Friday, April 12, 2019

লুমিং (অসমীয়া কবিতা)

                   লুমিং
(#) দেশত এজন কেষ্ট্ৰো লাগে
সিহঁতে তেওঁক দেশদ্ৰোহী সজালেও
তেওঁকেই কপি পেষ্ট কৰা
এজন কেষ্ট্ৰোৰ প্ৰয়োজন l
(#) হিম'গ্ল'বিন কাঢ়ি
সৰ্বহাৰাৰ দেহ পানী কৰা ৰক্ত পিপাসুক
কৃষকক হত্যা কৰা ৰচী  ডালক
বধ কৰিব পৰাকৈ এটা শক্তিৰ প্ৰয়োজন l
(#) ৰাজনীতিৰ হাতোৰাত মুখ  থেঁতেলিয়াই
শূদ্ৰক চুবাই খোৱা নেতাক,
ৰাজনীতিৰ  বোকাত লুতুৰিপুতুৰি হোৱা জনতাক
জ্বলাই দিব পৰাকৈ একুৰা জুইৰ প্ৰয়োজন l
(#) মৃত্যুত শ্ৰদ্ধাঞ্জলী ৰ নামত ফুল তুলসী
নাইবা মৰা শ টোক চেলুট দি গুলী নষ্ট কৰা নেতাৰ সলনি মৃত্যুৰ পিছতো সমগ্ৰ জনতাই
নিৰাপদে, সুখ স্বাচ্ছন্দ্যৰ জীৱন উদযাপনৰে প্ৰকৃত শ্ৰদ্ধাঞ্জলী দিব পৰা এজন নেতাৰ প্ৰয়োজন  ল
                                                     -এম স্কুৱেৰ

1 comment:

M square.com said...
This comment has been removed by the author.