান নোহোৱা সমস্যাৰে ভৰি পৰাৰ লগতে অৰ্থনৈতিক ভাৱে ভাগি পৰা অসমে এটা ভাবিব নোৱাৰা পৰিস্থিতিৰ মুখা মুখি হ'বলৈ গৈ আছে।
মনোজ মহন্ত
ছাত্ৰ- কুমাৰ ভাস্কৰ বৰ্মা বিশ্ববিদ্যালয়
ডাক- কলাবাৰী - ৭৮৪১৭৮
ফোন- ৮৪৭১৯০৬৭৫৫
Show quoted text
No comments:
Post a Comment