Saturday, May 15, 2021

ঋণ মাফ সম্ভৱনে? SIBIL score নষ্ট কৰাৰ বাবে জগৰীয়া কোন?

                 এজন Dynamic মানুহে ৰাজ্যৰ দায়িত্ব লৈছে এয়া অতি ভাল কথা। কিন্তু বাতৰিটো যদি সচাঁ হয় ইয়াৰ বাবে জগৰীয়া হ'ব বৰ্তমানৰ চৰকাৰ। ভিতৰৰ কথা খিনি জানি বা নজনাকৈয়ে  প্ৰতিষ্ঠান সমূহৰ ঊৰ্দ্ধতম কৰ্তৃপক্ষৰ লগত কোনো আলোচনা নকৰাকৈয়ে নিৰ্বাচনৰ আগমুহুৰ্তত সহজ আৰু সাধাৰণ মানুহ খিনিক ভুৱা প্ৰতিশ্ৰুতিৰে ক্ষমতাৰ লোভত যি কৰিলে তাৰ বাবে সম্পূৰ্ণ জগৰীয়া হ'ব চৰকাৰৰ মানুহ বোৰ। মুখ্য মন্ত্ৰী গৰাকীয়ে NPA সম্পৰ্কে নিশ্চয় জানে। গতিকে ইমান জনা মানুহ এজনে ঋণ মাফৰ নামত সাধাৰণ মানুহ খিনিৰ CIBIL Score টো ইমানেই নষ্ট কৰি পেলালে যে তেওঁলোকে কোনোদিন বিত্তীয় প্ৰতিষ্ঠানৰ লগত লেন-দেন কৰিব নোৱাৰিব। লগতে  অন্য কোনো ফাইনেন্সটো কোনো ধৰণৰ সামগ্ৰী ক্ৰয় কৰিব নোৱাৰিব। আনকি বঞ্চিত হ'ব চৰকাৰী আচনি সমূহৰ পৰাও।
        গতিকে ইয়াৰ বাবে জগৰীয়া কোন হ'ব? 

             প্ৰতিষ্ঠান সমূহে ইয়াত ব্যৱসায় কৰিছে ঠিকেই। কিন্তু চোৰাং কৈ  কৰা নাই। এখন ৰাজ্যৰ পৰা আহি আন এখন ৰাজ্যত কাম কৰিবলৈ হ'লে ঘৰৰ তিনি আলিটোত দোকান দিবলৈ যেনেকৈ কাৰো অনুমতি নালাগে ঠিক তেনেকুৱা নহয়। অফিচিয়েলি যথেষ্ট খিনি কৰাৰ পিছতহে অনুমতি পোৱা যায়। RBI ৰ সম্পূৰ্ণ Guideline ফল' কৰাৰ পিছত  RBI এ বেংক হিচাপে লাইচেন্স প্ৰদান কৰা এটা প্ৰতিষ্ঠানক কেন্দ্ৰ কৰি চৰকাৰ গঠন কৰি  সেই প্ৰতিষ্ঠানৰ কৰ্মচাৰী সকলক ইমান তুচ্ছ তাচ্ছিল্য কৰি ভাষণ দি নাইবা আনৰ আত্ম সন্মানত আঘাত কৰি হাত ভৰি ভাঙি দিম বুলি কোৱা  নিবনুৱা ক নিযুক্তি দিব নোৱাৰা মানুহ জন ক্ষমতাৰ বাবে কিমান তললৈ নামি যাব পাৰে সেয়া স্পষ্ট। 

       আমোলাৰ কৌটি টকাৰ লোন মাফ কৰিব পাৰে যেতিয়া সাধাৰণ মানুহৰ খুব বেছি দুই লাখ টকাৰ লোন এটা মাফ কৰি দিয়াটো কোনো ডাঙৰ কথা নহয়। কিন্তু অসম চৰকাৰৰ বাবে এইটো সম্ভৱ নে? য'ত প্ৰতি বছৰে প্ৰস্তুত হয় হাজাৰ কৌটি টকাৰ এখন ঘাটি বাজেট...

No comments: