Wednesday, April 17, 2019

জহন্নামে যোৱা জীৱন (অসমীয়া কবিতা )

                       জহন্নামি জীৱন 

                               জীয়াই থকা লৈকে মাথোঁ কছৰৎ
                                   এটা পৰিচয়ৰ তাগিদাত ll
                    (কামৰ মাজেৰে লাভ কৰা এটি পৰিচয়)l

ভবিষ্যতৰ বাবে কিবা এটা দি যাব পাৰিলেতো ভালেই l
নহ'লে শেষ ঠিকনা হ'ব
চিতাৰ জুই l

চাই বোৰে ঝোলেপ মাৰি ধৰা
আধা পোৰা দেহটো খুচি মাৰি
জুই কোৰাত বাঁহ কাঠ দুডাল মান আৰু উঠাই দিব l
ধোঁৱা বোৰে আকাশ চুব
ফিৰিঙতি বোৰো ওপৰলৈ উঠিব...
লাহে লাহে জুইকোৰা নুমাই আহিব
মানুহবোৰ ঘৰা -ঘৰি  যাব l

যদি বৰষুণ নাহে
চাই হৈ পৰা অস্থি বোৰ দুদিন মানলৈকে
উমি উমি জ্বলি থাকিব l

তিনিদিনত তিলনি পাতি দহ দিনত দহা
এঘাৰ দিনত কাজ পাতি বাৰ দিনৰ দিনা
ব্ৰত ভঙাৰ নামত মাছ মাংসৰ খানা....,
মানুহবোৰ ব্যস্ত হ'ব ব্যঞ্জনৰ জুতিত l

আৰু

সেই দিনাই এটি পৰিচয় বিহীন জহন্নামি জীৱনৰ অন্ত পৰিব ll

No comments: