Saturday, April 13, 2019

পাগলৰ সংলাপ (অসমীয়া কবিতা)

নিশা নিতাল মৰা চহৰৰ আনন্দ
-এম স্কুৱেৰ
নিশা নিতাল মৰা চহৰ খনৰ মাতাল পথিক মই l

পৰা হ'লে ময়ো
চহৰৰ ওখ খুটা বোৰত ওলমি থকা লাইটৰ পোহৰত জিলিকা
তহঁতৰ দেহৰ ফটফটীয়া ছবি খন তুলি ৰাখিব পাৰিলোঁ হেঁতেন l
কিন্তু মই যে পিটাৰ হেগ্ৰে হ'ব নোৱাৰো.......l

খম খমিয়া নোটট হেঁপাহেৰে তহঁতৰ খলা বমা বোৰত
কামোৰা কামুৰি কৰা বলিয়া কুকুৰ কেইটাক চিধা কৰিবলৈ
লুই পেষ্টিঅ' হোৱাৰ কোনো প্ৰয়োজন নাই,
মই জানো l তথাপিও....... নাই,....নোৱাৰো মই l

শুই পৰা চহৰৰ গলিত নিষিদ্ধ জগত খনৰ
কেমেৰাৰ আঁৰৰ নায়ক নায়িকা বোৰে কিল বিলাই ..,
চাল্লা... হ, দুদিনৰ পিছত ডাস্টবিন ত অপৈণত শিশুৰ পলিথিনৰ টোপোলা l

ছিঃ..... দেহৰ উত্তেজনা শান্ত কৰিবলৈ ইমান বেশ্যা l

সকলোবোৰ দেখোঁ, কিয়নো......নিশা নিতাল মৰা চহৰ খনৰ মাতাল পথিক মই l তথাপিও মই একো নাজানো...
মই পাগলী l পাগল মই l
মোৰ সৰ্বস্ব ডাস্টবিন আৰু পথিকালয় l মই পাগল ll

No comments: