-মনোজ মহন্ত শিক্ষাৰ উত্তৰণৰ যোগ এই যুগৰ সহযাত্ৰীহিচাপে আমি কিমান খিনি সফল হৈছোঁ ? আমিজন্ম কাৰ কাৰণে ? নিজ ৰাজ্য বা দেশৰ কাৰণেহয় জানোঁ ? আয়া ৰাম গয়া ৰাম ৰাজনীতিৰনিৰ্বাচনৰ ঢৌত আমি কেৱল ভোটৰ অংক হৈপৰিছো নেকি?আদি বিভিন্ন ধৰণৰ উত্তৰ বিহীনপ্ৰশ্ন আমাৰ মনত উদয় হ'ব ধৰিছে।প্ৰশ্ন আৰুউত্তৰৰ তোলা চানি খন যেন কেতিয়াও সমানহবৈ নিবিচাৰে।
অতি গুৰুত্বপূৰ্ণ কথাটো হ'ল এয়ে যে দেশত বা ৰাজ্যত কোনো দূৰ বিদেশৰস্বপ্নাতুৰ আলোকৰ দৰে এখন নতুন চৰকাৰগঠন হ'ল ।প্ৰতিশ্ৰুতিৰ আশাত বন্দী জনসাধাৰণে পৰিবৰ্তন বিছাৰি আজিও মন্ত্ৰী বিধায়কৰ উত্তেজনাপূৰ্ণ ভাষণৰ হেছাতজাউৰীয়ে জাউৰীয়ে হাত চাপৰি বজায় হাতলৈমুখলৈ চায় ৰৈ আছে;-জীৱনটো কেৱল যাপননহয় উদযাপন কৰিবলৈও কিজানিবা অলপহ'লেও সকাহ পায়ে।
যিয়েই নহওক এখন ৰাজ্য বা দেশৰউন্নতিৰ মূল চাবি হ'ল শিক্ষা ব্যৱস্থাটো।যিখনৰাজ্যত শিক্ষা ব্যৱস্থা সদাই টনকিয়াল হৈথাকিব সেই দেশ বা ৰাজ্য কোনো গোনেই পিছপৰি থাকিব নোৱাৰে।এই ক্ষেত্ৰত পূৰ্বতেও বাবৰ্তমান চৰকাৰটো যি জন মানুহ শিক্ষাবিভাগত আছিল বা আছে তেওঁ দীঘলীয়াৰাজনীতিৰ অভিজ্ঞতাৰে অভিজ্ঞ,দক্ষ,যথেষ্টবুদ্ধি সম্পন্ন আৰু চতুৰ নেতা।বৰ্তমান এই শিক্ষামন্ত্ৰী গৰাকীয়ে শিক্ষাৰ মূল্যায়ণ শিক্ষাৰঅগ্ৰগতি আৰু শিক্ষিতৰ হাৰ বৃদ্ধি কৰিব'লৈ যিনতুন নতুন আঁচনি আৰু পদক্ষেপ গ্ৰহণকৰিছে,সেয়াপ্ৰশংসনীয়।অসমবাসীৰ কাৰণেফলদায়ক আৰু মংগল সূচক বুলি বিবেচনা কৰিব পাৰি । কিয়নো একলাখ
কম উপাৰ্জন হোৱা পৰিয়ালৰ উচ্চতৰ মাধ্যমিকআৰু স্নাতক পৰ্য্যায়ৰ ছাত্ৰ-ছাত্ৰী সকলকবিনামূল্যে শিক্ষানুস্থানত নাম ভৰ্ত্তি কৰাৰ সুবিধাপ্ৰদান কৰিছে।এনে আঁচনিৰ জৰিয়তে দুখীয়ামেধাসম্পন্ন শিক্ষাৰ্থী সকল যথেষ্ট উপকৃতহ'ব।আন কি এই সুবিধা স্নাতকোত্তৰপৰ্য্যায়ৰলৈকেও অহা শিক্ষা বৰ্ষৰ পৰা প্ৰদানকৰা হ'ব বুলি ঘোষণা কৰিছে।তদুপৰি শিক্ষামন্ত্ৰী গৰাকীয়ে অহা বৰ্ষৰ পৰায়ে দশম শ্ৰেণীৰপৰা স্নাতক পৰ্য্যায়ৰলৈকে যি বিনামূলীয়া পাঠ্যপুথিৰ যোগান ধৰাৰ কথাও উল্লেখ কৰিছেসেয়াও অতি প্ৰশংসনীয়।বৰ্তমান চলিত বৰ্ষৰপৰা মেট্ৰিক আৰু উচ্চ মাধ্যমিকৰ চুড়ান্তপৰীক্ষা অনুস্থিত কেন্দ্ৰ সমূহত চিচি কেমেৰাৰব্যৱস্থা কৰি পৰীক্ষা ব্যৱস্থাটোকে নিকা আৰু প্ৰকৃত মেধা ছাত্ৰ ছাত্ৰীৰ নিৰ্বাচিত হোৱাকৈ যিকাৰ্য্যসূচী হাতত ল'লে লগতে শ্ৰেণী কোঠাৰ পাঠদান প্ৰক্ৰিয়াকো ডিজিটেল কৰা আদিতোসকলোৱে সমৰ্থন আগবঢ়াইছে।আন কিঅপ্ৰাদেশিকী কৰণ বিদ্যালয় সমূহ খুবসোনকালেই চৰকাৰী কৰণ কৰাৰপ্ৰতিশ্ৰুতি,টেট শিক্ষকৰ নিযুক্তি,শেহতীয়াকৈদেব ভাষা "সংস্কৃত"বিষয়কো বাধ্যতামূলক কৰাআদি গুৰুত্বপূৰ্ণ ঘোষণা সমূহে ৰাজ্যৰ শিক্ষাব্যৱস্থাৰ উত্তৰণৰ দিশত যথেষ্ট বৰঙনি যোগাব।
কিন্তু।এতিয়া আলোচনা কৰিব লগাবিষয়টো হ'ল,মন্ত্ৰী গৰাকীয়ে শিক্ষাৰ ক্ষেত্ৰতদিয়া ঘোষণা সমূহে কিমান সাফল্যতা অৰ্জনকৰিব।কিয়নো সৰ্ব শিক্ষাৰ অধীনত প্ৰাথমিকপৰ্য্যায়ৰ বিনামূলীয়া পাঠ্য পুথি সমূহ যোগানধৰোতেই শিক্ষা বৰ্ষ আৰম্ভ হোৱাৰ পাঁচ ছয়মাহৰ পিছতো যেন কোনোবা খন বিদ্যালয়তছাত্ৰ-ছাত্ৰীৰ হাতত কিতাপ আহি নপৰেহিয়ে।তেনেস্থলত দশম শ্ৰেণী উচ্চ মাধ্যমিক বাস্নাতকৰ ষান্মাষিকৰ শ্ৰেণী সমূহৰ ক্ষেত্ৰতটোযদি বিনামূলীয়া কিতাপ যোগান ধৰাৰ এই পয়ালগা বেমাৰ বিধৰ ধাৰাবাহিকতাই লগ নেৰা হয়তেতিয়া চৰকাৰ বা শিক্ষা বিভাগটোৰ বাবেছাত্ৰ-ছাত্ৰী তথা ৰাজ্য খনৰ হৈ ইয়াতকৈ আৰুদুৰ্ভাগ্য জনক বিষয় দ্বিতীয়টো একোনাথাকিব। এইবোৰৰ উপৰিও আৰু কিছুমানএনে বিষয় আছে যিবোৰ আলোচনা কৰিবলৈপৰিবেশে বাধ্য কৰিছে।কিয়নো বৰ্তমান ৰাজ্যতএতিয়া নিবনুৱাৰ সংখ্যাই 26 লাখৰো অতিক্ৰমকৰিলে।গতিকে শিক্ষাত চৰকাৰৰ এইঅভিলাষী আঁচনিয়ে ই অপ্ৰিয় হ'লেও সত্য যেশিক্ষাৰ মৰ্য্যাদা বা শিক্ষিতৰ হাৰ বৃদ্ধি কৰিলেওশাওণৰ বলিয়া বাঢ়নী পানীৰ দৰেই নিবনুৱাৰসংখ্যায়ো যে বৃদ্ধি পাব ই অতি স্পষ্ট হৈ পৰিছে।তেতিয়া কিন্তু বাৰিষাৰ বানে মাঠাউৰি ভাঙিমাজুলী লক্ষীমপুৰ ধেমাজি ক যিমান ক্ষতিকৰে তাতকৈও দুগুণ ক্ষতি কৰিব সমগ্ৰৰাজ্যিক ব্যৱস্থাটোকে।যিখন ৰাজ্য লাখ লাখনিবনুৱাৰ বাসস্থান,য'ত যুৱ শক্তিৰ মিছা অপব্যয় হয় সেই ৰাজ্যই কোনো কালেই উদ্গতিকৰিব নোৱাৰে।গতিকে দৰিদ্ৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতিপুতৌ দেখুৱাই চৰকাৰে যি পদক্ষেপ গ্ৰহণকৰিছে ঠিক সেইদৰেই নিবনুৱা সকলৰওপৰতো পুতৌ জন্মাই তেওঁ লোককো সকাহদিবলৈ নিয়োগ নীতিৰ কথাও চিন্তা কৰাটো বাঞ্ছনীয়।"শিক্ষা কেৱল চাকৰি মুখি নহয়"।এই বাক্যশাৰী কিমান দূৰ সত্য ইয়াক প্ৰমাণ কৰি দেখুৱাবলৈ অলপ জটিল।কিয়নো প্ৰত্যেক জন ছাত্ৰ-ছাত্ৰী বা অভিভাবকেই এইটো সপোন ৰচে যে পঢ়ি শুনি এটা ভাল চাকৰি কৰিম আৰু আত্ম স্বাৰ্থ আৰু ৰাজহুৱা স্বাৰ্থৰ সমন্বয় ঘটাই সমাজ খনক কিছু আগুৱাই নিম।প্ৰত্যেক মানুহেই কয়"কামৰ বাছ বিছাৰ নাই,যি কামেই নহওঁক কেৱল কৰি যাব লাগে"।এই শাৰী বাক্যটো বিভিন্নজনে বিভিন্ন উক্তি দিব।কিন্তু এইটো স্পষ্ট যে এজন স্নাতক বা স্নাতকোত্তৰ ছাত্ৰ বা ছাত্ৰীয়ে নিজৰ উচ্চাভিলাষী সপোনআৰু জীৱনৰ উদ্দেশ্যেক জ্বলাঞ্জলি দি অষ্টমশ্ৰেণীৰ উত্তীৰ্ণ যুৱক যুৱতীৰ বাবে বিজ্ঞাপন দিয়াচাকৰিত নিয়োগ হৈ কেৱল ফাইল ইফালসিফাল কৰা চাহ তামোল যোগান ধৰাৰ কামতনিজক নিয়োগ কৰি ৰাখিলে ৰাজ্যখনৰ উন্নতিক'ত?যদি মেধা সম্পন্ন হৈয়ো এজন যুৱক বাযুৱতীয়ে কামৰ বাছ বিচাৰ নাই বুলি হাতত দাহাতুৰী কৰনি লৈ ঘৰে ঘৰে হাজিৰা কৰিবলৈযাব লগা হয় তেতিয়া ৰাজ্য খনৰ উন্নতি ক'ত?দৰিদ্ৰ সেই সকল হে,যি সকলৰ বছৰ জোৰাইখাব পৰাকৈ নিজৰ মাটি বাৰী এডৰাও নাই।গতিকে সেইজন মেধা সম্পন্ন যুৱকে 'কামৰ ভাগবিচাৰ নাই' এই বাক্যশাৰীত শৰণ লৈ হলেওকাৰ মূৰত মাৰি এজন খেতিয়ক বা মীন পালকহ'ব?
কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰত বিকলাংগঅসমক এই দিশত সুস্থ ৰূপত বিকশিত কৰিনিয়াৰ লগতে চৰকাৰী ভাবেই হওক বাবেচৰকাৰী ভাবেই হওঁক যদি নিয়োগৰব্যৱস্থাটোকো দুগুণে আগবঢ়াই নিয়ে তেতিয়ানিশ্চিত ভাবে অসমে বহি ৰাজ্যৰ লগত ফেৰমাৰিব পৰা হ'বগৈ।এতিয়ালৈকে কিন্তু অসমতৰাজনৈতিক নিৰ্বাচনি প্ৰচাৰৰ শ্ল'গানৰ বাহিৰে'যুব শক্তি'ৰ সফল প্ৰয়োগ হোৱা নাই।কিয়নোসৰহ সংখ্যক যুৱক যুৱতীয়ে কেৱল পেটৰতাড়নাত বহিৰাজ্য বা বিদেশত গৈ জীৱন মৰনৰভৰসা নোহোৱাকৈ কোনো ৰাজ্যৰ মহান শক্তিযুৱ শক্তিক দান দি সেই দেশউচিত সেই দেশৰপুঁজি পতিৰ উন্নতিত অৰিহণা যোগাইছেগৈ।যাৰফলত আমাৰ ৰাজ্যৰ সামাজিক অৰ্থনৈতিকসাংস্কৃতিক আদি বিভিন্ন দিশত বিৰলনেতিবাচক প্ৰভাৱ পৰিছে।যদি এয়ে হৈ থাকেএদিন অসমীয়া জাতিয়ে অসম ৰাজ্য খনে তিলতিল কৈ মৃত্যুৰ ক্ষণ গণি এদিন নিঃশেষ হৈ যাব।কিয়নো এটি উদাহৰণেৰে যদি ক'ব বিচাৰোতেতিয়া আপুনি তাহানিৰ সেইকাৰিকৰী শিক্ষাৰক্ষেত্ৰত বিকলাংগ অসমক এই দিশত সুস্থ ৰূপতবিকশিত কৰি নিয়াৰ লগতে চৰকাৰী ভাবেইহওক বা বেচৰকাৰী ভাবেই হওঁক যদি নিয়োগৰব্যৱস্থাটোকো দুগুণে আগবঢ়াই নিয়ে তেতিয়ানিশ্চিত ভাবে অসমে বহি ৰাজ্যৰ লগত ফেৰমাৰিব পৰা হ'বগৈ। হাতীৰ মালিক বা গৰু গাড়ীঘোড়া গাড়ীৰ লগতে অজস্ৰ মাটি সম্পত্তিৰমহাজন জন আৰু মই আপোনাৰ ঘৰত কামকৰা লগুৱা।কেইটামান টকাৰ কাৰনে দিনটোআপোনাৰ আৰ্দেশত কঠোৰ শ্ৰম কৰিলোঁ যাৰফলত আপুনি দোপত দোপে উন্নতি কৰি গৈথাকিল আৰু মোৰ উন্নতি সেইখিনিতহে হ'লসন্ধ্যা ঘৰলৈ ঘুৰি আহোতে এটোপা ৰংচঙীয়াগৰম পানী আৰু হাততে ৰাতিৰ সাঁজটোৰকাৰনে কেইটামান চাউল দোকানৰ পৰা লৈঘৰত সোমোৱাহি।গতিকে উদাহৰণটোত আপুনিযদি বহি দেশৰ হয় আৰু মই অসমৰ এজননিবনুৱা হও তেতিয়া উন্নতি কাৰ?এবাৰ ভাবিছাব।
সন্ত্ৰাসবাদীৰ কথাটো টো আৰুভয়ানক।যেতিয়া সাংঘাটিক ধৰণৰ মেধা সম্পন্নডেকা ল'ৰা বোৰে এই গোট সমূহত যোগ দিআৰুৰ পিছত আৰু শক্তিশালী কৰি গৈ থাকিব তেতিয়া আপোনাৰ চৌপাশে থকা গছ নদী পাহাৰ-পৰ্বত আৰু পৰিবেশৰ সংজ্ঞা হৈ নাথাকিব।আপোনাৰ চৌপাশে বন্ধুক,বাৰুদ,অত্যাধুনিক মাৰণাস্ত্ৰ,চুই,দা,অপহৰণ,হত্যা আদি এইবোৰৰ ৰাজত্ব চলিব।তেতিয়া ইয়াৰ বাবে দায়ী কোন হ'ব?সেইবুলি সেই সময়ত সোঁৱে বাঁৱে অজস্ৰ দেহৰক্ষী লৈ শীত তাপ নিয়ন্ত্ৰিত কোঠাত সোমাই আঙুলি তোৱাই সন্ত্ৰাসবাদীক বেয়া পালে বা দোষ দিলে কিন্তু নহ'ব।
শেষত বৰ্তমান চৰকাৰ খনক এইটোৱে ক'ব বিচাৰিছো,কিছুমান নতুন নতুন আঁচনিৰ ঘোষণা কৰি ৰাজ্য খনক পৰিবৰ্তন বা নতুনত্ব কৰিব বিছৰাৰ আগতেই অসমৰ স্থায়ী সমস্যা সমূহৰ লগত ৰাজনীতি নকৰি সেইসমূহৰ সমাধানাৰ বাট মুকলি কৰাটোহে জীৱনৰ উদ্দেশ্যে হোৱা উচিত
No comments:
Post a Comment